Prayas NGO

Prayas NGO Prayas is a N.G.O. established in the year 2009 at Jorhat. www.prayasassam.org

14/04/2025
14/07/2024
১৪ জুলাই ২০২৪ঃ  স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস আৰু মৈত্ৰীৰ বান সাহাৰ্য প্ৰদান -আজি বানাক্ৰান্ত অঞ্চল হাতীগড় মৌজাৰ বালিচাপৰ...
14/07/2024

১৪ জুলাই ২০২৪ঃ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস আৰু মৈত্ৰীৰ বান সাহাৰ্য প্ৰদান
-আজি বানাক্ৰান্ত অঞ্চল হাতীগড় মৌজাৰ বালিচাপৰি বাৰপাইক গাঁৱৰ প্ৰায় ত্ৰিশটা পৰিয়ালক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস আৰু মৈত্ৰীৰ যৌথ উদ্যোগত বান সাহাৰ্য প্ৰদান কৰা হয় । সমাজকৰ্মী জগন্নাথ অগ্নি বৰাৰ পদক্ষেপত প্ৰয়াসৰ সভাপতি অমৰ জ্যোতি বৰঠাকুৰ, সঞ্চালক ৰাজীৱ কুমাৰ দত্ত, অভিজিত বৰঠাকুৰ, হিমানীশ বৰুৱা, মৈত্ৰীৰ সম্পাদক নৰেণ চন্দ্ৰ বৰা, ৰাতুল ৰাজকুমাৰ, শ্যামলীমা ভূঞা , জিণামণী গগৈ য়ে খাদ্য সামগ্ৰীৰ লগতে চাবোন , মম, ধুপ আৰু নতুন বস্ত্ৰ, চেন্দেল আদি প্ৰদান কৰি বানাক্ৰান্ত ৰাইজৰ দুখৰ সমভাগী হয়। স্থানীয় সমাজকৰ্মী দুৰ্লভ চেতিয়া , গ্ৰাম প্ৰধান লীলা গগৈয়ে পূৰ্ণ সহযোগ কৰাৰ লগতে বান সাহাৰ্য লাভ কৰা সকলৰ উপৰিও উপস্থিত ৰাইজে এনে কাৰ্য্যৰ বাবে ধন্যবাদ আৰু প্ৰশংসা জ্ঞাপন কৰে ।

স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ অধীনত  যোৰহাটৰ বালিগাওঁ ন-পমুৱা অসমী কলা কৃষ্টি সংঘত নৃত্যলক্ষী একাডেমীৰ ...
22/05/2024

স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ অধীনত যোৰহাটৰ বালিগাওঁ ন-পমুৱা অসমী কলা কৃষ্টি সংঘত নৃত্যলক্ষী একাডেমীৰ উদ্যোগত ১৯ মে'ত এটা চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰতো উদ্বোধন কৰে সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে। যুৱ সমাজকৰ্মী বিজয় শংকৰ বৰদলৈ, ৰিতুল পাঠক, প্ৰয়াসৰ উপ সভাপতি নৰেন চন্দ্ৰ বৰা শিবিৰত উপস্থিত থাকে।শিবিৰত চকুৰ বিভিন্ন ৰোগৰ সজাগতা আৰু পৰীক্ষা কৰা হয়। শতাধিক স্থানীয় ৰাইজে চকু পৰীক্ষা শিবিৰত সেৱা গ্ৰহণ কৰে। শিবিৰত অপটম প্ৰাংকু চাকমা, প্ৰয়াসৰ প্ৰকল্প সমন্বয়ক অভিজিত বৰঠাকুৰ , বিদ্যুৎ বিকাশ শইকীয়া, প্ৰনামী বৰবৰা,অৰুণ দত্ত, ৰূপজ্যোতি বৰা আদিয়ে সেৱা আগবঢ়ায়।

স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ অধীনত উত্তৰ পূব যোৰহাটৰ বাঘমৰাৰ সৰ্বোদয় সংঘৰ উদ্যোগত  ১২ মে'ত এটা চকু পৰ...
15/05/2024

স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ অধীনত উত্তৰ পূব যোৰহাটৰ বাঘমৰাৰ সৰ্বোদয় সংঘৰ উদ্যোগত ১২ মে'ত এটা চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰতো উদ্বোধন কৰে প্ৰয়াসৰ উপদেষ্টা জগন্নাথ অগ্নি বৰায়ে। শিবিৰত চকুৰ বিভিন্ন ৰোগৰ সজাগতা আৰু পৰীক্ষা কৰা হয়। শতাধিক স্থানীয় ৰাইজে চকু পৰীক্ষা শিবিৰত সেৱা গ্ৰহণ কৰে। শিবিৰত অপটম প্ৰাংকু চাকমা, প্ৰয়াসৰ প্ৰকল্প সমন্বয়ক অভিজিত বৰঠাকুৰ , গ্ৰাম প্ৰধান নৱজ্যোতি বৰা, সংঘৰ সভাপতি কিৰণ বৰা, সম্পাদক মণি দত্ত আদিয়ে সেৱা আগবঢ়ায়।

স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ অধীনত  পশ্চিম যোৰহাটৰ ৪৬ নং চাৰিঙীয়া VOCC ৰ উদ্যোগত  ৭ এপ্ৰিলত বৰহুজ গাঁ...
08/04/2024

স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াসৰ দৃষ্টি প্ৰকল্পৰ অধীনত পশ্চিম যোৰহাটৰ ৪৬ নং চাৰিঙীয়া VOCC ৰ উদ্যোগত ৭ এপ্ৰিলত বৰহুজ গাঁৱত এটা চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত চকুৰ বিভিন্ন ৰোগৰ সজাগতা আৰু পৰীক্ষা কৰা হয়। শতাধিক স্থানীয় ৰাইজে চকু পৰীক্ষা শিবিৰত সেৱা গ্ৰহণ কৰে। শিবিৰত অপটম হিমানীশ বৰুৱা,প্ৰয়াসৰ প্ৰকল্প সমন্বয়ক অভিজিত বৰঠাকুৰ, মিনু কুমাৰী বৰা আদিয়ে সেৱা আগবঢ়ায়।

Address

Jorhat
785001

Alerts

Be the first to know and let us send you an email when Prayas NGO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Prayas NGO:

Share