গুৱাহাটী মহানগৰ জিলা জমিয়ত উলামা / Guwahati Metro Jamiat Ulama

  • Home
  • India
  • Guwahati
  • গুৱাহাটী মহানগৰ জিলা জমিয়ত উলামা / Guwahati Metro Jamiat Ulama

গুৱাহাটী মহানগৰ জিলা জমিয়ত উলামা / Guwahati Metro Jamiat Ulama Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from গুৱাহাটী মহানগৰ জিলা জমিয়ত উলামা / Guwahati Metro Jamiat Ulama, Community Organization, Guwahati.

08/04/2026

Celebrating my 4th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

05/03/2025

#আলহামদুলিল্লাহ।
ইফতাৰ বিতৰণৰ কাৰ্যসূচীৰ আজি চতুৰ্থ দিন।

মাননীয় ড° মৌলানা মুস্তাক আনফৰ চাহাবৰ পদাংক অনুসৰণ কৰি মৌলানা কলিম উদ্দিন চাহাবৰ পৰামৰ্শ অনুযায়ী গুৱাহাটী মহানগৰ জিলা জমিয়তৰ উদ্যোগত গ্ৰহণ কৰা নিয়মীয়া ইফতাৰ বিতৰণ কাৰ্যসূচীৰ #চতুৰ্থ দিনৰ কিছু দৃশ্য।

আজিৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আমাৰ মাননীয় উপ-সভাপতি অধিবক্তা আবুল কাছিম চাহাব আৰু সদস্য আৰ্শ্বাদ আলী ডাঙৰীয়াই। অনাগত দিনত আপোনালোকৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।

(মহান স্ৰষ্টা আল্লাহ তা'আলাই আমাক সকলোকে বেছি বেছি নেক্ আমল কৰাৰ তৌফিক দান কৰক, আমিন।)

শ্ৰদ্ধাৰে-
পাৰভেজ মাৰুফ

04/03/2025

#আলহামদুলিল্লাহ।
ইফতাৰ বিতৰণৰ কাৰ্যসূচীৰ আজি তৃতীয় দিন।

মাননীয় ড° মৌলানা মুস্তাক আনফৰ চাহাবৰ পদাংক অনুসৰণ কৰি মৌলানা কলিম উদ্দিন চাহাবৰ পৰামৰ্শ অনুযায়ী গুৱাহাটী মহানগৰ জিলা জমিয়তৰ উদ্যোগত গ্ৰহণ কৰা নিয়মীয়া ইফতাৰ বিতৰণ কাৰ্যসূচীৰ কিছু দৃশ্য।

আজিৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে আমাৰ মাননীয় সভাপতি মৌলানা ফখৰুদ্দিন আহমেদ কাছিমী আৰু উপ-সভাপতি পিৰশ্বাদ আলী ডাঙৰীয়াই। অনাগত দিনত আপোনালোকৰ সহায়-সহযোগিতা আৰু পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিলোঁ।

(মহান স্ৰষ্টা আল্লাহ তা'আলাই আমাক সকলোকে বেছি বেছি নেক্ আমল কৰাৰ তৌফিক দান কৰক, আমিন।)

শ্ৰদ্ধাৰে-
পাৰভেজ মাৰুফ
অতিৰিক্ত সাধাৰণ সম্পাদক, কামৰূপ (গুৱাহাটী) মহানগৰ জিলা জমিয়ত উলামা।
____________________________________________

গুৱাহাটী মহানগৰীৰ ফুটপাথত বসবাস কৰা দৰিদ্ৰ লোক, বিভিন্ন ঠাইৰ পৰা অহা মুছাফিৰসকলৰ বাবে ইফতাৰ যোগানৰ লগতে িশ্ববিদ্যালয়ৰ_হোষ্টেলত থাকি অধ্যয়ন কৰা ৰোজাদাৰ ছাত্ৰীসকলৰ বাবে চেহেৰী যোগান ধৰা কাৰ্যসূচীত সহায়-সহযোগিতা আগবঢ়াই অসীম ছোৱাবৰ সমভাগী হবলৈ আমাৰ সৈতে সংযুক্ত হওক।

WhatsApp গ্ৰূপত আহক 👇👇👇

https://chat.whatsapp.com/LeBQbEyiB4BE6GQkRRYqS7

03/03/2025

আলহামদুলিল্লাহ

গুৱাহাটী মহানগৰ জিলা জমিয়তৰ উদ্যোগত আজি দ্বিতীয় ৰমজানৰ বিনামূলীয়া ইফতাৰ বিতাৰণ কাৰ্যসূচীৰ কিছু দৃশ্য।

ভাৰত চৰকাৰে সংসদত উত্থাপন কৰা ৱাকফ সংশোধনী বিধেয়ক   সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিয়ে আজি গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত ব...
09/11/2024

ভাৰত চৰকাৰে সংসদত উত্থাপন কৰা ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিয়ে আজি গুৱাহাটীৰ হোটেল তাজ ভিভান্টাত বিভিন্ন পক্ষৰ মতামত তথা পৰামৰ্শসমূহ গ্ৰহণ কৰে। অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাব নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰাও এটা সজাতি দলটোৱে যুটীয়া সংসদীয় কমিটি (JPC)ৰ লগত সাক্ষাৎ কৰি ৱাকফ্ সংশোধনী বিল-২০২৪ৰ তীব্ৰ বিৰোধিতা কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত সজাতি দলটোত উপস্থিত থাকে মৌলানা আব্দুৰ ৰশ্বিদ কাছিমী চাহাব সাধাৰণ সম্পাদক ,
হাজী ফুৰকান আলী চাহাব কোষাধ্যক্ষ, আখতৰ হুছেইন চাহাব উপ-সভাপতি, মৌলানা কলিম উদ্দিন চাহাব সম্পাদক, মৌলানা গোলাম হুছেইন চাহাব সম্পাদক, ফয়জুৰ ৰহমান চাহাব সম্পাদক, এডভোকেট আব্দুচ্ছামাদ আহমেদ চাহাব সম্পাদক, এডভোকেট মুস্তাক আহমদ লস্কৰ চাহাব আহ্বায়ক আইনী কোষ,
ইমৰান হুছেইন খন্দকাৰ চাহাব সদস্য, মৌলানা ফখৰুদ্দিন চাহাব সভাপতি গুৱাহাটী মহানগৰ সমিতি। উল্লেখ থাকে যে, ভাৰত চৰকাৰৰ দ্বাৰা গঠিত উক্ত যুটীয়া সংসদীয় কমিটি (JPC)ৰ অধ্যক্ষ সমন্বিতে সকলো সদস্যই জমিয়তৰ বক্তব্য খিনি অতি আন্তৰিকতা আৰু গুৰুত্বসহকাৰে শুনে ও স্মাৰক পত্ৰখন গ্ৰহণ কৰে।

25/10/2024
আহক শতকৰা এশভাগ শিশুক মক্তৱলৈ পঠিওৱা নিশ্চিত কৰোঁহক।
25/10/2024

আহক শতকৰা এশভাগ শিশুক মক্তৱলৈ পঠিওৱা নিশ্চিত কৰোঁহক।

প্রথমতে মই মহান আল্লাহৰ শ্বূকৰীয়া আদায় কৰিছো। দ্বিতীয়তে নাগৰিকত্বৰ ভিত্তি বর্ষৰ ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া ...
18/10/2024

প্রথমতে মই মহান আল্লাহৰ শ্বূকৰীয়া আদায় কৰিছো। দ্বিতীয়তে নাগৰিকত্বৰ ভিত্তি বর্ষৰ ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছো। লগতে আমছুৰ খাদ্দাম হুছেইন, আব্দুল ৰহিম, আজীজুৰ ৰহমান, ৰেজাওল সৰকাৰ আদি কৰি সকলোকে মই আন্তৰিক ধন্যবাদ জনাও |
পাছত অসমৰ সমূহ হিন্দু মুছলমান শিখ ঈছাই সকলো ধৰ্মাৱলম্বী মানুহক অনুরুধ জনাব বিচাৰো যে, অসমৰ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো আছিল নাগৰিকত্বৰ ভিত্তি বৰ্ষৰ বিষয়। ২০১২ চনৰ পৰা চুপ্রিম কর্টত চলিছিল এই গোচৰৰ শুনানি। আৰম্ভণিৰে পৰাই আমি জমিয়ত, আমছুৰ তৰফৰ পৰা ৭১ চনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা সকলক নিয়োগ কৰি আইনী যূজ চলাই আহিছিলো। আজি ১৭ অক্টোবৰ ২০২৪ ইং তাৰিখে চুপ্রিম কর্টে আল্লহামদুলিল্লাহ নাগৰিকত্বৰ বাবে ৭১ চনকে ভিতি বর্ষৰ ঘোষণা কৰিছে।
গতিকে প্রতিজন অসমবাসী নাগৰিকক মই অনুরুধ জনাম যে আমি সকলো এক হৈ ভাষা বৰ্ণ ধৰ্মৰ ফালে না চাই আমি সকলো এক অসমীয়া হৈ থাকো আৰু সকলোৱেই শান্তি, সম্প্রীতি, ভাতৃত্ববোধ, সমন্বয় বর্তাই ৰাখিবলৈ অনুরুধ জনালো।

সদৌ শেষত যি সমূহ দল-সংগঠনে ৭১ চনৰ সপক্ষে চুপ্রিম কর্টত আইনী যুজত অংশীদাৰ আছিল, তেওঁলোকৰো স্বুকৰীয়া আদায় কৰছো। আল্লাহ তালাই সকলো অসমবাসীক শান্তিৰে চলিবলৈ তৌফিক (শক্তি) দান কৰক। আমীন

বিনীত-
মৌলানা মুস্তাক আনফৰ
সভাপতি, অসম ৰাজ্যিক জমিয়ত উলামা
তাং ১৭-১০-২০২৪ ইং

জমিয়ত উলামাই হিন্দ জিন্দাবাদ,হজৰত মৌলানা চৈয়দ আৰ্শাদ মাদানী জিন্দাবাদ, মৌলানা মুস্তাক আনফৰ জিন্দাবাদ,
17/10/2024

জমিয়ত উলামাই হিন্দ জিন্দাবাদ,
হজৰত মৌলানা চৈয়দ আৰ্শাদ মাদানী জিন্দাবাদ,
মৌলানা মুস্তাক আনফৰ জিন্দাবাদ,

14/08/2024

21/07/2024
*জমিয়ত উলামা হিন্দ*   জমিয়ত উলামা হিন্দ হৈছে ভাৰতীয় মুছলমানৰ  সৰ্ববৃহৎ আৰু প্ৰাচীন এক অৰাজনৈতিক সংগঠন। ইয়াৰ কৰ্ণধাৰসকল...
25/12/2023

*জমিয়ত উলামা হিন্দ*

জমিয়ত উলামা হিন্দ হৈছে ভাৰতীয় মুছলমানৰ সৰ্ববৃহৎ আৰু প্ৰাচীন এক অৰাজনৈতিক সংগঠন। ইয়াৰ কৰ্ণধাৰসকল হৈছে মূলত আলিম-উলামাসকল
মৌলানা আব্দুল বাৰী ফিৰিঙ্গী মহল্লী, মুফ্তী কেফায়াতুল্লাহ দেহলভী, মৌলানা আহমদ ছাইদ দেহলভী আদিৰ দৰে স্বনামধন্য উলামা সকলৰ নেতৃত্বত ১৯১৯ চনৰ ফেব্রুৱাৰী মাহত জমিয়ত উলামা হিন্দ জন্মলাভ কৰে।

ইতিহাসৰ পৃষ্টা লুটিয়াই চালে দেখা যায় মুছলিম শাসনৰ পতনৰ পাছত ভাৰতীয় মুছলমানে বহুতো সমস্যাৰ সম্মুখীন হৈছিল। তেতিয়া ধর্মীয় মূল্যবোধৰ ওপৰতো চৰম আঘাত কৰা হৈছিল। কেৱল সেয়াই নহয় ৰাজনৈতিক আৰু সামাজিক স্তৰতো মুছলমান সকলে পশ্চাদপদতাৰ চিকাৰ হৈছিল। মুছলমানসকলৰ অর্থনৈতিক অৱস্থাও দিনক দিনে অৱনতিৰ ফালে গতি কৰিছিল । ব্ৰিটিছ চৰকাৰৰ অত্যাচাৰত ভাৰতীয় জনগণ, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলে চৰম হতাশা আৰু অনিশ্চয়তাৰ মাজেদি দিন কটাবলগীয়া হৈছিল। জীৱনৰ প্রতিটো পর্যায়ত ব্রিটিছৰ অত্যাচাৰ, নিপীড়ন আৰু গোড়ামীৰ চিকাৰ হৈছিল। নিজৰ মাতৃভূমিৰ পৰা ইংৰাজসকলক বিতাড়নৰ উদ্দেশ্যে উলামাসকলৰ তত্বাৱধানত কিছুমান আন্দোলনৰ সূচনা হৈছিল। অন্দোলন বিক্ষিপ্তভাৱে হৈছিল, ফলত আশানুৰূপ ফলাফল লাভ কৰিব পৰা নগৈছিল। সেয়েহে সংঘবদ্ধ হৈ আন্দোলনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ১৮৬৬ চনৰ ৩০ মে' তাৰিখে
ঐতিহাসিক দাৰুল উলুম দেওবন্দ প্রতিষ্ঠা কৰা হয়। প্ৰতিষ্ঠানটিত স্বাধীনতা সংগ্ৰাম পৰিচালনা কৰাৰ সমান্তৰালকৈ দ্বিনী তথা ধৰ্মীয় শিক্ষাৰ ব্যৱস্থা ৰখা হয়। পৰৱৰ্তী সময়ত ভাৰতৰ বুকুত চলা স্বাধীনতা সংগ্ৰামৰ অধিকাংশই দাৰুল উলুম দেওবন্দ আৰু ইয়াৰ পৰা সম্পৃক্ত উলামায়ে কেৰামক কেন্দ্ৰ কৰি পৰিচালিত হৈছিল।
আটাইতকৈ ডাঙৰ সংগ্রামটি হৈছিল ৰেশমী ৰুমাল আন্দোলন। আন্দোলন কিছু সফল হ'লেওঁ, একাংশৰ বিশ্বাসঘাতকতাৰ ফলত ব্রিটিছসকলে এই আন্দোলনক ব্যর্থ কৰাত উলামা সমাজ হতাশ হৈ পৰিছিল।
ৰেশ্বমী ৰুমাল আন্দোলনৰ মূল সেনাপতি শ্বেইখুল হিন্দ মৌলানা মাহমুদুল হাছান কাৰাগাৰলৈ যোৱাৰ পিছত আন্দোলন কিছু পৰিমাণে ম্লান হৈ পৰিছিল যদিওঁ উলামা সকলে সামগ্ৰিকভাৱে তেওঁলোকৰ দায়িত্ব মাদ্রাছাৰ মাজতেই সীমাবদ্ধ নাৰাখি সংগ্ৰাম অব্যাহত ৰিখিছিল।

দুর্ঘটনা আৰু দুখ-দুর্দশাৰ এই মাৰাত্মক উপত্যকাৰে পৰিবেষ্টিত জাতিক বচাবলৈ মাদ্রাছাৰ চাৰি বেৰৰ বাহিৰত অৱস্থান কৰি সংগ্ৰাম চলাই গৈছিল হজৰত মৌলানা আবুল মাহাচিন মোহাম্মদ ছাজ্জাদ (ৰহঃ)-য়ে।তেখেতৰ বিষয়ে, এগৰাকী পর্যবেক্ষকে কৈছিল, তেওঁ ধর্মৰ বাস্তৱতা, ইছলামী বিজ্ঞানৰ অন্তর্দৃষ্টি, বিচক্ষণতা , সাহসী সিদ্ধান্তৰ শক্তি, কর্মৰ অসাধাৰণ তথা পৰিচিত ব্যক্তিত্বৰ সমন্বয়ক আটাইতকৈ দৃঢ়প্রতিজ্ঞ ব্যক্তি আছিল। তেওঁ অসচেতন জাতিক জাগ্ৰত কৰিবলৈ আৰু ব্রিটিছ সকলৰ নির্বাচনত প্রথমে উলামাসকলক ঐক্যবদ্ধ কৰাৰ উদ্যোগ লৈছিল। ১৯১৭ চনত মদ্ৰাছা আৰবীয়া বিহাৰ শৰীফত বিভিন্ন ধর্ম তথা বিভিন্ন চিন্তাধাৰাৰ সৈতে সামঞ্জস্য থকা আলিম সকলক লৈ সমাবেশ অনুষ্ঠিত কৰা হৈছিল। জমিয়ত উলামা-ই-বিহাৰ অথবা মজলিছ-ই-উলামা-ই-বিহাৰ নামেৰে এটি সংগঠন প্রতিষ্ঠা কৰিছিল। মাত্র কেইটামান মাহৰ পূৰ্বে ইস্তানবুলৰ খতিব জোনাব মঙ্গীৰ চাহাব আহিছিল উলামা সকলৰ বিক্ষিপ্ত দলক একত্রিত কৰাৰ লক্ষ্যৰে। বিশেষকৈ ৰাজনৈতিক দৃষ্টিভঙ্গি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যেৰে। তেতিয়া দিল্লীবাসীয়ে জমিয়ত কি জনাই নাছিল। সিদ্ধান্ত লোৱা হৈছিল যে, বিহাৰৰ আলিমসকলক প্রথমে দৃষ্টিভংগীত ঐক্যবদ্ধ কৰাব লাগিব, তাৰ পাছতহে ইয়াৰ পৰিধি ক্ৰমাম্বয়ে বৃদ্ধি কৰিব লাগিব।

১৯১৯ চনত দিল্লীত খিলাফত সন্মিলন অনুষ্ঠিত হৈছিল, সেই সভাত উপস্থিত থকা ধৰ্মীয় বিশেষজ্ঞসকলে জমিয়ত উলামা বিহাৰক জমিয়ত উলামা ভাৰতলৈ উন্নীত তথা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছিল৷ প্ৰস্তাৱ অনুমোদিত আৰু গৃহীত হোৱাৰ পিছত দিল্লীৰ ৰাচুনমাৰ দৰগাহৰ ওচৰতে অনুষ্ঠিত হোৱা এটি সভাত চৈয়দ হুছেইন চাহাব, হজৰত মুফ্তী কিফায়াতুল্লাহ চাহাব, মৌলানা হাফিজ ৰেহমান চিওহাৰৱী চাহাব, মৌলানা আহমদ ছাইদাইদা ভিহলানী ফাৰানী ফাৰ্গানীয়ে জমিয়তক সৰ্ব ভাৰতীয় পৰ্যায়লৈ উন্নীত আৰু সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ দিছিল৷ উক্ত সভাত মুফতী কিফায়াতুল্লাহ চাহাব, মৌলানা আহমদ ছাইদাইদা ছাইদাৱী, মৌলানা আহমদ ছাইদাইদা ফিৰিঙ্গী মহল্লীকে ধৰি মুঠ ১২ জন বিজ্ঞ উলামা উপস্থিত আছিল।

১৯২১ চনত জমিয়ত উলামা হিন্দৰ দ্বিতীয়খন পানীপথত অনুষ্ঠিত হৈছিল। সভাপতিত্ব কৰিছিল হজৰত শ্বেইখুল হিন্দ মৌলানা মাহমুদুল হাছান দেওবন্দী (ৰহঃ) মাল্টাৰ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত একেখন সভাতে হজৰত মৌলানা মুফতী কিফায়াতুল্লাহ চাহাবে জমিয়ত উলামা হিন্দৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু সাধাৰণ সম্পাদক হিচাপে মৌলানা হাফিজ ৰেহমান চিওহাৰৱীক দায়িত্ব দিয়া হয় । জমিয়ত উলামা হিন্দৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ ভিতৰত, জমিয়তৰ প্ৰতিষ্ঠাপক মৌলানা আবুল মাহাছিন মুহাম্মদ ছাজ্জাদ আৰু উল্লেখিত ব্যক্তিসকল যেনে, শ্বেইখুল ইছলাম হজৰত মৌলানা হুছাইন আহমদ মাদানী (ৰহঃ), মৌলানা আনজাৰ শ্বাহ কাশ্মীৰি (ৰহঃ), মৌলানা আবুল কালাম আজাদ (ৰহঃ), মৌলানা চৈয়দ চুলাইমান নাদৱী (ৰহঃ), মৌলানা চৈয়দ চুলাইমান মিয়া দেওবন্দী (ৰহঃ) আদিৰ দৰে ব্যক্তিসকলে অগ্ৰগামী আছিল। জমিয়ত উলামা হিন্দৰ এই দ্বিতীয়খন বৈঠকৰ এক মুখ্য বিষয় আছিল যে, সেই সময়ত আহলে হাদীছ বিদ্যালয়ৰ দুজন বিশিষ্ট উলামা মৌলানা চানাউল্লাহ অমৃতচৰী আৰু মৌলানা দাউদ গজনৱীয়েও জমিয়ত উলামা হিন্দত যোগদান কৰিছিল। অৰ্থাৎ, জমিয়ত উলামাই আৰম্ভণিত ভাৰতীয় মুছলমানসকলৰ এক বৃহৎ সংগঠন আছিল। অথচ সকলোকে ধৰ্মীয় বৈষম্যক পৰিহাৰ কৰি অংশগ্ৰহণ কৰিবলৈ অনুমতি দিছিল।

জমিয়ত উলামা হিন্দৰ জন্মলগ্নৰে পৰাই ভাৰতীয় মুছলমানসকলে ৰাজনৈতিক আৰু সামাজিক সেৱাত নিয়োজিত হৈ আছিল। জমিয়ত উলামাই সদায় দেশৰ স্বাধীনতা, অখণ্ডতা, ভাৰতীয় মুছলমানৰ আৰ্থ সামাজিক উত্তৰণৰ বাবে অহৰহ চেষ্টা কৰাৰ বাবে ভাৰতীয় সকলৰ নয়নৰ মণি আছিল । দেশৰ স্বাধীনতাত জমিয়ত উলামা হিন্দে ভাৰতৰ সেৱা অবিস্মৰণীয় বুলি সকলোৱে স্বীকাৰ কৰি লৈছিল। প্ৰতিষ্ঠাপক জমিয়ত মৌলানা আবুল-মাহাছিন মুহাম্মাদ চাজ্জাদ, মুফতি কেফায়াতুল্লাহ চাহাব দেহলভী, মৌলানা হাফিজ ৰেহমান চিওহাৰৱী , শ্বেইখুল ইছলাম হজৰত মৌলানা হুছেইন আহমদ মাদানী আৰু অন্যান্য সকলে জমিয়তৰ মঞ্চৰ পৰা মুছলমান সকলৰ অধিকাৰৰ বাবে মাত মাতি আহিছিল। চৰকাৰেও তেওঁলোকৰ ক্ষমতাক স্বীকৃতি দিছিল। আৰু সমীহ কৰি চলিছিল। এই বৃহৎ সংগঠনৰ জৰিয়তে মুছলমান সম্প্ৰদায়ৰ কিছু হ'লেও সমস্যা সমাধান হোৱা দেখা গৈছিল। জমিয়ত উলামা হিন্দৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে এয়া ধৰ্মীয় সংগঠন হোৱা স্বত্বেও, ভাৰত বিভাজনৰ তীব্ৰ বিৰোধীতা কৰিছল। পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ দ্বিজাতি তত্বৰ শ্ল'গানত নস্যাৎ কৰিছিল আৰু দেশ বিভাজনৰ তীব্ৰ বিৰোধীতা কৰিছিল।

দেওবন্দৰ মুষ্টিমেয় দুই এগৰাকীয়ে দেশৰ জটিল পৰিস্থিতিৰ বাবে দেশ বিভাজন সমৰ্থন কৰিছিল। জমিয়তে বিভাজনৰ প্ৰভাৱ আৰু নেতিবাচক দিশ তেওঁলোকৰ আগত তুলি ধৰিছিল আৰু অকাট্য যুক্তিৰে তেওঁলোকৰ আগত এই সত্যটো প্ৰকাশ কৰিছিল যে, মুছলমান সকলৰ মঙ্গল কেৱল ঐক্যবদ্ধ ভাৰতৰ জৰিয়তেহে।
বিভাজনৰ বাবে
পাকিস্তানে যি হিংসাত্মক শ্ল'গানৰ ভিত্তিত দেশ এখন প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে তাক ব্যাখ্যা কৰাটো অসম্ভৱ। স্বাধীনতাৰ পিছত এক দীঘলীয়া সময় অতিবাহিত কৰা স্বত্বেও, পাকিস্তান আজি প্ৰতিটো ক্ষেত্ৰতে বিফল হৈছে।
জমিয়ত উলামাই হ'ল ভাৰতীয় মুছলমানৰ আটাইতকৈ পুৰণি সংগঠন। ইয়াৰ সৈতে জড়িত উলামা সকলে মুছলমানৰ হিতৰ বাবে সদায় মাত মাতি আহিছে। সাম্প্ৰতিক সময়ত, জমিয়ত উলামা-ই-হিন্দৰ এটা গোটেই জমিয়ত প্লেটফৰ্মৰ পৰা চৰকাৰৰ বাবে ইয়াৰ শক্তি আৰু গুৰুত্বক স্বীকৃতি দিয়াত নিৰন্তৰ নিয়োজিত হৈ আছে। দিল্লীৰ ৰাম লীলা ময়দানৰ দৰে ঐতিহ্যমণ্ডিত ঠাইত একাধিকবাৰ লক্ষ লক্ষ মানুহৰ ভীৰ কৰা হৈছিল অথচ মুছলমান সকলৰ এই বৃহৎ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ভাৰতীয় মুছলমানক দ্বিতীয় সৰ্ববৃহৎ সংখ্যাগৰিষ্ঠ বুলি ক'বলৈ বাধ্য হৈছে। তেওঁলোকৰ অবিহনে চৰকাৰ গঠন কৰাটো অসম্ভৱ। তেওঁলোক এইদেশৰ ভাড়াতীয়া লোক নহয় বৰঞ্চ এইসকলৰ এই ভূখণ্ডৰ সৈতে জন্মগত সম্পৰ্ক আছ। তেওঁলোকে স্বাধীনতাৰ সময়ত শৰীৰৰ ঘাম ৰক্ত প্ৰবাহিত কৰিছে , সেয়েহে ভাৰত চৰকাৰে বৈষম্যৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে মুছলমান সকলক সম্পূৰ্ণ অধিকাৰ দিয়া উচিত। কোনো ধৰ্মীয় বৈষম্য পৰিহাৰ কৰি সকলোকে সম অধিকাৰ দিয়ক । এয়া ৰামলীলাৰ দৰে ঐতিহাসিক ময়দানত জমিয়ত উলামা হিন্দে দাবী উত্থাপন কৰিছে। যদি এয়া উপেক্ষা কৰা হয় তেন্তে এটা সম্প্ৰদায়ৰ প্ৰতি চৰমভাৱে অন্যায় কৰা হ'ব।

মুঠতে জমিয়ত উলামা হিন্দ ভাৰতীয় মুছলমানৰ বাবে আটাইতকৈ মূল্যৱান সম্পদ। আটাইতকৈ পুৰণি আৰু আটাইতকৈ ঐতিহাসিক সংগঠন। আজিৰ পৃথিৱীত আমি ইয়াক ঐক্যবদ্ধ আৰু সৰ্ববৃহৎ দল বুলি ক'ব নোৱাৰো যদিও এইটো ক'ব লাগিব যে, ইয়াৰ অতীত গৌৰৱময় আৰু স্বৰ্ণিল । ৰাজনৈতিক আৰু সামাজিক বিষয়ত মুছলমানৰ নায্য অধিকাৰ আদায়ৰ দাবী কৰা এইটো এটা দল। আজিও মুছলমানসকলে আশা কৰে যে এই দলটোৱে তেওঁলোকৰ ছালাফ তথা পূৰ্বসূৰী সকলৰ আৰ্হি অনুসৰণ কৰিব আৰু এক গৌৰৱময় অতীত পৰম্পৰা প্ৰতিষ্ঠা কৰিব। জমিয়ত উলামা হিন্দ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আৰু উদ্দেশ্যবোৰ সঠিক ৰূপায়নৰ প্ৰয়াস কৰা হ'ব।
আহক আমি সকলোৱে জমিয়ত উলামা ই হিন্দৰ সম্পৃক্ত হওঁ ।

👉*অসম ৰাজ্যিক জমিয়ত উলামাৰ
অৱদান

👉👉 নাগৰিকত্বৰ ভিত্তিবৰ্ষ সংক্ৰান্তীয় গোচৰঃ অসমৰ বাসিন্দাসকলৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ হ'ব নে ১৯৭১ ইয়াক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰত ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবে ১৯৭১ পক্ষক সমৰ্থন জনাই ভাৰতৰ প্ৰখ্যাত আইনজীৱিসকল যেনে অধিবক্তা কপিল ছিবাল, জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিং, জেষ্ঠ অধিবক্তা ছালমান খুৰ্শ্বীদ আদিক নিযুক্ত কৰে আৰু নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে।
অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ চাহাবে এই প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহযোগ কৰাৰ লগতে সকল সময়তে তদাৰক কৰি আহিছে।

👉বানাক্ৰান্ত লোকসকলক সাহাৰ্য্য প্ৰদানঃ অসমৰ বিভিন্ন ঠাইত ব্ৰক্ষ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ প্ৰলয়ংকাৰী বানত গৃহহীন বা বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ লোকক আৰ্থিক সাহাৰ্য্য ,টিনপাত, তিৰপাল, আৰু খাদ্যসামগ্ৰী আদি বিতৰণ কৰা হয়।
এই প্ৰক্ৰিয়া প্ৰায় প্ৰতি বছৰেই চলে।
👉শৈক্ষিক সজাগতা সভাঃ অসমৰ বিভিন্ন ঠাইত শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা আৰু দুৰ্গম এলেকাসমূহত শিক্ষাৰ প্ৰসাৰ, গুৰুত্ব আৰু প্রয়োজনীয়তা সম্পৰ্কে শতাধিক
শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয়।
👉সমাজ সংস্কাৰমূলক সভাঃ অসমৰ বিভিন্ন ঠাইত যুৱ প্ৰজন্মৰ মাজত জুৱা মদ, , ড্ৰাগছ, গাঞ্জা আদি মাদক দ্ৰব্য ব্যৱহাৰ সমান্তৰালকৈ অন্যান্য নৈতিক আৰু চাৰিত্ৰিক অৱক্ষয় ৰোধ কৰিবলৈ শতাধিক সজাগতা সভা অনুষ্ঠিত কৰা হয়।
উচ্ছেদিত লোকক পুনৰ সংস্থাপনঃ বিগত দিনত অসমত বিভিন্ন ঠাইত বিভিন্ন জিলাত চৰকাৰৰ দ্বাৰা উচ্ছেদ কৰা হৈছে যেনে, গৰুখুটি, দলগাঁও , শামপুৰ, আৰি মাৰি, ছিপাঝাৰ, ধলপুৰ, লংকে টাপু, বুঢ়াচাপৰি, লাটিয়ামাৰী, গনেশগুৰি, চিলচৰ,ইয়াৰোপৰি বিশ্বনাথ জিলা, বৰপেটা জিলা, ধুবুৰী,শোণিতপুৰ
জিলা, লক্ষীমপুৰ জিলা, কাছাৰ, জিলা, কৰিমগঞ্জ জিলা আদিত উচ্ছেদিত লোক সকলৰ মাজত বৃহৎ পৰিমাণৰ ৰিলিফ বিতৰণ কৰাৰ ওপৰিও অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনফৰ চাহাব নেতৃত্বাধীন জমিয়তৰ গোটক লগত লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে অসম ৰাজ্যিক জমিয়ত উলামাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে শোণিতপুৰ WP (c) 4936/2020
বটদ্ৰৱা, নগাঁও No 3/2022PIL
শোণিতপুৰ WP (C) No 6878/2021
কৰিমগঞ্জ WP (c) no 6976 /2022,WP (c) 5601/2022,WP (c)
বি টি এ ডিৰ অমানৱীয় উচ্ছেদ তথা নিৰ্যাতনৰ ফলত সৰ্বহাৰা হৈ আশ্ৰয় শিবিৰত বাস কৰি থকা কেইবাহাজাৰ শৰণাৰ্থীৰ মাজত দৈনন্দিন জীৱনৰ লাগতিয়াল বৃহৎ পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰিও মাটি বাৰী হেৰুৱা দৰিদ্ৰ শিক্ষাৰ্থী সকলৰ বাবে ১৭ বিঘা ভূমি ক্ৰয় কৰি পুনৰ সংস্হাপনৰ ব্যৱস্থা কৰি কেইবা শতাধিক গৃহ নিৰ্মাণৰ লগতে দমকল ইত্যাদি বিতৰণ কৰা হয়।আমাৰ এই হাতপুথি খনত নিৰ্বাচিত কিছুমান জনসেৱাৰ কথাহে উল্লেখ কৰা হৈছে, আনহাতে এনে হাজাৰটা জনহিতকৰ কামৰ উদাহৰণ আছে। যিবোৰ জমিয়ত উলামা হিন্দ নিজৰ জন্মলগ্নৰে পৰা লাভৰ আজিলৈকে নিৰলসভাৱে কৰি আহিছে ।

*বজালী জিলা জমিয়ত উলামাৰ কৰ্মবিৱৰণ*
আল্লাহৰ কৃপাত ২০২১ চনত বজালী জিলা জমিয়ত উলামাৰ নিৰ্বাচনী সভাত তৃতীয় বাৰৰ বাবে মৌলানা শ্বাহ আলম ছাহাব সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু তেখেতৰ নেতৃত্বত বজালী জমিয়তে জিলাত জাতি ধৰ্মৰ উৰ্দ্ধত থাকি নিৰপেক্ষ দৃষ্টিভংগীৰে বজালী জিলাৰ ১৫ হেজাৰ জমিয়ত উলামা ই হিন্দৰ সদস্যৰ উপৰিও জমিয়ত উলামা ই হিন্দ প্ৰেমী
সকলৰ দান বৰঙণি, সহায় সহযোগিতা পৰামৰ্শৰ ভিত্তিত বিভিন্ন ধৰণৰ সমাজসেৱামূলক কাম কৰা হয়, যেনে শিক্ষাৰ ক্ষেত্ৰত বজালী বৰপেটা জিলাৰ আৰ্থিকভাৱে দূৰ্বল কেইবা হাজাৰ পৰিয়াল লক্ষ্ণৌ , দিল্লী NCR, হাৰিয়ানা, গুড়গাঁৱৰ বিভিন্ন এলেকাত জুগ্গি ঝুপড়পট্টি আদি অতি পিচপৰা আৰু দুৰ্গম এলেকা সমূহত থাকি কাবাড়ি - প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী আদি বুটলি জীৱন নিৰ্বাহ কৰা লোকসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে ২৬ খন পঢ়াশালি স্হাপন কৰি তাত শিক্ষক নিযুক্তি দিয়া হয়। বানাক্ৰান্ত লোকৰ মাজত বান সাহাৰ্য্য, আৰ্থিক সাহাৰ্য্য, ৰোগাক্ৰান্ত ব্যক্তিক চিকিৎসা সাহাৰ্য্য, বিধবা, মাউৰা সকলক সাহাৰ্য্য, দুখীয়া ছোৱালীৰ বিবাহৰ বাবে আৰ্থিক সাহাৰ্য্য, খোৱা পানীৰ বাবে দমকল , বিভিন্ন সময়ত বিনামূলীয়া চিকিৎসা শিবিৰ, মুছলিম সমাজত ড্ৰাগছ , মদ, ভাং, জুৱাৰ বিৰুদ্ধে শতাধিক সজাগতা সভাৰ ওপৰিও ধৰ্মীয় অনুষ্ঠানত বিভিন্ন ধৰণৰ সহায়-সহযোগিতা আগবঢ়াই সমাজ সংস্কাৰৰ চেষ্টা কৰা কয়।
এই গোটেই পৰিকল্পনাত অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আহমদ আনফৰ ছাহাবে প্ৰত্যক্ষভাৱে সহায় সহযোগিতা আৰু তদাৰক কৰে।

*বজালী জিলা জমিয়ত উলামাৰ ভৱিষ্যত পৰিকল্পনাঃ*
👉বজালী জিলাৰ তথা অসমৰ আৰ্থিকভাৱে দূৰ্বল বা গৰাখহনীয়াৰ কবলত পৰি সৰ্বহাৰা হৈ গৃহহীন হোৱা হাজাৰ হাজাৰ পৰিয়াল বহিঃৰাজ্যৰ ৰাজ্যৰ বিভিন্ন এলেকা যেনে লক্ষ্ণৌ, গাজিয়াবাদ, ৰাজস্থান, কানপুৰ, দিল্লী NCR , হাৰিয়ানা, পাটনা, মুম্বাই, কাশ্মীৰ, বেংগলোৰ তামিলনাডু আদি ঠাইত জুগ্গি ঝুপড়পট্টি আদি অতি পিছপৰা আৰু দুৰ্গম এলেকাসমূহত থাকি কাবাড়ি - প্লাষ্টিকৰ পেলনীয়া সামগ্ৰী আদি বুটলি জীৱন নিৰ্বাহ কৰা লোকসকলৰ ল'ৰা- ছোৱালীৰ শিক্ষাৰ বাবে ইতিমধ্যে ২৬ খন মক্তব প্ৰতিষ্ঠা কৰা হৈছে আৰু নতুনকৈ ২০০ অস্থায়ী মক্তব আৰু , টিউশ্যন চেন্টাৰ (স্কুল) স্থাপনৰ পৰিকল্পনা হাতত লোৱা হয়।

👉বজালী জিলাত দুখন "জমিয়ত একাডেমী" নামেৰে আধুনিক পদ্ধতিত স্কুল স্থাপনৰ পৰিকল্পনা হাতত লোৱা হৈছে।

👉জমিয়তৰ নামত ভূমি ক্ৰয় কৰি এখন স্থায়ী কাৰ্য্যলয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে, য'ত এখন মেহমান খানা (অতিথিশালা )ও থাকিব।

👉বজালী জিলাত কিছু বিলপৰীয়া ঠাইত বাৰিষা কালত ভূটানৰ পানীয়ে স্থলপথ বন্ধ কৰি দিয়ে যাৰ ফলত সংশ্লিষ্ট এলেকাৰ মানুহে যাতায়তৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে তাত এখন যন্ত্ৰচালিত ইঞ্জিন নাওঁ আৰু কেইবা খন সাধাৰণ নাৱৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।

👉 দুৰ্গম তথা ভিতৰুৱা অঞ্চলৰ মানুহে অতি কম খৰছত ভাড়া পোৱাকৈ এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে।
👉শৈক্ষিকভাৱে পিছপৰা চৰাঞ্চলত এখন বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

_জমিয়ত উলামা হিন্দ জিন্দাবাদ_______

*ছৈয়দ আৰ্শাদ মাদানী চাহাব জিন্দাবাদ।
মৌলানা মুস্তাক আনফৰ চাহাব জিন্দাবাদ।*

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when গুৱাহাটী মহানগৰ জিলা জমিয়ত উলামা / Guwahati Metro Jamiat Ulama posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share