24/05/2026
অন্তত অসমৰ চাৰি সীমাৰ ভিতৰত যে "জুবিন গাৰ্গক চাবলৈ" ৰাইজে টকা দিব লাগিব বা টিকেট কিনিব লাগিব তেনেকুৱা হোৱা নাছিল, খোদ জুবিন গাৰ্গেও এইবোৰ কথা ইমান ভাল পোৱা নাছিল l এই কথা খিনিৰ উৰ্দ্ধত গৈ mangaldai চহৰৰ এখন ব্যক্তিগত শিক্ষানুস্থানৰ বেনাৰত 2022 চনত "জুবিন গাৰ্গ live" ৰ আয়োজন কৰা হৈছিল। যত মানুহে টকা দি হিয়াৰ আমঠু জনক চাবলৈ গৈছিল, যত টিকেটৰ দাম সাপেক্ষে VIP seat, General seat আদিও ভগাই দিয়া হৈছিল। যিখন খেলপথাৰত প্ৰত্যেকটো বহাগত মানুহে হিল দল ভাঙি আহি মৰমৰ শিল্পী গৰাকীৰ অনুষ্ঠান উপভোগ কৰিছিল, তাৰ ঠিক প্ৰায় 200 মিটাৰ দূৰত্বত অন্য এখন খেলপথাৰত চাৰিওফালে wall দি ঢাকি এই অনুষ্ঠানটো আয়োজন কৰিছিল college কৰ্তৃপক্ষই যাতে টকা নোহোৱা মানুহে জুবিন গাৰ্গক চাবলৈ নাপায় l
ইমান খিনি হোৱা পাছটো Mangaldai ৰ ৰাইজে এই অনুষ্ঠান খনৰ প্ৰতি সঁহাৰি জনোৱাৰ মূল কাৰণটো আছিল "Zubeen clock tower" . অথাৎ, আয়োজক কমিতিৰ তৰফৰ পৰা ৰাইজক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে প্ৰগ্ৰেমৰ টিকটৰ পৰা জমা হোৱা টকাৰে জুবিন গাৰ্গৰ নামত bhebarghat ত এটা বিশাল আৰু সুন্দৰ clock tower নিৰ্মাণ কৰা হব l কৰ্তৃপক্ষই অসমৰ প্ৰায়বোৰ বাতৰি কাকতত প্ৰকাশ কৰিছিল এই কথাটো l
এতিয়া উক্ত অনুষ্ঠানটো সুকলমে পাৰ হৈ যোৱা প্ৰায় চাৰি বছৰ সম্পুৰ্ণ হল l আজিলৈ ৰাইজে Clock tower বাদেই, আয়োজক কমিতিৰ তৰফৰ পৰা জুবিন গাৰ্গৰ নামত হাতত পিন্ধা ঘড়ী এটাও নিৰ্মাণ কৰা দেখা নগল। জুবিন গাৰ্গ জীয়াই থাকোঁতেও আৰু মৃত্যুৰ পাছতো...... শুনা মতে অযথা কমিতি এখন গঠণ কৰি থৈয়েই 2022 ৰ পৰা আজি 2026 লে তেওঁলোকে ৰাইজক ঠগাই নিজৰ প্ৰতিশ্ৰুতিৰ পৰা পলাই ফুৰিছে । যদি যিকোনো কিবা কাৰণত আয়োজকৰ ইচ্ছা সত্তেও বৰ্ত্তমানলৈ নিৰ্মাণ কাৰ্য্য হাতত লবও নাই পৰা, আমাৰ প্ৰশ্ন এইটো থাকিব যে ' স্থান, মাটিকালি, কাগজ কলম, আৰ্হি, ব্যয়, প্ৰশাসনিক অনুমোদন ' আদি নোপোৱাকৈ কিহৰ দৌৰা দৌৰিত কাকতে কাকতে ছপা কৰি ঢোল তাল বজাই ৰাইজক মূৰ্খ সজাবলৈ চেষ্টা কৰা হৈছিল??? সেইয়াও জুবিন গাৰ্গৰ নামত??
বিগত দিনবোৰত কৰ্তৃপক্ষৰ এই কথাটো তিনি চাৰি বাৰ দৃষ্টিগোচৰ কৰি দিওঁ কোনো সুফল নাপায় আজি বিষয়তো ৰাজহুৱা কৰিবলৈ বাধ্য হলো l
বি: দ্ৰ: জুবিন গাৰ্গৰ বিষয়ত কোনো ক্ষেত্ৰত আপোচ কৰা নহব । অতি শীঘ্ৰেই প্ৰতিশ্ৰুতি পূৰণ কৰি জুবিন গাৰ্গে ভাল পোৱা অন্যতম চহৰ Mangaldai ৰ সন্মান ৰক্ষা কৰক
- জুবিন গাৰ্গ ফেন ক্লাৱ, Mangaldai .