27/07/2026
শশী ফাউণ্ডেশ্যনৰ উদ্যোগত মহিলা সকলৰ মাজত বিনামূলীয়াকৈ আচাৰ,জাম, জেলি,চৰবতৰ দুদিনিয়া প্ৰশিক্ষণ আজি গোলাঘাটৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সমল ব্যক্তি হিচাবে উপস্থিত থাকে জিলা কৃষি বিভাগৰ জুৰি শইকিয়া বাইদেউ। লগতে উপস্থিত থাকে গোলাঘাটৰ জেষ্ঠ সাংবাদিক, সমাজ কৰ্মী দিগন্ত ভূঞা ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি জিতুল ৰাজখোৱা ডাঙৰীয়া, সাংবাদিক চন্দন কৰ্মকাৰদেৱ, ৰাজীৱ কৰ্মকাৰ ডাঙৰীয়া। সকলোৱে অতি তাৎপৰ্যপূৰ্ণ ব্যক্তব্য দাঙি ধৰে। এই সভাতেই শশী ফাউণ্ডেশ্যনে আগবঢ়োৱা বিনামূলীয়া এবছৰীয়া চিলাই প্ৰশিক্ষণৰ সফল সমাপ্তিত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। লগতে আজিৰ কাৰ্যসূচীৰ সামৰণিত জিতুল ৰাজখোৱাদেৱৰ লগতে তেখেতৰ সংগীবৃন্দই আজি উপস্থিত থকা সকলো প্ৰশিক্ষাৰ্থীকে এসাঁজ আহাৰৰ যোগান ধৰে।তেখেত সকললৈ অশেষ ধন্যবাদ 🙏 আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।দিনাংক ২৭/৭/২০২৬