27/07/2025
টিহুত "নিচা মুক্ত ভাৰত অভিযান"ৰ অধীনত সচেতনতামূলক সভা অনুষ্ঠিত
টিহু, নলবাৰী | ২৬ জুলাই:
নিচা মুক্ত ভাৰত অভিযানৰ অধীনত নলবাৰী জিলা সমাজ কল্যাণ বিভাগ আৰু নক্ষত্ৰ ফাউণ্ডেছনৰ যৌথ উদ্যোগত টিহুত এখন সচেতনতামূলক সভা আৰু অভিযান সফলভাৱে অনুষ্ঠিত হয়। এই সভাত টিহু অঞ্চলৰ যুৱ সমাজ, সমাজকৰ্মী আৰু স্থানীয় ৰাইজে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিত নলবাৰী সমাজ কল্যাণ বিভাগৰ ক্ষেত্ৰ পৰিদৰ্শক খনিন হালৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণত তেওঁ বৰ্তমান সময়ত গ্ৰাম্য আৰু মফচল অঞ্চলসমূহত নিচাসক্তি বিশেষকৈ যুৱচামৰ মাজত এক গুৰুতৰ সামাজিক সমস্যা হিচাপে দেখা দিছে বুলি উল্লেখ কৰে। তেখেতে নিজৰ বক্তব্যৰ মাজেৰে নিচা মুক্ত ভাৰত অভিযান ৰ মূল উদ্দেশ্য— যিকোনো ধৰনৰ নিচাৰ প্ৰতি সজাগতা সৃষ্টি, ইয়াৰ কু-প্ৰভাৱ বুজোৱা আৰু সমাজক একত্ৰিতভাৱে এই সমস্যাৰ সমাধান বিচাৰিবলৈ উৎসাহিত কৰাৰ বিষয়ে ব্যাখ্যা কৰে। লগতে এই অভিযান সফল কৰাৰ ক্ষেত্রত উপস্থিত ৰাইজৰ পৰা সেচ্ছাসেবক হিচাপে যুক্ত হবলৈও আহ্বান জনায়।
উক্ত সভাত আমন্ত্ৰিত দুজন অতিথি ক্ৰমে গীতাৰ্থ শৰ্মা আৰু কুলেন্দ্ৰ পাটোৱাৰীয়ে মূল্যবান মতামত আগবঢ়ায়—
নির্ভয় ৰিহেবিলিটেশ্যন চেন্টাৰৰ প্ৰতিস্থাপক গীতাৰ্থ শৰ্মাই বক্তব্যৰ মাজেৰে নিচাৰ মানসিক আৰু ইয়াৰ শাৰীৰিক কু প্ৰভাৱৰ ওপৰত বিস্তৃত আলোচনা কৰে। তেখেতে বাস্তৱিক উদাহৰণৰ জৰিয়তে নিচাসক্ত ব্যক্তিৰ বাবে নিচামুক্তিৰ আৰু পুনৰ্বাসনৰ প্ৰয়োজনীয়তা আৰু সমাজিক সহানুভূতিৰ প্ৰয়োজনীয় দিশবোৰ ফহিয়াই বাখ্যা কৰে। নিচাৰ পৰা কেনেকৈ আতৰি থাকিব পাৰি তথা নিচাসক্ত ব্যক্তি এজনকো কেনেকৈ সমাজৰ মূল সূতিলৈ ঘূৰাই আনিব পাৰি তাৰ ওপৰতো মত আগবঢ়ায়।
আনজন বক্তা অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক কুলেন্দ্ৰ পাটোৱাৰীয়ে যুৱ সমাজৰ মাজত নিচাৰ মূল কাৰণসমূহৰ বিষয়ে বহল আলোচনা কৰে আৰু পৰিয়াল তথা বিদ্যালয়ৰ দায়িত্বশীল ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই অনুষ্ঠান নক্ষত্ৰ ফাউণ্ডেছনৰ সম্পাদক কংকনজ্যোতি কলিতা আৰু কোষাধক্ষ মৃদুপবন পাটোৱাৰীৰ নেতৃত্বত তথা জিলা সমাজ কল্যাণ বিভাগৰ প্ৰত্যক্ষ সহযোগত সফলভাৱে অনুষ্ঠিত হয়। নক্ষত্ৰ ফাউণ্ডেছনে বৰ্তমান সময়ৰ অত্যন্ত এক জলন্ত সমস্যা নিচাৰ বিপক্ষে এনে এক কাৰ্যসূচীত সমাজ কল্যাণ বিভাগৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ভবিষ্যতো এনে ধৰণৰ সচেতনতা মূলক কাৰ্যসূচী আগবঢ়োৱাৰ দৃঢ় প্ৰতিশ্ৰুতি দিয়ে।
অনুষ্ঠানত টিহু অঞ্চলৰ স্থানীয় যুৱ সমাজ আৰু ৰাইজৰ ব্যাপক উপস্থিতি পৰিলক্ষিত হয়। অনুষ্ঠানটো এখন মুক্ত আলোচনাৰ মঞ্চ হিচাপে পৰিগণিত হোৱা দেখা যায় যিয়ে নিচা-বিৰোধী চিন্তাধাৰা আৰু সমাজিক সহভাগিতাক অধিক শক্তিশালী কৰি তুলিব। ।
সভাৰ অন্তত উপস্থিত সকলোৱে "নিচামুক্ত, সুস্থ আৰু উন্নত সমাজ গঢ়ি তোলা।" দৃঢ় সংকল্প গ্ৰহণ কৰে আৰু তাৰ বাবে নিজৰ পূৰ্ণ যোগদানৰ কথা দোহাৰে।