01/08/2026
সাংস্কৃতিক মহাসভা, অসম উদ্যোগত আৰু ওডালগুৰি জিলা সমিতিৰ সহযোগত ২৮,২৯,৩০ আৰু ৩১ জুলাই ২০২৬ তাৰিখে টংলাৰ শ্বহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীত আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ চাৰিদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। শতাধিক শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা কৰ্মশালাৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে বিশিষ্ট সংগীত শিল্পী শ্ৰীযুত আলেখ্য চক্ৰৱৰ্তী আৰু জুবিন গাৰ্গৰ সহযোগী কন্ঠশিল্পী শ্ৰীমতী অৰুন্ধতী ভানুপ্ৰিয়াই।
সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি স্হানীয় বিধায়ক শ্ৰীযুত কবিন চন্দ্ৰ ডেকা আৰু বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে সাংস্কৃতিক অসমৰ সম্পাদক প্ৰধান শ্ৰীপ্ৰদীপ কুমাৰ বৰাই। সভাপতিত্ব কৰে ওডালগুৰি জিলা সমিতিৰ সভাপতি ডঃ হৰি ৰাম দাসদেৱে। আতঁ ধৰে জিলাৰ সাধাৰণ সম্পাদক শ্ৰী জ্ঞানেন্দ্ৰ চলিহাই।
সাংস্কৃতিক মহাসভা অসমৰ বিষয়ববীয়া ক্ৰমে ৰীতামণি দেৱী বৰা, ৰুমী বৰুৱা দাস, নৱজিৎ দাসকে আদি কৰি বহু কেইগৰাকী ব্যক্তিয়ে সামৰণি অনুষ্ঠানত উপস্থিত থাকে।
এই অনুষ্ঠানতে ১৭ গৰাকী ব্যক্তিক সাংস্কৃতিক মহাসভা অসমৰ আজীৱন সদস্যৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে সম্পাদক প্ৰধান প্ৰদীপ কুমাৰ বৰাই।
অতি পৰিকল্পিত আৰু সু শৃংখলিত অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক কৰ্মশালাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই জিলা সমিতিৰ তৰফৰ পৰা।
সাংস্কৃতিক মহাসভা, অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ওডালগুৰি জিলা সমিতিৰ সভাপতি ডঃ হৰি ৰাম দাস, সম্পাদক জ্ঞানেন্দ্ৰ চলিহা প্ৰমুখ্যে সকলো বিষয়ববীয়া কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।