09/05/2025
📌 বিশেষ বাৰ্তা: একোগৰাকী গৰ্বিত ভাৰতীয় নাগৰিক হিচাপে আমি সকলোৱে এই সময়ত দেশৰ সেনা বাহিনীৰ সৈতে আছোঁ। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে আমি সকলো ঐক্যবদ্ধ হৈ আছোঁ। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। এই সময়ত একোগৰাকী দায়িত্বশীল নাগৰিক হিচাপে আমি সকলোৱে যিকোনো তথ্য বা বাতৰি প্ৰচাৰ কৰাৰ পূৰ্বে তাৰ সঠিক উৎস আৰু সত্যতা নিৰূপণ কৰাটো অতিকৈ প্ৰয়োজনীয়।
কেনেকৈ সত্যতা নিৰূপণ কৰিব ?
✅ সামাজিক মাধ্যমত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ ভেৰিফাইড একাউণ্টত প্ৰকাশ কৰা তথ্য
✅ ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ উচ্চপদস্থ/স্থানীয় বিষয়াৰ চৰকাৰী বিবৃতি
✅ ভাৰতীয় সেনাৰ বিভিন্ন বিভাগৰ ভেৰিফাইড একাউণ্টৰ তথ্য
✅ শত্ৰু ৰাষ্ট্ৰ বা ন্যস্তস্বাৰ্থ জড়িত মহলৰ দ্বাৰা সংবাদ মাধ্যমত প্ৰকাশিত প্ৰৰোচনামূলক বাতৰি বিশ্বাস কৰাৰ পূৰ্বে উপৰোক্ত উৎসৰ পৰা তাৰ সত্যতা বিচাৰ কৰক
✅ সামাজিক মাধ্যমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ পৰা আঁতৰত থাকক
✅ সৈন্যবাহিনীৰ গতিবিধি প্ৰত্যক্ষ কৰিলে তেনে দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পৰা বিৰত থাকক
আমি সকলোৱে এইখিনি দায়িত্ব পালনেৰে চৰকাৰৰ, সেনাবাহিনীৰ আৰু সৰ্বোপৰি ৰাষ্ট্ৰৰ শক্তি বৃদ্ধি কৰিব পাৰোঁ। জয় হিন্দ 🇮🇳