21/12/2025
বাংলাদেশত বসবাস কৰা সংখ্যালঘু (হিন্দু) ভাই-ভনীসকলৰ ওপৰত শেহতীয়াকৈ সংঘটিত হোৱা আক্ৰমণ আৰু অত্যাচাৰৰ ঘটনাসমূহ গভীৰ উদ্বেগজনক। এগৰাকী সংখ্যালঘু ব্যক্তিৰ ওপৰত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাক আমি নেমছুয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ,ধিক্কাৰ জনাইছো।
ধৰ্ম, পৰিচয় বা কোনো মানৱ জীৱনৰ ওপৰত হোৱা অন্যায়, নিপীড়ন আৰু হিংসা কেতিয়াও গ্ৰহণযোগ্য নহয়।
এই পৰিস্থিতিত ভাৰত চৰকাৰে বাংলাদেশত বসবাস কৰা হিন্দু সুৰক্ষাৰ বিষয়টো অতি গুৰুত্বসহ বিবেচনা কৰি কঠোৰ আৰু কার্যকৰী হোৱাকৈ পদক্ষেপ গ্ৰহণ কৰা উচিত। কোনো পৰিস্থিতিতেই বাংলাদেশত থকা হিন্দু সকলৰ ওপৰত ভৱিষ্যতে এইধৰণৰ কোনো অত্যাচাৰ মানি লোৱা নহ’ব। শেহতীয়াকৈ বাংলাদেশৰ কিছু ৰাজনৈতিক নেতা আৰু গোটে ভাৰত-বিৰোধী তথা উত্তৰ-পূৰ্বাঞ্চল-বিৰোধী মনোভাব প্ৰকাশ কৰি আহিছে, প্ৰয়োজন হ’লে এইধৰণৰ শক্তিসমূহৰ বিৰুদ্ধে কূটনৈতিকভাৱে অথবা ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ খাতিৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটোও ভাৰত চৰকাৰৰ দায়িত্ব।
ইয়াৰ লগতে আমি সকলোৱে সজাগ থাকিব লাগিব যাতে অন্য দেশত সংঘটিত কোনো ঘটনাই অসম বা ভাৰতৰ অভ্যন্তৰীণ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰে। আমাৰ সমাজত থকা ভ্ৰাতৃত্ববোধ, সহাৱস্থান আৰু পৰস্পৰ সন্মান আৰু অধিক মজবুত কৰি তোলাটো সময়ৰ দাবী। ঐতিহ্যৰে গঢ়া ভৰতীয় সমাজত ঘৃণাৰ কোনো ঠাই নাই। মানৱতা, ন্যায় আৰু শান্তিৰ পথতেই আমি আগবাঢ়িব লাগিব। য’তেই মানৱ অধিকাৰ লংঘন হয়, তাৰ বিৰুদ্ধে দৃঢ়ভাৱে থিয় হৈ এখন সভ্য, গণতান্ত্ৰিক আৰু মানৱীয় সমাজৰ সত্য পৰিচয় আমি বিশ্ববাসীৰ আগত উপস্থাপন কৰিব লাগিব।
শ্ৰদ্ধাৰে -
গোলাপ ৰাব্বানী
সভাপতি,NEMSU