27/07/2026
Ami Asomiya NGO ৰ তৰফৰ পৰা উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে জৰুৰী সহায়ৰ আহ্বান🙏🏻 শেহতীয়া প্রলয়ংকাৰী বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদিকে ধৰি বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে আৰু খোৱাপানী তথা প্ৰাথমিক প্ৰয়োজনসমূহৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
"মোৰ অসম, মোৰ স্বাভিমান"– এই প্ৰতিশ্ৰুতিৰে আমি অসমীয়া (Ami Asomia NGO)-ৰ তৰফৰ পৰা বানপীড়িত ৰাইজৰ কাষত থিয় হ’বলৈ এক জৰুৰী সাহায্য অভিযানৰ উদ্যোগ লোৱা হৈছে। এই সংকটৰ মুহূৰ্তত আমাৰ দুৰ্দশাগ্ৰস্ত আপোন মানুহখিনিক সহায় কৰিবলৈ আপোনালোক সকলোলৈকে আন্তৰিক আহ্বান জনাইছো।
যদি আপুনি বজাৰৰ পৰা পোনে পোনে সামগ্ৰী ক্ৰয় কৰি বানপীড়িত অঞ্চললৈ প্ৰেৰণ কৰাত আৰ্থিকভাৱে সহায় কৰিব বিচাৰে:
Bank Name: SBI ( GUWAHATI UNIVERSITY BRANCH)
Account Holder Name: AMI ASOMIA
Account No: 32528782729
IFSC Code: SBIN0002060
Branch Code: 2060