23/08/2025
এবাৰ এষাৰ মাত দিবানে মালতী !...
*****************************************..যথেষ্ট পৰিমাণে পঢ়া-শুনা কৰাতো উচিত বুলি মই ভাবো । এয়া মোৰ একান্তই নিজস্ব ধাৰণা । মই ভাবো, পঢ়া-শুনাৰ দ্বাৰা সত্যৰ ওচৰলৈ বুলি বহুপৰিমানে আগুৱাই যোৱাতো সম্ভৱ । সেয়া কৰা উচিত । মই ভাবো, অধ্যয়নশীলতা এক ভাল অভ্যাস আৰু ইয়াৰ দ্বাৰা সত্য প্ৰতিষ্ঠা কৰাত সহজ হয় । সমাজত সত্য সুন্দৰ ভালপোৱা মানুহ বাঢ়িলে কেনে ধুনীয়া হব, আপুনিয়েই কওকচোন !
দালাই লামাই কৈছিল-" যদি আপুনি একেখিনি কথাকেই একাধিকবাৰ একাধিক ঠাইত কৈছে, তেন্তে সিয়ে প্ৰমাণ কৰে যে আপুনি নতুনকৈ একো পঢ়া নাই, চোৱা নাই বা, শুনা নাই ।"
- কথাষাৰ মোৰ গাত লাগিছিল । মই খুব অনুভৱ কৰিছিলো কথাষাৰ । ...জ্ঞান অন্বেষণৰ পথ কেতিয়াও চমু, চুটি হবই নোৱাৰে । জ্ঞানৰ সাগৰৰ নিৰ্দিষ্ট কোনো সীমনা নাই । অশেষ জ্ঞান সাগৰত সাঁতুৰী মানুহে লাভ কৰে অমৃত শান্তি । সুখ । এক বিশেষ সমৃদ্ধি ।
সেই সুখৰ লোভত মই চেষ্টা কৰো পঢ়িবলৈ । শুনিবলৈ । চাবলৈ । ...গুনীৰ সভাৰ একোণত মই বহি থকাৰ লোভ সামৰিব নোৱাৰো ।
সিদিনা, কিবাকিবি খুচৰি থাকোতে হঠাৎ ভূপেন ককাইদেউৰ গীতৰ আড্ডা এটা দেখি ৰৈ গলো ।...উচ্চশিক্ষিত, বিলাতফেৰত, গায়ক, গীতিকাৰ, সংগীত পৰিচালক, বোলছবি পৰিচালক, সম্পাদক, ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা । আমাৰ ভূপেন ককাইদেউ । তেখেতে গাইছে গীত । গীতিকাৰ লক্ষ্মীনাথ বেজবৰুৱা । সুৰ- জ্যোতি ককাইদেৱ, বিষ্ণু ককাইদেউ ।
লক্ষ্মীনাথ বেজবৰুৱা মোৰ বাবে পৰম পূজ্য । তেখেতৰ সৃষ্টিয়ে তেখেতক 'সাহিত্যৰথী' ৰূপে প্ৰতিষ্ঠা কৰিছে । আমাৰ মন প্ৰাণে শান্তি পাইছে । অথচ এইগৰাকী মহাৰথিয়ে নিজকে ধূলিৰ তলৰ ধূলি বুলিহে কয় !-
"দুবৰী বনতকৈ সৰু তই লক্ষ্মীনাথ
ধূলিৰো তলৰে ধূলি
তোক নাপাহৰে, প্ৰিয়তকৈ প্রিয় তই
আদৰি লবহি তুলি...!"
আচৰিত কথা । তেওঁলোকে কিয় এনেকুৱা কৰে বাৰু !
অখুদ ককাইদেউ, নৱকান্ত বৰুৱাদেৱে লিখে-
"আকাশে বতাহে
ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন, নাহেচোন, নাহেচোন...!"
মই আকৌ আচৰিত হওঁ । - আৰে, সুৰ বিচাৰি নোপোৱা গৰাকীয়ে দেখোন আমাক তেখেতৰ সুৰীয়া গীতৰ সাগৰত ডুবাই মাৰিছে । তথাপি সুৰ বিচাৰি নাপায় বুলি কয় কিয় ?!
মহাপুৰুষ মাধৱদেৱে লিখে- "কহয় মাধৱ দাসে...!"
হে ভগৱান...তেখেত যদি 'দাস'...আমি !?
আমি কি ?
..এনে অলেখ, অশেষ ভয়ানক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ মই পঢ়িব খোজো । জানিব খোজো ।
..গীতৰ আড্ডাত ভূপেন ককাইদেৱে গাইছে পাশ্চাত্য সংগীতৰ দ্বাৰা প্ৰভাৱিত এটি গীত ।
"মালতিৰ এচাকি
খোপাতে পিন্ধিলো
তাৰো গ'ল এপাহী সৰি !"
গীতটো মই শুনিলো । গীতটো মই গুণগুনালো ।
মোৰ গীত শুনি লগৰটোৱে মাটিত বাগৰি বাগৰি হাঁহিলে । ...মোৰ বেয়া লাগিল ! লগৰটোৱে কলে-
"মালতিৰে এচাকি...!" সি সম্পূৰ্ণ কৰিবই নোৱাৰিলে । আৰু হাঁহি ।
মুঠতে মই শেষ ।
কিন্তু, মোৰ মনে ফেপেৰি পাতিলে- কি ভুল গালো ! ভূপেন ককাইদেৱে যি গাইছে, ময়ো গাইছো । তেখেতে তিনিবাৰলৈ গাইছে-" মালতিৰে এচাকি...মালতিৰে এচাকি...মালতিৰে এচাকি !"
মনত মোৰ হেজাৰ প্ৰশ্ন । ...পদুমৰ 'চকা'ৰ দৰে, মালতিৰো চাকি-তাকি কিবা থাকে নেকি ? গীতৰ পৰৱৰ্তী শাৰীত তেখেতে স্পষ্ট ভাৱে গাইছে-"তাৰো গ'ল এপাহি সৰি...!" মানে এচাকি আৰু এপাহি একেই নহয় ।...কিন্তু মালতিৰ এচাকি পিন্ধি লোৱাৰ পিছত এপাহি সৰি পৰিল...কেনেকৈ ?
মোৰ ভন্টি অৰুণীমাক ফোন কৰিলো । তাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষক, অনুষ্ঠান প্ৰযোজক । মই বিশ্বাস কৰো, অসমৰ যি সমূহ অনুষ্ঠানে অসমীয়া ভাষাৰ বিশুদ্ধ ৰূপৰ আপডাল কৰে সততে, তাৰ ভিতৰত আকাশবাণী গুৱাহাটী অন্যতম । এই অনুষ্ঠানৰ বিভিন্নজনৰ হাতত অসমীয়া গীত, মাত, গীতৰ খবৰ থাকে । সচেতন তেওঁলোক ।
মই অৰুণীমাৰ সৈতে কথা পাতিলো । বেজবৰুৱাদেৱৰ সৈতে বংগৰ এক বিশেষ সম্পৰ্ক আছিল ; সেয়ে গীতৰ কথাত কিবা বঙলুৱা প্ৰভাৱ পৰে 'মালতিৰে এচাকি' হ'ল নেকি ? বা, সেই সময়ত ঠিক তেনেকৈ কোৱা হৈছিল নেকি, যেনেদৰে আজি কোৱা নহয় ?! কাৰণ, এঠাইত কোৱা হৈছে -'মালতী এপাহি খোপাতে গুজি" গানটির মূল পঙক্তি হলো "মালতীৰে এচাকি খোপাতে পিন্ধিলোঁ, তাৰো গ'ল এপাহি সৰি"। এটি মূলত অসমীয়া লোকগীত "নামতী আই" বা "সখী হে কি ক'মে দুখৰে কথা" গানটির একটি অংশ, যেখানে মালতী ফুলের সজ্জার কথা বলা হয়েছে এবং তার একটি পাপড়ি খসে পড়ার দুঃখের কথা উল্লেখ করা হয়েছে, যা জীবনের ক্ষণস্থায়ীত্ব এবং দুঃখের প্রতীক।
গানটির সম্পূর্ণ অংশ:
সখী হে কি ক'মে দুখৰে কথা!
জেৰেঙা পথাৰত গাঁঠি হাজৰিকাৰ চমতাৰ কোব খাই খাই জয়মতী ভাগৰি পৰিছে।
কোনোবা পথিকে গাইছে দুখৰ কথা, সুৰ-বিন্যাসত গীতটিত কিছু পশ্চিমীয়া সংগীতৰ প্রভাৱ পৰিছে।
মালতীৰে এচাকি খোপাতে পিন্ধিলোঁ
তাৰো গ'ল এপাহি সৰি
সোণৰে সঁজাতে পখীটি ৰাখিলোঁ
সিও গুচি গ'লে উৰি।
মালতীৰে এচাকি খোপাতে...
ব্যাখ্যা:
মালতীৰে এচাকি খোপাতে পিন্ধিলোঁ:
এই লাইনে মালতী ফুলের একটি তোড়া খোপাতে (চুলে) গাঁথার কথা বলা হয়েছে।
তাৰো গ'ল এপাহি সৰি:
কিন্তু সেই ফুলের একটি পাপড়ি খসে পড়েছে।'
মুঠতে আমাৰ মাজত পতিয়ন যাব পৰা উত্তৰ এটি নোলাল । ত্ৰিশৰ দশকৰ এই গীতটোৰ বিষয়ে লিখোতে ৰঞ্জন বেজবৰুৱাদেৱে "...মালতিৰে চাকি" বুলিহে লিখিছে । গীতটো হেনো তেখেতৰ প্রিয় গীত । তেখেতে তেখেতৰ প্রিয় গীতৰ কলি ভুলকৈ লিখিব জানো । ...
এইবাৰ ফোন কৰিলো, শ্ৰদ্ধাৰ ঋতুপৰ্ণ দাস ছাৰলৈ । ছাৰে মোক ৰেডিওত কথা কবলৈ শিকাইছিল । তেখেতে বহুখিনি কথা কলে । শেষত কলে- আচলতে এয়া হব লাগিছিল 'মালতিৰে চাকি (খুব সম্ভৱ থোপা বুজাব ; মালতী ফুলৰ থোপা!) গাওতে উচ্চাৰণ গৈ হ'ল "মালতিৰে এচাকি !" যেনেদৰে জুবিনে 'আন যোৱা বাটে নোযোৱা' গীত গালে- আনে যোৱা বাটে নোযোৱা বুলি ! ...আমি মনজ্যোৎস্না মহন্তক মাতো মনোজোষ্ণা বুলি !
কথাবোৰ মোৰ মনত এতিয়াও উতলি আছে । সিজা নাই । গলা নাই । ...বিশেষ চিন্তা নোহোৱাকৈ হজম কৰিবপৰা হোৱা নাই । মই এতিয়াও বুজা নাই 'মালতিৰে চাকি' বা 'মালতিৰে এচাকি ' কি ?!
..মোৰ বিশ্বাস, পঢ়ি থকা কথাখিনি কোনো সুহৃদ ব্যক্তিয়ে মোক বুজাই কব ।
মোৰ মনলৈ এই প্ৰসংগত হঠাৎ আন এটি চিন্তা আহি বাঁহ লয় । ...চিন্তাটো হ'ল- এই যে মালতী ফুলৰ চাকি বা এচাকি খোপাত গুজি লোৱা মহিলা গৰাকী বা কোনো মালতিয়ে এই বিষয়ত কিবা কব পাৰিবনে ? কবনে ?
..ম'বাইলটো খুলিলেই দেখো অলেখ মালতী ব্যস্ত- হাই গাইজ...এয়া চাওক...মই বিয়া খাবলৈ গৈ আছো !....হেল্ল' ফ্ৰেইণ্ড, চাহ খালে ? মই জাষ্ট খালো...হাই, মোক কেনে লাগিছে বন্ধু সকল...গুড মৰ্নিং...গুড নাইট !
ইমানৰ পিছত কোনো মালতিয়ে বাৰু এবাৰ এষাৰ মাত দিবনে ? কবনে- মালতিৰে চাকি নে মালতিৰে এচাকি ?!