21/08/2026
বিশিষ্ট ব্যৱসায়ী মাননীয় শ্ৰী কমল শৰ্মা দেৱৰ ৪০ সংখ্যক জন্ম দিন উপলক্ষে জীৱন বৃষ্টি ফাউণ্ডেশ্যনৰ সহযোগত বানেইকুচি–নগাওঁ–ননৈ মথাউৰি সংযোগী পথত ৪০ জোপা গছপুলি ৰোপণ কৰা হ’ল। 🌱
এই শুভ দিনটোত পৰিবেশ সংৰক্ষণ আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই মহৎ উদ্যোগে সমাজলৈ এক সুন্দৰ বাৰ্তা আগবঢ়ালে। গছ ৰোপণৰ দৰে সৰু পদক্ষেপে ভবিষ্যতৰ বাবে ডাঙৰ ফলাফল কঢ়িয়াই আনে, আৰু এই কাৰ্যসূচীয়ে সেই দিশত এক প্ৰশংসনীয় দৃষ্টান্ত স্থাপন কৰিলে।
উপস্থিত স্থানীয় লোকসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই উদ্যোগক অধিক সাৰ্থক কৰি তোলে। এনে সজাগতা আৰু দায়িত্ববোধে আমাৰ সমাজক আগলৈ নিবলৈ সহায় কৰে।
👉 ভিডিঅটো চাওক, শ্বেয়াৰ কৰক আৰু এই সেউজীয়া বাৰ্তা সৰ্বত্ৰ প্ৰসাৰ কৰক।
আহক, আমি সকলোয়ে একেলগে আগবাঢ়ি আহি প্ৰকৃতি সংৰক্ষণত নিজৰ অৱদান আগবঢ়াওঁ।
প্ৰকৃতি সজাওঁ, জীৱন ৰক্ষা কৰোঁ। 💚🌍
#সামাজিক_দায়িত্ব