KETEKEE

KETEKEE Head Office:- Jhanjimukh, teok (Jorhat). P.O.: Jhanjimukh. Via: Teok. Pin: 785112. Dist.: Jorhat. State: Assam (India).

শ্ৰদ্ধাঞ্জলী     আজি ইং  ০৩/ ১১ /২০২৪ তাৰিখে পৰিৱেশ সংৰক্ষণ মঞ্চ " কেতেকী " ৰ এগৰাকী অন্যতম উপদেষ্টা , বিশিষ্ট পৰিৱেশ কৰ...
03/11/2024

শ্ৰদ্ধাঞ্জলী
আজি ইং ০৩/ ১১ /২০২৪ তাৰিখে পৰিৱেশ সংৰক্ষণ মঞ্চ " কেতেকী " ৰ এগৰাকী অন্যতম উপদেষ্টা , বিশিষ্ট পৰিৱেশ কৰ্মী , যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰবক্তা , কাকজানৰ নিবাসী ড৹ অনন্ত তামুলী দেৱৰ বিয়োগৰ বাতৰিয়ে আমাক সকলোকে মৰ্মাহত কৰি তুলিছে ।
তেখেতৰ বিয়োগে কেতেকীৰ পৰিয়াল আৰু সমগ্ৰ ৰাজ্য খনে এগৰাকী মহান পৰিৱেশ কৰ্মীক অকালতে হেৰুৱাৰ বেদনা অনুভৱ কৰিছে আৰু পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে ।


কেতেকী পৰিয়ালৰ হৈ

দুলাল কলিতা
অনন্ত দত্ত

আজি ইং ০৭/০৫/২০২৪ তাৰিখে উদ্ধাৰ হোৱা অজগৰটো ।
07/05/2024

আজি ইং ০৭/০৫/২০২৪ তাৰিখে উদ্ধাৰ হোৱা অজগৰটো ।

অৱশেষত বন বিভাগৰ হাতত অজগৰটো  চমজাই দিয়া হয় ।
07/05/2024

অৱশেষত বন বিভাগৰ হাতত অজগৰটো চমজাই দিয়া হয় ।

টিয়ক সন্মিলিত যুৱক সংঘৰ দ্বাৰা স্বপ্নদ্ৰষ্টা জনলৈ বিপুল আদৰণি
02/05/2024

টিয়ক সন্মিলিত যুৱক সংঘৰ দ্বাৰা স্বপ্নদ্ৰষ্টা জনলৈ বিপুল আদৰণি

02/05/2024

কেতেকী ৰ বিপুল দা
যিটো সময়ত পৰিৱেশ সংৰক্ষণ নাইবা পক্ষী সংৰক্ষণ সম্পৰ্কীয় বিষয়বোৰ আমাৰ বাবে প্ৰায় অচিনাকী আছিল, যিটো সময়ত আমি চৰাই চিকাৰী ৰ বন্দুকৰ গুলীত চতফটাই থকা চৰাইবোৰ দেখিলে কোনো ধৰণৰ অনুভূতি য়ে ক্ৰিয়া নকৰিছিল , ২০০১ চনৰ ডিচেম্বৰ মাহৰ ঠিক তেনে এটা দিনতেই আমি বিপুল দাক প্ৰথম ল'গ' পাইছিলো । জাঁজীমুখৰে দুলালদাই মোক ল'গ'কৰাই দিছিল । ঘুৰনীয়া সুন্দৰকৈ টুপি পিন্ধা আৰু তেওঁৰেই জিপছি গাড়িখনত বহুৱাই পক্ষী সংৰক্ষণ ৰ বিষয়ে বহু বোৰ কথা আৰম্ভ কৰিছিল ।তাৰে ভিতৰত আছিল ৰে ,তেওঁলোকে এনিশা চিনে প্ৰডাক নামৰ অনুষ্ঠানটো ৰ পৰা জাঁজী মুখৰ প্ৰাকৃতিক পৰিৱেশৰ ফটো সংগ্ৰহৰ বাবে আহিছিল। কিন্তু অঞ্চলতোৰ জলাশয় সমূহত ভ্ৰমিও উপযুক্ত ফটো সংগ্ৰহ কৰিব পৰা নাছিল । তাৰোপৰি কোনোবা এজন মিচিং বয়সস্থ লোকে প্ৰথমে চৰাইৰ সংৰক্ষণ আৰু পাছতহে ফটো সংগ্ৰহ ৰ পৰামৰ্শ দিয়ে । সেয়েহে বিপুল দা চৰাই সংৰক্ষণ ৰ হকে কাম কৰিবলৈ আগ্ৰহী। যদিও কথাবোৰ ভালদৰে বুজিব পৰা নাছিলোঁ তথাপিও কথাবোৰ শুনি ভাললগাৰ বাবেই সহযোগিতা কৰাৰ
সন্মতি দিলো । অৱশেষত এখন ৰাজহুৱা সভা আহ্বানত সিদ্ধান্ত লোৱা হ'ল আৰু আহ্বায়ক হিচাবে বিপুল ভূঞা,নৰেন শইকীয়া, কৃষ্ণপদ কলিতা,দুলাল দা, মই আৰু কেইবাজনো থাকিলো । পৰিকল্পনা অনুসৰি ২০০২ চনৰ জানুৱাৰী মাহৰ ১১ তাৰিখে ১২৫ নং ভকত গাঁৱ প্ৰাথমিক বিদ্যালয়ত সভাখন অনুষ্ঠিত হ'ল । যিহেতু মই বাণিজ্য বিভাগৰ ছাত্ৰ আছিলো সেয়েহে স্বাভাবিকতে মোৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় জ্ঞান সীমিত আছিল ,সেয়েহে সভাৰ আনুষ্ঠানিক কামকাজ ৰ বাহিৰে মূল বিষয়ত মই কোনো ধৰণৰ ব্যক্তব্য ৰখা নাছিলোঁ । কেৱল বিপুলদাই অহোপুৰুষাৰ্থ কৰি জাঁজীমুখৰ চৰাই সমূহ সংৰক্ষণ কৰিব লাগে, এই কথাটো সভাক প্ৰতিয়মান কৰিবলৈ সক্ষম হৈছিল । অৱশেষত ৰাজহুৱা সভাই পক্ষী কুল তথা পৰিৱেশ সংৰক্ষণ ৰ বাবে কেতেকী ( পৰিৱেশ সংৰক্ষণ মঞ্চ) নামৰ অনুষ্ঠানটো ৰ বিপুল ভূঞা, মুখ্য উপদেষ্টা ,দুলাল কলিতা ,সভাপতি আমাক সম্পাদক হিচাবে লৈ গঠন কৰিলে ।
কেতেকী ৰ প্ৰতিষ্ঠাৰ পাছত হয়তো বিপুলদাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছিল আমাক পৰিৱেশ সম্পৰ্কে শিক্ষিত কৰি তোলাৰ। ৫১ জন সদস্যৰে গঠিত সমিতি খনত হয়তো নাছিল এজনো লক্ষ্য, উদ্দেশ্যে ৰ বিষয়ে জনা সদস্য । কেতেকী ৰ সকলো খৰচ নিজে বহন কৰাৰ উপৰিও চৰাই ৰ সম্পৰ্কে , পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় বহু বোৰ কিতাপ কিনি আনি নিয়মীয়াকৈ আমাৰ লগত আলোচনা কৰিছিল ।
কেতেকী ৰ জন্মৰ এমাহৰ পাছতেই মোক Bombay natural history society আৰু আৰণ্যক নামৰ দুটি অনুস্থানে আয়োজন কৰা এখনি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষন কাৰ্যসূচীত অংশগ্ৰহণ ৰ বাবে লৈ গৈছিল । পৰৱৰ্তী সময়চোৱাত বহুকেইখন এনে ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ যদিও এইখন আছিল মনত থাকিবলগীয়া। দিনটোত আমাক শিকোৱা বোৰ ৰাতি ৰাতিটো আমি দুয়োটাই পঢ়ো । সকলোৱে বিলাসী গাড়ী ব‌্যৱহাৰ কৰাৰ বাবে বিপুল দাই এখন বুলেট বন্দোবস্ত কৰি লৈছিল । মই বুলেটত উঠি ইংৰাজী কোৱাৰ আখৰা কৰো ।
যিহেতু ককিলামুখ ৰ পৰা বনাই পৰ্য্যন্ত বৃস্তিত আদ্ৰভুমি আৰু ইয়াৰ সম্পদ সমূহৰ সংৰক্ষণ কেতেকী ৰ এটি মূল লক্ষ আছিল , সেয়েহে আদ্ৰভুমি সমূহৰ পৰ্যবেক্ষণ আৰু জৰিপৰ বাবে আমি জলাশয় বিলাকত ঘুৰি ফুৰিছিলো । তাৰ জড়িয়তে বিপুল ‌দাই আমাক সংৰক্ষণ সম্পৰ্কীয় বিষয়বোৰ জনোৱাৰ সুযোগ পাইছিল । এবাৰ জিপছীখনত আমি দীঘলী বিললৈ গৈছিলো ।সেই সময়ত দীঘলী বিলত বৃহৎ সংখ্যক Stork জাতীয় এটা প্ৰজাতিৰ চৰাই বিচৰণ কৰি আছিল । সেই জাতীয় পক্ষীৰ ইমান ডাঙৰ জাক পৰৱৰ্তী সময়চোৱাত আমি কেতিয়াও লগ পোৱা নাই । তেতিয়া আমি বহু সময়লৈকে চৰাইজাককে চাই চাই অভিভূত হৈ পৰিছিলো । তেতিয়া বিপুল দাই কৈছিল যে, তেওঁ হেনো দুবিধ চৰাইহে চিনি পাই , বগাকৈ বগলী আৰু ক'লা কৈ কাউৰী । সেই বগাকৈ বগলী ৰ পৰাই চৰাই চিনাক্ত কৰাৰ যাত্ৰা আৰম্ভ হৈছিল। ইয়াৰ পাছতেই চৰাই চিনিব লৈ মোক প্ৰশান্ত শইকীয়াছাৰৰ ওচৰলৈ গুৱাহাটীলৈ লৈ গৈছিল । এতিয়া কেতেকী য়ে কেৱল বগাকৈ বগলীয়েই নহয় ,সমগ্ৰ ৰাজ্যখনত পোৱা বগলীৰ আন আন প্ৰজাতি সমূহো চিনি পাই । চামোচঠুটিয়া বগলীৰ উপস্থিতি জাঁজীমুখত প্ৰতিষ্ঠা কৰিছে ।
কেঁচুৱাক অভিভাৱকে আঙুলিত ধৰি থিয় কৰোৱা,নিজৰ ভৰিত নিজে থিয় হ'বলৈ শিকোৱা আমি সকলোৱে দেখিছোঁ। বিপুল ভূঞাদেৱে কেতেকী নামৰ অনুষ্ঠানটো জন্ম দি তুলি তালি ডাঙৰ-দীঘল কৰাৰ যান্ত্ৰনা মই স্ব -স্বক্ষুৱে দেখা পাইছিলো। যদিওবা সকলো সদস্য ব্যস্ততাৰ বাবেই বৰ্তমানেও সক্ৰিয়ভাৱে কেতেকী ত থাকিব পৰা নাই তথাপিও বিপুল দাক সকলোৱে আদৰ্শ সংগঠক, আদৰ্শ পৰিৱেশ সংৰক্ষণৰ গুৰু হিচাবে বিবেচনা কৰে । এবাৰ মিছামাৰী বিলত আকুহি বগ বিচাৰি আমি ককালৈকে মেটেকা- পানীত নামি কেইবাকিলোমিটাৰ ঘুৰিব লগা হৈছিল । কেইবা ঘন্টাৰ অন্তত যেটিয়া সকলোটি আহি পাৰত উপস্থিত হৈছিলোহি তেতিয়া গম পোৱা গ'ল যে,বিপুলদাৰ গাড়িৰ চাবিটো পৰি আহিছে । একপ্ৰকাৰৰ অসম্ভৱ যদিও সকলো সদস্যই মিছামাৰি বিলৰ সকলো মেটেকা ফালি হ'লেও গাড়ীৰ চাবি বিচাৰি উলিওৱাৰ সপত লৈ পুনৰ বিলত নামিছিল আৰু চাবি বিচাৰি উলিয়ায়হে এৰিছিল । সেই শ্ৰদ্ধা, ভক্তি,প্ৰেম এতিয়াও সকলো সদস্যৰ মাজত আছে । যোৱা বছৰৰ এদিন মই
বিপুল দা লৈ ফোন কৰিছিলো । বিপুলদাৰ স্বাস্থ্য সেইকেইদিন অতি বেয়া । কোনোবাই ফোন কৰিবলৈ মানা কৰাৰ পাছতো মোক কৈছিল যে,মোৰ স্বাস্থ্য অতিশয় বেয়া কি হ'ব ঠিক নাই । লগে লগে মই সদস্য সকলক গ্ৰুপটে বিষয়টো সকলোকে অৱগত কৰিলো । কিছু সময়ৰ ভিতৰতেই সকলোৰে সহাৰি আহিল ,,বিধতাৰ শৰণাগত হোৱাৰ সিদ্ধান্ত লোৱা হ'ল ।কাকজানৰ হাইদৰ আলিয়ে বুঢ়া মছজিদত দোৱা কৰিবৰ বাবে ততালিকে ঢাপলি মেলিলে । বিনয় ভক্লিনে বুকুদাঠি কলে যে , সেইজনৰ একো হ'ব নোৱাৰে যি জনে হাজাৰ হাজাৰ নিৰিহ প্ৰাণীৰ জীৱন ৰক্ষা কৰিছে , তাৰবাবে গীৰ্জাত বিশেষ প্ৰাৰ্থনা কৰা হ'ব । আমিও ঢেকীয়াখোৱা বৰ নামঘৰলৈ বুলি গৈ আচৰিত হলো যে , আমাৰ ভালেকেইখন সদস্য ইতিমধ্যেই আমালৈ বুলি অপেক্ষা কৰি ৰৈ আছে ।

কেতেকী ৰ পৰিৱেশ সংৰক্ষণ আন্দোলনটিত বহু বাৰ আমি এজন কৌশলী সংগঠক হিচাবে লগ পাইছিলো । তাৰে ভিতৰত , ২০০২ চনৰ পৰা ২০০৬ চন ৰলৈকে চৰাই সংৰক্ষণৰ এটা ডাঙৰ প্ৰত্যাহ্বান আছিল চোৰাং চিকাৰী । চোৰাং চিকাৰী বিলাক আছিল নগৰৰ কেইবাজনো উকিল , ছালফা, আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু স্থানীয় দুজনমান লগত নামি-বেনামি বন্দুক থকা ধুৰ্তং । অন্যহাতেদি আমিবোৰ হৈছো ,সততে বুঢ়া বুলি কৈ ভালপোৱা হিমেনদা, বুবুলি,মিন্টু ,অভিজিতৰ দৰে কেইটামান সৰু ল'ৰা আৰু আমাৰ দৰে কেইটামান ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ । যিমানেই আমি পক্ষী সংৰক্ষণৰ হকে আগবাঢ়ি যাও অন্যহাতেদি যুগ যুগান্তৰ ধৰি বনৰীয়া হাঁহৰ মাংসৰ যুটিৰ পৰা বঞ্চিত হোৱাৰ শংকাত চিকাৰী হঁতে সিমানেই চিৎকাৰ কৰি উঠে । পৰিস্থিতি সুবিধাজনক নেদেখি এদিন সন্ধ্যা বিপুল দা স্থানীয় দুলিৰাম কামান নামৰ চিকাৰী জনৰ ঘৰলৈ যোৱাৰ বাবে ওলাল ।প্ৰথম অৱস্থাত আমাৰ চিকাৰী জনৰ ঘৰলৈ যোৱাৰ আপত্তি আছিল যদিও বিপুল দা ৰ দৃহসিদ্ধান্তৰ বাবেই যাবলৈ ওলালো । সুজিত, পলাশ, দুলাল কলিতা , কৃষ্ণ পদ কলিতা, নৰেন শইকীয়া আদিক লৈ ব্ৰহ্মপুত্ৰৰ সুঁতি পাৰ হৈ চাপৰিৰ কামানৰ ঘৰ ওলালোগৈ । ঘৰৰ ভিতৰৰ বেৰত কেইবাটাও চিকাৰৰ বন্দুকৰ সৈতে কামান আৰু বিপুলদাৰ আলোচনা আৰম্ভ হল । আপংৰ ৰাগিত প্ৰথমে হৈ পৰিল বিপুল দা দুলিৰাম কামানৰ জোঁৱায়েক। সমন্ধীয় শহুৱেক জোঁৱায়েকৰ মাজৰ আলোচনা আগবঢ়াৰ লগে লগে এনে পৰ্যায় পালেগৈ যে , সেইদিনাৰপৰা দুলিৰাম কামান হৈ পৰিল এজন সাধাৰণ সদস্য আৰু তেওঁৰ বন্দুক কেইটা হ'ব কেতেকী ৰ অহংকাৰ । দুলিৰাম কামান ৰ পৰিয়ালৰ লগত মোৰ পৰিয়ালৰ সম্পৰ্ক খুবেই ভাল আছিল যদিও সেইদিনা কিন্তু কেৱল শহুৰেক জোঁৱায়েক ৰ কথাহে মিলিছিল ।অৱশ্যে কামানে তেতিয়াৰ পৰা চিকাৰী মনোবৃত্তি ত্যাগ কৰাটো পক্ষী সংৰক্ষণৰ এটা ডাঙৰ সফলতা । সেই দিনা বহু ৰাতি হ'ল , নদীত ইতিমধ্যেই প্ৰকোপ ঢল আহিল । আমি পাৰ হৈ অহা নাওখন কোনোবাই উটাই দিলে । অৱশেষত অদ্ভুত নামৰ লোকজনক অকণমান মৰম কৰাত সাতুৰি নদী পাৰ হৈ ,নাও লৈ গলহি।
স্পষ্টবাদিতা আৰু বিপদজনক অৱস্থাত সাৱধান তাৰ কেনেদৰে লোৱা উচিত সেইটো আমি বিপুল দাৰ পৰা শিকিছিলো। এবাৰ ৰিজু শইকীয়া ই আমাক জনালে যে , হাঁহচ'ৰাৰ মানুহ এঘৰত কেইবাটাও ফেটি সাপ আৱদ্ধ হৈ আছে । পাৰিলে উদ্ধাৰ কৰিব লাগে । আমি কিছুসময়ৰ ভিতৰতে সাপকেইটাৰ ওচৰ পালোগৈ । খবৰ পাই বিপুল দাও সেই ঠাইত ওলালগৈ ।এটা সৰু কুঁৱাট এগালমান সাপে কালিয় দমনৰ সাপৰ দৰেই জলকেলি কৰি আছে । সাপ লৈ ভয় কৰাৰ বাবে বিপুলদা আৰু দুলালদা পঞ্চাশ ফুট মান আঁতৰত গাড়ীখনতে ৰৈ থাকিল ।দিগন্ত আৰু অভিজিতক লৈ মই সাপ ধৰিবলৈ সামান্য সুবিধাখিনিৰে কিছু অনুশীলন কৰি লৈছো । মই ধৰিম আৰু ইহঁত দুটাৰ হাতত থকা নেটৰ বেগত ভৰাম । তেনেতে দুলালদা খৰখেদাকৈ আহি আমাক ক'লে যে, বিপুল দাই আমাক গাড়ীৰ কাষলৈ মাতিছে । আমি বিপুলদাৰ কাষত পোৱাত মোক কলে যে , তোমালোকে এতিয়া সাপ ধৰিবাই । মই বোলো ধৰিম । তেতিয়া আমাক ক'লে যে , সেইবাবেই তোমালোকে মাতি আনিছো ।আজিৰ পৰা তোমালোকৰ যিকোনো এটাক হয়টো দেখা নাপাম । অৱশ্যে সেইদিনা সুকলমে সাপ ধৰা হ'ল । পৰৱৰ্তী সময়বোৰত শতাধিক সাপ আমি উদ্ধাৰ কৰিছো আৰু প্ৰতিবাৰেই সেই কথাষাৰ মনত পেলাইছো , যে এইটো এটা অতি বিপদজনক কাম ।

আমাৰ গড়খাৱৈপাৰত এটা কাঠৰ কাৰ্যালয় আছিল যদিও টীয়কৰ কলিতাদাৰ হোটেলখন আছিল মুল কাৰ্যালয়। বিপুল দা টীয়ক পোৱাৰ পাছতেই আমাৰ টীয়কৰ কাৰ্যালয় সক্ৰিয় হৈ উঠিছিল। অৱশ্যে সেই সময়ত আমাৰ হাতত ম'বাইল নথকাৰ বাবে কাৰ্যালয়ৰ কাষৰ সঞ্জীৱ বৰুৱা ( দিপ দা) পি চি অৰ পৰা মিচকল দি প্ৰতিদিনেই আমি পৰামৰ্শ লৈছিলো। জাঁজী মুখৰ পৰা চাইকেলেৰে টীয়কৰ ফোন কৰাটো কিছুদিনলৈকে মোৰ নিয়মীয়া কাম হৈ পৰিছিল।
উপদেষ্টা সকলৰ সৈতে সঘনাই সভা সমিতি পাতি অনুস্থানটিক সক্ৰিয় কৰি ৰখাৰ এক প্ৰচেষ্টা বিপুলদাই অব্যাহত ৰাখিছিল। ড°প্ৰবিণ কুমাৰ নেওগ, প্ৰশান্ত কুমাৰ দাস, হিমেন ভট্টাচাৰ্য্য, দন্দেশ্বৰ দত্ত , অনন্ত তামুলি ,নৰেন শইকীয়া আদি উপদেষ্টা সকলৰ সুবিধাজনক দিন এটাত মিছা মাৰি বিলত ভোজ ভাতৰ আয়োজন কৰা হয়। কছুৱে- মছুৱে মাছ , পাতি হাঁহে কোমোৰাই , আমাৰ আছিল কমন ৰেচিপি । চাৰিওফালে বনৰীয়া হাঁহৰ কলকলনীৰ মাজত তাহাঁতৰেই সংৰক্ষণৰ সভা ।
পৰিৱেশ সংৰক্ষণৰ দৰে নিৰস কথাবোৰ শুনা মানুহৰ বৰ অভাৱ। বিপুল দাই অতি পৰিশ্ৰম কৰি আয়োজন কৰা টীয়ক হাইস্কুলৰ ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্ৰ আৰু গড়খাৱৈ পাৰত বিজয় কৃষ্ণ সন্দিকৈ দেৱক আমন্ত্ৰণ জনোৱা সভাত উপস্থিতি আছিল সীমিত। অন্যহাতেদি প্ৰতি বছৰে এশ খন বিদ্যালয়ত সচেতনতা সভা অনুষ্ঠিত কৰা আৰু সমগ্ৰ অঞ্চলটো মটৰচাইকেল শোভাযাত্ৰা ৰ জড়িয়তে সজাগতা সৃষ্টি কৰা অতিকৈ সফল কাৰ্যসুচী।
সদৌ শেষত বিপুলদাই আমাক নিজৰ আদৰ্শত বিশ্বাস ৰাখি , কোনো ধৰণৰ চৰকাৰী,বে-চৰকাৰী ধনলৈ আশা নকৰাকৈয়ো কেৱল সদস্য সকলৰ বৰঙণি য়েও কেনেদৰে অনুস্থান পৰিচালনা কৰিব পৰা যায় তাকে শিকালে ।আমি কেতেকী ৰ পৰিয়ালৰ তৰফৰ পৰা পৰিৱেশ সংৰক্ষণ ৰ এই অভিযানত তেখেতৰ জীৱনকালৰ এই সাধনা এশ শতাংশ ই সফল হিচাবে বিবেচনা কৰিছো আৰু প্ৰত্যেক জন সদস্য ই আমাৰ অহংকাৰ হিচাবে শিৰ পাতি লৈছো । তেখেতৰ সু- স্বাস্থ্য আৰু দীৰ্ঘ আয়ু কামনা কৰিলো।

Address

Chiranjib713@gmail. Com/anantadutta1976@gmail. Com
Jorhat
785112

Telephone

+919613108055

Website

Alerts

Be the first to know and let us send you an email when KETEKEE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to KETEKEE:

Share