Markazul Ma'arif মৰ্কজুল মা’আৰিফ

  • Home
  • India
  • Hojai
  • Markazul Ma'arif মৰ্কজুল মা’আৰিফ

Markazul Ma'arif মৰ্কজুল মা’আৰিফ Markazul Ma'arif is the largest humanitarian NGO in Northeast India working since 1982

কাইলৈ দেশ কিদৰে পৰিচালিত হ'ব, সেইকথা নিৰ্ভৰ কৰিব আজি শ্ৰেণীকোঠাত আমি কিদৰে গঢ় দিছো আজিৰ প্ৰজন্মক, তাৰ ওপৰত। মৰ্কজ একাডে...
14/09/2026

কাইলৈ দেশ কিদৰে পৰিচালিত হ'ব, সেইকথা নিৰ্ভৰ কৰিব আজি শ্ৰেণীকোঠাত আমি কিদৰে গঢ় দিছো আজিৰ প্ৰজন্মক, তাৰ ওপৰত।
মৰ্কজ একাডেমীৰ শিক্ষকসকলক উদ্দেশ্যি মৌলানা পাৱৰেজ আলম কাছিমীৰ বক্তব্য

12/09/2026

মৌলানা বদৰুদ্দিন আজমল চাহাবৰ পৰামৰ্শক্ৰমে মৰ্কজুল মা'আৰিফ আৰু আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহত একোটাকৈ নৈতিক শিক্ষা বিভাগ আছে। আধুনিক শিক্ষাৰ লগতে নৈতিক শিক্ষাৰ দিশতো শিক্ষাৰ্থীসকল যাতে পিছপৰি নাথাকে এই বিভাগটোৱে তাৰ প্ৰতি গুৰুত্ব দি আহিছে। শেহতীয়াকৈ এই বিভাগটোৱে আয়োজন কৰা দহদিনীয়া প্ৰশিক্ষণ শিবিৰৰ কালি সামৰণি পৰিছে। এই সন্দৰ্ভত মৰ্কজুল মা'আৰিফৰ নৈতিক শিক্ষা বিভাগৰ মুৰব্বী মুফতি মুজাহিদুল ইছলাম ডাঙৰীয়াই কি ক'লে?

আল-কুৰআনত ছাত্ৰ ছাত্ৰীৰ প্ৰতি শিক্ষাগুৰু কিদৰে দায়িত্বশীল হোৱা উচিত সেই বিষয়ে উদ্ধৃতি দিছে মৰ্কজুল মা'আৰিফৰ শিক্ষা বিভ...
12/09/2026

আল-কুৰআনত ছাত্ৰ ছাত্ৰীৰ প্ৰতি শিক্ষাগুৰু কিদৰে দায়িত্বশীল হোৱা উচিত সেই বিষয়ে উদ্ধৃতি দিছে মৰ্কজুল মা'আৰিফৰ শিক্ষা বিভাগৰ প্ৰজেক্ট ডাইৰেক্টৰ ড° ৰাজি আহমদ কাছিমীয়ে। মৰ্কজ একাডেমীৰ শিক্ষকসকলক সম্বোধন কৰা সভাত...

আজি মৰ্কজুল মা'আৰিফৰ পাব্লিক লাইব্ৰেৰী কক্ষত আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা'আৰিফৰ অধীনত পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ নৈতিক...
11/09/2026

আজি মৰ্কজুল মা'আৰিফৰ পাব্লিক লাইব্ৰেৰী কক্ষত আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা'আৰিফৰ অধীনত পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ নৈতিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ দহ দিনীয়া প্ৰশিক্ষণৰ সফল সমাপ্তিৰ অন্ততঃ বঁটা বিতৰণী আৰু সামৰণি অনুষ্ঠান আয়োজিত হৈ যায়। মৰ্কজুল মা'আৰিফৰ সভাপতি পাৰৱেজ আলম কাছিমীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আজমল ফাউণ্ডেচনৰ জেনেৰেল মেনেজাৰ ডঃ এম আৰ এইচ আজাদ ডাঙৰীয়া। মৰ্কজুল মা'আৰিফৰ নৈতিক শিক্ষা বিভাগৰ মুৰব্বী মুফতি মুজাহিদুল ইছলাম কাছিমীয়ে আঁত ধৰা অনুষ্ঠানত আজমল চি এছ আৰৰ উপদেষ্টা আব্দুল হান্নান, মৰ্কজুল মা'আৰিফৰ শিক্ষা বিভাগৰ প্ৰজেক্ট ডাইৰেক্টৰ ড° ৰাজি আহমদ কাছিমী, আজমল ফাউণ্ডেচনৰ মেনেজাৰ খলিলুৰ ৰহমান লস্কৰ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

আজি আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দুজন সন্মানীয় শিক্ষক যথাক্ৰমে আকাশ সিং আৰু মুস্তাফা আল আমিন বৰভূঞাই ...
10/09/2026

আজি আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দুজন সন্মানীয় শিক্ষক যথাক্ৰমে আকাশ সিং আৰু মুস্তাফা আল আমিন বৰভূঞাই নিজৰ স্কুলৰ ছাত্ৰীসকলৰ সৃষ্টিশীল লেখনিৰ দ্বাৰা সজোৱা আলোচনী 'জ্যোতিশিখা' লৈ মৰ্কজুল মা'আৰিফৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। তেওঁলোকে মৰ্কজুল মা'আৰিফৰ সভাপতি পাৰৱেজ আলম কাছিমী চাহাবক জ্যোতিশিখাৰ এটা কপি আগবঢ়োৱাৰ লগতে মৰ্কজ পাব্লিক লাইব্ৰেৰীৰ কাৰণেও এটা সংখ্যা প্ৰদান কৰে। মৰ্কজুল মা'আৰিফৰ সাধাৰণ সম্পাদক জাহিদুল হক চৌধুৰী চাহাবলৈ আগবঢ়োৱা কপিটো তেখেতৰ হৈ গ্ৰহণ কৰে মৰ্কজুল মা'আৰিফৰ HR Executive চুলেইমান হাইদৰ ডাঙৰীয়াই। জ্যোতিশিখাৰ এটা কপি Media Executive মস্তাক আহমদ চৌধুৰীকো প্ৰদান কৰে শিক্ষক দুজনে।
মৰ্কজুল মা'আৰিফৰ সভাপতি পাৰৱেজ আলম কাছিমী চাহাবে দুয়োজন শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আলোচনীৰ প্ৰকাশ আৰু মৰ্কজুল মা'আৰিফক প্ৰদান কৰা বদান্যতাৰ বাবে ধন্যবাদ জনায়।

09/09/2026

ITI বুলি ক'লে বহুতে ভাৱে টেকনিচিয়ান প্ৰস্তুত কৰা শিক্ষানুষ্ঠান। পিছে এই ধাৰণা শুদ্ধ নহয়। বিভিন্ন কোম্পানীত বা জব মাৰ্কেটত এজন আইটিআই পঢ়া শিক্ষাৰ্থীয়ে নিজকে মূল্যবান ৰত্ন ৰূপে গঢ়ি তুলিব পাৰে। মৰ্কজুল মা'আৰিফৰ দ্বাৰা পৰিচালিত ITI HOJAI - ARTDCত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা প্ৰশিক্ষাৰ্থী সকলৰ সৈতে আজমল চুপাৰ ৪০ৰ এজন এক্সিকিউটিভ বিষয়া তথা ARTDCৰ প্ৰাক্তন অধ্যক্ষ ইঞ্জিনিয়াৰ মুছাৰফ হুছেইনৰ মত বিনিময়খিনি শুনিলে নিৱনুৱা যুৱক-যুৱতী বহু পৰিমাণে উপকৃত হ'ব।

08/09/2026

Our student our pride

Markaz Academy English Higher Secondary School Students Shine with 19 Gold Medals in Hojai District Sports Competition> ...
08/09/2026

Markaz Academy English Higher Secondary School Students Shine with 19 Gold Medals in Hojai District Sports Competition
>
Students of Markaz Academy English Higher Secondary School, Hojai, delivered an outstanding performance by winning 19 Gold Medals in the district-level sports competition organized in Hojai.
The district-level event was held recently by the Hojai District Sports Department in memory of hockey legend Major Dhyan Chand.
In the tournament held at Lanka, students of Markaz Academy showcased exceptional talent in Taekwondo and Karate, securing a total of 19 Gold, 5 Silver, and 7 Bronze medals. With this impressive tally, the institution emerged as the top medal-winning school in the entire district.
Congratulations & Dignitaries
Following this remarkable achievement, key dignitaries and management officials extended their heartfelt congratulations to the winning students:
* Maulana Badruddin Ajmal (CEO, Ajmal CSR)
* Dr. Khasrul Islam (Director, Ajmal Foundation)
* Parwej Alam Qasmi (President, Markazul Ma'arif)
* Jahidul Hoque Chowdhury (General Secretary, Markazul Ma'arif)
* Dr. Razi Ahmad Qasmi (Project Director, Education Department)
* Tagar Azad (Admin Officer, Markaz Group of Schools)
* Syed Tousiful Hassan (Principal, Markaz Academy)
* Senior officials and leadership members of the institution.

এইবাৰ হোজাই জিলা ভিত্তিত আয়োজিত ক্ৰীড়া প্ৰতিযোগিতাত ১৯টা গ'ল্ড মেডেল জিকি চমক দেখুৱালে মৰ্কজ একাডেমী ইংলিছ হায়াৰ চেকে...
08/09/2026

এইবাৰ হোজাই জিলা ভিত্তিত আয়োজিত ক্ৰীড়া প্ৰতিযোগিতাত ১৯টা গ'ল্ড মেডেল জিকি চমক দেখুৱালে মৰ্কজ একাডেমী ইংলিছ হায়াৰ চেকেণ্ডেৰী স্কুল, হোজাইৰ শিক্ষাৰ্থীয়ে।

হোজাই জিলা ক্ৰীড়া বিভাগে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ সোঁৱৰণত অলপতে আয়োজিত কৰা জিলাভিত্তিক প্ৰতিয়োগিতাত ১৯টা গ'ল্ড মেডেল লাভ মৰ্কজ একাডেমীৰ শিক্ষাৰ্থীৰ ।

লংকাত আয়োজিত প্ৰতিযোগিতাত মৰ্কজ একাডেমীৰ ছাত্ৰসকলে টাইকোৱানডো আৰু কেৰাটে প্ৰতিযোগিতাত ১৯টা গ'ল্ড, ৫টা চিলভাৰ আৰু ৭টা ব্ৰঞ্জৰ পদক অৰ্জন কৰি জিলাখনত ভিতৰত শীৰ্ষ পদক বিজেতা স্কুল ৰূপে পৰিগণিত হয়।

মৰ্কজ একাডেমীৰ এই সফলতাত আজমল চি এছ আৰৰ চি ই অ মৌলানা বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ডাইৰেক্টৰ ডক্টৰ খচৰুল ইছলাম, মৰ্কজুল মা'আৰিফৰ সভাপতি পাৰৱেজ আলম কাছিমী, সাধাৰণ সম্পাদক জাহিদুল হক চৌধুৰী, শিক্ষা বিভাগৰ প্ৰজেক্ট ডাইৰেক্টৰ ডক্টৰ ৰাজি আহমদ কাছিমী, মৰ্কজ গ্ৰুপ অৱ স্কুলছৰ এডমিন অফিচাৰ তগৰ আজাদ, স্কুলখনৰ অধ্যক্ষ চৈয়দ তৌছিফুল হাছান আৰু শীৰ্ষ পদাধিকাৰী সকলে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে।

Address

Markaz Road, Madani Nagar
Hojai
782435

Opening Hours

Monday 9:30am - 6pm
Tuesday 9:30am - 6pm
Wednesday 9:30am - 6pm
Thursday 9:30am - 5pm
Friday 9am - 6pm
Saturday 9:30am - 6pm

Telephone

+913674252340

Alerts

Be the first to know and let us send you an email when Markazul Ma'arif মৰ্কজুল মা’আৰিফ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Markazul Ma'arif মৰ্কজুল মা’আৰিফ:

Shortcuts

Share