18/03/2026
ইণ্ডিয়ান অইল লিমিটেডৰ বিষয়াৰ সৈতে CSR project সম্বন্ধীয় এখন মিটিং। অসম স্বাস্থ্য সেৱা সমবায়ে এখন গাড়ী আৰু কিছু সজুলি ইণ্ডিয়ান অইল লিমিটেডে যোগান ধৰাৰ সম্ভাৱনা। এইখিনি হৈ উঠিলে সমবায়ে অনুষ্ঠিত কৰা ৰোগ প্ৰতিৰোধী স্বাস্থ্য সেৱা শিবিৰ সমূহত সেৱা উন্নত কৰাত সহায় কৰিব। সমবায়ে ৰাইজৰ উদ্যোগত স্বাস্থ্য সেৱাৰ এটা আৰ্হি গঢ়ি তোলাৰ দিশত কাম কৰি আছে। আজিয়েই সমবায়ৰ সদস্য হৈ এই আন্দোলনত যোগ দিয়ক।
মাথো পাচশ টকাৰে আজীৱন সভ্য ভৰ্তি হৈ এই আন্দোলনক শক্তিশালী কৰক আৰু নিজেও সমবায়ৰ সৈতে বুজাবুজি থকা ৫০ৰো অধিক চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰা ৪০% পৰ্যন্ত ৰেহাই লাভ কৰি পকেটৰ ধন ৰাহি কৰক। সভ্য ভৰ্ত্তিৰ অনলাইন লিংকটো কমেন্টত।