30/08/2026
অসম বিপশ্যনা সাধনা কেন্দ্ৰৰ উদ্যোগত আজি ৮ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আনাপানা সাধনাৰ ১ দিনীয়া শিবিৰ সফলতাৰে সম্পন্ন হয়। ১৮ গৰাকী ছাত্ৰ আৰু ১৩ গৰাকী ছাত্ৰীয়ে এই শিবিৰত অংশগ্ৰহণ কৰে।
আনাপানা সাধনা (শ্বাস-প্ৰশ্বাসৰ ওপৰত সজাগতা) ছাত্ৰ-ছাত্ৰীৰ বাবে অতি উপকাৰী। ই বিজ্ঞানসন্মত আৰু সহজ অভ্যাস।
মূল লাভালাভসমূহ অতি চমুকৈ:
পঢ়াত মনোযোগ বাঢ়ে, অস্থিৰ মন স্থিৰ হয়।
স্মৃতিশক্তি, সজাগতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি হয়।
খং, ভয়, দুচিন্তা আৰু মানসিক চাপ কমে।
আত্মবিশ্বাস, কৰ্মশক্তি আৰু অধ্যয়নৰ দক্ষতা বাঢ়ে।
মন শান্ত, সুস্থ আৰু বিশুদ্ধ হয়; হিংসা-দ্বেষ কমে।
নিয়মিত অভ্যাস কৰিলে পঢ়া-শুনা আৰু দৈনন্দিন জীৱন দুয়োটাতে স্পষ্ট উপকাৰ পোৱা যায়।