Zipul's Physiotherapy and child rehabilitation center kalgachia

  • Home
  • India
  • Guwahati
  • Zipul's Physiotherapy and child rehabilitation center kalgachia

Zipul's Physiotherapy and child rehabilitation center kalgachia এই পেজৰ জৰিয়তে physiotherapy আৰু শাৰীৰিক ভাবে বিশেষ লৰা ছোৱালীৰ যিকোনো সমস্যা ৰ বিষয়ে জনোৱা হব। উদাহৰণ-ADHD, AUTISM, CP DOWN SYNDROME PARALYSIS ETC

10/06/2026
12/04/2026

Kalgachia.. Near civil hospital, oppo- Masjid
Mob-7002787705

চিৰি উঠোঁতে হাঁঠুৰ বিষ কিয় হয়?বহু মানুহে চিৰি উঠোঁতে তীব্ৰ হাঁঠুৰ বিষ অনুভৱ কৰে, কিন্তু সমতল ঠাইত খোজ কঢ়া সময়ত একেবা...
07/04/2026

চিৰি উঠোঁতে হাঁঠুৰ বিষ কিয় হয়?
বহু মানুহে চিৰি উঠোঁতে তীব্ৰ হাঁঠুৰ বিষ অনুভৱ কৰে, কিন্তু সমতল ঠাইত খোজ কঢ়া সময়ত একেবাৰে স্বাভাৱিক অনুভৱ হয়। এইটো এটা সাধাৰণ সমস্যা আৰু প্ৰায়ে ভুলকৈ বুজা হয়।
চিৰি উঠোঁতে হাঁঠুৰ বিষৰ মূল কাৰণসমূহ
১. জইণ্টত অধিক চাপ (Increased Joint Load)
চিৰি উঠোঁতে হাঁঠুৰ জইণ্টত আপোনাৰ শৰীৰৰ ওজনৰ প্ৰায় ৩–৪ গুণ অধিক চাপ পৰে।
যদি cartilage দুৰ্বল হয় বা মাংসপেশী যথেষ্ট শক্তিশালী নহয়, তেন্তে এই অধিক চাপেই বিষৰ কাৰণ হয়।
২. Quadriceps (উৰুৰ আগৰ মাংসপেশী) দুৰ্বল হোৱা
Quadriceps মাংসপেশীয়ে হাঁঠু স্থিৰ আৰু সুৰক্ষিত ৰাখে।
যদি এই মাংসপেশী দুৰ্বল হয়:
হাঁঠুৰ জইণ্টে অধিক চাপ লয়
সময়ৰ লগে লগে বিষ আৰু জইণ্টৰ ক্ষয় বৃদ্ধি পায়
৩. ভুল ধৰণে চলাফেরা কৰা (Poor Movement Mechanics)
চিৰি উঠোঁতে ভুল পদ্ধতি ব্যৱহাৰ কৰিলে হাঁঠুত অধিক চাপ পৰে। যেনে—
শৰীৰ আগফালে অধিক ঢালি দিয়া
হাঁঠু পায়ৰ আঙুলিৰ আগলৈ বেছি আগবঢ়োৱা
পুৰা পায়ৰ ঠাইতে কেৱল আঙুলিৰে ঠেলা দিয়া
এইবোৰে হাঁঠুত অস্বাভাৱিক চাপ সৃষ্টি কৰে।
সতৰ্ক সংকেত (Warning Signs)
চিৰি উঠোঁতে বা নামোঁতে বিষ অনুভৱ হোৱা
হাঁঠুত “ক্ৰেক” বা “ঘৰঘৰ” ধৰণৰ শব্দ (crepitus)
হাঁঠু দুৰ্বল বা স্থিৰ নহয় বুলি অনুভৱ হোৱা
উপসংহাৰ (Conclusion)
চিৰি উঠোঁতে হাঁঠুৰ বিষ বয়সৰ সাধাৰণ অংশ নহয়।
ইয়াৰ মূল কাৰণসমূহ হৈছে—
মাংসপেশীৰ দুৰ্বলতা
ভুল চলাচল পদ্ধতি
জইণ্টত অধিক চাপ
✅ ভাল খবৰ হৈছে— সঠিক ব্যায়াম আৰু সঠিক পদ্ধতি অনুসৰণ কৰিলে এই সমস্যা সহজে নিয়ন্ত্ৰণ কৰিব পাৰি আৰু বহু ক্ষেত্ৰত সম্পূৰ্ণ ভাল হয়।
হাঁঠু শক্তিশালী কৰাৰ বাবে ব্যায়ামসমূহ
Step-ups
Wall sits
Lunges
Glute bridges
(উপৰৰ ব্যায়ামসমূহ নিয়মীয়াকৈ কৰিলে হাঁঠুৰ শক্তি আৰু স্থিৰতা বৃদ্ধি পায়)

Tennis elbow exercise
12/01/2026

Tennis elbow exercise

দেবোত্তম অসম চাৰৰ wall ৰ পৰা---আনৰ ভাল হওক বুলি ভবা প্ৰতিজন ব‍্যক্তিয়ে যাতে এইটো পোষ্ট share কৰে। মই বিচাৰো যে কমেও 10,0...
10/01/2026

দেবোত্তম অসম চাৰৰ wall ৰ পৰা---

আনৰ ভাল হওক বুলি ভবা প্ৰতিজন ব‍্যক্তিয়ে যাতে এইটো পোষ্ট share কৰে। মই বিচাৰো যে কমেও 10,000 বাৰ share হওক এই পোষ্টটো আৰু 2026-ত অসমৰ কমেও এক লাখ মানুহ সুস্থ হৈ উঠক।

📣 Diabetes/ High BP/ Fatty Liver/ High Cholesterol/ Gastritis/ Thyroid Disease/ বহুত বেছি চৰ্বী/ PCOD/ Hormonal Imbalance/ শুলে বহুত বেছি নাক বজা আৰু দিনত টুপনিয়াই থকা/ High Uric Acid ধৰণৰ সমস্যা থাকিলে তলত দিয়া কামখিনি কৰিব পাৰে...
🤰(গৰ্ভৱতী মহিলা, ৬ মাহতকৈ কম বয়সৰ শিশুক দুগ্ধপান কৰাই থকা মাতৃ, বহুত দুৰ্বল বা আন ৰোগত অসুষ্ঠ মানুহ ইত্যাদিয়ে সময়সীমাখিনি নামানি বাকীখিনি কথা ভালকৈ Follow কৰিব পাৰে।)

🐟 🍳 🍗 কণী (যিকোনো কণী, কুহুমটোও খাব), মাছ, মুৰ্গীৰ মাংস খাওঁক... সদায় খাওঁক। red meat মাহত এবাৰ মান খাব পাৰে।

🍚🍚ভাত খাওক! কিন্তু দিনে ৰাতিয়ে মিলাই ২ সাজ মাত্ৰ। দুপৰীয়া 2:00 - 3:00-ত আৰু সন্ধিয়া 7:30-8:00-ত! কোনোবাই যদি ৰুটি খাই ভাল পাই তেন্তে খাব পাৰে। কিন্তু এসাজ ৰুটি খোৱাৰ পাছত ভাত এসাজহে খাব পাৰিব। মনত ৰাখিব ভাতৰ ঠাইত ৰুটি খাই কোনো বেমাৰ ভাল কৰিব নোৱাৰে।

🍈🍋‍🟩 Breakfast অৰ্থাৎ দিনটোৰ প্ৰথম খাদ‍্য ৰাতিপুৱা 11:30-ৰ পাছত খাওক। ৰাতিপুৱাৰ পৰা অকল পানী আৰু চেনি-গুড় নিদিয়াকৈ লাল চাহ/ Black Coffee/ Green tea (লগত একো নাখাব) খাই কামলৈ ওলাই যাওক। লগত এটা টিফিন লৈ যাব। টিফিনত থাকিব এইকেইটা বস্তু (আপোনাৰ সুবিধা আৰু সোৱাদ অনুসৰি) এবিধ যিকোনো ফল, তিয়হ, Boilled কণী, বুট-মুগ ( কেচা/ সিজাই/ ভাজি), dry fruit, ডাইল- চব্জি ইত‍্যাদি। মানে দিনটোৰ আৰম্ভনিৰ খাদ‍্যত চাউলৰ, আটাৰ, দালিয়া, Oats এইবোৰ নাথাকে। প্ৰথমতে ইমান পলমকৈ খাদ‍্য খাবলৈ অসুবিধা পালে ৰাতিপুৱা 9টা মানত খোৱা কৰক। পাছলৈ লাহে লাহে সময়টো বঢ়াই গৈ থাকিলে হ’ল।

🍆 শাক-পাচলি বেছি বেছি খাওক। চালাদ বনাই, চব্জি বনাই বা ভাজি যেনেকৈ খায় আপোনাৰ ইচ্ছা।

🍋 নেমু টেঙা বেছি বেছি খাব। কেচা জলকীয়া খাব পাৰিলে খাব।

🍋 টেঙা আঞ্জা যিমান পাৰে খোৱা কৰক।

🥯🍞🥖🍝 আজিৰে পৰা একেবাৰে বন্ধ কৰক এইবোৰ বস্তু। বন্ধ মানে একেবাৰে শূণ‍্য (ZERO)। চেনি, Jaggery (গুৰ), মৌ, তাল মিচ্ৰি, Sugarfree লিখা থকা যিকোনো বস্তু, ময়দা, ৰিফাইন্ড তেল, মযদা/ আটা/ Oats ৰ বিস্কুত (যিকোনো বিস্কুত বন্ধ। কাৰণ কোনো বিস্কুত আপোনাৰ বাবে ভাল নহয়), যিকোনো মিঠাই, যিকোনো Bread, Chips, ভুজিয়া, Cold Drinks, চকলেট, আইচক্ৰিম, চিৰা, মুৰি, ফলৰ ৰস‌ ( ঘৰত বনালেও নাখাব), Fast Food, গাখীৰৰ পৰা বনোৱা সকলো বস্তু (অকল দৈ খাব পাৰিব। কিন্তু মিঠা দৈ নাখাব), গাখীৰ চাহ, পেকেট/ বটলত থকা ready to eat সকলো বস্তু বন্ধ কৰক। মেগি, চাউমিন, pasta, Corn flakes etc!

🌼 মিঠাতেল খাব পাৰিব।

🍄‍🟫 কাঠফুলা (খোৱাৰ যোগ‍্য কাঠফুলা) খাব পাৰিব।

🥘 Soya chunk (ছয়াবিন বুলি যে কওঁ আমি)-ত বহুত প্ৰ’টিন থাকে।

🫘 ৰাজমাহ তথা সকলো ডাইল, লেচেৰা, বিন, ওৰহি ইত‍্যাদিত প্ৰ’টিন যথেষ্ট থাকে।

🍇 সকলো ফল খাওক আৰু সদায় খাওক। কিন্তু কম পৰিমানে খাব।

🚶‍♀️🚶‍♂️ 🚴‍♀️ 💪🏼 সদায় যিকোনো সময়ত 10,000-15,000 টা মান steps খোজ কাঢ়িব। বা কমেও 90 মিনিট খোজ কাঢ়ক... 30 মিনিটকে তিনি বাৰ কাঢ়িলেও হ'ব। কেতিয়াবা cycle চলাব পাৰে। Gym যাব পাৰিলেও ভাল।

💧💧💧দিনটো ৩ লিটাৰ মান পানী খাওঁক। ঠাণ্ডা/ গৰম/ কুহুমীয়া যিকোনো।

🙏🏻🙏🏻🙏🏻যি তিনি সাজ খাদ‍্য খাব দিছো তাৰ বাহিৰে মুখত পানী/ লাল চাহ/ green tea/ black coffee-ৰ বাহিৰে আৰু একো নিদিয়ে যাতে।

🥒 যিমান পাৰে এইবোৰ বস্তু খাব। ঢেকিয়া, কলডিল, কল পচলা, চজিনা, ভেদাইলতা, ঔটেঙা, মানিমুনি, জলফাই, অমৰা, নৰসিংহ পাত ( curry leaves) ইত‍্যাদি, কাৰণ এইবোৰত সাৰ দিয়া প্ৰয়োজন নাথাকে। সেইবুলি মই আপোনাক আন শাক পাচলি খাব মানা কৰা নাই কিন্তু। তিতা কেৰেলাও বহুত ভাল।

মোৰ এইখিনি কথা অনুগ্ৰহ কৰি আখৰে আখৰে মানি চলক 🙏! নিজৰ তথা আপোনজনৰ কথা ভাৱি অলপ কষ্ট আৰু চেষ্টা কৰক, এইয়া মোৰ কাতৰ অনুৰোধ।

মনত ৰাখিব এনে বেমাৰবোৰৰ কাৰণ Genetic নহয়, “লোভেটিক” আৰু “এলাহটিক” হে আচলতে।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Zipul's Physiotherapy and child rehabilitation center kalgachia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share