18/05/2024
আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাকজান নতুন বনগাঁও যুৱক সংঘ আৰু স্বেচ্ছাসেৱী সংগঠন পৰিবৰ্তনৰ উদ্যোগত কাকজানবাসী ৰাইজৰ সহযোগত 2024বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কাকজান অঞ্চলৰ 250 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়৷ আজিৰ অনুষ্ঠানত সভাপতিত্ব কৰে নৱগঠিত টীয়ক সমষ্টিৰ যুৱনেতা তথা সমাজকৰ্মী ঈশ্বৰ প্ৰশন্ন বৰদলৈ ডাঙৰীয়াই।অনুষ্ঠানত আঁত ধৰে অসম বিশ্ব বিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ গৱেষক ভাতৃপ্ৰতিম অসীম কুমাৰ হাজৰিকাই৷ সভাত উপস্থিত থাকে কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° অনিল শইকীয়া চাৰ, কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক মঃ তুফেল জিলানী চাৰ, কাকজান ঈদগাহ ৰ সভাপতি মৌলানা মোচ্ছাদিক হুছেইন দেৱ, কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত ৰবীন বৰা চাৰ, কাকজান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধক্ষ্য শ্ৰীযুত ভূপেন ৰাজকোঁৱৰ চাৰ, আৰোহন একাডেমিৰ অধ্যক্ষ শ্ৰীযুত জিতেন প্ৰসাদ বৰা চাৰ, যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি শ্ৰীযুত ৰাম প্ৰসাদ ফুকন দেৱ, টিয়ক প্ৰেছ ক্লাৱ ৰ সম্পাদক শ্ৰীযুত দিগন্ত হাজৰিকা দেৱ, জৱাহৰলাল নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত বলিন বৰুৱা চাৰ আৰু ঢ়েকীয়াখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত নৃত্যৰঞ্জন বৰা চাৰ কাকজান ক্ৰীড়া সন্থাৰ সম্পাদক ৰূপক ৰঞ্জন শইকীয়া সমাজকৰ্মী ভাস্কৰ ভূঞা ডাঙৰীয়া সাংবাদিক মানৱজ্যোতি বৰদলৈ অভিজিত খটিয়া বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি পৰিৱৰ্তন আৰু যুৱ সংঘৰ সকলো সদস্য সদস্যা উপস্থিত থাকে।
https://www.facebook.com/100086977943221/posts/407032788872649/?mibextid=bgAApDAIfEsnpeLk