Sugandhi ramdhenu

Sugandhi ramdhenu I lv 2 talk
photography
traveling
music
movie

23/08/2025

এবাৰ এষাৰ মাত দিবানে মালতী !...
*****************************************..যথেষ্ট পৰিমাণে পঢ়া-শুনা কৰাতো উচিত বুলি মই ভাবো । এয়া মোৰ একান্তই নিজস্ব ধাৰণা । মই ভাবো, পঢ়া-শুনাৰ দ্বাৰা সত্যৰ ওচৰলৈ বুলি বহুপৰিমানে আগুৱাই যোৱাতো সম্ভৱ । সেয়া কৰা উচিত । মই ভাবো, অধ্যয়নশীলতা এক ভাল অভ্যাস আৰু ইয়াৰ দ্বাৰা সত্য প্ৰতিষ্ঠা কৰাত সহজ হয় । সমাজত সত্য সুন্দৰ ভালপোৱা মানুহ বাঢ়িলে কেনে ধুনীয়া হব, আপুনিয়েই কওকচোন !

দালাই লামাই কৈছিল-" যদি আপুনি একেখিনি কথাকেই একাধিকবাৰ একাধিক ঠাইত কৈছে, তেন্তে সিয়ে প্ৰমাণ কৰে যে আপুনি নতুনকৈ একো পঢ়া নাই, চোৱা নাই বা, শুনা নাই ।"
- কথাষাৰ মোৰ গাত লাগিছিল । মই খুব অনুভৱ কৰিছিলো কথাষাৰ । ...জ্ঞান অন্বেষণৰ পথ কেতিয়াও চমু, চুটি হবই নোৱাৰে । জ্ঞানৰ সাগৰৰ নিৰ্দিষ্ট কোনো সীমনা নাই । অশেষ জ্ঞান সাগৰত সাঁতুৰী মানুহে লাভ কৰে অমৃত শান্তি । সুখ । এক বিশেষ সমৃদ্ধি ।

সেই সুখৰ লোভত মই চেষ্টা কৰো পঢ়িবলৈ । শুনিবলৈ । চাবলৈ । ...গুনীৰ সভাৰ একোণত মই বহি থকাৰ লোভ সামৰিব নোৱাৰো ।

সিদিনা, কিবাকিবি খুচৰি থাকোতে হঠাৎ ভূপেন ককাইদেউৰ গীতৰ আড্ডা এটা দেখি ৰৈ গলো ।...উচ্চশিক্ষিত, বিলাতফেৰত, গায়ক, গীতিকাৰ, সংগীত পৰিচালক, বোলছবি পৰিচালক, সম্পাদক, ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা । আমাৰ ভূপেন ককাইদেউ । তেখেতে গাইছে গীত । গীতিকাৰ লক্ষ্মীনাথ বেজবৰুৱা । সুৰ- জ্যোতি ককাইদেৱ, বিষ্ণু ককাইদেউ ।

লক্ষ্মীনাথ বেজবৰুৱা মোৰ বাবে পৰম পূজ্য । তেখেতৰ সৃষ্টিয়ে তেখেতক 'সাহিত্যৰথী' ৰূপে প্ৰতিষ্ঠা কৰিছে । আমাৰ মন প্ৰাণে শান্তি পাইছে । অথচ এইগৰাকী মহাৰথিয়ে নিজকে ধূলিৰ তলৰ ধূলি বুলিহে কয় !-

"দুবৰী বনতকৈ সৰু তই লক্ষ্মীনাথ
ধূলিৰো তলৰে ধূলি
তোক নাপাহৰে, প্ৰিয়তকৈ প্রিয় তই
আদৰি লবহি তুলি...!"

আচৰিত কথা । তেওঁলোকে কিয় এনেকুৱা কৰে বাৰু !

অখুদ ককাইদেউ, নৱকান্ত বৰুৱাদেৱে লিখে-
"আকাশে বতাহে
ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন, নাহেচোন, নাহেচোন...!"

মই আকৌ আচৰিত হওঁ । - আৰে, সুৰ বিচাৰি নোপোৱা গৰাকীয়ে দেখোন আমাক তেখেতৰ সুৰীয়া গীতৰ সাগৰত ডুবাই মাৰিছে । তথাপি সুৰ বিচাৰি নাপায় বুলি কয় কিয় ?!

মহাপুৰুষ মাধৱদেৱে লিখে- "কহয় মাধৱ দাসে...!"

হে ভগৱান...তেখেত যদি 'দাস'...আমি !?
আমি কি ?
..এনে অলেখ, অশেষ ভয়ানক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ মই পঢ়িব খোজো । জানিব খোজো ।
..গীতৰ আড্ডাত ভূপেন ককাইদেৱে গাইছে পাশ্চাত্য সংগীতৰ দ্বাৰা প্ৰভাৱিত এটি গীত ।
"মালতিৰ এচাকি
খোপাতে পিন্ধিলো
তাৰো গ'ল এপাহী সৰি !"

গীতটো মই শুনিলো । গীতটো মই গুণগুনালো ।
মোৰ গীত শুনি লগৰটোৱে মাটিত বাগৰি বাগৰি হাঁহিলে । ...মোৰ বেয়া লাগিল ! লগৰটোৱে কলে-
"মালতিৰে এচাকি...!" সি সম্পূৰ্ণ কৰিবই নোৱাৰিলে । আৰু হাঁহি ।

মুঠতে মই শেষ ।

কিন্তু, মোৰ মনে ফেপেৰি পাতিলে- কি ভুল গালো ! ভূপেন ককাইদেৱে যি গাইছে, ময়ো গাইছো । তেখেতে তিনিবাৰলৈ গাইছে-" মালতিৰে এচাকি...মালতিৰে এচাকি...মালতিৰে এচাকি !"

মনত মোৰ হেজাৰ প্ৰশ্ন । ...পদুমৰ 'চকা'ৰ দৰে, মালতিৰো চাকি-তাকি কিবা থাকে নেকি ? গীতৰ পৰৱৰ্তী শাৰীত তেখেতে স্পষ্ট ভাৱে গাইছে-"তাৰো গ'ল এপাহি সৰি...!" মানে এচাকি আৰু এপাহি একেই নহয় ।...কিন্তু মালতিৰ এচাকি পিন্ধি লোৱাৰ পিছত এপাহি সৰি পৰিল...কেনেকৈ ?

মোৰ ভন্টি অৰুণীমাক ফোন কৰিলো । তাই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষক, অনুষ্ঠান প্ৰযোজক । মই বিশ্বাস কৰো, অসমৰ যি সমূহ অনুষ্ঠানে অসমীয়া ভাষাৰ বিশুদ্ধ ৰূপৰ আপডাল কৰে সততে, তাৰ ভিতৰত আকাশবাণী গুৱাহাটী অন্যতম । এই অনুষ্ঠানৰ বিভিন্নজনৰ হাতত অসমীয়া গীত, মাত, গীতৰ খবৰ থাকে । সচেতন তেওঁলোক ।

মই অৰুণীমাৰ সৈতে কথা পাতিলো । বেজবৰুৱাদেৱৰ সৈতে বংগৰ এক বিশেষ সম্পৰ্ক আছিল ; সেয়ে গীতৰ কথাত কিবা বঙলুৱা প্ৰভাৱ পৰে 'মালতিৰে এচাকি' হ'ল নেকি ? বা, সেই সময়ত ঠিক তেনেকৈ কোৱা হৈছিল নেকি, যেনেদৰে আজি কোৱা নহয় ?! কাৰণ, এঠাইত কোৱা হৈছে -'মালতী এপাহি খোপাতে গুজি" গানটির মূল পঙক্তি হলো "মালতীৰে এচাকি খোপাতে পিন্ধিলোঁ, তাৰো গ'ল এপাহি সৰি"। এটি মূলত অসমীয়া লোকগীত "নামতী আই" বা "সখী হে কি ক'মে দুখৰে কথা" গানটির একটি অংশ, যেখানে মালতী ফুলের সজ্জার কথা বলা হয়েছে এবং তার একটি পাপড়ি খসে পড়ার দুঃখের কথা উল্লেখ করা হয়েছে, যা জীবনের ক্ষণস্থায়ীত্ব এবং দুঃখের প্রতীক।
গানটির সম্পূর্ণ অংশ:
সখী হে কি ক'মে দুখৰে কথা!
জেৰেঙা পথাৰত গাঁঠি হাজৰিকাৰ চমতাৰ কোব খাই খাই জয়মতী ভাগৰি পৰিছে।
কোনোবা পথিকে গাইছে দুখৰ কথা, সুৰ-বিন্যাসত গীতটিত কিছু পশ্চিমীয়া সংগীতৰ প্রভাৱ পৰিছে।
মালতীৰে এচাকি খোপাতে পিন্ধিলোঁ
তাৰো গ'ল এপাহি সৰি
সোণৰে সঁজাতে পখীটি ৰাখিলোঁ
সিও গুচি গ'লে উৰি।
মালতীৰে এচাকি খোপাতে...
ব্যাখ্যা:
মালতীৰে এচাকি খোপাতে পিন্ধিলোঁ:
এই লাইনে মালতী ফুলের একটি তোড়া খোপাতে (চুলে) গাঁথার কথা বলা হয়েছে।
তাৰো গ'ল এপাহি সৰি:
কিন্তু সেই ফুলের একটি পাপড়ি খসে পড়েছে।'

মুঠতে আমাৰ মাজত পতিয়ন যাব পৰা উত্তৰ এটি নোলাল । ত্ৰিশৰ দশকৰ এই গীতটোৰ বিষয়ে লিখোতে ৰঞ্জন বেজবৰুৱাদেৱে "...মালতিৰে চাকি" বুলিহে লিখিছে । গীতটো হেনো তেখেতৰ প্রিয় গীত । তেখেতে তেখেতৰ প্রিয় গীতৰ কলি ভুলকৈ লিখিব জানো । ...

এইবাৰ ফোন কৰিলো, শ্ৰদ্ধাৰ ঋতুপৰ্ণ দাস ছাৰলৈ । ছাৰে মোক ৰেডিওত কথা কবলৈ শিকাইছিল । তেখেতে বহুখিনি কথা কলে । শেষত কলে- আচলতে এয়া হব লাগিছিল 'মালতিৰে চাকি (খুব সম্ভৱ থোপা বুজাব ; মালতী ফুলৰ থোপা!) গাওতে উচ্চাৰণ গৈ হ'ল "মালতিৰে এচাকি !" যেনেদৰে জুবিনে 'আন যোৱা বাটে নোযোৱা' গীত গালে- আনে যোৱা বাটে নোযোৱা বুলি ! ...আমি মনজ্যোৎস্না মহন্তক মাতো মনোজোষ্ণা বুলি !

কথাবোৰ মোৰ মনত এতিয়াও উতলি আছে । সিজা নাই । গলা নাই । ...বিশেষ চিন্তা নোহোৱাকৈ হজম কৰিবপৰা হোৱা নাই । মই এতিয়াও বুজা নাই 'মালতিৰে চাকি' বা 'মালতিৰে এচাকি ' কি ?!
..মোৰ বিশ্বাস, পঢ়ি থকা কথাখিনি কোনো সুহৃদ ব্যক্তিয়ে মোক বুজাই কব ।

মোৰ মনলৈ এই প্ৰসংগত হঠাৎ আন এটি চিন্তা আহি বাঁহ লয় । ...চিন্তাটো হ'ল- এই যে মালতী ফুলৰ চাকি বা এচাকি খোপাত গুজি লোৱা মহিলা গৰাকী বা কোনো মালতিয়ে এই বিষয়ত কিবা কব পাৰিবনে ? কবনে ?
..ম'বাইলটো খুলিলেই দেখো অলেখ মালতী ব্যস্ত- হাই গাইজ...এয়া চাওক...মই বিয়া খাবলৈ গৈ আছো !....হেল্ল' ফ্ৰেইণ্ড, চাহ খালে ? মই জাষ্ট খালো...হাই, মোক কেনে লাগিছে বন্ধু সকল...গুড মৰ্নিং...গুড নাইট !

ইমানৰ পিছত কোনো মালতিয়ে বাৰু এবাৰ এষাৰ মাত দিবনে ? কবনে- মালতিৰে চাকি নে মালতিৰে এচাকি ?!

14/08/2025

এজন মানুহ তেতিয়া শক্তিশালী হৈ পৰে, যেতিয়া 'তই নোৱাৰ' বুলি কবলৈ আপুনি ওচৰত নাথাকে !

গড়ৰ জিভাখন...!*******************************                          বজাৰৰ আলু, পিয়াজ, নহৰু, পতল, গাজৰ, ধনীয়া, জলকীয়া....
14/08/2025

গড়ৰ জিভাখন...!
*******************************


বজাৰৰ আলু, পিয়াজ, নহৰু, পতল, গাজৰ, ধনীয়া, জলকীয়া...একো কিনিব মন নাযায় মোৰ । কাৰণ, সেইবোৰৰ খেতি কেনেকৈ কৰে মই জানো । সেয়ে মন নাযায় । ভাল নালাগে কিনিব । বজাৰলৈ ভৰি দুখন আগবাঢ়িব নোখোজে...!

চিকমিকাই থকা চিলচিলিয়া গাজৰ কেইটা সন্ধিয়ালৈ গেলিব আৰম্ভ কৰে । একে ৰাস্তা লয় জলকীয়া কেইটায়ো । জ্বলা- থলা একো নাই । তিতা তিতা লাগে । জ্বলাত জ্বলাৰ সলনি তিতা সোৱাদ পাই জিভাখনে দুখ কৰে । মনে দুখ কৰে ।...শেষত ভোট জ্বলকীয়া কেইটাই মোৰ মান ৰক্ষা কৰে ; কেনেবাকৈ ।

ফুলকবি, বন্ধাকবিত যে দেহৰ বাবে উপকাৰী কিবা আজিকালি থাকে মোৰ মনে নকয় । মাছ-মাংসৰ কথাও কব মন নাযায় । মোৰ বিশ্বাস, মোৰ দৰে আপোনালোকৰ মাজতো বহু ওলাব । যিয়ে খোৱাৰ ক্ষেত্ৰত আজিকালি বৰ কষ্ট পায় ।...কাৰণ ? কাৰণ, খাদ্যত খাদ্যপ্ৰাণ নাই । গোন্ধ নাই । ধনীয়াৰ গোন্ধ পদপথত বিক্ৰী কৰা কমদামী আঁতৰৰ দৰে লাগে । নহৰুবোৰ, ভিটামিনৰ টেবলেট খাই ফুলি থকা ল'ৰা-ছোৱালীবোৰৰ দৰে ।
..মোৰ মনত পৰে ল'ৰালীলৈ । ল'ৰালী দেখা পথাৰখনলৈ ।
..নৰাৰ অবিশিষ্ট গাত ঘঁহি পৰি থকা পকা চপৰাৰ মাজেৰে ধনিয়াবোৰ গজি ওলাই আহে । আমি পথাৰৰ মাজেৰে ঘৰলৈ উভতি আহোঁতে কেইডাল মান ধনীয়া লোভত উঘালী লওঁ । উফ...কি যে গোন্ধ ! মৰি যাওঁ মৰি যাওঁ লাগে কিবা ! একেটা ঘটনা ঘটে নহৰুৰ ক্ষেত্ৰত । ...মায়ে মচলা পটাত পিচাৰ আগেয়ে নহৰুৰ বাকলি আঁতৰাবলৈ দিয়ে । মই মাক সহায় কৰো । বাকলি আঁতৰোৱাৰ পিছত হাত-নখৰ পৰা নহৰুৰ গোন্ধ আঁতৰাবলৈ যুঁজিব লগা হয় । চাবোনেৰে ধুলেও নাযায় গোন্ধ ।..............................................................
মোৰ অকণমান ৰেষ্টুৰেণ্ট এখন আছে ।
ৰেষ্টুৰেণ্টৰ সন্মুখত এখন সৰু বজাৰ ।
সপ্তাহত দুদিন বজাৰ বহে ।
মঙ্গলবাৰ আৰু শুকুৰবাৰে ।
ৰেষ্টুৰেণ্টৰ পৰা গণি গণি প্ৰায় ৫কিঃমিঃ আঁতৰত এখন 'বন গাঁও' ! ম'বাইল নেটৱৰ্কৰ বাহিৰৰ এই গাঁওখনৰ নাম 'চাতাৰ গাঁও !' চাতাৰ গাঁৱৰ 'দিমলীয়া গাৰো' মানুহখিনিও বজাৰলৈ আহে । আহোঁতে লগত লৈ আহে- হাবিৰ মাজত উপলব্ধ ঔষধি গুণসম্পন্ন অলেখ শাক-পাচলি । ইয়াৰে বহুতৰে নাম মই নাজানো । আৰু নাজানো বাবেই মই সুধো-

"এইটোৰ কি নাম ?"
" কেনেকৈ খায় ?"
" খালে কি হয় ?"

পাহাৰৰ মামা-মামিহঁতে মোক খুব বুজায় ।
কয়- "খাৰ দি গাউৰী লগত খাবি ! (খাৰ দি গাহৰি মাংসৰে খাবি ।..."

"বাবু, ইতু ভাল যা... লৈ যা, মাটি ডাইল লগত খাবি !"

কোনো এজনীয়ে আকৌ চিঞৰে, আঁতৰৰ পৰা-"ইতু নি... জণ্ডিচ হলি খাবা লাগে কাকৰা লগত !"

মই বিৰাট হেঁপাহেৰে প্ৰকৃতিপ্রদত্ত এই পাচলিবোৰ কিনো । ৰান্ধো । ভৰা মন এটাৰে খাওঁ । ভাল পাওঁ । সুখী হওঁ ।

গুণী সমাজে ইতিমধ্যে স্বীকাৰ কৰিছে যে জনগোষ্ঠীয় লোকৰ, বনত উপলব্ধ ঔষধী গুণসম্পন্ন গছ-লটিকাৰ জ্ঞান বহুত বেছি । এই কথা ৱেদটো উল্লেখ আছে । উত্তৰ পূৰ্বাঞ্চলৰ একাধিক জনগোষ্ঠীয় লোকৰ আটিল দেহা, দেহৰ চালৰ ৰং বা চুলিৰ আঁৰত এই প্ৰকৃতিপ্রদত্ত ঔষধি শাক-পাঁচলিবোৰেই । সেয়ে মই এই বজাৰখন আৰু পাহাৰৰ মানুহখিনিক ভাল পাও । তেওঁলোকৰ পৰা মই খাবলৈ শুদ্ধ খাদ্য দ্ৰব্য পাওঁ আৰু সিয়েই মোৰ মন মগজুৰ উপকাৰ সাধে । মই কথাবোৰ সাঁচি থওঁ । জানিব বিচৰা মানুহক কওঁ ।...নুবুজাবিলাকৰ সন্মুখত মনে মনে থাকো !
..সিদিনা মঙ্গলবৰীয়া বজাৰলৈ যাওঁতে এগৰাকীয়ে মোক এবিধ পাতৰ মুঠি এটি দিলে । কলে- "লৈ যা !...মাটি ডালি লগত খাৰ দি খাবি । গাউৰী মাংস দিবি । পিছলা পিছলা... ভাল পাবি ।"

মই সেই শাকখিনি লৈ আহিছিলো ।
পিছত মই পাহাৰলৈ গৈ চাতাৰ গাঁৱৰ গাওঁবুঢ়াৰ সৈতে চাইছিলো গছবিধ । অৰণ্যৰ বহু ভিতৰৰ চেচুকীয়া ঠাইত ই হয় । শেলুৱৈ ধৰা শিলত বগাই আগুৱাই যায় । বৰ নিৰীহ । নিমাত । শান্ত ।...অথচ বুকুত কঢ়িয়াই আনৰ দেহ মনৰ অপকাৰ হব পৰা সম্পদ । খাদ্যপ্ৰাণ ।

বনত উপলব্ধ পাচলিবিধৰ ছবি মই লেখাটোৰ সৈতে গাঁঠি দিছোঁ । আপুনি চাবচোন । যদি কোনোৱে চিনি পায় নাম নিলিখাকৈ নাথাকিব । আন বহু জনগোষ্ঠীৰ বাবেও পাচলিবিধ চিনাকি হব পাৰে ; আন নামেৰে । কোনোৱে চিনি পালে লিখিব দেই !

এবাৰ এডনা'ক লগ পোৱা হ'লে ...!********************************জীৱন বিষয়ক বহু কথা বিভিন্ন সময়ত মনলৈ আহে । বহু সময়ত জীৱনৰ ব...
11/08/2025

এবাৰ এডনা'ক লগ পোৱা হ'লে ...!
********************************

জীৱন বিষয়ক বহু কথা বিভিন্ন সময়ত মনলৈ আহে । বহু সময়ত জীৱনৰ বিষয়ে বিভিন্ন ঠাইত মাজে সময়ে পঢ়োঁ । পঢ়িব পাওঁ ।

কেতিয়াবা আকৌ লগ পালে, জীৱনে জীৱনৰ বিষয়ে বহু শুনায় !

পোৱা নোপোৱাৰ হিচাব বেছিভাগ সময়তে নকৰো । ভাল নালাগে । ভাল নাপাওঁ তেনে কৰিব । ভাবো, আন কাম কৰিম সেই সময়খিনিত ।
.. কিন্তু সিদিনা হঠাৎ লগ পালো ক্ৰিষ্টিয়ান' ৰোনাল্ডক । আকৌ এবাৰ আহি জীৱনে দেখা দিলে । মিচিকিয়াই হাঁহি কলে- " এডনাক এবাৰ লগ পোৱা হ'লে !"

মই ৰোনাল্ড'লৈ কিছু সময় চাই থাকিলো । কাৰণ, মই একো বুজি নাছিলো !

"ব'ল !"

"কলৈ !?"

"মাদাৰীয়া !"

"মাদাৰীয়া !?"

"...ও । মাদাৰীয়া, পৰ্টুগাল !"
..নাযাওঁ বুলি কব নোৱাৰিলোঁ । গুচি গলো । ক্ৰিষ্টিয়ান'ৰ নিজৰ উৰাজাহাজ ! বহিলো । গৈ থাকিলো !

মাজে মাজে মেঘত ঘহনি খায় সৰু বিমানখনৰ পাখি । কঁপি উঠে । মই অকন অসহজ অনুভৱ কৰোঁ । ভয় লাগে ।

কিন্তু, ৰ'নাল্ড' ?!...কিছুপৰিমানে নিৰ্বিকাৰ । মোলৈ চাই হাঁহে । বুজি পায়, মোৰ অৱস্থা ।

"Dont worry !...চিন্তা নকৰিবি । কৰি লাভ নাই । হব লগাবোৰ হবই !"

মনে কয়, কেনেকৈ উমান নিৰ্লিপ্ত হৈ পৰিব পাৰে মানুহ । কিমান দুখ পালে মানুহে দুখত ভয় নকৰা হয় । কি পালে মানুহে, মানুহক কি দিলে বুজা হয় ? কেতিয়া আৰু কেনেকৈ মানুহ প্রকৃততে 'অভিজাত' হয় ?...মই ৰোনাল্ডৰ চকু মুখত বিচাৰি ফুৰিছিলো । ৰোনাল্ড'ৰ বাবে 'অভেদ্য' ৰক্ষণ বিভাগ গঢ়ি তুলিব খুজিছিলো ।
..কেইবাঘণ্টাৰ যাত্ৰাৰ অন্তত আমি গৈ পৰ্টুগালত উপস্থিত হওঁ । তাৰ পৰা মাদেৰিয়া ।

এটা বিৰাট বিৰাট বিৰাট ধুনীয়া দ্বীপ মাদেৰিয়া। বিৰাট ধুনীয়া । কব পাৰি বিশ্বৰ অন্যতম ধুনীয়া পৰ্য্যটন ক্ষেত্ৰ। দুটা কাৰণতেই মাদেৰিয়া প্ৰখ্যাত- ১) ধুনীয়া পৰ্য্যটন ক্ষেত্ৰ, ২) মাদেৰীয়ান মদ । ক্লাছিক মদ, বুলিলে মাদেৰিয়ান ক্লাছিক । উফ !

পৰ্যটনৰ ক্ষেত্ৰত মাদেৰিয়া পৰ্যটকৰ প্ৰথম পছন্দ । কাৰণ , মাদেৰিয়াৰ স্থানীয় প্ৰশাসনে পৰ্যটকৰ বাবে দিয়ে অলেখ সুলভ সুবিধা । মন প্ৰাণ হৰি নিয়া সৌন্দৰ্য, ক্লাছিক মাদেৰীয়ান মদ...! অৱসাদ আঁতৰাবলৈ বেছিভাগৰেই পছন্দ এই দুবিধ । আৰু সেই মাদেৰীয়ান সুৰাৰ ভক্ত আছিল ক্ৰিষ্টিয়ানোৰ পিতৃ ।

"দেউতা আছিল সাধাৰণ চাফাই কৰ্মী এগৰাকী !" - মোক কৈছিল ৰোনাল্ডই । আকৌ সেই, মিচিকিয়া হাঁহি । যি হাঁহিৰ কেঁকুৰীটো আপুনি কেনেবাকৈ পাৰ হব পাৰিলেই দেখিব, শাৰী শাৰী 'দুখৰ সমাধি' । হত্যাকাৰী হাঁহিৰ প্ৰত্যাক্ৰমত কিমান দুখে ৰোনাল্ড'ৰ জীৱন এৰিব লগা হৈছে তাৰ লেখ জোখ নাই ।

"...তেখেতেই এদিন মাদাৰীয়ানৰ নিচাহত মোৰ নাম ৰাখিছিল- ৰোনাল্ড' ! দেউতা আছিল আমেৰিকাৰ তেতিয়াৰ 'প্ৰেচিডেন্ট' ৰোনাল্ড ৰেগান'ৰ 'ফেন' । ভালপোৱা জনক সন্মুখত পাবলৈ, চাবলৈ দেউতাই মোৰ নাম ৰাখি পেলালে ৰোনাল্ড ।"
..অতীতৰ পৃথিৱীত খন্তেকৰ হেৰাই গৈছিল ৰোনাল্ড'।

"আৰু মায়ে, মোক বৰ ভাল পাইছিল । সেয়ে মোক পেটত থাকোতেই মাৰি পেলাব খুজিছিল ।"

"কি !?"

"ও...! হয় আকৌ !! "

"কিয় !?"

"দৰিদ্ৰতা !...খাবলৈ খাদ্য নাছিল ঘৰত । মায়ে ভাবিছিল কেনেকৈ খুৱাম ! মাৰি পেলাও । মৰক । কিন্তু, পৰ্টুগালৰ আইনে যেনিবা সেয়া হব নিদিলে ।"
..পৰ্টুগালত 'গৰ্ভপাত' নীতি বিৰুদ্ধ ।

"বৰ বেয়া সময় আছিল সেইখিনি । বৰ কষ্টকৰ আছিল !"

এগৰাকী সহায়িকা আহি দুকাপ কফি দি গ'ল । কিনকিনিয়া বৰষুণ । বৰষুণত তিতা বতাহ লৈ ৰোনাল্ড' আৰু মই । ...ৰোনাল্ডৰ নিশাহত শুই থকা ধীৰ উশাহৰ অহা যোৱা।

"ওচৰৰে ষ্টেডিয়ামলৈ খেলিব যাওঁ ।...অনুশীলন কৰো । ভাগৰি পৰো । ভোক লাগে । খাবলৈ একো নেথাকে । পইচা নাই !"

মই, পৃথিৱীখনৰ দৰেই গোলাকাৰ বলটোক নিজৰ নিপুণ কলাৰে শাসন কৰি সম্ৰাট হবলৈ আগুৱাই গৈ থকা ল'ৰাটোক দেখা পাওঁ । ভাবো, আজি সেই ল'ৰাটো ক'ত ! পৰ্টুগালৰ আটাইতকৈ দামী ঘৰটোৰ মালিক তেওঁ । ওচৰত মই । মনোজ । মনোজ কুমাৰ ডেকা ।

আজি সচাঁকৈ 'সম্ৰাট' তেওঁ । ২০০ কৌটি টকীয়া ঘৰ । গাড়ী কি চাবা !

"ষ্টেডিয়ামৰ ওচৰতে এখন মেকড'নাল্ডৰ দোকান আছিল । আমি দুজনমানে দোকানৰ পিছফালে যাওঁ । খিৰিকীৰে জুমি চাওঁ । তিনিগৰাকী মহিলা আছিল । কাম কৰি থাকে ।"

"হা !" - মই চক খাই উঠো । সম্বিত ঘূৰাই পাওঁ !

" ...এজনীৰ নাম মনত আছে, এডনা । আমি খেলি ঘৰলৈ উভতাৰ সময়ত তালৈ যাওঁ । পিছফালেৰে । আমি লাহে লাহে চিঞৰো- "Hey hey, is there left any Burger !...hey...!"

এডেনা আগবাঢ়ি আহে । হাতত, ৰৈ যোৱা বাৰ্গাৰ । এটা । কেতিয়াবা দুটা ।

খিৰিকীৰ ইটো পাৰে ৰৈ থাকে ভাগৰুৱা শৰীৰত ওলমি থকা সৰুকৈ খালি পেট এটা !

কেতিয়াবা এডেনা নাইবা কেতিয়াবা লগৰ দুজনীয়ে ৰোনাল্ড'ক বাৰ্গাৰ দিয়ে ।

সি লৈয়েই দৌৰ মাৰে ।

নিৰাপদ দূৰত্বত ৰয় ।

খায় ।

আচৰিত...! ভোক আৰু ভাগৰ- দুয়ো পলায় ।

"...এবাৰ এডেনাক লগ পোৱা হ'লে ! মই এসাজ ভাত খালোঁহেঁতেন একেলগে । মই বিচাৰি ফুৰিছো সিহঁতক । সেই বাৰ্গাৰ কেইটাৰ মূল্য বোধকৰো মই আজিও উভতাব নোৱাৰিম । কিন্তু, কিন্তু মই মোৰ কৃতজ্ঞতাবোধ দেখুৱাব পাৰিম ।"

আজিৰ তাৰিখত নিতৌ প্ৰায় ৪কোটি ৩৪লাখ টকা উপাৰ্জন কৰা ৰোনাল্ডৰ চকু সেমেকি উঠে । ৰোনাল্ড'ই কান্দে । সেমেকা চকুত সততা গজি উঠে ।

মোৰ মোৰ মোৰ, দেখি ভাল লাগে ।
..কফি শেষ হয় । মই উভতাৰ কথা কওঁ ।

সন্মুখৰ পাহাৰখনৰ গছ-বিৰিখ পাতল কুঁৱলীয়ে ঢাকি পেলায় । তিতা পথৰ ওপৰেৰে পিছলি যায় ব্যস্ত মানুহৰ গাড়ীৰ চকা ।

সাউৎ সাউৎ সাউৎ...!
..মই লক্ষ্য কৰো- পথাৰ সৰু হৈ আহিছে । পকী ঘৰৰ বংশ বৃদ্ধি হৈছে । বৃদ্ধি হৈছে উত্তাপ । নিজৰাৰ পানী কমিছে । তাতো !

"বতৰটো বেয়া লগা নাই ন ! ডিছ ইজ ইট !....মই ইয়াকেই বিচাৰিছিলো ।"

সি বৰ সুখী হৈছিল । ...আচৰিত । আচৰিত । ইমান সহজ । ইমান সৰল ।

ৰোনাল্ড বহি থকা বেঞ্চ খন বৰষুণৰ চিটিকণি পৰি তিতিছিলি । তাৰ খবৰেই নাই । ...মাথো হাঁহি ।

"ডিছ ইজ ইট...!" -আকৌ কৈছিল ।

মই কৈছিলো- "যাওঁ !"

"মাদেৰীয়ান ক্লাছিক ?!"

-মই একো নকলো । হাঁহিলো । নকলো, । নগেন বড়ো ৰৈ থাকিব ! ভাবিলো, এদিন ৰোনাল্ডক মাতিম । খুৱাম, আমাৰ 'ক্লাছিক' !
..উভতাৰ সময়ত কেতিয়া টোপনি আহিল গমেই নাপাওঁ ! জোৰাবাটত সাৰ পালে । ট্ৰেফিক যাম । বৰষুণ দিছিল । কেওফালে পানী । গাড়ী আগুৱাব পৰা নাই ।

চিনাকি ঠাই । চিনাকি দোকান-পোহাৰ । কিন্তু, মোৰ চিনাকী 'লেডী' গৰাকী নাই ।

এদিন ৰন্ধাৰ এলাহত দুই পেকেট 'মেগী' লৈ দেখো- পইচা নাই পকেটত । এক অদ্ভুত অৱস্থা । ৰাতিটো কটাবলৈ ভোকৰ মেগী দুই পেকেট ।

"বাইদেউ, নালাগে দিয়ক !...মই পইচা আনিব পাহৰিলোঁ ।"

গ্ৰাহকৰ ভিৰৰ মাজতে তেখেতে চিঞৰি উঠিল-" আৰু কিবা দিম ?!"

"না না ...নালাগে !"

"যাওক...! পইচা পিছত দিব !"
..তাৰ পিছত মই তেখেতক লগ পোৱা নাই । দোকান বন্ধ । বহুদিন হ'ল । কাষৰ দোকানীয়ে কৈছিল- "তেখেতৰ হেনো কেঞ্চাৰ হৈছে । 'ব্ৰেষ্ট কেঞ্চাৰ' !...অৱস্থা বেয়া !

মই তেখেতৰ ঘৰৰ ঠিকনা উলিয়াব পৰা নাছিলো । মেগীৰ ২০/-টকাটো দিয়া হোৱা নাছিল ।

মনে কৈছিল- " এদিন, মই মোৰ এডনাক লগ পোৱা হ'লে ! ৰোনাল্ড' নহৈ মনোজ হৈ হলেও এসাজ খালোঁহেঁতেন । খুৱালোঁহেঁতেন ।"

এদিন, মই মোৰ এডনাক লগ পোৱা হ'লে !

সকলো এৰি গুচি যাব মন যায় ।***************************************            ..বিল্ডিং বেয়া পাওঁ । 'আচাম টাইপ'ৰ ঘৰ মোৰ ব...
04/08/2025

সকলো এৰি গুচি যাব মন যায় ।
***************************************



..বিল্ডিং বেয়া পাওঁ । 'আচাম টাইপ'ৰ ঘৰ মোৰ বৰ প্ৰিয় ।...এটা সৰু আচাম টাইপৰ ঘৰ তাত নিম্নতম প্ৰয়োজনীয় সুবিধাখিনি । ৰন্ধাঘৰ, পাকঘৰ । মোৰ শুৱা ঠাই অকণমান আৰু তাৰ লগত সংযোগী এসোপা কিতাপৰ কোঠা এটি ।
মোৰ লাইব্ৰেৰী !

লেপটপ, ম'বাইল, সৰু ফ্লেট টিভি এটা ।

আচাম টাইপৰ ঘৰটো পাহাৰৰ নামনিত হোৱাটো বিচাৰো । কেনেবাকৈ এখন সৰু নদী যদি ঘৰটোৰ কাষেৰে বৈ গ'লহেতেন !...উফ ।

ঘৰটো মই আশ্ৰমৰ দৰেই সজাম । ফুল, তুলসী...হাঁহ পাৰ...!
বনৰ চৰাইবোৰ নিজেই আহি এদিন মোৰ ওচৰত উপস্থিত হব । সিহঁতে খুব কম সময়তে বুজিব যে সিহঁত মোৰ ঘৰৰ কেওফালে নিৰাপদ ।...মই সিহঁতৰ বাবে খাদ্য-পানীৰ ব্যৱস্থা কৰিম ।

পঢ়া লিখা, ফুলনি সজোৱা আৰু পাচলিৰ খেতি কৰা মোৰ হেঁপাহ । মোৰ হেঁপাহ খুব ফুৰা । নগৰত নহয় । হাবিত । জংঘলত । লগাত থাকিব কেমেৰা কেইটা, চাউণ্ড ৰেকৰ্ডাৰ ইত্যাদি ইত্যাদি । হাবিত দেখা শুনা সকলো লৈ আহিম ।

সপোনৰ নৈ খনত মাৰি পোৱা মাছ আৰু মোৰ বাগিচাৰ দুটা বিলাহী আলুৰে টেঙা এখন ৰান্ধিম । ত অকণ পিঠাগুৰিও দিম । ...ভাত, বিলাহী মাছৰ টেঙা, বাৰীৰ কেঁচা জলকীয়া, অকণ শাকৰ ভাজি । ৱাহ ।...হৈ হ'ল ।
..মই কথাবোৰ কল্পনা কৰো ।
এই কল্পনাৰ খেতি কৰিবলৈ মোক এক বিশেষ ধৰণৰ আবেগৰ বীজ লাগে । সেই বীজ, সেই আবেগ নগৰ বা নতুন ধনীৰ হৃদয়ত পোৱা নাযায় । সেয়ে মই তেওঁলোকক এৰি পাহাৰলৈ যাওঁ ।

মোৰ মনটোক জীয়াই ৰাখিবলৈ, খুৱাবলৈ সপোনৰ আবেগ বিচাৰি পাওঁ ।

এই যে মই গৈ থাকোতে হঠাৎ এটি অনামী অচিনাকি শৃংগ দেখা পাওঁ...মনটোৱে কয়- ৱাও !...কি নাম, কি নাম, কি নাম ?

মই ওচৰত কাকো বিচাৰি নাপাওঁ । পাহাৰৰ গঢ়াত শুই থকা পথাৰৰ পিঠিত ব্যস্ত ৰোৱনী । সিহঁতে মোৰ মাত নুশুনে । শুনা নাপায় । ...মোৰ সকলো বা সকলোকে এৰি সেই দূৰৈৰ অচিনাকি শৃংগটোলৈ গুচি যাব মন যায় ।

সি কেনেদৰে থিয় হৈ আছে...হেজাৰ বতাহ ধুমুহা বৰষুণৰ মাজত বুকুত বহু সাধু কথা লৈ ! সি আজিও শিৰ নত কৰা নাই ।
সেয়ে মোৰ গুচি যাবলৈ মন যায় ।
মোৰ, কথা পাতি শিকিব মন যায়...
বিৰাট সাহসেৰে অকলে থিয় হৈ থাকিব মন যায়
নাম নজনা , প্ৰথমবাৰ দেখা শৃংগটোৰ কাষলৈ সেয়ে
সকলো এৰি গুচি যাব মন যায় ।

(তলত : নাহৰ পাহাম, জালুক পাহামলৈ যাওঁতে দেখা মই নাম নজনা পাহাৰৰ শৃংগাটো !)

ৰেলি ফ'ৰ ৰিভাৰ ; এখন নদী আৰু এটি বিজ্ঞাপন !***********************..নাপিত গৰাকীয়ে দাড়ি কটাৰ আগেয়ে গ্ৰাহকজনক সকীয়াই দিয়ে-...
03/08/2025

ৰেলি ফ'ৰ ৰিভাৰ ; এখন নদী আৰু এটি বিজ্ঞাপন !
***********************..নাপিত গৰাকীয়ে দাড়ি কটাৰ আগেয়ে গ্ৰাহকজনক সকীয়াই দিয়ে-" ছাৰ, মোবাইল সাৱধানে ৰাখিব, গাঁৱত হঠাৎ মোবাইল চুৰ বাঢ়িছে !"

দাড়ি কটাব অহা মানুহজনে লগে লগে নিজৰ পকেট সেপিয়াই চায় । দেখে- মোবাইল নাই !

পৰৱৰ্তী দৃশ্যত দেখা যায়, একাধিক মোবাইল চুৰ হৈছে । আৰু চুৰ কৰিছে এটি সৰু ল'ৰাই । কোনো ডাঙৰ মানুহে নহয় ।...

কেওফালে হাহাকাৰ । কোনে কৰিছে এই কাম !?

দিন আগবাঢ়ে ।...
আৰু এদিন, ম'বাইল চুৰ কৰিব চেষ্টা কৰোতে ল'ৰাটো ধৰা পৰে । হাঁহাকাৰ লাগে । কণমানি ম'বাইল চোৰ । কেওফালৰ পৰা শব্দ চিটিকি আহে-" চোৰ চোৰ চোৰ...!"

ল'ৰাটোক ঘৰলৈ লৈ যোৱা হয় । মাকক সকলো জনোৱা হয় । তেখেত অস্বস্তিত পৰে । পুতেক চুৰ । সি চুৰ কৰিছে ! মাকে চিঞৰি উঠে- " কিয় কৰিছ তেনে কাম ?"

কিন্তু, মাকৰ প্ৰশ্নৰ উত্তৰত অলেখ মানুহৰ আগত মাকক ল'ৰাটোৱে যি উত্তৰ দিয়ে, সিয়ে আপোনাক দিগদাৰ দিব পাৰে । আপুনি তেনে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিবও পাৰে । প্ৰশ্নটোৱে আপোনাক দুখ লগাব পাৰে । আপোনাক দোষী সজাব পাৰে !

ল'ৰাটোৱে কি কৈছিল সেয়া আপোনাক কোৱাৰ আগেয়ে মই আপোনাক আন এটি কাহিনী কব লাগিব । শুনাব লাগিব...

এগৰাকী কঠোৰ আৰক্ষী বিষয়া হিচাবে অৱসৰ প্ৰধান কৰা এগৰাকী ব্যক্তিৰ নাম ডঃ শৰৎ ফুকন । তেখেতৰ কেইবাখনো খুব ভাল কিতাপ আছে । একেধাৰে তেওঁ এগৰাকী গৱেষক লিখক ।...তেখেতৰ ঘৰত এটি আচৰিত মিউজিয়াম বা সংগ্ৰাহালয় আছে ।

সেইটো পানীৰ ।
সেইটো পানীৰ মিউজিয়াম ।
সেইটো পানীৰ সংগ্ৰাহালয় । তাত আপুনি দিহিং, দিচাং, দিখৌ বা পুঠিমাৰী পানী বিচাৰি পাব ।

চাকৰি কৰা সময়ছোৱাত তেখেতে য'লৈ যায়, যাওঁতে নৈ নিজৰাৰ খবৰ ৰাখি যায় । মনে মনে তেখেতে নৈ-নিজৰাৰ সৈতে কথা পাতে । সিহঁতৰ বুকুৰ উম লৈ সিহঁতৰ সুখ দুখৰ কথা শুনে ।...তেখেতে কোনো এখন নৈ পাৰ যোৱাৰ লগে লগে গাড়ী ৰখায় । নৈৰ পৰা এবটল পানী আনে । পৰীক্ষাগাৰত পৰীক্ষা কৰে । তেখেতে পৰীক্ষা কৰে... নৈ খন কিমান সমৃদ্ধ বা কিমান নিশকতিয়া । দুৰ্বল ।

এবছৰ পিছত তেখেতে গৈ নৈ খনৰ পৰা এবটল পানী আকৌ সংগ্ৰহ কৰে । পৰীক্ষাগাৰত পানীখিনি আকৌ পৰীক্ষা কৰা হয় । ...কি পালে, কি হেৰুৱালে নৈ খনে কয় !

ভাবিলে আচৰিত নালাগেনে ; আমাৰ মাজত এনে ব্যতিক্ৰমী চিন্তাৰ মানুহ আছে !

তেখেতে মোক কৈছিল-"ডেকা, নৈ খনক বুজিবলৈ নৈৰ বুকুত বুৰ মাৰিব লাগিব । মানে এনে নহয় যে গা তিয়ালেহে নৈ খনক বুজিব... তেনে নহয় । নৈক বুজিবলৈ অনুভৱি হব লাগিব । তেতিয়াহে নৈ খনে আপোনাক, মানুহক বহু যুগৰ সাধু কব । নৈক নুবুজাকৈ মানুহ জীয়াই থাকিব নোৱাৰে । কাৰণ, মৰুভূমি আহে...লাহে লাহে । মাহে মাহে !"

এতিয়া আমি আটায়ে নিজক এবাৰ সুধো- নৈক আমি কোনে কিমানে বুজো ? নৈক আমি কিমান সুধো ? নৈক আমি কিমান শুনো !???

অথচ নৈ মানৱ সভ্যতাৰ আত্মা, মন মগজু, হাত ভৰি সকলো ।

বিচাৰ বিবেচনা সকলো ধোঁৱা চাঙত তুলি আমি একোখন নৈৰ বুকুলৈ ঘৰৰ সীমা থেলো । নমৰা নৈক অত্যাচাৰ কৰি মাৰি পেলাও । গুৱাহাটীত আমি নৈ খনৰ নাম দিওঁ-' মৰা ভৰলু' !

জীয়া ভৰলী নৈ খনৰ নাম ফলকত আমি নৈ খনৰ নামটোকেই ভুলকৈ লিখো-'জীয়া ভৰালী' !

ছিঃ

সেইযে ম'বাইল চুৰ কৰা ল'ৰাটো- সি ধৰা পৰাৰ পিছত উপস্থিত ৰাইজক কৈছিল- "মই তহঁতে একো নকৰা বাবে ম'বাইল চুৰ কৰিছো । মোবাইল চুৰ কৰিছো, মিছ কল দিবলৈ । যাতে নৈৰ সুৰক্ষাৰ বাবে আমি কিবা এটা কৰিব পাৰো । ...মোবাইল বোৰত নাম লিখি থোৱা আছে । লৈ যাব পাৰ !"

ভাৰতবর্ষৰ এটি অনুষ্ঠানে নৈ বোৰৰ সুৰক্ষাৰ বাবে মানুহক সজাগ কৰিবলৈ, চৰকাৰক দায়িবদ্ধ কৰিবলৈ এটি মিছন আৰম্ভ কৰিছিল । নাম আছিল- Rally for River. তাৰ বাবে জনতাক আহ্বান কৰিছিল মিছ কল দিবলৈ । ...এটি মিছকল মানে এজন সজাগ জনতা যিয়ে নিজৰ, নিজৰ পৰৱৰ্তী প্ৰজন্ম বা পৃথিৱীৰ সুন্দৰ ভৱিষ্যতৰ বাবে নৈ বোৰৰ যত্ন লব খোজে !

আমি আজিকালি কিমানে পাতত খাবলৈ কি লৈছো, কলৈ কিয় খাব গৈ আছো, good morning, good evening কৈ ৰিল বনাও । ...একাধিক একো উপকাৰ নোহোৱা কামত ব্যস্ত হৈ সময় নষ্ট কৰো । অথচ, নৈবোৰৰ বাবে অকণ সময় উলিয়াই এটি মিছ কল নিদিওঁ !

কথাখিনি কবলৈ মন গ'ল । কাৰণ, মই দেখিছিলো এটি সুন্দৰ কামৰ সৈতে আপোনাক, মোক বা ৰাইজক সংযোজিত কৰিবলৈ নিৰ্মান কৰা এটি টিভি বিজ্ঞাপন ।

কেতিয়াবা মই অবাক হৈ চাই থাকো... ***************************************             ..চাই থাকো প্ৰকৃতিৰ সাজ-সজ্জা । সাজো...
23/07/2025

কেতিয়াবা মই অবাক হৈ চাই থাকো...
***************************************

..চাই থাকো প্ৰকৃতিৰ সাজ-সজ্জা । সাজোন-কাচোন ! কিমান ধৰণে যে নসজায় নিজক । কোনে কোনে যে নসজায় !

ৰাতি বোধকৰো অকণমান বৰষুণ দিছিল । পিছ ফালৰ দুৱাৰখন খুলিলেই দেখো ডিমৰু গছ জোপা । খহটা পাতৰ গছজোপাই অলেখ ফল দিয়ে । সেইবোৰ পোক পৰুৱাই খায় । খায়, বুলবুলি চৰাইবোৰে । চুটি শালিকা বা শালিকায় ।...

গছ জোপাৰ ফলবোৰত বৰষুণৰ টোপালবোৰ ওলমি আছিল । বৰষুণৰ টোপাল বোৰে সূৰুজৰ পোহৰ পাৰে মানে আতি আতি নিজৰ মাজত সুমুৱাই লৈছিল । সিহঁত একো একোটা হীৰাৰ-মুকুটাৰ টুকুৰা হৈ পৰিছিল ! সিহঁত একো একোটা সৰু সূৰুজ হৈ পৰিছিল ।

মই অবাক হৈ চাই আছিলো । চাই আছিলো । চাই আছিলো । চাই আছিলো ।

কি কথা ! কি সাংঘাতিক কাৰবাৰ ! এনেকৈয়ো নিজক সজাব পাৰে প্ৰকৃতিয়ে ।

ৱাও !

কেতিয়াবা আপোনালোকে চাবচোন প্ৰাকৃতিক ।

হেনৰিখ হাইনে,  মনজ্যোৎস্না মহন্ত আৰু এটি প্ৰখ্যাত অসমীয়া গীত...!*******************************************..কাব্যজগতৰ খ...
19/07/2025

হেনৰিখ হাইনে, মনজ্যোৎস্না মহন্ত আৰু
এটি প্ৰখ্যাত অসমীয়া গীত...!
*******************************************..কাব্যজগতৰ খবৰ ৰখা সকলৰ বাবে, কবিতা ভালপোৱা সকলৰ বাবে এটি চিনাকি নাম হেনৰিক হাইনে । ১৯শতিকাৰ জাৰ্মানীত যি সকলে নিজৰ কাব্য প্ৰতিভাৰে সকলোকে প্ৰভাৱিত কৰিছিল, তেওঁলোকৰ অন্যতম এগৰাকী আছিল হেনৰিখ হাইনে । আৰু সেই হেনৰিক হাইনেৰ এক প্ৰখ্যাত সৃষ্টি হৈছে 'ডি লোৰেলি' ! জাৰ্মান সমাজত প্ৰচলিত এক কিংবদন্তীৰ আধাৰত কবিগৰাকীয়ে লিখিছিল সেই বেলাডটো।...

বেলাডৰ নায়িকা এগৰাকী জলকুঁৱৰী ।
ৰাইন নৈৰ সিটো পাৰৰ এচটা শিলত তাই মাজে মাজে বহে । জিৰায় । নিজৰ সৈতে কথা পাতে ।অলেখ অলংকাৰেৰে নিজক সজাই থোৱা জলকুঁৱৰীৰ সোণৰ মণিবোৰ জিলিকি থাকে ।
তাইৰ গীতত, মাতত ভাঁহি উঠে অৰণ্যৰ আদিম গোন্ধ ।
..সন্ধিয়াৰ সুৰুজৰ পোহৰত দূৰৈৰ পাহাৰৰ শিখৰবোৰ জিলিকি উঠে । হেঁপাহেৰে ফণিয়াই লোৱা তাইৰ শুকুলা সোণালী চুলিবোৰে ঢৌ খেলে। অপূৰ্ব সুন্দৰী জলকুঁৱৰীজনীক নাৱৰীয়া এজনে দেখে । তাইৰ ওচৰলৈ যাব বিচাৰে । সি তাইৰ কেঁচামাটিৰ গোন্ধ থকা গীত আৰু সুৰৰ মায়াত বন্দী হয় । ...কিন্তু দেও লগা নৈৰ পানীয়ে তাইক সকলোৰে পৰা আঁতৰাই বচাই ৰাখে ! নাও আৰু নাৱৰীয়া তাইৰ গীতৰ প্ৰাচীন সুৰত শেষ হয় ।..........................হেনৰিখ হাইনেৰ এই বেলাডটো মহাবিদ্যালয়ৰ পুথিভঁৰালত পঢ়িছিল অসমৰ এগৰাকী সুগায়িকাই । তেখেতে প্ৰভাৱিত হৈছিল । আৰু সেই অনুভৱক সাঁচি লৈ গৈ জনাইছিল নিজৰ পিতৃক । অসমৰ, গীত আৰু কবিতাৰ পৃথিৱীক সেউজীয়া কৰা সেই ব্যক্তি গৰাকীৰ নাম আছিল কেশৱ মহন্ত । হেনৰিখ হাইনেৰ বেলাডক কঢ়িয়াই নিয়া শিল্পী গৰাকী আপোনাৰ বৰ আপোন । চিনাকি । নাম-মনজ্যোৎস্না মহন্ত । ঘৰৰ সকলোৰে বাবে 'জিৰণি' ।

সন্দিকৈ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা, মনজ্যোৎস্না মহন্ত তেখেতৰ কণ্ঠ, তেখেতৰ গীতৰ বাবেই অসমৰ প্ৰতিগৰাকী গীত ভালপোৱা মানুহৰ চিনাকি । সেয়াই আচলতে তেখেতৰ প্ৰথম পৰিচয় । সেয়ে কেতিয়াবা, তেখেত কোন বা কাৰ কি হয় কব মনেই নাযায় ! ...

নিজৰ গুনেৰে নিজৰ পৰিচয় লিপি লিখা মনজ্যোৎস্না মহন্ত অসমৰ এগৰাকী সন্মানীয় কবি-গীতিকাৰ কেশৱ মহন্ত আৰু অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ বৰগীতৰ শিল্পী নিকুঞ্জলতা মহন্তৰ জীয়ৰী । অসমীয়া ছবিৰ গীতক এক বিশেষ মাত্ৰা প্ৰদান কৰা সংগীত পৰিচালক ৰমেন বৰুৱাৰ খুলশালী । দ্বীপেন বৰুৱা তেখেতৰ সৰু ভিনিহি । মনজ্যোৎস্না মহন্তৰ স্বামী হৃদয় গোস্বামী ৰাজ্যৰ এগৰাকী গুণী তবলা বাদক । তেখেত ভূপেন ককাইদেউ(হাজৰিকা)ৰ সহযোগী বাদ্যশিল্পী সূৰ্য গোস্বামীৰ ভাইটি । মনজ্যোৎস্না মহন্তৰ মোমায়েক খগেন মহন্তক বাৰু কোনে নাজানে । মামীয়েক অৰ্চনা মহন্তৰ কথা ক'ম জানো ! মনজ্যোৎস্না মহন্ত ভাৰতীয় সংগীতৰ জগতত এখনি আসন সৃষ্টি কৰা পাপন অংগৰাগ মহন্তৰ বায়েক ।
..সেয়ে বোধকৰো তেখেতো আন বোৰৰ দৰেই খুব সংবেদনশীল । আৰু বোধকৰো সেই বাবেই তেখেতে হেনৰিখ হাইনেৰ কবিতাক মন মগজুত লৈ গৈ কৈছিল নিজৰ পিতৃ কেশৱ মহন্তক ।

"...এনে এটা গীত হব নোৱাৰেনে ?"
"...ও ! পাৰে । হব পাৰে । চাওঁচোন মই কি কৰিব পাৰো !"
..কেশৱ মহন্তই লিখিছিল এটি গীত । নিজৰ ছোৱালীৰ বাবে । নিজৰ ছোৱালীৰ অনুৰোধত । গীতটো অৱশ্যে গোৱা হোৱা নাছিল ।

সময় বাগৰিল ।

পৰৱৰ্তী সময়ত ভাৰতবর্ষৰ ৰাজ্যিক পৰৰাষ্ট্ৰ বিভাগৰ মন্ত্ৰী হোৱা পবিত্ৰ মাৰ্ঘেৰিটাই এদিন জুবিন গাৰ্গৰ বাবে এটি গীত বিচাৰি কেশৱ মহন্তদেৱৰ ওচৰ চাপিছিল । সেইসময়ত মহন্তদেৱৰ ওচৰত গীত নাছিল । তেখেতে নিজৰ অক্ষমতা ব্যক্ত কৰিলে । কিন্তু, কথাষাৰ শুনিলে মনজোষ্ণা মহন্তই । তেখেতে গীতটো জুবিন গাৰ্গক দিবলৈ অনুৰোধ কৰিলে !

"তুমি সেই গীতটো দি নিদিয়া কিয় ?"
"কিন্তু, সেইটো গীত তোৰ হে !...মই তোৰ বাবেহে লিখিছিলো !"
" একো নহয় দিয়া । জুবিনে গালে ভালেই হব !"
..গীতটো জুবিন গাৰ্গক দিয়া হ'ল । জুবিনে সুৰ দিলে । গালে । অসমে পালে এটি অতীৱ সুন্দৰ গীত মনজ্যোৎস্না মহন্তৰ বাবে । ৰাইন নৈ জলকুঁৱৰী আকৌ জিলিকি উঠিল ।

কেশৱ মহন্তৰ কলমেৰে মনজ্যোৎস্না মহন্তৰ অনুৰোধে ৰূপ পালে এনেদৰে-

" আন* যোৱা বাটে নোযোৱা
ছোৱালীজনী
পোৱানে চিনি...পোৱানে চিনি !
আন যোৱা বাটে নোযোৱা

নৈৰ পাৰৰ
এছটা শিলত বহি
পানীৰ কু ভা চাই

সোণ বৰণীয়া
চুলিটাৰি মেলি
তাই জানো কি পায়

বুকুত বিচাৰে
কাণ পাতি তাই
সুৰৰ গুণগুণনি
আন যোৱা বাটে নোযোৱা.....

ডিঙা বাই বাই
নাৱৰীয়া আহে যায়
তাইলৈ কেৰাহিকৈ চায়

তাইৰ কাষলৈ
যাওঁ কি নাযাওঁ কৈ
নাওঁ খন নিয়ে চপাই

পাৰলৈ কেনেকৈ
উঠিব সিঁহত
নৈৰ দেও লগা পানী

আন যোৱা বাটে নোযোৱা......।

**********************************
(*আন যোৱা । আনে যোৱা নহয় ।)

কপি ৰাইট কপি ৰাইট...**********************************     ..কিছুমান কথা কৈ ভাল লাগে । শুনি ভাল লাগে । পঢ়ি ভাল লাগে । তে...
19/07/2025

কপি ৰাইট কপি ৰাইট...
**********************************





..কিছুমান কথা কৈ ভাল লাগে । শুনি ভাল লাগে । পঢ়ি ভাল লাগে । তেনে এটি কথা মোৰ আপোনাক কবলৈ মন গৈছে । ...কওঁ হা !😊

মই মনে প্ৰাণে যি সকলক মানো, সন্মান কৰো, পূজা কৰো- তেওঁলোকৰ এজন হৈছে ডঃ এ পি জে আব্দুল কালাম । এগৰাকী জ্ঞানী, দাৰ্শনিক পণ্ডিত, বৈজ্ঞানিক ।
..তেখেতক এই অধমে দুবাৰ লগ পাইছিলো । এবাৰ দিল্লীত । এবাৰ গুৱাহাটীত । দিল্লীত লগ পোৱাৰ সময়ত তেখেতৰ পৰিচয় আছিল এগৰাকী বৈজ্ঞানী বুলি । দ্বিতীয় বাৰ লগ পোৱাৰ সময়ত তেখেতৰ পৰিচয় সলনি হৈছিল । তেতিয়া তেখেত হৈছিল, পৃথিৱীৰ বৃহৎ আৰু সফল গণতন্ত্ৰৰ প্ৰথম গৰাকী নাগৰিক । তেখেত হৈছিল ভাৰতবর্ষৰ তিনিওটা বাহিনীৰ আধিনায়ক । মানে, সৰ্বাধিনায়ক ।

তেখেতক লৈ বহু কথা কব পাৰি । তেখেত বহু কথাৰ উৎস । তেখেত বহুতৰ উৎসাহ ।

তীক্ষ্ণধী এপিজে আব্দুল কালাম ছাৰ আছিল ৰসৰ ভাণ্ডাৰ । চোকা মানুহৰ ধেমালিবোৰ বৰ ভাল লগা হয় ।

এবাৰ গুণী শিল্পী চনু নিগমে এপিজে আব্দুল কালামৰ হাতেৰে বঁটা গ্ৰহণ কৰিছিল । বঁটা গ্ৰহণৰ সময়ত দুটামান মুহূৰ্তত কালামে লক্ষ্য কৰিলে চনু নিগমৰ চুলিৰ ষ্টাইল বেলেগ । (...মন কৰক, তেখেতে জনপ্ৰিয় গায়ক এজনৰ চুলিৰ ষ্টাইল লক্ষ্য কৰিবলৈ সময় উলিয়ায় !)

তেখেতে বঁটা প্ৰদান কৰি চানু নিগমলৈ চালে । চকুত প্ৰশ্ন । দুষ্টামি । ...আৰে, তোমাৰ চুলি !!

চনু নিগমে বুজি পালে । তেখেতে কলে-"ছাৰ, আপোনাৰ দৰেই সজাইছো মোক । আপোনাৰ।চুলিৰ ষ্টাইল নকল কৰিছো !"

এক মুহূৰ্তত এটা বিৰাট পবিত্ৰ, সৰল হাঁহিৰে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে চিঞৰি উঠিল-" কপি ৰাইট...কপি ৰাইট...কপি ৰাইট !"

ইতিমধ্যে হাঁহি বোৰ চিটিকি গৈ উপস্থিত অলেখ মানুহৰ ওঁঠ চুইছিল ।

22/06/2025

ৰজা-ৰাণী, ধনী-দুখীয়া ইত্যাদি...!
***********************************

..সোনম ৰঘুবংশীয়ে ৰাজা'ক দেহ দিলে নে, দিছিল নে নাই নাজানো । জানো- মন মুঠেই দিয়া নাছিল । কাৰণ যিয়েই নহওঁক, এজন মানুহৰ হত্যাৰ কথা ভবা নাইবা তেনে এটি কামত নিজকে জড়িত কথা আমি নাভাবো । সেয়া আমাৰ বাবে গ্ৰহনীয় নহয় । আমি সীমানলৈ নাভাবো । ভাবিব নোৱাৰো । ব্যক্তিগত ভাবে কওঁ- এজন মানুহ মোৰ বাবে অক্ষমনীয় হব পাৰে কিন্তু মানুহজনৰ হত্যাৰ বিষয়ে মই ভাবিব নোৱাৰো । অন্ততঃ তেনে কামে মোক ক্ষান্ত কৰিব নোৱাৰে । শান্ত কৰিব নোৱাৰে ।...

সমাজ মাধ্যমত বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিলে । আৰু এতিয়া আমি বিৰক্ত ।...মূল কথা, হত্যা কৰিছে । বেয়া কাম কৰিছে ।

সোনম কাণ্ডই মোৰ দৰে বহুতকে আমনি দিয়াৰ সময়ত হঠাৎ চকুত পৰিল, তেনে ঘটনাৰ সম্পূৰ্ণ বিপৰীত ছবি এখনত । কি যে ভাল লগা !...একাধিকবাৰ চাইছো মই । হেঁপাহ নপলায় মোৰ । চাওঁ । হাঁহো । কান্দো ।...ভিডিওটোৰ 'ভিৱাৰ্ছ'ৰ সংখ্যালৈ মন দিওঁ । বহু লাখ মানুহে ইতিমধ্যে চাইছে । তেওঁলোকৰ মাজত ময়ো এজন ।

মনে কয়, আপুনিও চাই খুব ভাল পাব ।
..নিৰুটি আৰু শান্তা দুয়ো এতিয়া ডেকা-গাভৰু হৈ থকা নাই । যৌৱনে মেলানি মাগিছে । ৰাজহাড় বেঁকা হৈছে । দেহ ভাগিছে । মাথো ভোগা নাই মন ।

নিৰুটি সিন্ধে আৰু শান্তাবাই দুখীয়া । দুয়ো প্ৰায়েই আনৰ সহায়েৰে চলে । কিন্তু, বহু দুখৰ মাজতো তেওঁলোক বৰ ধনী । তেওঁলোকৰ মন ভালপোৱাৰ অমৃত ধনেৰে ভৰি পৰা । নিৰুটি-শান্তা- দুয়ো দুয়োকে বৰ ভাল পায় । সেয়ে কেতিয়াবা হয়তো শান্তাৰ নাৰীমনে নিৰুটক খুজিছিল এডাল মঙ্গলসূত্ৰ ।

হয়তো নিৰুতেও কৈছিল- "দিম দে !"
ভালপোৱা নাৰী গৰাকীক কিবা এটা দিবলৈ মন যায় । নাযাব কিয় ।

এদিন মহাৰাষ্ট্ৰৰ সম্ভাজি নগৰৰ নিৰুটি আৰু শান্তা ওলাল দোকানলৈ । তেওঁলোক সোমাল এখন বিশাল গহনাৰ দোকানত । নাম- গোপীকা জুৱেলাৰ্চ ।

নিৰুতে একো নাজানে । নাজানে সময় কিমান আগুৱালে । নাজানে টকাৰ মূল্য কিমান কমিলে । নাজানে- বস্তুৰ দাম, সোণৰ দাম কিমান বাঢ়িলে । ...তেখেতে বিশেষ একো নাজানে । জানে, তেখেতৰ ভালপোৱা মানুহগৰাকীক কিবা এটা উপহাৰ দিব লাগে । এডাল মঙ্গলসূত্ৰ লাগে ।

দিব লাগে ।

গোপীকা জুৱেলাৰ্চৰ মালিক সেইসময়ত দোকানত উপস্থিত আছিল । নাম নিলেশ খনচাৰ । তেখেতে আশীতোপৰ নিৰুতৰ সৈতে কথা পাতিলে । নিৰুটক এডাল মঙ্গলসূত্ৰ লাগে । পৰিবাৰৰ বাবে । শান্তাবায়ে মঙ্গলসূত্ৰ পছন্দ কৰিলে । বৃদ্ধ নিৰুতে পইচা উলিয়ালে । ...কেইখনমান এশটকীয়া, পঞ্চাশ টকীয়া, বিশ টকীয়া ! মুঠতে প্ৰায় ১২০০/- টকা।

পূৰ্বে উল্লেখ কৰিছিলো- তেওঁলোকে একো নাজানে । নাজানে সোণৰ মূল্য । জানে, ভালপোৱা ।

গোটেই কাৰবাৰটো লক্ষ্য কৰি আছিল মালিক নিলেশ খনচাৰে । তেখেতে খুব মজা পালে । তেখেতে খুব কথা পাতিলে । মঙ্গলসূত্ৰ ডাল দিলে । দিলে কানফুলি এযোৰো !...

বৃদ্ধা শান্তাবায়ে পইচা আগবঢ়াই দিয়াত খনচাৰে মাথো বিশটকা ৰাখি সকলো পইচা উভতাই দিলে ।
..সমগ্ৰ ভিডিওটো দেশ জুৰি বিয়পি পৰিছে । বিয়পি পৰিছে কেইবাটাও বাৰ্তা । (এক) বেহা- বেপাৰ কৰা সকলো বেপাৰী নহয় । ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড সদৃশ এইসকল ব্যক্তিৰ বাবে টকাই সকলো নহয় । মানৱীয় গুণৰাশি যেনে দয়া, মৰম স্নেহ তেওঁলোকৰো আছে । এতিয়াও আছে ।
(দুই) নিৰুটি-শান্তা নহয় দুখীয়া । তেওঁলোক প্ৰেম বিশ্বাসেৰে সেউজীয়া । ৰাজ সূৰ্যবংশী প্ৰেমৰ ঐশ্বৰ্য বিভূতিৰে ৰজা হব নোৱাৰিলে । ভালপোৱাৰ নিৰস মৰুভূমিত তেখেতৰ মৃত্যু হ'ল । দুখীয়া শান্তা বাই ভালপোৱাৰ বাবেই এদিনৰ বাবে হলেও ৰাণীৰ দৰে হ'ল ।

(Videw টো চাবলৈ নাপাহৰিব !)

পেন্দুলামত ওলমি থকা প্রশান্তিবোৰ...!.......................................................................বহুদিনৰ আগেয়ে...
15/06/2025

পেন্দুলামত ওলমি থকা প্রশান্তিবোৰ...!.....................................................................
..বহুদিনৰ আগেয়ে 'নন্দিনী'ৰ অফিচলৈ গৈছিলো । পাবলগীয়াখিনি লৈ বিদায় লোৱাৰ আগেয়ে মাইনীবাৰ সৈতেআড্ডা হৈছিল ।...কথা প্ৰসংগত মাইনী বাই সুধিছিল-"এই মনোজ, তুমি অমুকীক জানা ?"

"জানো !"

"ক'ত থাকে আজিকালি ? লিখে নে নিলিখে ? আগেয়ে লিখিছিল । ...কিবা এটা বিচাৰি থাকোতে পুৰণি লিখাত নামটো দেখি মনত পৰিল ! ফোন কৰিব লাগিব । লিখা মানুহে নিলিখা হ'লে ভাল নালাগে !"
..বহুদিন ময়ো তাইক দেখা নাই । কথা পতা নাই ! আগেয়ে আমি সকলোকে এৰি এঠাইত বহি খুব কথা পাতিছিলো । জোৰে জোৰে হাঁহিছিলো । হাঁহিৰ ভৰত আমি দোঁ খাই পৰিছিলো । ( কোনোৱে কৈছিল-"গছৰ ডাল তেতিয়া হালে যেতিয়া ফলবোৰ ৰসেৰে ভৰি পৰে !"...আমাৰ মনবোৰ বোধকৰো ৰসেৰে ভৰি পৰিছিল ! )

"বুজিছে মনোজদা, সিদিনা ভাবিলো লিখিম । আইডিয়া আহি গ'ল । চাল...আ...আ... এক ৰাতিত গল্প শেষ !"
..আকৌ হাঁহি । তাই গল্প লিখে ; মন গলে ।
তাই একোৱেই নিলিখে মন নগলে বা মনে নকলে ।

তাৰপিছত দেখাদেখি নাই । হঠাৎ এদিন আকৌ লগ পালো ; গ্ৰন্থ মেলাত ।

"ম...নো...জ...দা...!"

"হেই...!"
- আমাৰ চিঞৰে এক মুহূৰ্তৰ বাবে হলেও বহু মানুহৰ ডিঙি আৰু দৃষ্টি কোঙা কৰি পেলাইছিল । মানুহবোৰে আমাৰ ফালে বেকাকৈ চাইছিল । তাই মোৰ ফালে চাইছিল । মই তাইৰ ফালে ।...দূৰৈত তাই । তাইৰ সৈতে তাইৰ ল'ৰা ।

তাইৰ বিয়া হৈছিল ।

সেইদিনাও আমি বহু কথা পাতিছিলো । হাঁহিছিলোঁ । তাই মোক তাইৰ ফোন নম্বৰ দিছিল ।...দি ঘৰলৈ বাট লৈছিল ।

মই তাই যোৱালৈ অকণ চাই তাৰ নম্বৰটো 'চেভ' কৰিব খুজিলো । কিন্তু জেং লাগিল ।

তাইৰ নামটো কি আছিল !?

"কে.....!"-মনক গালি দিলো । দিলে কি হব ; মনত নপৰিল । কিন্তু নম্বৰটো চেভ কৰিব লাগিব ন !...উপায় ওলাল । মই তাইৰ নম্বৰ চেভ কৰিলো ।

"কি বুলি ?"

"বহুদিন...Bahudin 95359...!"

"এইটো আকৌ কি নাম ?"

"নহয়, নামটো মনত পৰা নাই এতিয়াও ।...বহুদিন পিছত লগ পালো যে...সেয়ে তাইৰ নাম এতিয়া বহুদিন !"

*************************************

আজি 'বহুদিনে' ফোন কৰিছিল ।

"মনোজদা...!"

"ঐ, ক...!"

"আপুনি ঘৰত নাই ন !"

"কথা কি ঐ...!"

"...বৰষুণ দিলে আপুনি ঘৰত থাকে জানো !"

-তাইৰ মাতটো অকণ বেলেগ লাগিছিল ।

"নিজে কাপোৰ লৈ শুই আছ ন !"

"নাই, মনোজদা । মোৰ জ্বৰ । দিনত সময়েই নাথাকে জিৰণি লবলৈ !..."

"ভালেই হৈছে । আৰু বিয়া পাত...পাইছ মজা !"

"ও মনোজদা, আপুনি যে আপডেট দিছিল, মন গলে চাব পাৰে চিনেমাখন...পেন্দুলাম ! ...মই চালো । লিখিম ।...মই আপডেট দেখিয়েই ভাবিছো, মনোজদাই কৈছে, নোচোৱাকৈ থাকিব নোৱাৰি !"

বহুদিনৰ পিচত আমি বহু কথা পাতিছিলো... আকৌ ! তাই লিখিব । লিখিব মন গৈছে তাইৰ । তাই লিখিব 'পেন্দুলাম'ৰ কথা ।

********************************

মানুহে মানুহক, পুৰুষে এগৰাকী নাৰীক ভাল পায় । এগৰাকী গাভৰুৱে এজন যুৱকক বা এজন যুৱকে এগৰাকী গাভৰুক ভাল পায় । পাব পাৰে ।

কেতিয়াবা ভালপোৱাই অকণ অধিকাৰ বিচাৰে । অধিকাৰে কয়, তই মোৰেই হৈ থাক । ...আমাৰ মাজত আৰু কোনোৱেই নাথাকক ।

কিন্তু, যদি ছোৱালীজনীয়ে ভাৱে-তাইক জোৰ কৰা হৈছে । আদেশ দিয়া হৈছে । চলাব বিচৰা হৈছে । তেন্তে ?

তেন্তে, ভালপোৱা ৰং সলনি হব পাৰে । অৱচেতন মনে আন এজনক বিচাৰিবলৈ আৰম্ভ কৰিব পাৰে !...তেনে হব পাৰে ।

তেনে হৈছিল 'পেন্দুলাম' নামৰ ছবিখনত । নায়িকাই নিজৰ অৱচেতন মনত বিৰাট গোপনে বিচাৰিব ধৰিছিল নিজৰ প্ৰিয়জনক ।...তাই অঁকা ছবিত সি জিলিকি উঠিছিল ।

ছবিত জিলিকি থকা জনে গম পোৱা নাছিল, সি কোনোবা দুজনৰ ভালপোৱাৰ পৃথিৱীত নজনাকৈ সোমাই পৰিছে । শেষত সি জানিবলৈ চেষ্টা কৰে, হৈছে কি তাৰ জীৱনত । সি একো নজনাকৈ কিয় এনেবোৰ ঘটনা ঘটিছে, যাৰ বাবে সি দায়ী নহয় । সি আনৰ ভালপোৱাৰ পৃথিৱীৰ পৰা ওলাই আহি নিজৰ ধৰণে থাকিব বিচাৰে ।

এইফালে যি গৰাকী যুৱকে হেঁপাহেৰে ছোৱালীজনীক বিচাৰিছিল, সি গম পাইছিল- তাই আন কোনোবাক সিহঁতৰ ভালপোৱাৰ কথা জনাইছে । তাই অঁকা ছবিৰ পৰা এই এতিয়া মানুহৰ ৰূপ লৈছে । যেতিয়ালৈ গাভৰু গৰাকীৰ কল্পনাৰ নায়কে গাভৰু গৰাকীক নিজৰ কৰিব বিচৰা জনক লগ নাপায়, কথাবোৰ স্পষ্ট নহয় তেতিয়ালৈ সি মুক্তি নাপায় !- এয়া ছবিখনৰ কাহিনী ।
..মই ভাবো, মানুহে লিখে কিয় ? কবিতা, গল্প, উপন্যাস, কাব্য-মহাকাব্য !
মানুহে গায় কিয় !
বাদ্য বজায় কিয় !
অভিনয় কৰে কিয় ?
মানুহে হাঁহে কিয় ?
কান্দে কিয় ?
মানুহে ভাৱে কিয় ?
মানুহে মানুহক ভাল পায় কিয় ?
নাপায় কিয় ?
মানুহে আকাশলৈ আশাৰে চায় কিয় ?
মানুহে সাগৰ তলিত শুব বিচাৰে কিয় ?

প্ৰকৃতিয়ে প্ৰকাশ কৰে ৰাতি হৈ
দিন হৈ
বৰষুণ হৈ
বতাহ চৰাই হৈ
হাবি হৈ

মানুহে প্ৰকাশ কৰে আখৰেৰে...
মানুহে প্ৰকাশ কৰে ছবিৰে...

'পেন্দুলাম' ছবিখন সেই একেই ভালপোৱাৰে নিৰ্মান কৰা হৈছিল । ভালপোৱাৰ চিনেমা ভালপোৱাৰে নিৰ্মান কৰিছিল ।

একেই ভালপোৱাৰে মই ছবিখন চাইছিলো । হয়তো আপুনিও চাব ।

কাৰণ- মানুহৰ ভালপোৱা, মানুহৰ শান্তি-প্রশান্তি ওলমি থাকে মানুহৰ কবিতাত, গীতত, গল্পত, উপন্যাসত, কাব্যত বা মহাকাব্যত ।

নাইবা,পেন্দুলামত ।

Address

Guwahati-nagaon Road
Guwahati
781006

Alerts

Be the first to know and let us send you an email when Sugandhi ramdhenu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sugandhi ramdhenu:

Share