11/07/2026
বিভা-হিমাংশু স্মৃতি ন্যাসৰ শৈক্ষিক সাহাৰ্য :
বিভা-হিমাংশু স্মৃতি ন্যাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC) অধিক নম্বৰসহ উত্তীৰ্ণ হোৱা অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতি বছৰে আবেদন বিচাৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীক বাছনি কৰি স্নাতক পৰ্যন্ত (বি.এ/ বি.কম/ বি.এছ.ছি )শিক্ষাৰ বাবে জল-পাণি (scholarship)প্ৰদান কৰে। ২০১৭ চনৰ পৰা ন্যাসে এই সুবিধা প্ৰদান কৰি আহিছে ।
“বিভা-হিমাংশু মেম’ৰিয়েল ট্ৰাষ্ট” ৰ “ এডুকেট- এম্পাৰমেন্ট ইনিচিয়েটিভ্ “ প্ৰকল্পৰ ২০২৩ বৰ্ষৰ শৈক্ষিক জলপাণিৰ( scholarship) প্ৰাপক প্ৰেৰণা কাশ্যপে ( শুৱালকুছি) ২০২৫ ত ঘোষিত অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত ৮৭.৮% পাবলৈ সক্ষম হোৱা বাবে ট্ৰাষ্টে বি.এ.পৰ্যন্ত তেওঁক জলপাণি প্ৰদান কৰি থাকিব । বৰ্তমান তেওঁ অৰ্থনীতি বিষয়ৰ ৩য় (3rd semester) ষান্মাৰ্ষিকৰ ছাত্ৰী । তেওঁৰ সফলতাত টাষ্ট্ৰৰ তৰফৰ পৰা তেওঁৰ লগতে তেওঁৰ পিতৃ-মাতৃকো আন্তৰিক অভিনন্দন ।
( নাসৰক্ষী নন্দিতা আৰু সঞ্জয় গোস্বামীৰ লগত প্ৰেৰণা কাশ্যপ( মাজত )