ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,গোৱালপাৰা জিলা

  • Home
  • India
  • Goalpara
  • ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,গোৱালপাৰা জিলা

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,গোৱালপাৰা জিলা ছাত্ৰ ছাত্ৰীৰ কল্যাণ সাধন কৰাই মূল লক্ষ্য।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি গুৱাহাটীত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ফাছট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ দাবী...
25/02/2026

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি গুৱাহাটীত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ফাছট্ৰেক আদালতৰ জৰিয়তে সম্পন্ন কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াৰ দাবীত আজি গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ তিমুং দেৱৰ জড়িয়...
27/10/2025

ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তি দিয়াৰ দাবীত আজি গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ তিমুং দেৱৰ জড়িয়তে শিক্ষামন্ত্ৰীলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয় গোটৰ সদস্য সকলে স্মাৰক পত্ৰ প্ৰদান কৰে।

ঐতিহ্যমণ্ডিত গোৱালপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি আৰু সাধাৰণ সম্পাদকসহ নিৰ্বাচিত হোৱা সকলো ...
25/09/2025

ঐতিহ্যমণ্ডিত গোৱালপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সভাপতি আৰু সাধাৰণ সম্পাদকসহ নিৰ্বাচিত হোৱা সকলো ছাত্ৰক গোৱালপাৰা জিলা সমিতিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। এই জয় কেৱল এজন বা দুজনৰ নহয়, সমগ্ৰ ছাত্ৰ সমাজৰ জয় আৰু একতাৰ প্ৰতীক। আশা কৰোঁ নতুন নেতৃত্বে দায়িত্বশীলভাৱে আগুৱাই গৈ শিক্ষা, সংস্কৃতি আৰু ছাত্ৰ কল্যাণৰ ক্ষেত্ৰত সাফল্যৰ নতুন দিশ উন্মোচন কৰিব।।

জয়তু গোৱালপাৰা মহাবিদ্যালয়, জয়তু ছাত্ৰ সমাজ। 🌿

অহাকালি (25/09/2025) গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ দিন, গৌৰৱৰ উজ্জ্বল পৃষ্ঠা লিখিবলৈ আহিছে সঁ...
24/09/2025

অহাকালি (25/09/2025) গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ দিন, গৌৰৱৰ উজ্জ্বল পৃষ্ঠা লিখিবলৈ আহিছে সঁচা ক্ষণ।

সেই পবিত্ৰ দিনে, সঁহাৰি জনাইছোঁ
মহাবিদ্যালয়ৰ সমুদায় ছাত্ৰ-ছাত্ৰীলৈ—
আহক, ঐক্যৰ বীজত শান্তিৰ গাছ পোহৰাওঁ, সম্প্ৰীতিৰ বতাহেৰে উন্নতিৰ বাট বিচৰাওঁ।

আপোনালোকৰ মূল্যবান ভোটে হ’ব শক্তিৰ শপথ, ভৱিষ্যৎ গঢ়াৰ অমৰ প্ৰতিজ্ঞাৰ দিশা।
সেয়ে অনুৰোধ, সহস্ৰ আশা-আস্থাৰে
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়যুক্ত কৰি তুলক—
যাতে গোৱালপাৰা মহাবিদ্যালয় হয়
ঐক্য, শান্তি আৰু উন্নতিৰ দীপশিখা। 🌿✨

20/09/2025
20/09/2025
ভৱাণিপুৰত পথদুৰ্ঘটনাত থিতাতে নিহত হোৱা  নাজমা ইয়াছমিনক আজি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ...
02/06/2025

ভৱাণিপুৰত পথদুৰ্ঘটনাত থিতাতে নিহত হোৱা নাজমা ইয়াছমিনক আজি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ৰাক্ষসিনী ডোপতলা বজাৰত অধিবক্তা নাজমা ইয়াছমিনৰ আত্মাৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী গ্ৰহণ কৰা হয়।

এই চেগতে তেখেতৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ লগতে তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসপ্ত পৰিয়ালবৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিছোঁ।।

Satra Mukti Sangram Samiti Goalpara District

02/06/2025

শোক বাৰ্তাঃ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি,উপদেষ্টা Ashraful Islam দাদাৰ মাতৃৰ বিয়োগৰ খবৰে আমাক মৰ্মাহত কৰি তুলিছে। প্ৰয়াত মাতৃগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ জনালোঁ গভীৰ সমবেদনা।। 🙏

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,গোৱালপাৰা জিলা
Satra Mukti Sangram Samiti, Assam - SMSS

আজি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ উপস্থিতিত স্কেমিঅ গ্ৰুপ অফ ইনষ্টিট...
26/05/2025

আজি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ উপস্থিতিত স্কেমিঅ গ্ৰুপ অফ ইনষ্টিটিউটৰ সভা গৃহত এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। সভাখনত বৰ্তমান অসমত দেখা দিয়া ৰাজনৈতিক, অৰ্থনৈতিক, ছাত্ৰ ছাত্ৰীৰ আদি কৰি বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হয়।। আগন্তুক দিনক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰু অধিক শক্তিশালী ভাৱে কাম কৰিব বুলি সংকল্প লোৱা হয় ।। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ।। জয় আই অসম।।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,গোৱালপাৰা জিলা
Satra Mukti Sangram Samiti Goalpara District
Satra Mukti Sangram Samiti, Assam - SMSS

26/05/2025
মৰনৈ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শ্ৰী সূৰ্য্য যুৱ সংঘৰ সহযোগত কোডালধোঁৱাত অৱস্থিত কুঁহিপাত একাডেমীত ...
25/05/2025

মৰনৈ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শ্ৰী সূৰ্য্য যুৱ সংঘৰ সহযোগত কোডালধোঁৱাত অৱস্থিত কুঁহিপাত একাডেমীত মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ভৱিষ্যত উজ্জ্বল কামনা কৰা হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,গোৱালপাৰা জিলা সমিতিৰ পৰা সকলো ছাত্ৰ- ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।। ধন্যবাদ।।

Satra Mukti Sangram Samiti Goalpara District
Satra Mukti Sangram Samiti, Assam - SMSS

Address

Goalpara

Alerts

Be the first to know and let us send you an email when ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি,গোৱালপাৰা জিলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share