24/07/2026
📍 আহক, বানপীড়িত ৰাইজৰ কাৰণে একেলগে থিয় হওঁ!
অসমৰ যোৰহাট, চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰকে ধৰি বিভিন্ন জিলাত ভয়ংকৰ বানে হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে। বহু পৰিয়ালৰ সপোন, আশ্ৰয় আৰু মূৰৰ ওপৰৰ চালখন এক নিমেষতে বানৰ কৰাল গ্ৰাসে কাঢ়ি লৈ গ’ল। দুৰ্যোগৰ এই অত্যন্ত কঠিন সময়ত আমাৰ অলপ সহানুভূতিক দায়িত্ব আৰু এটা সৰু সহায়েও কাৰোবাৰ জীৱনত পুনৰ আশাৰ ৰেঙণি কঢ়িয়াই আনিব পাৰে।
বানপীড়িত লোকসকলৰ বাবে জোনাক এটি প্ৰচেষ্টা ৰ ফালৰ অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী প্ৰদানৰ এক মানৱীয় প্ৰচেষ্টা হাতত লোৱা হৈছে। সেয়েহে আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব ।সেই উদ্দেশ্যে ই অহাকালি ২৫ জুলাই ২০২৬ শনিবাৰে সন্ধিয়া ৭ বজাত এখন মিটিং ৰ আয়োজন কৰিছো । উক্ত মিটিং খনত সকলোৰে উপস্থিতি কামনা কৰিলোঁ।
আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ মিটিং খনত জড়িত হৈ আমাক সুদিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় যেন ।
ধন্যবাদ
*জোনাক এটি প্ৰচেষ্টা*
👇
Google meet link 👇
https://meet.google.com/nrn-qbjy-ysc
Time :- 7:00 pm
Date :- 25/07/26