ABVP Howly Unit

ABVP Howly Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Howly Unit, Youth Organization, Howli.

26/09/2026
আজি ২৩/০৯/২০২৬ তাৰিখ বুধবাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বি. এইচ্. মহাবিদ্যালয় শাখাৰ ২০২৬-২৭ বৰ্ষৰ শাখা গঠন কৰা হয়।  ...
23/09/2026

আজি ২৩/০৯/২০২৬ তাৰিখ বুধবাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বি. এইচ্. মহাবিদ্যালয় শাখাৰ ২০২৬-২৭ বৰ্ষৰ শাখা গঠন কৰা হয়।
জিলা সাংগঠনিক সম্পাদক সায়ন দেব জিলা সংযোজক বেদিত দাস, ৰাজ্যিক কাৰ্য সমিতিৰ সদস্য ৰাণা চোধুৰী, হাউলী শাখাৰ সম্পাদক অমিত ঘোষ আৰু বৰপেটা ৰোড শাখাৰ সম্পাদক আকাশ সিং ৰ নেতৃত্বত নতুন শাখা গঠন কৰা হয়।

নৱদায়িত্ব প্ৰাপ্তসভাপতি অনিশ ৰাজবংশী আৰু সম্পাদিকা চয়নিকা তালুকদাৰ।
উক্ত শাখা গঠন অনুষ্ঠানটিত প্ৰায় দুই শতাধিক বিদ্যাৰ্থী উপস্থিত থাকে।


ABVP BH College
ABVP Barpeta District

19/09/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হাউলী শাখাৰ উদ্যোগত মহান শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি "জুবিন দিবস" পালন কৰা হয়।



ABVP Assam
ABVP Barpeta District

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হাউলী শাখাৰ উদ্যোগত মহান শিল্পী জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ...
19/09/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হাউলী শাখাৰ উদ্যোগত মহান শিল্পী জুবিন গাৰ্গৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। আপোনাৰ সুৰ বাজি থাকিব… আমাৰ হৃদয়ত চিৰদিন।


ABVP Barpeta District
ABVP Assam
ABVP Howly Unit

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আন্তৰিক আমন্ত্ৰণ  জুবিন দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাউলী শাখাৰ উদ্যোগত এক শ্ৰদ্ধ...
19/09/2026

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আন্তৰিক আমন্ত্ৰণ

জুবিন দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাউলী শাখাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল—তেওঁ আছিল অসমৰ মাটি আৰু মানুহৰ হৃদয়ৰ কণ্ঠ। তেওঁৰ সুৰ, সৃষ্টি আৰু মানৱতাবাদী চিন্তাধাৰাক সশ্ৰদ্ধে স্মৰণ কৰি এই অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।
আহক, একেলগে বন্তি জ্বলাই মহান শিল্পীগৰাকীৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। 🌸

স্থান: হাউলী পাৰ্ক
সময়: বিয়লি ৪:৩০ বজাত
তাৰিখ: ১৯ ছেপ্টেম্বৰ

28/08/2026



ভাৰতীয় সংস্কৃতিৰ উৎসৱ 'ৰ‍াখী বন্ধন' ভালপোৱা, ভাতৃত্ব আৰু পৰিয়ালিক বন্ধনৰ এক গুৰুত্বপূর্ণ প্ৰতীক হিচাপে লৈ হাউলীত স্থিত...
28/08/2026

ভাৰতীয় সংস্কৃতিৰ উৎসৱ 'ৰ‍াখী বন্ধন' ভালপোৱা, ভাতৃত্ব আৰু পৰিয়ালিক বন্ধনৰ এক গুৰুত্বপূর্ণ প্ৰতীক হিচাপে লৈ হাউলীত স্থিত দশম CRPF কেম্পত আৰু হাউলী আৰক্ষী থানাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) হাউলী শাখাৰ সদস্য সকলে ৰাখী বান্ধি এই উৎসৱটি উদযাপন কৰে ।


আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হাউলী শাখাৰ উদ্যোগত দেশৰ ৮০ সংখ্যাক  স্বাধীনতা দিৱস উপলক্ষে  ৰাষ্ট্ৰীয় সংগীত পৰিবেশন...
15/08/2026

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হাউলী শাখাৰ উদ্যোগত দেশৰ ৮০ সংখ্যাক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

নমস্কাৰ সকলোকে, বিগত বৰ্ষ সমুহৰ দৰে এই বছৰো, অহা কালি ১৫ আগষ্ট, ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কাৰ্যসূচী...
14/08/2026

নমস্কাৰ সকলোকে,
বিগত বৰ্ষ সমুহৰ দৰে এই বছৰো, অহা কালি ১৫ আগষ্ট, ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপলক্ষে *সকলোকে ৰাতিপুৱা ৭:০০ বজাত হাউলী ৰাস মন্দিৰৰ সন্মুখত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।*

স্হান- হাউলী ৰাস মন্দিৰ।
সময়- ৰাতিপুৱা ০৭:০০ বজা।

ধন্যবাদ,

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, হাউলী শাখা।
অমিত ঘোষ
(সম্পাদক)



Address

Howli
781316

Alerts

Be the first to know and let us send you an email when ABVP Howly Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share