08/09/2026
#মৰণোত্তৰভাৱেও আপোনাৰ #চকুযুৰিয়ে আন কাৰোবাৰ অন্ধকাৰ জীৱনলৈ পোহৰ কাঢ়িয়াই আনিব পাৰে, আপুনি জানেনে?"
#নেত্ৰদান কেনেকৈ কৰা হয়, ইয়াৰ বিজ্ঞানসন্মত তথ্য আৰু সামাজিক গুৰুত্ব সম্পৰ্কে জানো আহক:
১. এজন ব্যক্তিৰ মৃত্যুৰ ৬ ঘণ্টাৰ ভিতৰত নেত্ৰদান প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।
২. নেত্ৰদান মানে কৰ্ণিয়া দান
৩. নেত্ৰদানৰ সময়ত গোটেই চকুটো উলিয়াই অনা নহয়; চকুৰ সন্মুখৰ স্বচ্ছ পাতল তৰপ অৰ্থাৎ কৰ্ণিয়াহে সংগ্ৰহ কৰা হয়।
৪. আই বেংক (Eye Bank) ৰ টেকনিছিয়ান নতুবা চকুৰ বিশেষজ্ঞ চিকিৎসকে মৃতকৰ চকুৰ পৰা ১৫-২০ মিনিটৰ ভিতৰত অতি নিপুণভাৱে এই কৰ্ণিয়া সংগ্ৰহ কৰে। ইয়াৰ দ্বাৰা মৃতকৰ মুখমণ্ডলৰ কোনো বিকৃতি নঘটে। প্লাষ্টিকৰ কৰ্ণিয়া চকু দুটাত লগাই দিয়া হয়।
৫. সংগ্ৰহ কৰা কৰ্ণিয়া সঠিকভাৱে সংৰক্ষণ কৰি 'কেৰাট'প্লাষ্ট' (Keratoplasty) অস্ত্ৰোপচাৰৰ দ্বাৰা দৃষ্টিহীন ব্যক্তিৰ চকুত সংৰোপন কৰা হয়।
৬. ৪ বছৰৰ পৰা ৮০+ বছৰ বয়সলৈকে যিকোনো ব্যক্তিৰে চকু (কৰ্ণিয়া) ব্যৱহাৰ কৰিব পাৰি।
৭. চশমা ব্যৱহাৰ কৰা, ছানি পৰা (Cataract) অস্ত্ৰোপচাৰ কৰা অথবা উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ থকা ব্যক্তিসকলেও নেত্ৰদান কৰিব পাৰে।
৮. HIV, Hepatitis-B, Hepatitis-C, Rabies, Tetanus, Leukaemia আদিত আক্ৰান্ত ব্যক্তিৰ কৰ্ণিয়া সংগ্ৰহ কৰা নহয়।
৯. এজন ব্যক্তিৰ দুয়োটা চকুৰ কৰ্ণিয়াই এতিয়া ৬ জন দৃষ্টিহীন ব্যক্তিক পুনৰ ধুনীয়া পৃথিৱীখন চোৱাৰ সুযোগ দিয়ে।
১০. মৰণোত্তৰভাৱে অঙ্গ দান কৰিলে পিছৰ জন্মত অন্ধ হৈ জন্ম হ'ব- এনে ধৰণৰ অপপ্ৰচাৰ আৰু সামাজিক কুসংস্কাৰসমূহ দূৰ কৰাত আমি প্ৰতিজন নাগৰিকে সজাগ হোৱাৰ প্ৰয়োজনীয়তা আছে।
১১. মৃত্যুৰ পিছত মাটিত পুটি থৈ বা জ্বলাই দিয়াতকৈ যদি এই চকুৱে আন এজনৰ জীৱনৰ আন্ধাৰ আঁতৰাব পাৰে, তেন্তে তাতকৈ ডাঙৰ মানৱীয় সেৱা আন একো হ'ব নোৱাৰে।
১২. মৃত্যুৰ পিছত মৃতকৰ চকুযোৰ ভিজা কাপোৰেৰে ঢাকি ৰাখিব লাগে আৰু মূৰৰ অংশটো সামান্য ওখকৈ ৰাখিব লাগে।
১৩. মৃতকৰ ৰুমৰ ফেন বন্ধ কৰি ৰাখিব লাগে আৰু এচি (AC) অন কৰি ৰাখিব পাৰি, যাতে চকুৰ আদ্ৰতা শুকাই নাযায়।
১৪. যিমান সোনকালে পৰা যায় (৪-৬ ঘণ্টাৰ ভিতৰত) নিকটৱৰ্তী আই বেংক (Eye Bank) বা চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰিব লাগে।
১৫. এজন ব্যক্তিয়ে জীৱিত অৱস্থাত নেত্ৰদানৰ প্ৰতিশ্ৰুতি (Pledge) নকৰিলেও, মৃত্যুৰ পিছত পৰিয়ালৰ নিকটতম আত্মীয়ৰ সন্মতিমৰ্মে নেত্ৰদান কৰিব পাৰি।
১৬. আই বেংকৰ দ্বাৰা কৰ্ণিয়া সংগ্ৰহ প্ৰক্ৰিয়া সম্পূৰ্ণ বিনামূলীয়া; ইয়াৰ বাবে কোনো ধৰণৰ ধন লোৱা নহয়।
১৭. দান কৰোঁতা আৰু গ্ৰহণ কৰোঁতা — দুয়োপক্ষৰে নাম আৰু পৰিচয় আই বেংকে সম্পূৰ্ণ গোপনীয়ভাৱে সংৰক্ষিত কৰি ৰাখে।
বিগত চাৰিটা বছৰে Neeramoy - নিৰাময় ন্যাসে নিৰৱচ্ছিন্নভাৱে নেত্ৰদান আৰু দেহদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টি তথা সমাজসেৱাৰ কাম কৰি আহিছে। নেত্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰা আৰু মৰণোত্তৰভাৱে নেত্ৰদানৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱাৰ বাবে আজি 'জি এম চি এইচ আই বেংক' (GMCH Eye Bank) এ আয়োজন কৰা #নেত্ৰদান_পষেক'ৰ (Eye donation fortnight) বিশেষ কাৰ্যসূচীত নিৰাময় ন্যাসক আদৰণি জনাই মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰে।
#নেত্ৰদান সম্পৰ্কে আপোনাৰ মতামত কমেন্টত জনাব পাৰে।
ধন্যবাদ সহকাৰে
টিম নিৰাময়