16/10/2025
**বাতৰি কাকতত প্ৰকাশৰ বাবে সংক্ষিপ্ত তথ্য
**বাক্সা জেলৰ ঘটনাত অতিৰিক্ত এছ পি গীতাৰ্থ দেৱ শৰ্মাৰ বিৰুদ্ধে মানৱাধিকাৰ আয়োগত অভিযোগ দাখিল**
ইণ্ডিয়ান ষ্টুডেণ্টছ অৰ্গেনাইজেচন (ISO)ৰ তৰফৰ পৰা ১৫ অক্টোবৰ, ২০২৫ তাৰিখে (বুধবাৰ) বাক্সা জেলৰ বাহিৰত প্ৰতিবাদৰ সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) গীতাৰ্থ দেৱ শৰ্মাৰ অত্যধিক লাঠীচাৰ্জৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ (NHRC) আৰু অসম ৰাজ্য আৰক্ষী জৱাবদিহিতা আয়োগত এক আবেদন দাখিল কৰা হৈছে। এই ঘটনা অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ প্ৰতিবাদৰ সৈতে জড়িত, য’ত প্ৰতিবাদকাৰী, সাংবাদিক আৰু আৰক্ষীৰ কেইবাজনো আহত হৈছিল। আবেদনত মানৱাধিকাৰ লংঘন, আৰক্ষী নিৰ্দেশনা উলংঘা আৰু গণতান্ত্ৰিক অধিকাৰ হৰণৰ অভিযোগ উত্থাপন কৰা হৈছে।
আমি নিৰপেক্ষ তদন্ত, দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা, আহতসকলৰ বাবে চিকিৎসা সহায় আৰু ক্ষতিপূৰণৰ দাবী জনাইছো। এই আবেদন ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত ৩৫৫/২৫ (২৬) নম্বৰত পঞ্জীয়ন কৰা হৈছে। ISO এই ঘটনাৰ ন্যায় বিচাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
#ভাৰতীয়ছাত্ৰসংগঠন #भारतीयछात्रसंगठन