মানুহে মানুহৰ বাবে. দৰং, অসম

  • Home
  • India
  • Mangaldai
  • মানুহে মানুহৰ বাবে. দৰং, অসম

মানুহে মানুহৰ বাবে. দৰং, অসম আশাৰ আলোক-মানুহে মানুহৰ বাবে...,দৰং, অসম
Assam Gramin Bikash Bank
Manuhe Manuhar babe.. Ac no. 7071010107044
IFSC: PUNBORRBAGB
PUNB(ZERO)RRBAGB

28/07/2026
মঙলদৈ চহৰৰ নিকটৱৰ্তী জনাৰামচৌকাৰ কেওঁটপাৰাৰ শ্ৰদ্ধাৰ গিৰিশ ডেকা দুৰ্ঘটনাত পতিত হৈ সোঁহাতত বৰকৈ আঘাত পাইছিল। ইতিমধ্যে তেও...
08/07/2026

মঙলদৈ চহৰৰ নিকটৱৰ্তী জনাৰামচৌকাৰ কেওঁটপাৰাৰ শ্ৰদ্ধাৰ গিৰিশ ডেকা দুৰ্ঘটনাত পতিত হৈ সোঁহাতত বৰকৈ আঘাত পাইছিল। ইতিমধ্যে তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। সতীৰ্থ শশাংক হাজৰিকাই বিষয়টি দৃষ্টিগোচৰ কৰাত ৭ জুলাইত শ্ৰদ্ধাৰ গিৰিশ ডেকাক সভাপতি হৰিচন্দ্ৰ শৰ্মা, কোষাধ্যক্ষ গোলোক বৰা, সদস্য শশাংক হাজৰিকাই গ্ৰুপৰ হৈ তিনি হাজাৰ টকা প্ৰদান কৰে। তেওঁৰ আশু আৰোগ্য কামনা কৰিলো।

08/07/2026
দৰং জিলাৰ সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী চিম্পী কাকতি এক জটিল ৰোগত আক্ৰান্ত।তেখেতৰ চিকিৎসাত কিঞ...
18/06/2026

দৰং জিলাৰ সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী চিম্পী কাকতি এক জটিল ৰোগত আক্ৰান্ত।তেখেতৰ চিকিৎসাত কিঞ্চিৎ সহায় হোৱাকৈ ১০ হাজাৰ টকা প্ৰদান কৰা হয় আশাৰ আলোক মানুহে মানুহৰ বাবে..., দৰং অসমৰ পৰা।
তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনালোঁ🙏।

কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাগৃহত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সমাজহিতেষী শ্ৰদ্ধাৰ বলবাহাদুৰ ছেত্ৰীদেৱৰ লগত ...
14/06/2026

কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাগৃহত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সমাজহিতেষী শ্ৰদ্ধাৰ বলবাহাদুৰ ছেত্ৰীদেৱৰ লগত অন্তৰঙ্গ আলাপ আৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ খবৰ সমূহ

যোৱা ২ মাৰ্চত দৰং জিলা ভূমি উপদেষ্টা কমিতিয়ে “আশাৰ আলোক” মানুহে মানুহৰ বাবে..., দৰং, অসম আৰু  মঙলদৈ মহিলা কল্যাণ সমাজক ম...
11/06/2026

যোৱা ২ মাৰ্চত দৰং জিলা ভূমি উপদেষ্টা কমিতিয়ে “আশাৰ আলোক” মানুহে মানুহৰ বাবে..., দৰং, অসম আৰু মঙলদৈ মহিলা কল্যাণ সমাজক মঙলদৈ ৰাজহ চক্ৰৰ ১ নং বেজপাৰা গাৱত আধা বিঘাকৈ মুঠ এক বিঘা মাটি আৱন্তন দিছিল। আজি ১১।০৬।২০২৬ তাৰিখে মণ্ডল আহি বিভাগীয় ভাৱে মাটিৰ সীমা নিৰ্ধাৰণ কৰি দিয়ে।

মাটিডোখৰ তলৰ লিংকটোত ক্লিক কৰি Google Map ত চাব পাৰিব।
https://maps.app.goo.gl/KmZqsvM4nZbx5veF8?g_st=ac

মঙলদৈ চহৰৰ তিনি নং খণ্ড নিৱাসী বিশিষ্ট ব্যৱসায়ী শ্ৰদ্ধাৰ সঞ্জয় কুমাৰ আগৰৱালা আৰু তেওঁৰ সহধৰ্মিনী শ্ৰদ্ধাৰ ৰঞ্জু দেৱী আগৰ...
10/06/2026

মঙলদৈ চহৰৰ তিনি নং খণ্ড নিৱাসী বিশিষ্ট ব্যৱসায়ী শ্ৰদ্ধাৰ সঞ্জয় কুমাৰ আগৰৱালা আৰু তেওঁৰ সহধৰ্মিনী শ্ৰদ্ধাৰ ৰঞ্জু দেৱী আগৰৱালাৰ মৰমৰ জীয়ৰী চালʼনী চুৰেকা (Saloni Sureka)ৰ আজি শুভ জন্মদিন আছিল। এই উপলক্ষে মৰমৰ চালʼনীৰ শ্ৰদ্ধাৰ পিতৃ-মাতৃয়ে 'আশাৰ আলোক'- মানুহে মানুহৰ বাবে..., দৰং, অসমলৈ ৩০০১টকা আগবঢ়োৱাত আনন্দিত হৈছো। মৰমৰ চাল'নীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
জয় মানৱতাৰ জয়।


আশাৰ আলোক - মানুহে মানুহৰ বাবে..., দৰং, অসম

Address

Mangaldai

Telephone

07002721375

Website

Alerts

Be the first to know and let us send you an email when মানুহে মানুহৰ বাবে. দৰং, অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to মানুহে মানুহৰ বাবে. দৰং, অসম:

Shortcuts

Share