Sapkata AASAA Ancholik committee

Sapkata AASAA Ancholik committee AASAA OUR BLOOD

জাষ্টিচ ফৰ সুৰিতা লাকৰা আৰু অনামিকা বাৰা।কোকৰাঝাৰৰ ধলমাৰা লালখুৰাত সংঘটিত এই নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা অত্যন্ত দুখজন...
23/05/2026

জাষ্টিচ ফৰ সুৰিতা লাকৰা আৰু অনামিকা বাৰা।
কোকৰাঝাৰৰ ধলমাৰা লালখুৰাত সংঘটিত এই নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা অত্যন্ত দুখজনক আৰু নিন্দনীয়। আমি সদৌ অসম আদিবাসী ছাত্ৰ সংস্থা (AASAA) এই অমানৱীয় ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গভীৰ নিন্দা জনাইছোঁ।

আমি অসম আৰক্ষী আৰু চৰকাৰক দাবী জনাওঁ যে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়ক আৰু ভুক্তভোগী পৰিয়ালক শীঘ্ৰে ন্যায় প্ৰদান কৰক।

নাৰী সুৰক্ষা আৰু মানৱ অধিকাৰৰ ওপৰত এই ধৰণৰ আক্ৰমণ কেতিয়াও সহ্য কৰা নহ’ব। আজি আমি সকলোৱে একত্ৰিত হৈ ন্যায়ৰ বাবে মাত মাতিছোঁ।







🕯️🕯️🕯️ শ্বহীদ প্ৰণাম তোমালোকক 🕯️🕯️🕯️আজি ১৫ মে — সান্তাল/আদিবাসী সমাজৰ বাবে এক গভীৰ বেদনা আৰু স্মৃতিৰ দিন। ১৯৯৬ চনৰ এই দি...
15/05/2026

🕯️🕯️🕯️ শ্বহীদ প্ৰণাম তোমালোকক 🕯️🕯️🕯️
আজি ১৫ মে — সান্তাল/আদিবাসী সমাজৰ বাবে এক গভীৰ বেদনা আৰু স্মৃতিৰ দিন। ১৯৯৬ চনৰ এই দিনটোত নিৰীহ সান্তাল আৰু আদিবাসী লোকসকলৰ ওপৰত সংঘটিত হোৱা অমানৱীয় হত্যাকাণ্ড আজিও আমাৰ হৃদয় কঁপাই তোলে। সেই কালৰ বিভীষিকা, কান্দোন, আপোনজন হেৰুৱাৰ যন্ত্ৰণা কেতিয়াও পাহৰিব নোৱাৰি।
আজিও সেই শ্বহীদসকলৰ আত্মবলিদানৰ বাবেই আমি জীয়াই আছোঁ, নিজৰ পৰিচয় আৰু অধিকাৰৰ কথা ক’ব পাৰিছোঁ। তেওঁলোকৰ ত্যাগক আমি সন্মান জনাওঁ আৰু আত্মাৰ চিৰশান্তি কামনা কৰোঁ। 🙏
আমি আদিবাসী, আমি শান্তি বিচাৰোঁ।
আমি একতা, মৰম আৰু সহাবস্থান বিচাৰোঁ।
হিংসা নহয়, শান্তিপূৰ্ণ সমাজ গঢ়াই আমাৰ লক্ষ্য।
সান্তাল আৰু আদিবাসী সমাজৰ ওপৰত সকলো ধৰণৰ অত্যাচাৰ বন্ধ হওক।
সকলো জাতি-জনগোষ্ঠীয়ে মিলি শান্তিত বাস কৰিব পাৰক। ✨
🖤 শ্বহীদসকলক জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি
✊ জয় আদিবাসী
✊ জয় আছা (AASAA)









আজি সাপকাটা AASAA আঞ্চলিক কমিটীৰ তৰফৰ পৰা HSLC পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। 🎉📚সকলো সফল ছ...
14/05/2026

আজি সাপকাটা AASAA আঞ্চলিক কমিটীৰ তৰফৰ পৰা HSLC পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। 🎉📚

সকলো সফল ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
জীৱনত আগবাঢ়ি যাওক, নিজৰ কেৰিয়াৰত সফলতা লাভ কৰক আৰু পৰিয়াল তথা সমাজৰ গৌৰৱ বৃদ্ধি কৰক। ✨

সাপকাটা AASAA আঞ্চলিক কমিটি সদায় ছাত্ৰ-ছাত্ৰীৰ সহায় আৰু উৎসাহৰ বাবে সাজু থাকে।
নিজৰ ওপৰত বিশ্বাস ৰাখক, কঠোৰ পৰিশ্ৰম কৰক আৰু ডাঙৰ সপোন দেখিবলৈ কেতিয়াও এৰি নিদিব। 🌱

💐 সকলো ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল আৰু সফল ভৱিষ্যতৰ কামনা জনালোঁ। 💐

"সকলো HSLC পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো। যিসকল পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ’ব পৰা নাই, তেওঁলোকে একে...
10/04/2026

"সকলো HSLC পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো। যিসকল পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ’ব পৰা নাই, তেওঁলোকে একেবাৰে হতাশ নহ’ব। মনত ৰাখিবা — জীৱনত এটা পৰীক্ষাৰ ফলাফলেই সকলো নহয়। এটা নম্বৰেই তোমাৰ সামৰ্থ্য বা ভবিষ্যৎ নিৰ্ণয় নকৰে। সময়ৰ সৈতে পৰিশ্ৰম আৰু ধৈৰ্য্য ৰাখি আগবাঢ়ি থাকিবা। নিশ্চয় এটা দিন তোমাৰ সকলো পৰিশ্ৰমৰ ফল পামা আৰু সফলতা লাভ কৰিবা।"

"বিশ্ববিজয়ী ভাৰত! 🇮🇳 আমাৰ নীলা বাহিনীয়ে ইতিহাস ৰচনা কৰিলে। প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ ক্ষণ। "জয় হিন্দ"          ...
08/03/2026

"বিশ্ববিজয়ী ভাৰত! 🇮🇳 আমাৰ নীলা বাহিনীয়ে ইতিহাস ৰচনা কৰিলে। প্ৰতিজন ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ ক্ষণ। "জয় হিন্দ"










"The time has come for the Adivasis of Assam to unite for our ST status! Let’s all march to Delhi to fight for our right...
08/03/2026

"The time has come for the Adivasis of Assam to unite for our ST status! Let’s all march to Delhi to fight for our rights. Our unity is our greatest strength. We will not back down until the issues facing the Adivasi community are resolved. Let’s march to Delhi!"













Best of luck
10/02/2026

Best of luck

Sapkata AASAA Ancholic Committee wishes all HSLC & HS candidates the very best! 📝💪
"May your hard work and dedication lead you to the path of success."






Sapkata AASAA Ancholic Committee wishes all HSLC & HS candidates the very best! 📝💪"May your hard work and dedication lea...
10/02/2026

Sapkata AASAA Ancholic Committee wishes all HSLC & HS candidates the very best! 📝💪
"May your hard work and dedication lead you to the path of success."






"অসমীয়া সংস্কৃতিৰ অন্যতম গৌৰৱ, চেনেহৰ  ভোগালী বিহু উপলক্ষে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASAA), সাপকাটা আঞ্চলিক সমিতিৰ ...
14/01/2026

"অসমীয়া সংস্কৃতিৰ অন্যতম গৌৰৱ, চেনেহৰ ভোগালী বিহু উপলক্ষে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASAA), সাপকাটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা সাপকাটা অঞ্চলৰ সমূহ ৰাইজ তথা অসমবাসীলৈ জনালোঁ আন্তৰিক ওলগ আৰু হিয়াভৰা শুভেচ্ছা।
​ভোগৰ উৎসৱ ভোগালীয়ে সকলোৰে ঘৰে ঘৰে সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। মেজিৰ পবিত্ৰ জুইত আমাৰ সমাজৰ সকলো অসূয়া-অশান্তি, ভেদাভেদ আৰু দুখ-কষ্ট ভস্মীভূত হৈ এক নিকা আৰু শক্তিশালী সমাজ গঢ়ি উঠক। আমাৰ মাজৰ একতা আৰু ভাতৃত্ববোধ সদায় অটুট থাকক।
​অনাগত দিনবোৰত আমাৰ অঞ্চলটোৰ সৰ্বাংগীণ উন্নতিৰ বাবে আমি সকলোৱে মিলি-জুলি আগুৱাই যাওঁ আহক। পুনৰবাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।




゚viralシfypシ゚viralシalシ

সমূহ অসমবাসী ৰাইজলৈ AASAA সাপকাটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা  চাওঁতালি সমাজৰ মহান কৃষিভিত্তিক উৎসৱ 'সোহৰায়'ৰ হিয়াভৰা ওলগ ...
14/01/2026

সমূহ অসমবাসী ৰাইজলৈ AASAA সাপকাটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা চাওঁতালি সমাজৰ মহান কৃষিভিত্তিক উৎসৱ 'সোহৰায়'ৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা।
​সোহৰায় কেৱল এটা উৎসৱেই নহয়, ই আমাৰ পৰম্পৰা, কৃষ্টি-সংস্কৃতি আৰু আমাৰ মাজৰ মিলাপ্ৰীতিৰ এক অনন্য নিদৰ্শন। আমাৰ সমাজৰ এই গৌৰৱোজ্জ্বল উৎসৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু আনন্দ কঢ়িয়াই আনক।
​আহক, এই পবিত্ৰ ক্ষণত আমি সকলোৱে মিলি আমাৰ ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰোঁ।
​সকলোলৈকে পুনৰবাৰ সোহৰায় উৎসৱৰ আন্তৰিক শুভকামনা জনালোঁ।
​ধন্যবাদেৰে,
AASAA সাপকাটা আঞ্চলিক সমিতি"







Address

Kokrajhar
783360

Telephone

+916002783818

Website

Alerts

Be the first to know and let us send you an email when Sapkata AASAA Ancholik committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share