11/09/2024
প্ৰতিবেদন
চিকিৎসা সেৱা
গৰুমৰা আঞ্চলিক সমিতি
WARIORS যোৰহাট জিলা
Wariors: মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ,অসম
তাৰিখ:- ০২/০৯/২০২৪
গৰুমৰা আঞ্চলৰ এগৰাকী নিথৰুৱা অকলশৰীয়া মহিলা। আনৰ ঘৰৰ অন্ন বস্ত্ৰৰে জীয়াই থকাৰ যুজঁখন চলাই আছিল অকলশৰীয়া মহিলক গৰাকীয়ে। আজি ১০ বছৰে চলাই আছে অতি কষ্টৰে। কিন্তু ইমানতে মহিলা গৰাকীৰ শৰীৰত এক ৰোগৰ প্ৰভাৱে তেনে সাধাৰণ ভাবে চলি ঠিক জীৱনটো দুজীৱন হৈ পৰিল।
০১/০৯/২৪ তাৰিখে মহিলা গৰাকীৰ এনে সমস্যাৰ কথা জানিব পাৰি গৰুমৰা আঞ্চলিক সমিতিয়ে সকলো ঘটনাৰ বুজ লবলৈ যায়।
এই সকলো কথা গৰুমৰা আঞ্চলিক সমিতিয়ে জিলা সম্পাদকৰ লগত আলোচনা কৰে। গৰুমৰা আঞ্চলিকে জনাই যে অকল ঘটনাৰ বুজ লোৱাৰ ওপৰিও মহিলক গৰাকীক চিকিৎসাৰ জৰিয়তে সুস্থ কৰি তোলাৰ আগ্ৰহ প্ৰকাশ কৰে। জিলা সম্পাদকে এই ক্ষেত্ৰত পূৰ্ণ সহাৰি আৰু সহযোগিতা জনাই। তাৰ পাছতে মহিলা গৰাকীৰ চিকিৎসাৰ বাবে ০২/০৯/২৪ তাৰিখে গৰুমৰাৰ আঞ্চলিকৰ সভানেত্ৰী দেৱশ্ৰী বৰা, বিত্ত সম্পাদিকা দুলুমণি বৰা আৰু সক্ৰিয় সদস্য অংকুৰ বৰা মহিলা গৰাকীক লগত লৈ চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়। যোৰহাট সদৰ অঞ্চলিকৰ জনসংযোগ সম্পাদিকা কবিতা শৰ্মা যিহেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰে চিকিৎসাকৰ্মী গতিকে জিলা সম্পাদকে তেখেতক এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনায়। যোৰহাট জিলাৰ এই তিনি গৰাকী সদস্যাৰ সহায়ত আজি মহিলা গৰাকীক চিকিৎসাৰ প্ৰথম পৰ্যায় আৰম্ভণি কৰে।
এই ক্ষেত্ৰত এক প্ৰত্যাহ্বান আহি পৰে যে মহিলা গৰাকীৰ আঁঠুৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। কিন্তু সমস্যা হল অস্ত্ৰোপচাৰ কৰাৰ পাছত মহিলা গৰাকীৰ লগত দিনে ৰাতিয়ে থাকিব লগীয়া, দিনটোত বহুবাৰ দীঘলীয়া শাৰী পাতি আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা প্ৰদান কৰাবলৈ মানুহৰ অভাৱ। গতিকে মানুহ এজন ঠিক নোহোৱালৈকে ঔষধৰ জৰিয়তে চিকিৎসাৰ আৰম্ভনি কৰাৰ সিদ্ধান্ত লয় গৰুমৰা আঞ্চলিকে।
মহিলা গৰাকী অকলশৰীয়া হোৱাৰ হেতুকে নিতৌ দুপৰীয়া আৰু ৰাতি আঞ্চলিকৰ সদস্যা সকলে পাল পাতি সময় মতে ঔষধ খোৱাৰ দায়িত্ব পালন কৰি আহিছে। কিছু কাপোৰ আৰু এটা আঠুৱাও যোগান ধৰা হয় অঞ্চলতৰ তৰফৰ পৰা।
সভানেত্ৰী/ সম্পাদক
গৰুমৰা আঞ্চলিক