Kite Runner

Kite Runner Kite Runner is a youth collective, that organizes the youth of informal settlements across Guwahati.

 শান্তি, সম্প্ৰীতি আৰু একতাৰ বাৰ্তাৰে ১৮ ফেব্ৰুৱাৰী,২০২৬ তাৰিখে গুৱাহাটী মহানগৰীৰ খাৰঘূলি স্থিত Donbosco institute ত কাই...
19/02/2026



শান্তি, সম্প্ৰীতি আৰু একতাৰ বাৰ্তাৰে ১৮ ফেব্ৰুৱাৰী,২০২৬ তাৰিখে গুৱাহাটী মহানগৰীৰ খাৰঘূলি স্থিত Donbosco institute ত কাইট ৰানাৰৰ উদ্যোগত অনুষ্ঠিত হয় যুৱ সমাৰোহ । ক্ষণ ভঙ্গুৰ সময়ত পুৰণিক ভাঙি নতুনকৈ সজাবলৈ, অৱক্ষয় হোৱা নৈতিকতা ঘূৰাই আনি মূল্যবোধ প্ৰতিষ্ঠা কৰিবলৈ কাইট ৰানাৰে সমাৰোহ আয়োজন কৰিবলৈ ওলাইছিল। সেই উদ্দেশ্যে যুৱ সমাজক সংগঠিত কৰিবলৈ যোৱা দিনকেইটাত ঘূৰি ফুৰিছিল গুৱাহাটীৰ অলিয়ে-গলিয়ে , পাঞ্জাবাৰীৰ পৰা মালিগাঁও হৈ উজানবজাৰৰ পৰা প্ৰৱেশ কৰিছিলে হাতীগাঁও অঞ্চলত । বাটৰ নাট'ক জনসংযোগৰ আহিলা হিচাপে লৈ অংশগ্ৰহণৰ বাবে আহ্বান জনাইছিল ডেকা চামক ।
অশান্ত আৰু বিষাক্ত সময়ৰ এই পৰিৱেশত সমাৰোহে গুৱাহাটীৰ উপেক্ষিত যুৱ চামক সংবিধানৰ মূল্যবোধৰ জৰিয়তে নিজৰ অধিকাৰৰ বিষয়ে সজাগ-সচেতন হৈ নেতৃত্ব ল'বলৈ আহ্বান জনায়। বস্তি অঞ্চলৰ শ্ৰমিক শ্ৰেণীৰ সন্তানৰ সপোনক সাকাৰ কৰিবলৈ, জাগি উঠা বহু প্ৰশ্নৰ বিষয়ে কথা‌ পাতিবলৈ, বিভক্ত হৈ থকা মন আৰু চিন্তাক জোৰা লগাই বান্ধিবলৈ কাইট ৰানাৰে এক ক্ষুদ্ৰতম প্ৰয়াস কৰে।
সমাৰোহত কথা পতা হৈছিল পৰিৱেশ ন্যায় আৰু উন্নয়নৰ ওপৰত, ধৰ্মীয় আৰু লৈঙ্গিক বিভেদৰ ওপৰত, নেতৃত্ব আৰু দায়বদ্ধতাৰ ওপৰত লগতে বৰ্তমানৰ সমাজখনত জুই জ্বলাবলৈ সাজু থকা ৰাজনৈতিক ব্যৱস্থাটোৰ ভণ্ডামিৰ ওপৰত ।
উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা অহা সতীৰ্থ সকলৰ উপস্থিতি, গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থী সমাজ আৰু হাইস্কুলৰ শিক্ষাৰ্থীৰ সামূহিক অংশগ্ৰহণে কাইট ৰানাৰৰ সমাৰোহখন সাফল্যমণ্ডিত কৰি তোলে।

সামাজিক ন্যায়, মানৱ অধিকাৰ আৰু ভাতৃত্ববোধৰ বাৰ্তা আগত ৰাখি YUVA( Youth for Unity and Voluntary Action) ৰ ৪১ তম প্ৰতিষ্ঠ...
17/09/2025

সামাজিক ন্যায়, মানৱ অধিকাৰ আৰু ভাতৃত্ববোধৰ বাৰ্তা আগত ৰাখি YUVA( Youth for Unity and Voluntary Action) ৰ ৪১ তম প্ৰতিষ্ঠা দিৱস উদযাপন।

To make the deaf hear, a thunder is needed- Bhagat Singhআজি ৭৯ সংখ্যক স্বাধীনতা দিৱস । আজিৰ দিনটোক স্মৰণ কৰি আমি নিজক প্...
15/08/2025

To make the deaf hear, a thunder is needed- Bhagat Singh

আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস । আজিৰ দিনটোক স্মৰণ কৰি আমি নিজক প্ৰশ্ন কৰিছিলোঁ যে কেৱল লালকিল্লৰ পৰা ভাষণ দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ শুনা আৰু বাইক ৰেলী উলিয়াই হৈ হাল্লা কৰি যোৱাটোৱে স্বাধীনতাৰ উৎসৱ নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি
‌বৰ্তমানৰ বিষাক্ত আৰু অসুস্থ পৰিৱেশত স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত সন্মিলিত ভাবে কি কৰিব পাৰোঁ এটা পৰিকল্পনা কৰিছিলো। কাৰণ দিনৰ পোহৰতে সমাজখনত যিবোৰ অন্যায়-অবিচাৰ হৈ আছে, সেই ঘটনাবোৰক আগত ৰাখি ৰাইজক কিছু প্ৰশ্ন কৰাটো‌ প্ৰয়োজন। তাৰেই ফল হৈছে আজি কাইট ৰানাৰৰ দ্বাৰা নাৰেঙ্গী তিন আলীত প্ৰদৰ্শিত " #আজাদী ?" নামৰ বাটৰ নাটখন।
যিসকলে ৭৯ বছৰ আগতে এখন সমতাপূৰ্ণ আৰু সুৰক্ষিত ভাৰতৰ সপোন দেখিছিল তেওঁলোকৰ সপোনক চূৰমাৰ কৰি আজি যিখন দেশ গঢ়ি তোলা হৈছে তাৰেই প্ৰতিবাদ আছিল নাটখন।
চাইকেল আৰোহী, পথ ব্যৱসায়ী, মধ্যবিত্ত চাম তথা বস্তিৰ মানুহক নাটখনে কিছু কথা যে জনাব পাৰিলে , সেয়াই আছিল সতীৰ্থ সকলৰ বাবে ডাঙৰ সফলতা।
নাটখনৰ কিছু দৃশ্য ইয়াতে তুলি ধৰা হৈছে -

ঘৃণাৰ বিৰুদ্ধে থিয় হোৱাৰ প্ৰয়াস টিম কাইট ৰানাৰ ✊🏽❤️
04/08/2025

ঘৃণাৰ বিৰুদ্ধে থিয় হোৱাৰ প্ৰয়াস
টিম কাইট ৰানাৰ ✊🏽❤️

পৰিৱৰ্তনৰ আখৰা -Youth for Unity and voluntary Action ( YUVA) ৰ সহযোগত ১,২ আৰু ৩ আগষ্ট তাৰিখে খাৰঘূলী স্থিত ডনবস্কো প্ৰতি...
04/08/2025

পৰিৱৰ্তনৰ আখৰা -
Youth for Unity and voluntary Action ( YUVA) ৰ সহযোগত ১,২ আৰু ৩ আগষ্ট তাৰিখে খাৰঘূলী স্থিত ডনবস্কো প্ৰতিষ্ঠানত তিনিদিনীয়াকৈ নাট আৰু নেতৃত্ব বিকাশৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত কাইট ৰানাৰৰ সতীৰ্থ সকলে অতি উৎসুকতাৰে অংশগ্ৰহণ কৰে ।

কৰ্মশালাৰ প্ৰথম দিনা, অসমৰ যুৱ নাট্য শিল্পী আৰু সুদক্ষ অভিনেতা #শাংকু_নিৰঞ্জন_নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকে । তেওঁ সদস্য সকলৰ সৈতে নাট কি , নাটকৰ বৈশিষ্ট্য, অনুশীলন আৰু সামাজিক বিষয়ত নাটৰ ভূমিকা এইখিনি বিষয়ৰ ওপৰত অতি গভীৰভাৱে প্ৰশিক্ষণ আগবঢ়ায়।

দ্বিতীয়তে , কৰ্মশালাৰ দ্বিতীয় আৰু তৃতীয় দিনত য়ুৱা ৰ সদস্য চচীন নাচনেকাৰ আৰু প্ৰকাশ ভাৱৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকে। তেওঁলোকে সদস্য সকলক নেতৃত্ব বিকাশ আৰু সাংগঠনিক কাৰ্যপদ্ধতিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে । বিশেষকৈ যুৱ গোট এটাই যে advocay আৰু activism এই দুটা পদ্ধতি আগত ৰাখি সামাজিক বিষয়ত কাম কৰিব লাগে এই কথাখিনি বিতংকৈ আলোচনা কৰে ।

ধন্যবাদ Bhaskar Kalita Kalyan Buragohain কৰ্মশালাটো আয়োজন কৰাৰ বাবে ।

Thanks to Youth for Unity and Voluntary Action - YUVA

ৰাভাক বিচাৰি -ভাত-কাপোৰ আৰু আবাসৰ অধিকাৰৰ প্ৰশ্ন এৰাই চলি ৰাভাক স্মৰণ কৰাটো একপ্ৰকাৰৰ নাটক। এইবাৰৰ ২০ জুনত আমি প্ৰয়াস ক...
21/06/2025

ৰাভাক বিচাৰি -
ভাত-কাপোৰ আৰু আবাসৰ অধিকাৰৰ প্ৰশ্ন এৰাই চলি ৰাভাক স্মৰণ কৰাটো একপ্ৰকাৰৰ নাটক। এইবাৰৰ ২০ জুনত আমি প্ৰয়াস কৰিলোঁ,‌গুৱাহাটীৰ বস্তি অঞ্চলৰ শিক্ষাৰ্থীসকলৰ মাজত( যিসকলৰ অধিকাংশ অসংগঠিত শ্ৰমিকৰ পৰিয়ালৰ সন্তান) ৰাভাৰ চিন্তা আৰু কামক তুলি ধৰা হ‌ওক।
তাৰেই প্ৰচেষ্টাৰে অনুষ্ঠানৰ মুখ্য সমল ব্যক্তি হিচাপে যুৱ কৰ্মী নিৰংকুশ নাথ আৰু গণ শিল্পী ড. ৰাণু বৈশ্যক আমন্ত্ৰিত কৰা হ'ল।
বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আদৰ্শৰ ওপৰত নিৰংকুশ নাথৰ বক্তৃতা আৰু বাইদেউৰ দ্বাৰা পৰিৱেশত গীতে অনুষ্ঠানৰ উদ্দেশ্যক সফল কৰি তুলিলে ।

অনুষ্ঠানৰ শেষত, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক কাইট ৰানাৰ আৰু Youth for Unity and Voluntary Action - YUVA ৰ ফালৰ পৰা প্ৰশংসা পত্ৰৰ লগতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা( অসমীয়া ৰূপান্তৰ) একোখনকৈ প্ৰদান কৰা হয়।

Address

Guwahati Club
Guwahati
781003

Opening Hours

9am - 6pm

Website

Alerts

Be the first to know and let us send you an email when Kite Runner posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share