AAMSU Official

AAMSU Official This is the only official page of All Assam Minorities Students' Union (AAMSU).
(2)

26/01/2026
23/01/2026

SR ৰ নামত ৰাজ্যত হৈ আছে কি!? বৈধ ভাৰতীয় নাগৰিকৰ ভোটাৰ তালিকাৰ পৰা নাম আতৰাবলৈ কোনে ষড়যন্ত্ৰমূলক ভাবে দাখিল কৰিছে ভূৱা আপত্তি!?

The Assam Tribune 22.01.2026
22/01/2026

The Assam Tribune
22.01.2026

22/01/2026

Guwahati: The All Assam Minorities Students' Union (AAMSU) intensified their protest against the ongoing Special Revision (SR) of electoral rolls and organised

22/01/2026

Dhubri: The Dhubri district unit of the All Assam Minority Students’ Union (Aamsu) on Tuesday held a two-hour sit-in protest in front of the district .

দৈনিক গণ অধিকাৰ২২.০১.২০২৬ ইং।
22/01/2026

দৈনিক গণ অধিকাৰ
২২.০১.২০২৬ ইং।

20/01/2026

বিশেষ পুনৰীক্ষণ (SR) প্ৰক্ৰিয়াত নিয়মভংগৰ গুৰুত্বপূৰ্ণ আপত্তিসমূহ

--> নিৰ্বাচন আয়োগৰ নিৰ্ধাৰিত নিয়মৰ বিপৰীতে ব্যাপক হাৰত ভূৱা আপত্তি দাখিল কৰা হৈছে।

--> নীতি বহিৰ্ভূতভাৱে আপত্তি দিয়া সত্তেও সেই ভূৱা আপত্তি গ্ৰহণ কৰি শুনানিৰ জাননী জাৰী কৰা হৈছে।

-->অসম্পূৰ্ণ (ইনকমপ্লিট) জাননি জাৰী কৰা হৈছে।

-->কোনোবা এখন জাননীত ERO ৰ চহী নাই, কোনোবা এখনত আপত্তিকাৰীৰ সম্পূৰ্ণ বিৱৰণ, ঠিকনা নাই, কোনোবা এখনত আপত্তিৰ কাৰণ উল্লেখ নাই। মুঠতে জাননী খনেই গ্ৰহণযোগ্য বা বৈধ নহয়।

-->কাৰোবাক মাত্ৰ এদিন, কাৰোবাক মাত্ৰ দুদিন, কাৰোবাক আগ নিশা, কাৰোবাক শুনানিৰ দিনাখন ৰাতিপুৱা শুনানিস্থলীত উপস্থিত হোৱাৰ পিছত জাননী প্ৰদান কৰিছে। আকো কাৰোবাক মৌখিক জাননী দিছে যিটো সম্পূৰ্ণ নীতি বহিৰ্ভূত।

--> BLO ই জাননী প্ৰদান কৰি কৈছিল কেৱল ভোটাৰ পৰিচয় পত্ৰ, আডাৰ কাৰ্ড, পান কাৰ্ড লৈ গলে হব কিন্তু শুনানিত যোৱাৰ পিছত NRC, ভোটাৰ তালিকা আদি বিছৰা হৈছে ? বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি হাৰাশাস্তি কৰা হৈছে।

-->বহুলোক কৰ্মসূত্ৰে বহিঃৰাজ্য বা বিদেশত আছে, সেই সকলে ইমান Short notice (কম সময়ত) ত শুনানিত উপস্থিত হোৱাটো অসম্ভৱ, তাৰ উপৰিও কিছু লোক চিকিৎসাৰ বাবে বাহিৰত আছে , তেনেক্ষেত্ৰত নাম কৰ্তনৰ এটা সুযোগ পাব কাৰণ স-শৰীৰে শুনানিত উপস্থিত নাছিল।

-->Short notice ত জাননী দি শুনানি অনুষ্ঠিত কৰি ভাৰতীয় নাগৰিকক পৰ্য্যাপ্ত সময় আৰু সুযোগ নিদি নাগৰিকৰ মৌলিক অধিকাৰ সাব্যস্ত তৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ নহয়তো এইয়া ?

--> শুনানি গ্ৰহণ কৰা বিষয়া সকলক প্ৰশিক্ষণ দিয়া হৈছিল নে ? সেই সকল কিমান অভিজ্ঞ ? কোনে শুনানি প্ৰক্ৰিয়া নিৰীক্ষণ কৰিছিল বা কৰিছে ? আমি জনাত ERO উপস্থিত নাছিল বা অন্য কোনো জ্যেষ্ঠ বিষয়া উপস্থিত নাছিল বা নাই নিৰীক্ষণৰ দ্বায়িত্বত।

-->আচৰিত কথা যে ভূৱা আপত্তিকাৰী উপস্থিত হোৱা নাই তেনেক্ষেত্ৰত আপত্তি বাতিল কৰিব লাগে যদিও তেনে নকৰি একপক্ষীয় শুনানি গ্ৰহণ কৰি আছে যিটো নিৰ্বাচন আয়োগৰ নিয়মৰ সম্পুৰ্ণ পৰিপন্থী।

--> এনে কথাও হৈছে যে, আপত্তিকাৰীক বিপথে পৰিচালিত কৰি দাবী ধমকি দি আপত্তি কৰাইছিল বুলি লিখিত দিয়াৰ পিচতো কিয় সেই আপত্তি অগ্ৰাহ্য কৰা নহল আৰু কিয় শুনানি গ্ৰহণ কৰা হল ?

-->যিহেতু খচৰা তালিকা পুনৰ প্ৰকাশ নাপায়, ডাইৰেক্ট চুড়ান্ত তালিকা প্ৰকাশ পাব, তেনেক্ষেত্ৰত যদি কোনোবা বৈধ ভাৰতীয়ৰ নাম কৰ্তন হয় তেনেহলে সেই ভোটাৰে পিচত নতুন নাম (ফ্ৰেশ) উঠাব লাগিব, এতিয়া যদি কোনোবা ৫০ বছৰীয়া ব্যক্তিয়ে নতুন নাম অন্তৰ্ভুক্ত কৰে তেতিয়া সেই ভোটাৰ জন সন্দেহযুক্ত নহব নে ? প্ৰশ্ন নাহিব নে "তুমি ইমান দিন কত আছিলা যে ৫০ বছৰ পিছত ভোটাৰ তালিকাত নাম উঠাইছা" ?

ইয়াৰ উপৰিও আন বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰো, জিলা আয়ুক্ত মহোদয়ে আইনৰ বা নিয়মৰ ভিতৰৰ কথাখিনি কৈ কাৰো বিৰুদ্ধে অন্যায় নহয় বুলি আস্বস্ত কৰাৰ চেষ্টা কৰিছে তথাপিও আমি এই সমগ্ৰ প্ৰক্ৰিয়াত সন্তুষ্ট হব পৰা নাই। কাৰণ সম্পূৰ্ণ আসোঁৱাহপূৰ্ণ এই ব্যৱস্থা আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰিপ্ৰেক্ষিতত ন্যায় পোৱাটো সম্ভৱ যেন লগা নাই।

ইতি,
ম: ইমতিয়াজ হুছেইন
সভাপতি, আমছু

19/01/2026

SRৰ অনিয়ম সন্দৰ্ভত আমছুৰ সন্মানীয় সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ সংবাদ মেল সম্বোধন।

Address

4th Floor, TM Complex, Near Rajdhani Masjid, Dispur
Guwahati
781006

Alerts

Be the first to know and let us send you an email when AAMSU Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AAMSU Official:

Share