01/05/2026
প্ৰকৃতাৰ্থত নন্ বায়লজিকেল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী !
তেওঁক স্বয়ং ভগৱানে পঠাইছে - ধৰিত্ৰীলৈ
গণতন্ত্ৰ ধ্বংস কৰি নৈৰাজ্যবাদ প্ৰতিষ্ঠা কৰিবলৈ
এইয়েহে মূল্যবৃদ্ধিৰ জড়িয়তে দৰিদ্ৰৰ ডিঙিত চেপিছে !
দেৱানন্দ মেদক (মিৰি)
মে’ ০১, ২০২৬
==============
ইংৰাজী নন্ বায়লজিকেল শব্দৰ (Non-biological) অসমীয়া প্ৰতি শব্দ হ’ল - জীৱহীন, অজৈৱিক অথবা প্ৰাণহীন ! অৰ্থাৎ যাৰ জন্ম জৈৱিক পদ্ধতিৰে নহয় ! যাৰ জন্মৰ পাছটো শৰীৰত কোনো প্ৰাণ নাই বা জীৱ নাই !
প্ৰসংগটো বিশেষ এটা কাৰণত উল্লেখ কৰিছোঁ !
২০২৪ৰ লোকসভা নিৰ্বাচনৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি টেলিভিছন চেনেলক দিয়া সাক্ষাৎকাৰত কৈছিল - “I am convinced that ‘Parmatma’ (God) sent me for a purpose. Once the purpose is achieved, my work will be one done. This is why I have completely dedicated myself to God.” অৰ্থাৎ, প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক বুজাব বিচৰা সাৰাংশটো হ’ল - তেওঁ জৈৱিকভাৱে জন্মলাভ কৰা নাছিল । স্বয়ং ভগৱানে পঠাইছে । চমূকৈ ইংৰাজীত - Modi was born non-biologically.
প্ৰধানমন্ত্ৰী মোদীয়ে উক্ত সাক্ষাৎকাৰত স্পষ্টকৈ কৈছে যে তেওঁক স্বয়ং পৰমাত্মাই বিশেষ উদ্দেশ্যৰে এই পৃথীৱিলৈ মনুষ্যৰ ৰূপত পঠাইছে । আমি বুজি পোৱা নাছিলো, মোদীয়ে বাৰে বাৰে উল্লেখ কৰা সেই বিশেষ উদ্দেশ্যনো কি ? কিহৰ কাৰণে ভগৱানে তেওঁক পৃথীৱিলৈ পঠাইছে ? আজি অৱশ্যেই ৰহস্য ভেদ হ’ল । প্ৰধানমন্ত্ৰী মোদীক আচলতে ভাৰত ৰাষ্ট্ৰত গণতন্ত্ৰ ধ্বংস কৰি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ ভগৱানে পঠাইছে । সেই উদ্দেশ্যৰেই তেওঁ দিনত ১৮ ঘন্টা কাম কৰি গৈছে ।
আচলতে ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থতেই মোদীয়ে ধাৰাবাহিকভাৱে মূল্যবৃদ্ধিৰ পৃষ্ঠপোষকতা কৰি আহিছে, ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস কৰি আহিছে, চৰকাৰী সম্পত্তি বিক্ৰী কৰি আহিছে, ঋণ লৈ দেশৰ অৰ্থনীতি ডুবাইছে, নিজক অৱতাৰী পুৰুষ সজোৱাৰ স্বাৰ্থত ৰাজকোষৰ ধন শৰাধ কৰিছে, দেশৰ জল-জমিন-জংগল আদানি-আম্বানিৰ হাতত চমজাই দিছে, আৰু সমান্তৰালকৈ আদানি-আম্বানিক দেশৰ মালিকৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগিছে ।
আপোনালোক একমত হওক বা নহওক - মই আজি দৃঢ় বিশ্বাসী, নৰেন্দ্ৰ মোদী জৈৱিকভাৱে জন্ম হোৱা হলে যিমান নিৰক্ষৰ, নিৰ্বোধ হলেও আজি অন্তত দেশৰ কৃষক-শ্ৰমিকৰ আৰ্থিক দুৰৱস্থালৈ চাই চিলিণ্ডাৰকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিলেহেঁতেন ! তেওঁ প্ৰকৃতাৰ্থত নন্ বায়লজিকেল ! তেওঁৰ কোনো মামুহৰ অনুভূতি নাই !
[ বিদ্ৰ: আমাৰ লেখাসমূহৰ সৈতে যুক্ত হৈ থাকিবলৈ Revolution Assam পেজটো ফল্/লাইক কৰিবলৈ নাপাহৰিব]