প্ৰাপ্তি- The Foundation

প্ৰাপ্তি- The Foundation একেলগে দহৰ বাবে

যোৰহাট তথা অসমৰ আগশাৰীৰ সামাজিক - সাংস্কৃতিক অনুষ্ঠান কৃষ্টিৰ কঠীয়াৰ ষষ্ঠ বৰ্ষৰ লোকনৃত্য কৰ্মশালা ' বহাগে ৰিঙিয়াই ২০২৫ ...
16/04/2025

যোৰহাট তথা অসমৰ আগশাৰীৰ সামাজিক - সাংস্কৃতিক অনুষ্ঠান কৃষ্টিৰ কঠীয়াৰ ষষ্ঠ বৰ্ষৰ লোকনৃত্য কৰ্মশালা ' বহাগে ৰিঙিয়াই ২০২৫ ' ৰ সামৰণি অনুষ্ঠান লৈ ' প্ৰাপ্তি - The Foundation ' ৰ সভাপতি হিচাবে আমাক নিমন্ত্ৰণ জনাই আমাৰ অনুষ্ঠানটোক সন্মান জনোৱাৰ বাবে কৃষ্টিৰ কঠীয়াক জনালোঁ আমাৰ আন্তৰিক শুভ কামনা আৰু শ্ৰদ্ধা।

যোৰহাটৰ ঐতিহ্যমণ্ডিত জোনাকী সংঘ বিদ্যালয়ৰ পৰা এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পশ্চিম যোৰহাট চাৰিঙীয়া গা...
12/04/2025

যোৰহাটৰ ঐতিহ্যমণ্ডিত জোনাকী সংঘ বিদ্যালয়ৰ পৰা এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পশ্চিম যোৰহাট চাৰিঙীয়া গাঁৱৰ শ্ৰী দীক্ষিতা বৰাই ৬ টা বিষয়ত লেটাৰ নম্বৰেৰে ডিষ্টিংচন লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইয়াৰোপৰি তেওঁ অসমীয়া বিষয়ত ১০০ নম্বৰ লাভ কৰি আন এক কৃতিত্ব অৰ্জন কৰে। এই আপাহতে ' প্ৰাপ্তি ' - The Foundation ৰ তৰফৰ পৰা অসমীয়াৰ এখনি স্বাভিমানি গামোচাৰে দীক্ষিতাক অভিনন্দন জ্ঞাপন কৰি তাইৰ অনাগত শিক্ষা জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰো।

প্ৰাপ্তি - The Foundation ৰ আজি দুবছৰীয়া বৰ্ষপূৰ্তি..আমাৰ স্বাভিমান বুকুত বান্ধি সৃষ্টিৰ পথাৰ খনত আমি মাথোঁ এখোজ দোখোজক...
29/01/2025

প্ৰাপ্তি - The Foundation ৰ আজি দুবছৰীয়া বৰ্ষপূৰ্তি..আমাৰ স্বাভিমান বুকুত বান্ধি সৃষ্টিৰ পথাৰ খনত আমি মাথোঁ এখোজ দোখোজকৈ আগুৱাইছো..লক্ষ্য আমাৰ বহু দূৰত..এইখিনিলৈকে আপোনালোকে আগবঢ়োৱা মৰম- উৎসাহবোৰ আমাৰ বাবে সদায় কৰ্মময় জীৱনৰ পাথেয় হৈ ৰ'ৱ। অনাগত দিনবোৰত আপোনালোকৰ একেই মৰম, আৰ্শীবাদ আৰু সহাঁৰি কামনা কৰিলোঁ।

আহক সৃষ্টিশীল কৰ্মৰে আমি হাতে হাত ধৰি আগবাঢ়ো।

Wishing you all a Very Happy and Blessed New Year 2025💐
01/01/2025

Wishing you all a Very Happy and Blessed New Year 2025💐

'প্ৰাপ্তি ' - The Foundation ৰ সভাপতি শ্ৰী প্ৰাঞ্জল প্ৰতীম বৰা আৰু সাধাৰণ সম্পাদক ড ০ সুদীপ্ত নয়ন ভৰদ্বাজে অসম চৰকাৰৰ  ...
02/12/2024

'প্ৰাপ্তি ' - The Foundation ৰ সভাপতি শ্ৰী প্ৰাঞ্জল প্ৰতীম বৰা আৰু সাধাৰণ সম্পাদক ড ০ সুদীপ্ত নয়ন ভৰদ্বাজে অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটা ডাঙৰীয়াক সাক্ষাৎ কৰি অনুষ্ঠানটোৱে বৰ্তমান গ্ৰাম্য অঞ্চলৰ মহিলা সকলক অৰ্থনৈতিক দিশত সবলীকৰণ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ সমূহৰ কথা অৱগত কৰে। মুখ্য সচিব গৰাকীয়ে 'প্ৰাপ্তি ' য়ে গ্ৰহণ কৰা এনে পদক্ষেপ সমূহৰ শলাগ লোৱাৰ লগতে অনুষ্ঠানটোক অশেষ ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক দিনত ' প্ৰাপ্তি ' ক চৰকাৰৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। এই আলোচনাৰ অন্তত 'প্ৰাপ্তি' ৰ বয়ন শিল্পৰ ক্ষুদ্ৰ উদ্যোগ শালগৃহত অসমৰ স্বাভীমানি গামোচাত খোদিত একোখনকৈ ' অসমৰ জাতীয় সংগীত ' আৰু ' ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ' মুখ্য সচিব গৰাকীৰ চৰকাৰী কাৰ্যালয়ৰ শোভাবৰ্ধনৰ উদ্দেশ্যে আগবঢ়োৱা হয়।

'প্ৰাপ্তি ' The Foundation ৰ তাঁতশালত বৰ্তমান বৈ থকা হৈছে ধৰ্মীয় অনুষ্ঠান,বিহু আদি উৎসৱ পাৰ্বনত ব্যৱহৃত 'ৰিহা'।প্ৰয়োজন ...
26/11/2024

'প্ৰাপ্তি ' The Foundation ৰ তাঁতশালত বৰ্তমান বৈ থকা হৈছে ধৰ্মীয় অনুষ্ঠান,বিহু আদি উৎসৱ পাৰ্বনত ব্যৱহৃত 'ৰিহা'।

প্ৰয়োজন হলে 9613002482 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

সকলোলৈকে "প্ৰাপ্তি  The Foundation" ৰ তৰফৰ পৰা ধন আৰু ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীদেৱীৰ পূজাৰ আন্তৰিক শুভেচ্...
16/10/2024

সকলোলৈকে "প্ৰাপ্তি The Foundation" ৰ তৰফৰ পৰা ধন আৰু ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীদেৱীৰ পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

On this auspicious occasion of Lakshmi Puja, May your life be filled with Joy and immense happiness. Happy Lakshmi Puja!

10/10/2024
শুভ মহাষষ্ঠী💐 Wishing you and your family a Happy Durga Puja. May Maa Durga always shower Happiness, Peace and Prosperit...
09/10/2024

শুভ মহাষষ্ঠী💐

Wishing you and your family a Happy Durga Puja. May Maa Durga always shower Happiness, Peace and Prosperity in your life.



Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when প্ৰাপ্তি- The Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share