19/11/2024
আনফৰ_চুপাৰ_৫০
মানৱ সম্পদ নিৰ্মাণৰ ক্ষেত্ৰত অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবে শৈক্ষিক ক্ষেত্ৰতো লৈছে এক আশা ব্যঞ্জক পদক্ষেপ। বৰ্তমানৰ প্ৰতিযোগিতামুলক সময়ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্ভাৱনাময় জীৱন নিৰ্মাণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলক NEET আৰু JEEৰ কুচিংৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এনেধৰণৰ আৰু বহুতো ইনষ্টিটিউট অসমত আছে যদিও আনফৰ চুপাৰ -৫০য়ে ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বদিশত যেনেকৈ সুবিধা দিছে আন কোনো ইনষ্টিটিউটে দিয়া অন্ততঃ আমাৰ দৃষ্টি গোচৰ হোৱা নাই। আমি দেখা পোৱা মতে ছাত্ৰ-ছাত্ৰী সকলৰ সমান্তৰালকৈ অভিভাৱক সকলকো আনফৰ চুপাৰ -৫০ৰ পৰিচালক সকলে যথেষ্ট সন্মান আৰু মৰ্যদা প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰী সকলৰ থকা মেলাৰ বাবে উন্নতমানৰ হোষ্টেল ব্যৱস্থা, খোৱাৰ খাদ্যৰ বাবে উন্নতমানৰ আহাৰ তথা যাতায়ত আদি সকলোতেই তেওঁলোকে অতি সুন্দৰ আৰু ভাল ব্যৱস্থা কৰি ৰাখিছে। উচ্চ মান বিশিষ্ট অধ্যাপক , অধ্যাপিকা নিযুক্তি শিক্ষা দিয়া হৈছে। সমগ্ৰ দেশৰ শৈক্ষিক ক্ষেত্ৰৰ লগত ফেৰ মাৰি আগবাঢ়ি যাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। আশা ৰাখিছোঁ অতি কমদিনৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰত আনফৰ চুপাৰ -৫০য়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। যিকিনহওক, শৈক্ষিক ক্ষেত্ৰত এক যোগাত্মক পদক্ষেপ আগবঢ়োৱাৰ বাবে আনফৰ পৰিয়াল বিশেষকৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাবৰ মহৎ প্ৰচেষ্টাৰ শলাগ লৈছোঁ। লগতে উক্ত ইনষ্টিটিউটৰ ডাইৰেক্টৰ জোনাব ফিৰোজ আহমদ লস্কৰ চাহাব , পৰিচালনাৰ দায়িত্বত থকা ছাইদুল বাৰী চাহাবকে আদি কৰি প্ৰতিজন সন্মানীয় বিষয়ববীয়া, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকললৈ অভিভাৱক সকলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা, অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
শেষত উক্ত ইনষ্টিটিউট খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মহান আল্লাহৰ ওচৰত দুৱা কৰিছোঁ। আল্লাহ তা'লাই উক্ত ইনষ্টিটিউটখন সমগ্ৰ দেশৰ ভিতৰত শীৰ্ষস্থানত অধিষ্ঠিত কৰক আমীন।
আল কাদিৰ মেমৰিয়েল ফাউণ্ডেশ্যন
Moulana Mushtaque Anfar Abdullah Al Quadir