17/08/2026
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শুভাকাংক্ষী, বিশিষ্ট ব্যৱসায়ী তথা সমাজ সংগঠক গুৱাহাটী কাহিলীপাৰাৰ নিবাসী শ্ৰীযুত প্ৰিয়াংশু বৰগোহাঁই ককাইদেউৰ শ্ৰদ্ধাৰ পিতৃ তথা অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অমৰেন্দ্ৰ বৰগোহাঁই নিচাদেউৰ বিয়োগত আটাছুৰ পৰিয়াল মৰ্মাহত হৈ পৰিছে ।
মৃত্যু যদিও চিৰন্তন সত্য তথাপিও পৰিয়ালটোৰ বাবে ই বুজাৱ নোৱাৰা বেদনা, অপূৰনীয় ক্ষতি । নিচাদেউৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বৈকুণ্ঠগামী পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো ।।
ফ্ৰা-ত্ৰা 🙏