01/08/2026
সকল নিগম লতা তাৰ অবিনাশী ফল
কৃষ্ণ-নাম চৈতন্য স্বৰূপ ।
সুমধুৰ সুমঙ্গল শ্রদ্ধায়ে হেলায়ে লৈয়া
নৰ মাত্র তৰে ভৱকূপ ।।
বিগত বৰ্ষৰ দৰে এই বছৰো ভাদ মহীয়া নাম-প্ৰসঙ্গৰ আয়োজক সমূহ ৰাইজৰ সুবিধাৰ্থে সত্ৰীয়া সংস্কৃতি কেন্দ্ৰ গুৰগাঁৱে (SSK Gurgaon) ভক্তি মাৰ্গ দৰ্শনাৰ্থে অসমৰ পৰা নামাচাৰ্য নিমন্ত্ৰণ কৰি আনিছে।
এই নাম-প্ৰসঙ্গ সম্পূৰ্ণ ভাদ মাহ ধৰি (ইং ১৮ আগষ্টৰ পৰা ১৮ চেপ্তেম্বৰলৈকে) পালন কৰা হ'ব।
এতেকে সমূহ ৰাইজলৈ এটি অনুৰোধ, ভাদ মহীয়া নাম-প্ৰসঙ্গৰ বাবে যেন আমাৰ লগত যোগাযোগ কৰে।
নাম-প্ৰসঙ্গ আয়োজন কৰিব বিচৰা সমূহ ভক্তপ্ৰাণ ৰাইজে বুকিং আৰু অধিক তথ্যৰ বাবে যোগাযোগ কৰক -
• শ্রী অভিজিত মহন্ত – ৯৮১০৩৪৪০৫
• শ্রী দেৱাশীষ মহন্ত – ৯৮১৮০২২৫০৭