10/08/2026
যিসকলে নিজৰ সমাজৰ শান্তি-সুৰক্ষা তথা ৰাইজৰ সেৱাৰ বাবে নিজ নিজ অঞ্চলত সমাজ সুৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক দল গঠন সম্পূৰ্ণ কৰিছে আৰু ২১ জনীয়া স্বেচ্ছাসেৱকৰ যোগদান সম্পূৰ্ণ কৰিছে, সেই দলসমূহে নিজৰ অঞ্চলৰ ৰাইজৰ সমস্যাসমূহৰ বিষয়ে লিখিতভাৱে নিজ গাওঁ বা নগৰ এলেকাত দায়িত্বত থকা বিশেষ স্বেচ্ছাসেৱকসকলৰ জৰিয়তে জিলা সচিবসকললৈ আবেদন কৰিব পাৰিব। জিলা সচিবে জিলা স্বেচ্ছাসেৱকসকলৰ অনুমতি আৰু পৰামৰ্শ মতে সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা ভিত্তিত গঠন কৰা বিশেষ স্বেচ্ছাসেৱক দলক নিৰ্দেশনা প্ৰদান কৰিব।
যিকোনো ঘটনা বা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিখন জিলাত এটা বিশেষ স্বেচ্ছাসেৱক দল গঠন কৰা হ’ব। জিলা সচিবৰ নিৰ্দেশমৰ্মে এই দলে যিকোনো সময়তে আৰু যিকোনো স্থানত উপস্থিত হৈ সমস্যা সমাধানৰ ক্ষেত্ৰত স্থানীয় স্বেচ্ছাসেৱক দলসমূহক সহায় কৰিব।
(বি: দ্র: যদি সমস্যা ডাঙৰ হয় বা পৰিস্থিতি অধিক জটিল হয়, তেন্তে স্থানীয় ৰাইজ, গাঁওৰক্ষী বাহিনী আৰু গাঁওপ্ৰধানৰ সহযোগিতা লোৱাৰ উপৰি প্ৰয়োজন অনুসৰি আৰক্ষী-প্ৰশাসনৰ সহায় ল’ব লাগিব।)