All Tai Ahom Students’ Union-ATASU-CENTRAL Committee

All Tai Ahom Students’ Union-ATASU-CENTRAL Committee Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Tai Ahom Students’ Union-ATASU-CENTRAL Committee, Nonprofit Organization, Majuli, Assam, Majuli.

ভাৰতীয় চাহ বৰ্ডৰ কলকাতা, শিলিগুৰি আৰু কেৰেলা কাৰ্যালয়ৰ কেইজনমান বিষয়াই স্থানীয় কাৰ্যালয়ৰ লগত যোগসূত্র ৰক্ষা নকৰাকৈ তিনিচ...
05/06/2024

ভাৰতীয় চাহ বৰ্ডৰ কলকাতা, শিলিগুৰি আৰু কেৰেলা কাৰ্যালয়ৰ কেইজনমান বিষয়াই স্থানীয় কাৰ্যালয়ৰ লগত যোগসূত্র ৰক্ষা নকৰাকৈ তিনিচুকীয়া জিলাখনত উপস্থিত হৈ বিভিন্ন বটলিফ ফেক্টৰী সমূহৰ পৰা চাহৰ নমুনা সংগ্ৰহ কৰি থকাৰ বিষয়ে অৱগত হৈ আজি আটাছুৰ সতীৰ্থ সকলৰ সৈতে সেই বিষয়ববীয়া সকলৰ ভিতৰৰ কেৰেলাস্থিত ভাৰতীয় চাহ বৰ্ডৰ কাৰখানা উপদেষ্টা বিষয়া শ্ৰীযুত এছ. অৰুণ কুমাৰ দেৱক সাক্ষাৎ কৰি আটাছুয়ে ভাৰতীয় চাহ বর্ডক দাখিল কৰা চৰম পত্ৰ সন্দৰ্ভত কেন্দ্ৰীয় সভাপতি মানচাও মিলন বুঢ়াগোহাঁইদেৱেআলোচনা কৰে। লগতে এই সমস্যা সমূহৰ সমাধানৰ সূত্ৰ ওলিয়াবলৈ ভাৰতীয় চাহ বর্ড আৰু আটাছুৰ এক আলোচনা অসমৰ যিকোনো জিলাত আয়োজন কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

28/05/2024

🚨🚨🚨

আজি চৰাইদেও জিলাস্থিত উৰুলি ভৱনত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ এখন জৰুৰী কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় । কাৰ্যনিবাহক সভাত নিম্নলিখিত প্ৰস্তাৱ কেইটা গ্ৰহণ কৰা হয় ।
প্ৰস্তাৱ নং : ১) সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ আগন্তুক ৩৬ তম প্ৰতিষ্ঠা দিৱসটো অহা ১৪ আৰু ১৫ জুলাই ২০২৪ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ বৰলাইপুলিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
২) এইবছৰৰ পৰা প্ৰতিবছৰে অসমৰ সংবাদ জগত খনত সেৱা আগবঢ়াই থকা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ শ্ৰদ্ধাৰ সাংবাদিক সকলৰ মাজৰ এজনক আটাছুৰ প্ৰাক্তন মুখ্য উপদেষ্টা ডামচাও অশ্বিনী চেতিয়া সোঁৱৰণি ব্ৰজকণ্ঠ বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে এইবছৰৰ বঁটা প্ৰাপক সাংবাদিক গৰাকীক নিৰ্বাচন কৰিবৰ বাবে এখন নিৰ্বাচন সমিতি গঠন কৰি দিয়া হয় ।
৩) অসমৰ বটলিফ ফেক্টৰী সমূহে অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক পানীত হাঁহ নচৰা অৱস্থা কৰি অহা ১ জুনৰ পৰা নিজ নিজ ফেক্টৰী সমূহ বন্ধ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত আটাছুয়ে ভাৰতীয় চাহ নিগমৰ তিনিচুকীয়া আঞ্চলিক কাৰ্যলয়ৰ যোগেদি ১৫ দিনৰ সময়সীমা বান্ধি প্ৰদান কৰা স্মাৰক পত্ৰৰ আজি পৰ্যন্ত কোনো উত্তৰ নোপোৱাত অহা কাইলৈ পৰা অসমৰ প্ৰতিখন জিলা আটাছুয়ে দাবী পূৰণ কৰাৰ বাবে চৰম পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
৪) চৰকাৰী চাকৰি প্ৰদান কৰাৰ নামত বিভিন্ন জনৰ পৰা টকা সংগ্ৰহ কৰাৰ দৰে আটাছুৰ সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱা আটাছুৰ উপ-সভাপতি চাও মনোজ গগৈৰ ওপৰত তদন্ত কৰিবলৈ আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে গঠন কৰি দিয়া পাঁচজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদন আৰু অন্যান্য এনে কেইবাটাও অভিযোগত সত্যতাৰ প্ৰমাণ লাভ কৰাত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ চাও মনোজ গগৈক পবিত্ৰ সংগঠন আটাছুৰ পৰা বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়

মাজুলী জিলাৰ লাহন গাঁওস্থিত বৰবাৰী নামঘৰ প্ৰাঙ্গনত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ মাজু...
19/05/2024

মাজুলী জিলাৰ লাহন গাঁওস্থিত বৰবাৰী নামঘৰ প্ৰাঙ্গনত আজি অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ মাজুলী জিলা সমিতিখন গঠন কৰা হয় । ফুৰা-তাৰাক সাক্ষী কৰি ৰাইজৰ উপস্থিতিত চাও সঞ্জয় লাহনক মুখ্য উপদেষ্টা, চাও ৰানা গগৈক সভাপতি আৰু চাও পল ফুকনক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন শক্তিশালী মাজুলী জিলা সমিতি গঠন কৰা হয় ।আটাছু পে য়ংলে

আজি সদৌ তাই আহোম ছাত্র সন্থাৰ এটা সঁজাতি দলে মাজুলীত থকা আহোম জনগোষ্ঠীৰ জ্ঞাতি সকলৰ লগত ৰাইজৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত এ...
11/05/2024

আজি সদৌ তাই আহোম ছাত্র সন্থাৰ এটা সঁজাতি দলে মাজুলীত থকা আহোম জনগোষ্ঠীৰ জ্ঞাতি সকলৰ লগত ৰাইজৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হবলৈ গৈছিলো। মাজুলীৰ আহোমবসতি প্ৰধান লাহন গাঁও ৰাইজে একত্ৰিত হৈ আমাক আলোচনা কৰিবৰ বাবে এক অতি সুন্দৰ পৰিবেশ গঢ়ি দিয়াৰ লগতে গাঁওখনৰ প্ৰতিজন লোকে মিলিত হয় এটা অদ্ভুত আৰু অনন্য প্ৰীতিভোজ আয়োজন কৰি আমাৰ আটাছু কৰ্মীসকলক আপ্যায়ন কৰে । সদৌ তাই আহোম ছাত্র সন্থাৰ প্ৰতি এনে আন্তৰিকতা দেখুওৱাৰ বাবে গাঁওখনৰ জেষ্ঠসকল, মহিলাসকল, ছাত্র বন্ধুসকল লগতে প্ৰতিজন ৰাইজলৈ আমাৰ তৰফৰ আটাছু পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।

05/05/2024

অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্র সংগঠন সদৌ মৰাণ ছাত্র সন্থাৰ আজি ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনটোত সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ পবিত্ৰ মজিয়াৰ পৰা অলেখ অযুত শুভকামনা জনাইছোঁ । মৰাণ আৰু আহোমৰ যি ঐতিহাসিক মোমাই-ভাগিন সম্পৰ্ক সেই সম্বন্ধ অনাগত দিনত দুয়োটা জনগোষ্ঠী লোকৰ মাজত অনাদি অনন্ত কাললৈকে অটুট থাকক তাকেই কামনা কৰি অসমীয়া জাতিৰ উত্তৰণৰ হকে কাম কৰিবলৈ পবিত্ৰ সংগঠনটোৰ সভাপতি আৰু সম্পাদককে ধৰি প্ৰতিজন কৰ্মকর্তাক ফুৰা- তাৰাই আশীৰ্বাদ দিবলৈ প্ৰাৰ্থনা কৰিলোঁ । পবিত্ৰ সংগঠনটোৰ আজি প্ৰতিষ্ঠা দিৱসৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সংগঠনটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চুম ৰংহাং দেৱৰ আজি মৃত্যুৰ খবোৰটোৱ...
04/05/2024

অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য চুম ৰংহাং দেৱৰ আজি মৃত্যুৰ খবোৰটোৱে মৰ্মাহত কৰিলে । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত আমি সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)য়ে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলোঁ লগতে পৰিয়াল তথা আত্মীয় কুটুমলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত ২৪ এপ্ৰিলৰ পৰা চাৰি দ...
27/04/2024

সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত ২৪ এপ্ৰিলৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা কেন্দ্ৰীয় ৰঙালী উৎসৱ-২০২৪ ৰ অন্তিম দিনৰ কাৰ্যসূচী মুকলি সভাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মানচাও মিলন বুঢ়াগোহাঁইদেৱ আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে । উদযাপন সমিতিৰ সভাপতি তথা অসমৰ জনপ্ৰিয় বৈদ্যুতিন সংবাদ মাধ্যম Nd 24 ৰ পৰিচালন সঞ্চালক কিশোৰ বৰুৱা দেৱে সঞ্চালনা কৰা মুকলি সভাখনৰ শুভ উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দেৱে । অসমৰ কেইবাটাও সংবাদ চেনেল আৰু বাতৰি কাকতৰ সম্পাদক ,উত্তৰ-পূব ছাত্র সংগঠনৰ সভাপতি / সম্পাদক , আছুৰ সভাপতি উৎপল শৰ্মা , সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো বুদ্ধিজীৱি উপস্থিত থকা সভাখনত উপস্থিত থাকে ।

নকছাৰি আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ উদ্যোগত আৰু ডায়মণ্ড ক্লাৱৰ সহযোগত আয়োজন কৰা বিহু সন্মিলনৰ আজি নিশা সাংস্কৃতিক সন্ধি...
23/04/2024

নকছাৰি আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ উদ্যোগত আৰু ডায়মণ্ড ক্লাৱৰ সহযোগত আয়োজন কৰা বিহু সন্মিলনৰ আজি নিশা সাংস্কৃতিক সন্ধিয়া সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মানচাও মিলন বুঢ়াগোহাঁইদেৱে যুঃসম্পাদক মানচাও ভাস্কৰ বৰগোহাঁই লগতে কেন্দ্ৰীয় ,যোৰহাট আৰু শিৱসাগৰ জিলাৰ বিষয়ববীয়াৰ উপস্থিতিত শুভ উদ্বোধন কৰে ।

মাজুলীৰ জ্ঞাতিৰ গাঁওত আজি আটাছু পৰিয়াল । প্ৰসংগ : সদৌ তাই আহোম ছাত্র সন্থাৰ "জ্ঞাতিৰ ঘৰে ঘৰে যাওঁ বৌলক" কাৰ্যসূচী ৰূপায়ন
11/04/2024

মাজুলীৰ জ্ঞাতিৰ গাঁওত আজি আটাছু পৰিয়াল । প্ৰসংগ : সদৌ তাই আহোম ছাত্র সন্থাৰ "জ্ঞাতিৰ ঘৰে ঘৰে যাওঁ বৌলক" কাৰ্যসূচী ৰূপায়ন

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) কাৰ্বি আংলং জিলা সমিতিৰ প্ৰতিনিধি  সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও মিলন বুঢ়াগোঁহাই...
31/03/2024

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) কাৰ্বি আংলং জিলা সমিতিৰ প্ৰতিনিধি সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও মিলন বুঢ়াগোঁহাই ,যুঃসম্পাদক মানচাও ভাস্কৰজ্যোতি বৰগোঁহাই , উপসভাপতিদ্বয় ক্ৰমে মানচাও যাদৱ কোঁৱৰ আৰু মানচাও দিলীপ গগৈ, সহঃ সম্পাদক মানচাও শশাংক দিহিঙীয়া, সাংগঠনিক সম্পাদক মানচাও প্ৰতীম শইকীয়াৰ উপস্থিত থাকে । কাৰ্বি আংলং জিলা আটাছুৰ সভাপতি মানচাও ৰনদীপ চাংবুং বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বোকাজানৰ বিশিষ্ট সমাজসেৱক মানচাও অম্বেশ্বৰ চেতিয়াকে ধৰি সমূহ কাৰ্বি আংলং জিলাৰ জ্ঞাতিবৰ্গৰ পূৰ্ণ সহযোগিতাত এখন পূৰ্ণাংগ জিলা সমিতি গঠন হয় । নৱগঠিত পূৰ্ণাংগ সমিতিখনৰ নৱনিৰ্বাচিত সভাপতি মানচাও ৰণদ্বীপ বৰুৱা , সাঃ সম্পাদক দুলু লাহন তথা সমূহ বিষয়ববীয়ালৈ বৈপ্লৱিক অভিনন্দন আৰু জাতি গঠন প্ৰক্ৰিয়াত অগ্ৰসৰৰ বাবে শুভেচ্ছা জ্ঞাপণ কৰিলোঁ ।

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত  আটাছু কেন্দ্ৰীয় সমিতিৰ...
30/03/2024

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত আটাছু কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি মানচাও মিলন বুঢ়াগোহাঁই ডাঙৰীয়া বিশিষ্ট্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ বক্তব্য ৰাখি অসমীয়া জাতিৰ একতাৰ এনাজৰীডাল অধিক কটকটীয়া কৰিবলৈ আহ্বান জনায় ।

Address

Majuli, Assam
Majuli
785104

Website

Alerts

Be the first to know and let us send you an email when All Tai Ahom Students’ Union-ATASU-CENTRAL Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share