মাজুলী জিলা কৰ্মচাৰী পৰিষদ Majuli Zila Karmachari Parishad

  • Home
  • India
  • Majuli
  • মাজুলী জিলা কৰ্মচাৰী পৰিষদ Majuli Zila Karmachari Parishad

মাজুলী জিলা কৰ্মচাৰী পৰিষদ Majuli Zila Karmachari Parishad Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মাজুলী জিলা কৰ্মচাৰী পৰিষদ Majuli Zila Karmachari Parishad, Nonprofit Organization, Majuli.

দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত মাননীয় বিধায়ক শ্ৰীযুত ভূৱন গাম ডাঙৰীয়াক আজি তেখেতৰ বাসগৃহত  মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ হৈ এখ...
17/05/2026

দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত মাননীয় বিধায়ক শ্ৰীযুত ভূৱন গাম ডাঙৰীয়াক আজি তেখেতৰ বাসগৃহত মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ হৈ এখনি ফুলাম গামোচাৰে সন্মানসূচক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।পৰিষদৰ জিলা সমিতিৰ হৈ সন্মানীয় সভাপতি শ্রীযুত ত্ৰিদিপ হীজৰিকা, সাধাৰন সম্পাদক শ্ৰীযুত সত্যেন্দ্ৰনাথ পামেগাম আৰু সহ-সম্পাদক শ্ৰীযুত যাদব বৰা দেৱে মাননীয় বিধায়ক মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰে। বিধায়ক মহোদয়ৰ লগত প্ৰায় ১৫ মিনিট সময় মাজুলীৰ সমস্যা তথা তেখেতে অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ পৰিকল্পনা লোৱা কৰ্মৰাজিৰ ওপৰত আলোচনা কৰা হয়। মাজুলীৰ উন্নয়নকলৈ পৰিষদৰ চিন্তাও তেখেতৰ সন্মুখত দাঙি ধৰা হয়। অতি সৰল মনৰ অধিকাৰী বিধায়ক মহোদয়ে পৰিষদৰ পৰামৰ্শ গুৰুত্ব সহকাৰে লয় আৰু তেখেতৰ কৰ্মসূচীত অন্তভুক্ত কৰাৰ আশ্বাস দিয়ে। মাজুলীৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তথা কৰ্মচাৰীসকলৰ হিতৰ অৰ্থে মাজুলী জিলা কৰ্মচাৰী পৰিষদে অবিৰতভাৱে কাম কৰি যাব। বিধায়ক মহোদয়ৰ দ্বিতীয়টো কাৰ্যকালো সফল হওক, মাজুলীৰ মৌলিক সমস্যা সমুহ সমাধান হওক তাৰেই প্ৰাৰ্থনা জনাঁলো।

গত ১২/০৩/২০২৬ তাৰিখে চিতাদাৰচুক গাওঁস্থিত পৰিষদৰ ভূমিত মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণৰ কাম আৰম্...
13/03/2026

গত ১২/০৩/২০২৬ তাৰিখে চিতাদাৰচুক গাওঁস্থিত পৰিষদৰ ভূমিত মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। এই সুযোগতে মাজুলীৰ সন্মানীয় বিধায়ক শ্রীযুত ভূৱন গাম ডাঙৰীয়াক পৰিষদৰ তৰফৰ পৰা ধন‍্যবাদ জনাইছোঁ। তেখেতৰ বদান‍্যতাত অনিৰ্দ্ধাৰিত পূজিঁৰ ১০ লাখ টকাৰ অনুদান লাভ কৰোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলো শুভাকাংক্ষীলৈ আমি পৰিষদে আন্তৰিক শ্ৰদ্ধা নিবেদিছো। তেখেতসকলৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল কৰি তুলিলে।

সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ উদ‍্যোগত আজি ৩০/০১/২০২৬ তাৰিখে মৈজুলী মিনি ষ্টেডিয়ামত N...
30/01/2026

সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ উদ‍্যোগত আজি ৩০/০১/২০২৬ তাৰিখে মৈজুলী মিনি ষ্টেডিয়ামত NPS-UPS বাতিল আৰু OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কিছু দৃশ‍্যাংশ

Address

Majuli

Website

Alerts

Be the first to know and let us send you an email when মাজুলী জিলা কৰ্মচাৰী পৰিষদ Majuli Zila Karmachari Parishad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share