04/09/2026
যোৱা কালি মাৰ্ঘেৰিটা মহাবিদ্যালয় আছু গোটৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ তথা শৈক্ষিক দিশৰ উন্নয়নৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু অসুবিধাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।
সভাত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত কৰা, মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আছু গোটে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। সভাত উপস্থিত প্ৰতিনিধিসকলে ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহ সমাধানৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।
Utpal Sarma
Samiran Phukon
Jitendra Chutia
Protim Neog
Konseng Gogoi