Kamallabanya Shiksha TRUST কমলাৱণ্য শিক্ষা ন্যাস

  • Home
  • India
  • Jorhat
  • Kamallabanya Shiksha TRUST কমলাৱণ্য শিক্ষা ন্যাস

Kamallabanya Shiksha TRUST কমলাৱণ্য শিক্ষা ন্যাস This TRUST is in the memory of Late KAMAL BEZ BORUAH & Late LABANYA BEZ BORUAH. Helps the Poor Stude

Helps the Poor Students, Rural Libraries etc.Music, Dance and Creative too

26/10/2024
11/03/2024

লাৱণ্য কলা কেন্দ্ৰই অসমৰ থলুৱা সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ লগতে ন্যূনতম লেখক সৃষ্টি কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। কলা কেন্দ্ৰৰ সপ্তম বাৰ্ষিকৰ প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্যে প্ৰকাশ পাবলগীয়া আলোচনীৰ বিশেষ সংখ্যাটি আপোনালোকৰ মূল্যৱান লেখনি থূপাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।

আলোচনীখনিত বিভিন্ন বিষয়ৰ প্ৰবন্ধ, নিবন্ধ, উপন্যাস, উপন্যাসিকা, নাটক, গল্প, অনুবাদ গল্প, অনু গল্প, ভ্ৰমণ কাহিনী, কবিতা, হাস্য-ব্যংগ লেখাকে ধৰি লোকসাহিত্য সম্পৰ্কীয় ভিন্ন স্বাদৰ লেখা আহ্বান কৰা হৈছে। লেখক-লেখিকাসকলক তেওঁলোকৰ মূল্যৱান লেখাসমূহ তলৰ ঠিকনাত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

‌‌ লেখাসমূহ email বা WhatsApp ঠিকনাত প্ৰেৰণ কৰিবলৈ লেখক-লেখিকাসকলক আহ্বান জনোৱা হʼল।
আমালৈ পঠিওৱা লেখাসমূহ কোনো কাকত আলোচনী অথবা সামাজিক মাধ্যমত অপ্ৰকাশিত হোৱাটো বাঞ্ছণীয়।
লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা ,ফোন নম্বৰ লিখি পঠিয়াব লাগিব ৷ অন্যথা লেখা প্ৰকাশ কৰিব পৰা নাযাব।
হোৱাটচএপ বা ই-মেইলযোগে লেখা পঠিয়াব পাৰিব ৷
অনুবাদ লিখনিৰ ক্ষেত্ৰত মূল লেখকৰ নাম উল্লেখ থাকিব লাগিব ৷
আলোচনীখনৰ প্ৰকাশিত লেখাৰ বাবে প্ৰতিজন লেখক/লেখিকা নিজেই দায়বদ্ধ, সম্পাদনা সমিতি দায়বদ্ধ নহয়। অনাগত দিনত হ'ব লগা সমালোচনাৰ উত্তৰো তেওঁলোকে নিজেই দিব লাগিব।

email id [email protected]

16/11/2023

যোৰহাটৰ পৰা অচিৰে প্ৰকাশ পাব এখন শিশু আলোচনীৰ ছপা আৰু ইলেকট্ৰনিক সংস্কৰণ।
আলোচনীখনৰ ইলেকট্ৰনিক সংস্কৰণ প্ৰকাশ কৰিবলৈ যোঁ-জা চলি আছে।
আলোচনীখনত প্ৰকাশ কৰিবলৈ নবীন, প্ৰবীণ তথা উদীয়মান লেখক, শিক্ষক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী সকলোৰে পৰা শিশু উপযোগী কবিতা, গল্প, জীৱনী, অনুবাদ কবিতা, ৰস ৰচনা, কৌতুক, সাঁথৰ , সমালোচনামূলক লিখনি, লিমাৰিক, সাক্ষাৎকাৰ, প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক,স্নাতক,স্নাতকোত্তৰ মহলাৰ বিষয় সূচীত অন্তৰ্ভক্ত আলোচনামূলক লিখনি, ভ্ৰমণ কাহিনী, উপন্যাস, ধাৰাবাহিক লেখা, বিভিন্ন বিষয়ৰ প্ৰবন্ধ, নিবন্ধ, উপন্যাস, উপন্যাসিকা, নাটক, অনুবাদ গল্প, অনু গল্প, হাস্য-ব্যংগ লেখাকে ধৰি লোকসাহিত্য সম্পৰ্কীয় ভিন্ন স্বাদৰ লেখা আহ্বান কৰা হৈছে।

ই-মেইল যোগে লিখনিসমূহ প্ৰেৰণ কৰিব পাৰিব। প্ৰকাশৰ ক্ষেত্ৰত লিখনিৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকাশ কৰা হ'ব। প্ৰতিটো সংখ্যাত একোটাকৈ গল্প, প্ৰবন্ধ, কবিতা, আৰু অন্যান্য শিতানৰ পৰা শ্ৰেষ্ঠৰূপে নিৰ্বাচন কৰা হ'ব।
email:- [email protected]

Address

Jorhat
785110

Alerts

Be the first to know and let us send you an email when Kamallabanya Shiksha TRUST কমলাৱণ্য শিক্ষা ন্যাস posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Kamallabanya Shiksha TRUST কমলাৱণ্য শিক্ষা ন্যাস:

Share