05/10/2022
" 'মা' আমাক এৰি বেলেগ মতালৈ(ইছলাম ধৰ্মী) পলাই গ'ল। দেউতাই মোক আৰু ভাইটিক এটি ভাৰাঘৰত ৰাখিছিল।এদিন দেউতাই আমাক মন্দিৰ এটি দৰ্শন কৰিবলৈ লৈ গ'ল।আমি মন্দিৰ দৰ্শন কৰিলো।সেইদিনা তাতেই আমি খোৱা বোৱা কৰিলো।মন্দিৰত বহুত দৰ্শনাথী আহিছিল।দেউতাই মোক আৰু ৭ বছৰীয়া ভাইটিক খেলিবলৈ দি পিছত আহি লৈ যাম বুলি কলে।গধূলি হ'ল দেউতাৰ দেখাদেখি নাই।ভাইটিয়ে মোক মাজে মাজে সোধে "দেউতা কেতিয়া আহিব দাদা"।মই ভাইটিক দেউতা অলপ পিছতে আহি পাব বুলি কও।ৰাতি হ'ল দেউতা আৰু সেইদিনা নাহিল।আমাৰ অৱস্থা দেখি মন্দিৰৰ পূজাৰীজনে আমাক তাতেই থকাৰ ব্যৱস্থা কৰি দিয়ে।আমি দুয়ো ৰাতিপুৱালৈ দেউতা আহিব বুলি অপেক্ষা কৰিলো-নাই দেউতা আৰু নাহিল।মই আৰু ভাইটি অকলশৰীয়া হৈ গলো।এইদৰে মন্দিৰত কেইবাদিনো হৈ গ'ল।এদিন দেউতাই দূৰৰ পৰা আমাক চাই গ'ল আৰু হাতেৰে তা তা দিলে।ভাবিছিলোঁ দেউতা সেইদিনা আহিব।কিন্তু নাহিল।এদিন মই গা ধুৱ গৈছিলোঁ।গা-ধুই ঘূৰি আহি ভাইটিক দেখা পোৱা নাই।বহুত বিচাৰিলো।কতো নাপালো।মই বহুত কান্দিলো ভাইটিক বিচাৰি নাপায়।তাৰপিছত এদিন এজন ব্যক্তিয়ে মোক গুৱাহাটীৰ গাড়ীত উঠাই দিয়ে ।পিছত গুৱাহাটীৰ পৰা গোৰেশ্বৰ(বাক্সা) বাছ এখনত উঠাই দিয়ে।মই আহি গোৰেশ্বৰ পালো।বহুত ভোক লাগিছিল মোৰ।গোৰেশ্বৰৰ পৰা ৮ কিলোমিটাৰ খোজকাঢ়ি আন্ধেৰীঘাটলৈ আহো । তাত চেনী দাক(উক্ত অঞ্চলৰ স্থানীয় ব্যক্তি) লগ পাও।তেও মোক বন চাহ আৰু এটি ঠাণ্ডা( শীতল পানীয়) খাবলৈ দিয়ে।বহুত মানুহে মোক তাত আগুৰি ধৰে।মই অলপ ভয় খাও।তেও মোক আইতাৰ ঘৰলৈ আনে।আইতাৰ ঘৰত আঠদিন থাকিলো।'মা' মুছলমানৰ তাত পলাই যোৱা বাবে আইতাইও মোক নাৰাখো বুলি কলে। দেউতাৰ ফালৰ ককাই ৰাখিব নোৱাৰো বুলি কলে মোক।"----এয়া পিতৃমাতৃৰপৰা বিচ্ছেদিত ৯ বছৰীয়া গকুল ৰাজবংশীৰ ভাষ্য।
তাৰপিছত চেনীৰাম নাথে(গাঁও সুৰক্ষা সমিতিৰ সম্পাদক) আমাৰ (আৱহমান অসম)ৰ লগত যোগাযোগ কৰে আৰু শিশুটি সুৰক্ষিত ঠাইত ৰখাৰ বাবে অনুৰোধ কৰে।আমি তৎক্ষণাত শিশুটি থকা ঠাইলৈ গৈ শিশুটিৰ লগত আৰু স্থানীয় ৰাইজৰ লগত কথা পাতো।তাত দুই এজন নিকটাত্মীয় পাইছিলোঁ যদিও কোনেও শিশুটি ৰাখিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে।সি এতিয়াও দেউতাক যতীন ৰাজবংশীৰ কথা কয় আৰু দেউতাকে বিচাৰি আহিব বুলি আশা কৰি আছে।
অৱশেষত আমি উপায়ন্তৰ হৈ Childline ৰ লগত যোগাযোগ কৰো। যাৱতীয় নথি পত্ৰ পূৰণ কৰি স্থানীয় ৰাইজৰ সহযোগত সংবাদ মাধ্যমৰ উপস্থিতিত শিশুটিক Childline ৰ কৰ্মকৰ্তা সকলক অৰ্পণ কৰা হয়। সাংবাদিক লোকেশ্বৰ নাথ,সনাতন ৰাজবংশী প্ৰমুখ্যে স্থানীয় ভালেমান ব্যক্তিয়ে আমাক এই উদ্ধাৰ কাৰ্যত সহায় কৰিলে।
পিতৃমাতৃৰ ভুলৰ বাবে নিষ্পাপ শিশুৱে অকাৰণতে দুৰ্ভোগ ভোগকৰিব লগা হয়।আশাকৰো কোনেও যাতে ভৱিষ্যতে এনেকুৱা নকৰে।উল্লেখযোগ্য যে গকুলৰ ৮ বছৰীয়া ভাতৃৰ খবৰ পালে আমাক জনাবলৈ অনুৰোধ জনালো।