Snehaspad Foundation

Snehaspad Foundation A platform for equality,service & humanity.Dedicated to uplifting lives through Awareness & Support.

03/05/2026

৩ মে’,২০২৬:
জাতীয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু নৱোদয় ফ্ৰেণ্ডশ্বিপ ছ'চাইটী, স্নেহাস্পদ ফাউণ্ডেশ্যনৰ সহযোগত আজি দেৰগাঁৱৰ বাতিপৰীয়া চিনিয়ৰ বেছিক বিদ্যালয়ত এখনি বিনামূলীয়া চিত্ৰ কৰ্মশালা আৰু চিত্ৰাংকন বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত অঞ্চলটোৰ বহু সংখ্যক আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত ফাইন আৰ্ট, ক্ৰাফট আৰু বিভিন্ন ধৰণৰ চিত্ৰকলাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল দক্ষতা বিকাশৰ লগতে তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে এক উল্লেখযোগ্য মঞ্চ সৃষ্টি হয়।

জাতীয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সঞ্চালক ৰিয়াজ ৰাহুল হকে কয় যে, এই উদ্যোগৰ মূল উদ্দেশ্য হৈছে নৱপ্ৰজন্মৰ মাজত সৃষ্টিশীলতা বিকাশ কৰা, শিল্প-সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু চিত্ৰকলাক কেৱল হবি হিচাপে সীমাবদ্ধ নৰাখি এক কেৰিয়াৰমুখী শিক্ষাৰূপে গঢ় দি তোলা। অনুষ্ঠানত মূখ্য প্ৰশিক্ষকৰূপে উপস্থিত থাকে অঞ্চলটোৰ বিশিষ্ট চিত্ৰশিল্পী হোমেন ভূঞাঁ, লগতে কুৰিঘৰীয়া শাখাৰ প্ৰশিক্ষক মোজ্জামিল আহমেদ আৰু শ্বাহনাৱাজ আহমেদে ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত নৱোদয় ফ্ৰেণ্ডশ্বিপ ছ'চাইটীৰ বিষয়ববীয়াসকলে এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰি কয় যে, এনে সৃষ্টিশীল কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ লুকাই থকা প্ৰতিভা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

শেষত, আয়োজকসকলে আগন্তুক দিনসমূহতো এনে শিক্ষামূলক আৰু সৃষ্টিশীল কাৰ্যসূচী অব্যাহত ৰাখিবলৈ দৃঢ় সংকল্প ব্যক্ত কৰে।

Jatiya Kala Krishti Vikash Kendra Safique Alam

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ উদ্যোগত গোলাঘাটত শ্ৰমিক অধিকাৰ সজাগতা সভা১ মে', ২০২৬:  আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে আজি গোলাঘ...
02/05/2026

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ উদ্যোগত গোলাঘাটত শ্ৰমিক অধিকাৰ সজাগতা সভা

১ মে', ২০২৬: আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে আজি গোলাঘাটৰ মহিমা চাহ বাগিছাত জিলাভিত্তিত এখনি শ্ৰমিক অধিকাৰ সজাগতা সভা অনুষ্ঠিত হয়। অসম চাহ মজদুৰ সংঘ, আটছা আৰু স্থানীয় ৰাইজৰ উদ্যোগত আয়োজিত মে’ দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি স্নেহাস্পদ ফাউণ্ডেশ্যন, গোলাঘাটৰ উদ্যোগত আৰু ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি (DLSA), গোলাঘাটৰ সহযোগত উক্ত সভাখন অনুষ্ঠিত কৰা হয়।

সভাখনিত মুখ্য সমল ব্যক্তিৰূপে উপস্থিত থাকে গোলাঘাট DLSA-ৰ চৰকাৰী অধিবক্তা শ্ৰী ৰাহুল লোচন বৰা । তেখেতে শ্ৰমিকসকলৰ মৌলিক অধিকাৰ, আইনী সুৰক্ষা আৰু চৰকাৰী সুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে উপস্থিত ৰাইজক অৱগত কৰে। বিশেষকৈ অসংগঠিত শ্ৰমিক শ্ৰেণীৰ বাবে উপলব্ধ বিনামূল্যৰ আইনী সাহাৰ্যৰ বিষয়ে উল্লেখ কৰি তেখেতে কিদৰে এই সুবিধাসমূহ লাভ কৰিব পাৰি সেই বিষয়ে বিৱৰণ দিয়ে। লগতে আইনী পৰামৰ্শ আৰু সহায় লাভৰ বাবে টোল-ফ্ৰী নম্বৰ ১৫১০০ ব্যৱহাৰৰ বিষয়েও জনায়। অনুষ্ঠানভাগত স্নেহাস্পদ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা উপস্থিত থাকে সভাপতি মিন্টু দত্ত, কোষাধ্যক্ষ ছফিক আলম আৰু উপদেষ্টা দ্ৰোণ গগৈ ডাঙৰীয়া।

উল্লেখযোগ্য যে, স্নেহাস্পদ ফাউণ্ডেশ্যনে সদায় শ্ৰমিক শ্ৰেণীৰ কল্যাণ আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। সভাৰ অন্তত ফাউণ্ডেশ্যনৰ মূখ্য সংগঠক তথা সাধাৰণ সম্পাদক ৰিয়াজ ৰাহুল হকে মুখ্য অতিথি শ্ৰী ৰাহুল লোচন বৰা আৰু আটছা কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে মহিমা আৰু দাতিকাষৰীয়া অঞ্চলৰ শ্ৰমিক ৰাইজৰ যিকোনো সমস্যা সমাধানৰ বাবে ফাউণ্ডেশ্যনে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে আৰু ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিব।

Safique Alam Pinaaz Haque CMO Assam Ministry of Labour and Employment, Government of India MyGov Assam Narendra Modi Mrinal Saikia Kamakhya Prasad Tasa Ajanta Neog A J Sorif Atul Bora অতুল বৰা

01/05/2026

A song for us...song for SNEHASPAD
By Gemini ❤️

Today, we honor the hands that build, the minds that create, and the hearts that never give up. Every drop of sweat carr...
01/05/2026

Today, we honor the hands that build, the minds that create, and the hearts that never give up. Every drop of sweat carries dignity, every effort shapes a better tomorrow.

Snehaspad Foundation salutes the true strength of our society — the workers.

Happy (INTERNATIONAL WORKER) Labour Day.

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ দক্ষতা বিকাশৰ প্ৰয়াস "স্নেহাস্পদ স্কিল ডেভলপমেন্ট চেণ্টাৰ" ৰ সফলতাৰ অন্য এক অধ্যায় লিপিবদ্ধ বাতৰ...
28/04/2026

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ দক্ষতা বিকাশৰ প্ৰয়াস "স্নেহাস্পদ স্কিল ডেভলপমেন্ট চেণ্টাৰ" ৰ সফলতাৰ অন্য এক অধ্যায় লিপিবদ্ধ বাতৰিৰ শিৰোনামত!!

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ দক্ষতা বিকাশ কোষ "স্নেহাস্পদ কৌশল আৰু দক্ষতা বিকাশ কেন্দ্ৰ"ৰ উদ্যোগত  বঙাইগাঁও জিলাৰ বিভিন্ন ঠাই...
18/04/2026

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ দক্ষতা বিকাশ কোষ "স্নেহাস্পদ কৌশল আৰু দক্ষতা বিকাশ কেন্দ্ৰ"ৰ উদ্যোগত বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত দি থকা প্ৰশিক্ষণসমূহৰ সমান্তৰালকৈ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰসমুহো প্ৰদান কৰি থকা হৈছে। উল্লেখযোগ্য যে উক্ত প্ৰশিক্ষণ প্ৰমাণপত্ৰসমূহত সহজতে সত্যাসত্য প্ৰমাণ আৰু গুণগত মান নিৰূপণৰ বাবে আধুনিক পদ্ধতিৰে QR ব্যৱস্থাও সংলগ্ন কৰা হৈছে।

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ দক্ষতা বিকাশৰ প্ৰয়াসৰ অংশ "স্নেহাস্পদ কৌশল আৰু দক্ষতা বিকাশ কেন্দ্ৰ"ৰ উদ্যোগত  বঙাইগাঁও জিলাৰ বি...
18/04/2026

স্নেহাস্পদ ফাউণ্ডেশ্যনৰ দক্ষতা বিকাশৰ প্ৰয়াসৰ অংশ "স্নেহাস্পদ কৌশল আৰু দক্ষতা বিকাশ কেন্দ্ৰ"ৰ উদ্যোগত বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত সংস্থাৰ দক্ষতা বিকাশ কেন্দ্ৰৰ সহ পৰিচালক ৰশ্মি মেধিৰ নেতৃত্বত বিগত এমাহে চিলাই, কেক মেকিং আৰু কাঠফুলা উৎপাদনৰ ওপৰত কেইবাটাও প্ৰশিক্ষণ অনুষ্ঠিত হয়। দক্ষতা বিকাশৰ দিশত বঙাইগাঁও জিলাত আমাৰ এই প্ৰয়াস ভৱিষ্যতেও অব্যাহত থাকিব।

উল্লেখযোগ্য যে সংস্থাৰ নিয়ম অনুযায়ী একোটাকৈ গছপুলিও প্ৰত্যেকটো প্ৰশিক্ষণৰ আৰম্ভণিতে ৰোপণ কৰা হয়।

16/03/2026

Proud Moment for Golaghat: Ayan Hazarika Selected for Commercial Pilot Training At Johannesburg South Africa

A proud milestone for Golaghat as young talent Ayan Hazarika embarks on his journey to Johannesburg, South Africa, after being selected for prestigious commercial pilot training. His achievement shines as an inspiration for aspiring aviators from the region.

Follow For More Updates

(Ig Tags)

"ৰক্তদান মহান দান" সময়ে সময়ে, সমাজ আৰু আৰ্তজনৰ প্ৰয়োজনত আমি, স্নেহাস্পদ ফাউণ্ডেচন এ ৰক্তদান কৰি আহিছোঁ আৰু প্ৰয়োজনত বিভি...
15/03/2026

"ৰক্তদান মহান দান"
সময়ে সময়ে, সমাজ আৰু আৰ্তজনৰ প্ৰয়োজনত আমি, স্নেহাস্পদ ফাউণ্ডেচন এ ৰক্তদান কৰি আহিছোঁ আৰু প্ৰয়োজনত বিভিন্ন ৰোগীক বিনামূল্যে ৰক্তৰ যোগান ধৰি সহায় কৰিবলৈ অবিৰত প্ৰচেষ্টাও অব্যাহত ৰাখিছোঁ।।

আজি ফাউণ্ডেশ্যনৰ কোষাধ্যক্ষ শ্বফিক আলম-এ এই আদৰ্শকে সৰোগত কৰি এজন ৰোগীৰ প্ৰয়োজনত হেলথচিটি চিকিৎসালয়ত ৰক্তদান কৰি ৰোগীজনক সময়মতে সহায় কৰে।

Ajanta Neog CMO Assam District Administration, Golaghat HealthCity Kamakhya Prasad Tasa Atul Bora অতুল বৰা Mrinal Saikia Bhabendra Nath Bharali ভবেন্দ্ৰনাথ ভৰালী Golaghat Diary Himanta Biswa Sarma Safique Alam

Address

N. C ALI Road
Golaghat
785626

Website

Alerts

Be the first to know and let us send you an email when Snehaspad Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share