27/01/2026
প্ৰশংসা বাৰ্তা:-
২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত ষ্টুডেণ্ট কেডেট কৰ্পছ(এছ চি চি)ৰ দলসমূহে বিভিন্ন জিলাৰ গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰি এছচিচিলৈ যি সন্মান আৰু স্বীকৃতি কঢ়িয়াই আনিলে তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰা সকলো এছচিচি সদস্যৰ নিষ্ঠাৱান, অনুশাসিত আৰু নিস্বাৰ্থ সেৱাৰ আমি আন্তৰিকতাৰে শলাগ লৈছো। আপোনাৰ দায়বদ্ধতা, সততা আৰু মাতৃভূমিৰ প্ৰতি গভীৰ প্ৰেম আপোনাৰ কৰ্মৰ মাজেৰে স্পষ্টভাৱে প্ৰতিফলিত হৈছিল।
এছচিচি ৰ অন্তৰ্গত সকলো জিলা সমিতি, ৰাজ্যিক সমিতিৰ বিষয়ববীয়া, স্বেচ্ছাসেৱক, আৰু ব্যক্তিসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে, যিসকলৰ আন্তৰিক প্ৰচেষ্টা, সমন্বয়, আৰু কঠোৰ পৰিশ্ৰমৰ ফলত এছচিচিৰ পেৰেড দলসমূহে ২৬ জানুৱাৰীত বিভিন্ন জিলাত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱস উদযাপনত সফলতাৰে অংশগ্ৰহণ কৰাটো সম্ভৱ হৈ উঠিছিল। তাৰ বাবে পুনৰ বাৰ আমাৰ প্ৰতিগৰাকী বিষয় ববীয়াৰ শলাগ লৈছোঁ।
আপোনালোকৰ সামূহিক অৱদানে এছ চি চিৰ ভাবমূৰ্তি আৰু মনোভাৱক অধিক শক্তিশালী কৰিছে। আহক আমি আগন্তুক দিনতো একে ঐক্য, অনুশাসন, দেশপ্ৰেমৰে গণৰাজ্য ও স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সফলতা কঢ়িয়াই আনো।
SCC ASSAM
SCC Assam Official