চুতীয়া যুৱ সন্মিলন অসম,গুৱাহাটী মহানগৰ সমিতি

  • Home
  • India
  • Guwahati
  • চুতীয়া যুৱ সন্মিলন অসম,গুৱাহাটী মহানগৰ সমিতি

চুতীয়া যুৱ সন্মিলন অসম,গুৱাহাটী মহানগৰ সমিতি চুতীয়া যুৱ সন্মিলন অসম,গুৱাহাটী মহানগৰ সমিতি
(Official)

21/04/2026
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু চুতীয়া জনগোষ্ঠীৰ সকলো সংগঠনৰ সহযোগত যোৱাকালি ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ লক্...
21/04/2026

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু চুতীয়া জনগোষ্ঠীৰ সকলো সংগঠনৰ সহযোগত যোৱাকালি ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ লক্ষ্মী নাৰায়ণ ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৫০২ তম সতী সাধনী দিৱস উদযাপনৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধক হিচাপে চুতীয়া যুৱ সন্মিলন অসমৰ সন্মানীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়া ডাঙৰীয়া, চুতীয়া যুৱ সন্মিলন অসমৰ গুৱাহাটী মহানগৰ সমিতিৰ সন্মানীয় সভাপতি শ্ৰী দিব্য জ্যোতি ৰাজখোৱা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিভিন্ন বিষয়ববীয়া সকল উপস্থিত আছিল।

Koustav Chutia
Dibyajyoti Rajkhowa

"সতী সাধনী দিৱস" ৰ পৱিত্ৰ ক্ষণত মহান বীৰঙ্গনা গৰাকীলৈ যাচিলো গভীৰ শ্ৰদ্ধাঞ্জলি।নিজৰ জাতিৰ স্বাৰ্থত মহীয়সী সাধনীৰ আত্মবলি...
21/04/2026

"সতী সাধনী দিৱস" ৰ পৱিত্ৰ ক্ষণত মহান বীৰঙ্গনা গৰাকীলৈ যাচিলো গভীৰ শ্ৰদ্ধাঞ্জলি।

নিজৰ জাতিৰ স্বাৰ্থত মহীয়সী সাধনীৰ আত্মবলিদান ইতিহাসৰ এক অবিস্মৰনীয় অধ্যায় আৰু আমাৰ নাৰী সকলৰ বাবে প্ৰেৰণাৰ উৎস।

Koustav Chutia
Dibyajyoti Rajkhowa

"শ্যামকানু খেলে হোলী আবিৰ উৰাই দুলি দুলি নাচে সবে ৰঙে ৰং লগাই।।"সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ।...
03/03/2026

"শ্যামকানু খেলে হোলী আবিৰ উৰাই
দুলি দুলি নাচে সবে ৰঙে ৰং লগাই।।"

সমূহ অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আবিৰৰ বিবিধ ৰঙৰ দৰেই অনাগত দিনবোৰত সকলোৰে জীৱন সুখ - শান্তি, সমৃদ্ধি আৰু আনন্দৰে উপচি পৰক, তাৰেই কামনা কৰিছোঁ।

Dibyajyoti Rajkhowa

আজি মহা শিৱৰাত্ৰীৰ পৱিত্ৰ ক্ষনত সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।Dibyajyoti Rajkhowa
15/02/2026

আজি মহা শিৱৰাত্ৰীৰ পৱিত্ৰ ক্ষনত সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Dibyajyoti Rajkhowa

14/02/2026

চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ এখনি প্ৰতিচ্ছবিৰে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক আদৰনি জনোৱাৰ বাবে,অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Himanta Biswa Sarma

13/02/2026
11/02/2026

চুতীয়া যুৱ সন্মিলন অসম, গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আজি ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ, কলাক্ষেত্ৰত এখন "যুৱ অভিবৰ্তনৰ" আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত চুতীয়া জনগোষ্ঠীৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে চুতীয়া জনগোষ্ঠীয় নৃত্য, বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শিত কৰা হয়।

অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ কেইবাগৰাকীও সন্মানীয় সাংবাদিকক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈ অসম ৰাজ্যিক পণ্যগাৰ নিগমৰ সন্মানীয় উপাধক্ষ্য ড° তপন দাস ডাঙৰীয়া, অসম ৰাজ্যিক পৰিবহন নিগমৰ সন্মানীয় উপাধক্ষ্য শ্ৰী প্ৰণৱজ্যোতি লহকৰ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিভিন্ন অতিথি সকলে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে।

অনুষ্ঠানত অসমৰ জনপ্ৰিয় যুৱ কণ্ঠশিল্পী শ্ৰী আইলিতা কাশ্যাপকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও যুৱ কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰাৰ লগতে আমাৰ তৰফৰ পৰা তেখেত সকলক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অভিবৰ্তন খনত চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰী কৌস্তৱ কিশোৰ চুতীয়া ডাঙৰীয়া, সাধাৰণ সম্পাদক শ্ৰী পলাশ হাজৰিকা ডাঙৰীয়া, মুখ্য উপদেষ্টা শ্ৰী মোহন শইকীয়া ডাঙৰীয়া, উপদেষ্টা দ্বয় শ্ৰী ধৰ্মপ্ৰান চুতীয়া ডাঙৰীয়া,শ্ৰী প্ৰতাপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্যে কৰি বিভিন্ন বিষয়ববীয়া সকল,বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া আৰু গুৱাহাটীত বাস কৰা চুতীয়া জাতিৰ জ্ঞাতি সকল উপস্থিত আছিল।

আজিৰ অনুষ্ঠানটোত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা প্ৰতিগৰাকীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ, অনাগত দিনটো সদৌটিৰে সু দিহা পৰামৰ্শ, সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিয়াত সহায় সহযোগিতা আগবঢ়োৱা গুৱাহাটী মহানগৰ সমিতিৰ বিষয়ববীয়া সকলৰ লগতে আমাৰ শুভকাংক্ষী অনুজ অগ্ৰজ সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Dr. Tapan Das
Pranab Jyoti Lahkar
Koustav Chutia
Dharma Pran Chutia
Dibyajyoti Rajkhowa

11/02/2026

🙏🙏🙏

Address

VIP Road, Sadhani Bhawan
Guwahati

Telephone

+919085931724

Website

Alerts

Be the first to know and let us send you an email when চুতীয়া যুৱ সন্মিলন অসম,গুৱাহাটী মহানগৰ সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to চুতীয়া যুৱ সন্মিলন অসম,গুৱাহাটী মহানগৰ সমিতি:

Share