COTTON UNIVERSITY AASU UNIT

COTTON UNIVERSITY AASU UNIT Official page of COTTON UNIVERSITY AASU UNIT, A unit of ALL ASSAM STUDENTS UNION.

১৯৭৯ চনৰ আজিৰ দিনটোতে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে...
10/12/2022

১৯৭৯ চনৰ আজিৰ দিনটোতে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে মাত্ৰ ২০ বছৰ বয়সতে জাতি ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল। আজি শ্বহীদ দিৱসত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰতিজন বীৰ শ্বহীদক কটন বিশ্ববিদ্যালয়ৰ আছু গোটে শ্ৰদ্ধাৰে সুঁৱৰিছো। ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৫৫ জন বীৰ শ্বহীদক আমাৰ সশ্রদ্ধ প্রণাম।

আজি কটন বিশ্ববিদ্যালয়ৰ কলা আৰু সমাজ বিজ্ঞানৰ  ভাৰপ্ৰাপ্ত ডীন তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° শান্তনু চক্ৰৱ...
30/11/2022

আজি কটন বিশ্ববিদ্যালয়ৰ কলা আৰু সমাজ বিজ্ঞানৰ ভাৰপ্ৰাপ্ত ডীন তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° শান্তনু চক্ৰৱৰ্তী ছাৰে অৱসৰ গ্ৰহণ কৰে । ১৯৯৫ চনৰ পৰা সুদীৰ্ঘ ২৮ বছৰে কটন বিশ্ববিদ্যালয় (তেতিয়াৰ কটন কলেজ )ত শিক্ষাদানত ব্ৰতী ছাৰক আজি আমি কটন বিশ্ববিদ্যালয় আছু গোটে এটি স্মাৰক, এখনি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰোঁ । অনাগত দিনবোৰ ছাৰৰ বাবে সোণোৱালী হৈয়ে থাকক তাৰেই আশাৰে আমি ছাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষীমপুৰ সাধাৰণ সভাত উপস্থিত থাকি ছাত্ৰ সন্থাৰ বৰ্ণিল আয়োজনৰ সাক্ষী হৈ ৰও। অসমৰ জাতীয় জীৱনৰ প্ৰতিট...
22/11/2022

সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষীমপুৰ সাধাৰণ সভাত উপস্থিত থাকি ছাত্ৰ সন্থাৰ বৰ্ণিল আয়োজনৰ সাক্ষী হৈ ৰও। অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সংকটত সমুখৰ পৰা নেতৃত্ব দিয়া ছাত্ৰ সন্থাৰ সতীৰ্থসকলৰ সৈতে জাতীয় জীৱনক প্ৰতিটো ভাল বেয়া সময়ত সাহসেৰে যুঁজাৰ বাবে সংকল্পবদ্ধ হওঁ।

লক্ষীমপুৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাই ছাত্ৰ সন্থাক নতুন গতি দিব বুলি আমি অত্যন্ত আশাবাদী। এক নতুন বাটৰ উন্মোচন কৰি জাতীয় সংগ্ৰামক উজ্জীৱিত কৰিব বুলি দৃঢ় বিশ্বাসী।

লক্ষীমপুৰবাসীৰ আন্তৰিক আতিথ্যই ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মীক সাহস দিছে ৷ লক্ষীমপুৰৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ ৷

কটন বিশ্ববিদ্যালয় আছু গোটৰ অভিভাৱক স্বৰূপ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্ঞানেন্দ্ৰ কলিতা দাদাৰ আজি বিদায় সম্বৰ্ধনা অনুষ্ঠানটি ...
13/11/2022

কটন বিশ্ববিদ্যালয় আছু গোটৰ অভিভাৱক স্বৰূপ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জ্ঞানেন্দ্ৰ কলিতা দাদাৰ আজি বিদায় সম্বৰ্ধনা অনুষ্ঠানটি কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত অনুষ্ঠিত হৈ যায়। বিগত এটা দশক ধৰি তেখেতে যি কটন আৰু কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ বাবে অৱদান আগবঢ়ালে সেয়া সদায় চিৰস্মৰণীয় হৈ ৰ'ব। তেখেতৰ সুস্বাস্থ্য ও সুখী ভৱিষ্যত জীৱনৰ কামনা কৰি অনাগত দিনত পূৰ্বৰ দৰেই আমাক অভিভাকত্ব প্ৰদান কৰি যাব বুলি আশা ৰাখিলোঁ।

২০২২-২৩ বৰ্ষৰ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত জয়লাভ কৰা সভাপতি ত্ৰিদিৱ ভাগৱতী, সাধ...
11/11/2022

২০২২-২৩ বৰ্ষৰ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত জয়লাভ কৰা সভাপতি ত্ৰিদিৱ ভাগৱতী, সাধাৰণ সম্পাদক ঋতুৰাজ শইকীয়া , সহকাৰী সাধাৰণ সম্পাদক নয়না বৰা, এথ্‌লেটিকছ সম্পাদক এনা টিমুংপি , লঘু ক্ৰীড়া বিভাগৰ সম্পাদক লিছা মেধিলৈ কটন বিশ্ববিদ্যালয় আছু গোটে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ।

আজি ১৪/১০/২২ইং তাৰিখে কটন বিশ্ববিদ্যালয় আছু গোটৰ বাৰ্ষিক অধিৱেশনখনি ছুডমাৰ্চন হলত অনুষ্ঠিত হয়। নৱনিৰ্বাচিত সভাপতি/ সাধা...
14/10/2022

আজি ১৪/১০/২২ইং তাৰিখে কটন বিশ্ববিদ্যালয় আছু গোটৰ বাৰ্ষিক অধিৱেশনখনি ছুডমাৰ্চন হলত অনুষ্ঠিত হয়। নৱনিৰ্বাচিত সভাপতি/ সাধাৰণ সম্পাদক , বিষয়প্ৰাপ্ত কৰ্মী , কাৰ্যনিৰ্বাহক সদস্যকে প্ৰমুখ্য কৰি এই অধিৱেশনতে কটন বিশ্ববিদ্যালয় আছুগোটৰ ৫১জনীয়া নতুন সমিতি গঠন কৰা হয় । কটন কলেজৰ দিনৰে পৰাই আছু গোটে কটনৰ স্বাৰ্থত, কটনিয়ানৰ স্বাৰ্থত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে আৰু অনাগত দিনতো সেৱা আগবঢ়াই যাবলৈ আছু গোটৰ প্ৰতিগৰাকী কৰ্মী প্ৰতিজ্ঞাবদ্ধ । লগতে ইচ্ছুক কটনিয়ানে আনুষ্ঠানিকভাৱে আছু গোটৰ অংশীদাৰ হ'ব বিচাৰিলেও আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব ; সকলোৱে এক হৈ মাত মাতি যাব বুলি আগুৱাই অহা প্ৰতিগৰাকী শুভাকাংক্ষীলৈ কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা এইছেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ । জয় আই অসম।।

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ বীৰ শ্বহীদ মোজাম্মিল হকৰ আজি পবিত্ৰ মৃত্যু দিনত  শ্বহীদ গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।            ...
06/10/2022

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ বীৰ শ্বহীদ মোজাম্মিল হকৰ আজি পবিত্ৰ মৃত্যু দিনত শ্বহীদ গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।
শ্বহীদ প্ৰণামো তোমাক🙏🙏

স্নাতক প্ৰথম ষাণ্মাসিকৰ প্ৰশ্ন ভাণ্ডাৰ বিতৰণ:-         কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত শিক্ষা বিভাগ  আৰু প্ৰাণী বিজ্ঞ...
29/09/2022

স্নাতক প্ৰথম ষাণ্মাসিকৰ প্ৰশ্ন ভাণ্ডাৰ বিতৰণ:-
কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত শিক্ষা বিভাগ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্র-ছাত্ৰীসকলৰ মাজত পুৰণি প্ৰশ্নকাকত বিতৰণ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে আমাৰ এই প্ৰচেষ্টাৰ প্ৰতি সহাঁৰি দিয়ে।

স্নাতক প্ৰথম ষাণ্মাসিকৰ প্ৰশ্ন ভাণ্ডাৰ বিতৰণ কাৰ্য্যসূচী           বিগত দিন কেইটাত কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত গণ...
22/09/2022

স্নাতক প্ৰথম ষাণ্মাসিকৰ প্ৰশ্ন ভাণ্ডাৰ বিতৰণ কাৰ্য্যসূচী
বিগত দিন কেইটাত কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত গণিতশাস্ত্ৰ আৰু ভূতত্ত্ববিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্র-ছাত্ৰী সকলকৰ মাজত পুৰণি প্ৰশ্নকাকত বিতৰণ কৰা হয়। তেওঁলোকৰ সহযোগিতাই আমাক দুগুণ উৎসাহিত কৰি তুলিলে। এনেধৰণৰ কাৰ্যসূচীয়ে তেওঁলোকক উপকৃত কৰিব বুলি আমি আশাবাদী। অতিশীঘ্ৰেই অন্য বিভাগৰ ছাত্র-ছাত্ৰী সকলকলৰ মাজতো প্ৰশ্নকাকত বিতৰণ কৰা হ'ব।

আজি কটন বিশ্ববিদ্যালয়ৰ কনফাৰেঞ্চ হলত কটন বিশ্ববিদ্যালয় গোটৰ নতুন কমিটীখন গঠন কৰা হয়। অসম আৰু অসমীয়া জাতিৰ প্ৰতি দায়বদ...
18/09/2022

আজি কটন বিশ্ববিদ্যালয়ৰ কনফাৰেঞ্চ হলত কটন বিশ্ববিদ্যালয় গোটৰ নতুন কমিটীখন গঠন কৰা হয়। অসম আৰু অসমীয়া জাতিৰ প্ৰতি দায়বদ্ধ এজাক কটনিয়ানেৰে গঠিত হোৱা এই নতুন কমিটীখনে কটনিয়ানৰ প্ৰতিটো সমস্যা আৰু বিপদত সমুখৰ পৰা যুঁজিব। কটনৰ সন্মান আৰু স্বাভিমান অটুট ৰখাৰ বাবে, বিশ্ববিদ্যালয়ত শৈক্ষিক পৰিৱেশ সুস্থ কৰি ৰখাৰ বাবে আৰু কটনিয়ানক সকলো দিশতেই আগুৱাই নিয়াৰ বাবে এই নতুন কমিটীখন প্ৰতিনিয়ত দায়বদ্ধ হৈ ৰ'ব।

কটন বিশ্ববিদ্যালয়ৰ সদ্যনিযুক্ত উপাচাৰ্য্য ড° ৰমেশ ডেকা ছাৰক আমি কটন বিশ্ববিদ্যালয় আছু গোটে এখনি ফুলাম গামোচা আৰু পাটৰ ...
17/09/2022

কটন বিশ্ববিদ্যালয়ৰ সদ্যনিযুক্ত উপাচাৰ্য্য ড° ৰমেশ ডেকা ছাৰক আমি কটন বিশ্ববিদ্যালয় আছু গোটে এখনি ফুলাম গামোচা আৰু পাটৰ চেলেঙেৰে আদৰণি জনাও । অনাগত দিনবোৰত বিশ্ববিদ্যালয়ৰ শৈক্ষিক,সামাজিক,বৌদ্ধিক প্ৰেক্ষাপটলৈ ছাৰে অৱদান আগবঢ়াই আমাক উপকৃত কৰিব বুলি আশা কৰিলো।।

কটন বিশ্ববিদ্যালয়ৰ সদ্যবিদায়ী উপাচাৰ্য্য ড° ভৱেশ চন্দ্ৰ গোস্বামী ছাৰক আমি কটন বিশ্ববিদ্যালয় আছু গোটে এখনি ফুলাম গামোচ...
16/09/2022

কটন বিশ্ববিদ্যালয়ৰ সদ্যবিদায়ী উপাচাৰ্য্য ড° ভৱেশ চন্দ্ৰ গোস্বামী ছাৰক আমি কটন বিশ্ববিদ্যালয় আছু গোটে এখনি ফুলাম গামোচা, পাটৰ চেলেং আৰু এখনি সম্বৰ্ধনা পত্ৰৰে বিদায় সম্বৰ্ধনা জনাও । অনাগত দিনবোৰতো শৈক্ষিক-সামাজিক প্ৰেক্ষাপটলৈ ছাৰে অৱদান আগবঢ়াই যাব বুলি আমি আশা কৰি তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।।

স্নাতক প্ৰথম ষাণ্মাসিকৰ প্ৰশ্ন বিতৰণ:     বিগত দিনকেইটাত কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত ভূগোল, পৰিসংখ্যা, সমাজ শাস্ত...
16/09/2022

স্নাতক প্ৰথম ষাণ্মাসিকৰ প্ৰশ্ন বিতৰণ:
বিগত দিনকেইটাত কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত ভূগোল, পৰিসংখ্যা, সমাজ শাস্ত্ৰ আৰু মনোবিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্র-ছাত্ৰী সকলক পুৰণি প্ৰশ্নকাকত বিতৰণ কৰা হয়।তেওঁলোকৰ সহযোগিতাই আমাক দুগুণ উৎসাহিত কৰিলে।অন্য বিভাগৰ ছাত্র-ছাত্ৰীসকলকো অতিশীঘ্ৰেই প্ৰশ্নকাকত বিতৰণ কৰা হ'ব।এনেধৰণৰ কাৰ্যসূচীয়ে তেওঁলোকক উপকৃত কৰিব বুলি আমি আশাবাদী।

আজি কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰ- ছাত্ৰীসকলক যোৱা বৰ্ষৰ প্ৰশ্নকাকত বিতৰণ কৰাৰ কাৰ্য...
08/09/2022

আজি কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰ- ছাত্ৰীসকলক যোৱা বৰ্ষৰ প্ৰশ্নকাকত বিতৰণ কৰাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা সুধাকণ্ঠৰ জন্মদিনৰ পবিত্ৰ দিনটোতেই ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে এই কাৰ্যসূচী আৰম্ভ কৰা হয়। কটনলৈ নতুনকৈ অহা এই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে যাতে সুকলমে নিজৰ শৈক্ষিক জীৱন আগুৱাই নিব পাৰে, সেই উদ্দেশ্যেৰে আজিৰে পৰা এই কাম হাতত লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্য্যসূচীলৈ আজি আগবঢ়োৱা অকুণ্ঠ সহযোগে আমাক সাহস আৰু প্ৰেৰণা দিছে। কটনিয়ানৰ প্ৰয়োজনীয়তাৰ প্ৰতি দায়বদ্ধ হৈ থাকি কটন বিশ্ববিদ্যালয় আছু গোটে আগন্তুক দিন কেইটাত অনান্য বিভাগ সমূহতো যোৱা বৰ্ষৰ প্ৰশ্নকাকত সমূহ বিতৰণ কৰিব ।

আজি কটন বিশ্ববিদ্যালয় আছু গোটে অনুষ্ঠিত কৰা "শতাব্দীৰ মাজেৰে এখোজ" শীৰ্ষক অনুষ্ঠানটোত আমাৰ প্ৰয়াসৰ প্ৰতি সহাঁৰি জনাই ন...
02/09/2022

আজি কটন বিশ্ববিদ্যালয় আছু গোটে অনুষ্ঠিত কৰা "শতাব্দীৰ মাজেৰে এখোজ" শীৰ্ষক অনুষ্ঠানটোত আমাৰ প্ৰয়াসৰ প্ৰতি সহাঁৰি জনাই ন-কটনিয়ানসকলে অনুষ্ঠানটিত ভাগ ল'লে । হিমাংশু প্ৰসাদ দাস , শান্তনু ৰৌমূৰীয়া , শান্তনু মহন্ত , নিলাক্ষী বৈশ্য , দীপলিনা ডেকা ৰ বাৰ্তালাপে সকলোকে আপ্লুত কৰিলে । উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীসকলৰ বাবে বিশেষ কথোপকথন খণ্ডটিয়েও শিক্ষাৰ্থীসকলৰ সহাঁৰি লাভ কৰিলে । শেষত , সকলোলৈ ধন্যবাদ ; এই সহাঁৰি-উৎসাহ বোৰেই আমাৰ বাবে অমল প্ৰেৰণাৰ উৎস ।

’চকী আৰু অন্যান্য গল্প’ গ্ৰন্থৰ বাবে এই বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ সাহিত্য বঁটাৰে সন্মানিত হোৱা প্ৰাক্তন কটনিয়ান, গল্পকা...
24/08/2022

’চকী আৰু অন্যান্য গল্প’ গ্ৰন্থৰ বাবে এই বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ সাহিত্য বঁটাৰে সন্মানিত হোৱা প্ৰাক্তন কটনিয়ান, গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। কটনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন ছাত্ৰ প্ৰদ্যুম্ন কুমাৰ গগৈৰ এই সফলতাত আজি কটন পৰিয়াল খুবেই সুখী। তেখেতৰ সাহিত্য চৰ্চাই জাতিটোক সমৃদ্ধ কৰক, আমাৰ সেয়াই আশা।।

প্ৰখ্যাত OPEN আলোচনী আৰু SMRS গ্ৰুপে প্ৰকাশ কৰা ভাৰতৰ শিক্ষানুষ্ঠানসমূহৰ ২০২২ চনৰ সৰ্বভাৰতীয় সমীক্ষা প্ৰকাশ কৰে। সমীক্ষা...
05/08/2022

প্ৰখ্যাত OPEN আলোচনী আৰু SMRS গ্ৰুপে প্ৰকাশ কৰা ভাৰতৰ শিক্ষানুষ্ঠানসমূহৰ ২০২২ চনৰ সৰ্বভাৰতীয় সমীক্ষা প্ৰকাশ কৰে। সমীক্ষাত কলা শাখাৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত কটন বিশ্ববিদ্যালয়ে পূৱ ভাৰতৰ মহাবিদ্যালসমূহৰ ভিতৰত চতুৰ্থ স্থান। কলা শাখাত অসমৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথম স্থান অর্জন কৰে। আকৌ, বিজ্ঞান শাখাত শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত পূৱ ভাৰতৰ মহাবিদ্যালসমূহৰ ভিতৰত কটনে ষষ্ঠ স্থান অর্জন কৰে। বিজ্ঞান শাখাত অসমৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰে।।
যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ শ্ৰেষ্ঠত্বৰ তালিকাত কটন বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে পূৱ ভাৰতৰ মহাবিদ্যালয়সমূহৰ ভিতৰত প্ৰথম স্থান অর্জন কৰে। অসমৰ ভিতৰতো এই বিভাগ সমীক্ষাত প্ৰথম স্থানত থাকে।।
স্বাভাৱিকতে OPEN আলোচনী আৰু SMRS গ্রুপৰ এই সমীক্ষাৰ ফলাফল আশাৰ খবৰ। এই গৌৰৱৰ ক্ষণত কটন বিশ্ববিদ্যালয় আছু গোটৰ পবিত্ৰ মজিয়াৰ পৰা প্ৰতিগৰাকী শিক্ষাগুৰু, সতীৰ্থ কটনিয়ান আৰু প্ৰাক্তন কটনিয়ানলৈ যাচিলোঁ আন্তৰিক শুভেচ্ছা।।
Cotton University

ছাত্ৰাৱাসৰ সমস্যা কটনত আজিৰ নহয় ; ই দীৰ্ঘদিনীয়া । আজি কটন বিশ্ববিদ্যালয়ত শুভ উদ্বোধন হোৱা নৱনিৰ্মিত ছাত্ৰাৱাসে এই সমস...
05/08/2022

ছাত্ৰাৱাসৰ সমস্যা কটনত আজিৰ নহয় ; ই দীৰ্ঘদিনীয়া । আজি কটন বিশ্ববিদ্যালয়ত শুভ উদ্বোধন হোৱা নৱনিৰ্মিত ছাত্ৰাৱাসে এই সমস্যা কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিব বুলি আমি আশাবাদী ।

এইছেগতে ঐতিহ্যমণ্ডিত শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসক যাউতিযুগমীয়া কৰাৰ লক্ষ্যৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নৱনিৰ্মিত ছাত্ৰাৱাসটোৰ নাম আগৰ দৰেই নামাকৰণ কৰাৰ যি প্ৰচেষ্টা লৈছে তাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ধন্যবাদৰ পাত্ৰ। আশা কৰিম, নৱনিৰ্মিত ছাত্ৰৱাসটি বিশ্ববিদ্যালয়ৰ সামগ্ৰিক জীৱনৰ এপদ অলংকাৰ হৈ ৰ'ব।

A Help Desk is being set up by Cotton University AASU Unit in front of the centenary gate with the motive of helping the...
02/08/2022

A Help Desk is being set up by Cotton University AASU Unit in front of the centenary gate with the motive of helping the CPGEE candidates. Candidates finding difficulties with the seat plan or facing any other problems can approach to us without any hesitation.

Thank you

NDA ( National Defence Academy ) ৰ বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম তথা উত্তৰ পূবৰ একমাত্ৰ ছাত্ৰ শিৱসাগৰ জিলা...
22/07/2022

NDA ( National Defence Academy ) ৰ বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম তথা উত্তৰ পূবৰ একমাত্ৰ ছাত্ৰ শিৱসাগৰ জিলাৰ ডিমৌৰ নিৱাসী কৌশিক চেতিয়াক কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ । ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই পৰীক্ষাত তোমাৰ এনে চমকপ্ৰদ প্ৰদৰ্শনে অসম তথা অসমৰ ৰাইজক সঁচাই গৌৰৱান্বিত কৰি তুলিছে । আগন্তুক দিনত এনেদৰে তুমি সফলতাৰে অসমীয়া সমাজ জীৱনত যাতে অৱদান আগবঢ়াই যাবলৈ সক্ষম হোৱা , তাৰ বাবে তোমালৈ যাচিলো অফুৰন্ত শুভেচ্ছা ।

সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীয়ে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত অহা ১১ আৰু ১২ জুলাই সোমবাৰ আৰু মঙলবাৰে গুৱাহা...
10/07/2022

সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীয়ে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত অহা ১১ আৰু ১২ জুলাই সোমবাৰ আৰু মঙলবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত শ্বহীদ ভৱনত দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি সহায়ক কেন্দ্ৰ অনুষ্ঠিত কৰিছে। সবিশেষ তথ্য জানিবৰ বাবে ইচ্ছুক শিক্ষাৰ্থীসকলক উপস্থিত থাকিবলৈ আহ্বান জনালো।

Contacts
1. Mrigen Jyoti Kashyap 70022 18010
2. Angkur Das 76378 37844
3. Suwodi Suria borah 84478 90219
4. Deepankar Gogoi 60008 74779
5. Gourab Sarania 70869 51344

Feel free to contact our volunteers for previous year question papers, syllabus and all other general information and qu...
10/07/2022

Feel free to contact our volunteers for previous year question papers, syllabus and all other general information and queries regarding CUPGEE 2022.

ভাষাটোক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে '৬০ৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিৎ বৰপূজাৰীদেৱলৈ তেখেতৰ মৃত্যু দিৱসত কটন বিশ্ববিদ্য...
04/07/2022

ভাষাটোক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে '৬০ৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিৎ বৰপূজাৰীদেৱলৈ তেখেতৰ মৃত্যু দিৱসত কটন বিশ্ববিদ্যালয় আছু গোটৰ শ্ৰদ্ধাঞ্জলি।

আকৌ জিলিকিল কটন।   ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত অষ্টম স্থান লাভ কৰা অভি...
27/06/2022

আকৌ জিলিকিল কটন।

২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত অষ্টম স্থান লাভ কৰা অভিনন্দা হাজৰিকা আৰু বিজ্ঞান শাখাত দশম স্থান লাভ কৰা বেদান্ত শৰ্মালৈ কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালোঁ।।

অৰুণাচলৰ প্ৰখ্যাত লেখিকা মামাং দাইৰ গ্ৰন্থ “Legends of Pensam“ ৰ  প্ৰাক্তন কটনিয়ান পৰী হিলৈদাৰীয়ে কৰা অসমীয়া অনুবাদ “দাঁ...
25/06/2022

অৰুণাচলৰ প্ৰখ্যাত লেখিকা মামাং দাইৰ গ্ৰন্থ “Legends of Pensam“ ৰ প্ৰাক্তন কটনিয়ান পৰী হিলৈদাৰীয়ে কৰা অসমীয়া অনুবাদ “দাঁতিপাৰৰ মানুহ"লৈ এইবেলি অসমীয়া ভাষাত অনুবাদ সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে। এয়া অসমবাসীৰ লগতে কটন পৰিয়ালৰ বাবেও অত্যন্ত গৌৰৱ আৰু আনন্দৰ সংবাদ।

তেখেতলৈ সমূহ কটন পৰিয়ালৰ হৈ কটন বিশ্ববিদ্যালয় আছু গোটৰ পবিত্ৰ মজিয়াৰ পৰা যাচিলোঁ আন্তৰিক অভিনন্দন আৰু শুভকামনা!

অসমীয়া সাংস্কৃতিক নৱন্যাসৰ বহুমুখী প্ৰতিভাধৰ ৰাভাদেৱৰ মৃত্যু তিথিত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। তেখেতৰ সৃষ্টি আৰু কৃষ্টি অস...
20/06/2022

অসমীয়া সাংস্কৃতিক নৱন্যাসৰ বহুমুখী প্ৰতিভাধৰ ৰাভাদেৱৰ মৃত্যু তিথিত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। তেখেতৰ সৃষ্টি আৰু কৃষ্টি অসমৰ জাতীয় জীৱনৰ বিৰল বিভূতি। সব্যসাচীজনৰ জীৱন অৱসান হ'লেও তেখেতৰ সংকল্পৰ অম্লান জ্যোতি চিৰদিনলৈ জিলিকি থাকিব।।

ছাত্ৰ সংহতি দিৱসৰ পবিত্ৰ ক্ষণত ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ জাতীয় শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদ...
10/06/2022

ছাত্ৰ সংহতি দিৱসৰ পবিত্ৰ ক্ষণত ১৯৭৪ চনৰ খাদ্য আন্দোলনৰ জাতীয় শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।

অৰ্থনৈতিক ভেঁটি শক্তিশালী কৰিবলৈ অসমত এক পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম বৰ্তমান অতি প্ৰয়োজনীয়।

শ্বহীদদ্বয়ৰ আত্মত্যাগ অসমৰ ছাত্ৰসমাজৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ আদৰ্শ হৈ ৰ'ব।।

কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ ইচ্ছুক প্ৰতিগৰাকীৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰসমূহ দিয়া হ'ল। নামভৰ্তি তথা আনুসংগিক তথ্যৰ বাবে এ...
07/06/2022

কটন বিশ্ববিদ্যালয়ত পঢ়িবলৈ ইচ্ছুক প্ৰতিগৰাকীৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰসমূহ দিয়া হ'ল। নামভৰ্তি তথা আনুসংগিক তথ্যৰ বাবে এই হেল্পলাইন মুকলি কৰা হৈছে। হয়তো এইবাৰেই কটন বিশ্ববিদ্যালয়ৰ ইতিহাসত শেষবাৰলৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি হ'ব।

07/06/2022

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ'ল।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ সকলো শিক্ষাৰ্থীলৈ কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আৰম্ভণি। শৈক্ষিক জীৱনৰ আগন্তুক দিনবোৰত সকলোৱে সফলতাৰে আগুৱাই যাওক ; নিজৰ লক্ষ্যত উপনীত হৈ এজন মানুহ হিচাপে গঢ় লৈ উঠক ; তাৰেই শুভকামনা থাকিল।।

২০২১বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা (UPSC)ত ৫০৬ সংখ্যক স্থান লাভ কৰি সমগ্ৰ ৰাজ্যৰ লগতে কটন পৰিয়াললৈ গৌৰৱ কঢ়িয়াই ...
30/05/2022

২০২১বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা (UPSC)ত ৫০৬ সংখ্যক স্থান লাভ কৰি সমগ্ৰ ৰাজ্যৰ লগতে কটন পৰিয়াললৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন কটনিয়ান শিল্পা খনিকৰলৈ কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা অশেষ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ২০১৩ বৰ্ষত তেখেতে সুখ্যাতিৰে কটন মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ শিক্ষা সাং কৰিছিল। কৰ্মনিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰি দেশ, জাতি আৰু মানুহৰ ভাল ভৱিষ্যতৰ বাবে তেখেতে নিৰন্তৰ কাম কৰি যাব বুলি আমি দৃঢ় বিশ্বাসী।।

কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট অৰ্থনীতিবিদ ড° গৌতম মজুমদাৰ ছাৰৰ বিদায় উপলক্ষে ...
30/05/2022

কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট অৰ্থনীতিবিদ ড° গৌতম মজুমদাৰ ছাৰৰ বিদায় উপলক্ষে কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনোৱা হয় । ১৯৮৭চনৰে পৰা সুদীৰ্ঘ ৩৫টা বছৰে কটন বিশ্ববিদ্যালয়লৈ সেৱা আগবঢ়াই আজি তেখেতে কৰ্মক্ষেত্ৰৰ পৰা বিদায় লয় । ছাৰৰ আমি সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত কটনৰ ১২২তম প্ৰতিষ্ঠা দিৱস হিচাপে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাতত লোৱা হয় । ব্যস্ত সূ...
27/05/2022

কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত কটনৰ ১২২তম প্ৰতিষ্ঠা দিৱস হিচাপে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী হাতত লোৱা হয় । ব্যস্ত সূচীৰ মাজতো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ে এখন্তেক উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰে । এন্ধাৰ নাশি বন্তিয়ে পোহৰ বিলোৱাৰ দৰে কটনেও বিলাব নিতে আপোন সুবাস । এই কাৰ্যসূচীত উপস্থিত সমূহ কটনিয়ানলৈ আছু গোটৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

26/05/2022
আজি ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্মদিৱস। আইৰ মুখৰ ভাষাটিৰ সুৰক্ষাৰ বাবে বুকুত জাতিৰ প্ৰতি অকৃত্ৰিম অনুৰ...
09/05/2022

আজি ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্মদিৱস। আইৰ মুখৰ ভাষাটিৰ সুৰক্ষাৰ বাবে বুকুত জাতিৰ প্ৰতি অকৃত্ৰিম অনুৰাগ কঢ়িয়াই লৈ ফুৰা ৰঞ্জিত বৰপূজাৰীৰ এই চৰম ত্যাগৰ কাহিনীয়ে আজিও লুইতৰ পাৰৰ হেজাৰ ডেকা-গাভৰুক সাহস আৰু প্ৰেৰণা দিয়ে।

আজি কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। অনুষ্টুপীয়া অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ দিগন্ত দাস উপস্থিত থাকে। শ্বহীদ ৰঞ্জিত বৰপূজাৰী অমৰ হওক।

জয় আই অসম

আজি বিয়লি কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগ আৰু সহযোগত মাজুলীৰ উদীয়মান যুৱক ৰিদিপ শইকীয়াই জলন্ত অঙঠা ভক্ষণেৰে বিশ্ব...
29/03/2022

আজি বিয়লি কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগ আৰু সহযোগত মাজুলীৰ উদীয়মান যুৱক ৰিদিপ শইকীয়াই জলন্ত অঙঠা ভক্ষণেৰে বিশ্বাভিলেখ গঢ়াৰ দুঃসাহসিক কাৰ্যসূচী হাতত লয় । তেওঁলৈ আমাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ । আহি থকা দিনবোৰত তেওঁৰ এনে দুঃসাহসিক প্ৰচেষ্টাই বিশ্বত অভিলেখ ৰচক তথা অসমী আইক উজলাই তুলিব বুলি আশা ৰাখিছোঁ ।

সদৌ অসম ছাত্ৰ সন্থাই ডুমডুমাত অনুষ্ঠিত কৰা কেন্দ্ৰীয় শিল্পী দিৱস উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা জ্যোতি সংগীত প্ৰতিয...
16/01/2022

সদৌ অসম ছাত্ৰ সন্থাই ডুমডুমাত অনুষ্ঠিত কৰা কেন্দ্ৰীয় শিল্পী দিৱস উপলক্ষে সদৌ অসম ভিত্তিত আয়োজন কৰা জ্যোতি সংগীত প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় অসমীয়া বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী দিপশিখা ডেকাই। কটন বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা দিপশিখালৈ অভিনন্দন আৰু শুভকামনা।।

আজি শ্বহীদ  দিৱস। ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ দিনটোত ৮৬০ গৰাকী শ্বহীদৰ চৰম ত্যাগক...
10/12/2021

আজি শ্বহীদ দিৱস। ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানৰ দিনটোত ৮৬০ গৰাকী শ্বহীদৰ চৰম ত্যাগক কটন বিশ্ববিদ্যালয় আছু গোটে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। বুকুৰ ৰক্তিম আভাৰে জাতিটোৰ হকে নিজৰ প্ৰাণ আহুতি দিয়া এইসকল শ্বহীদৰ সংগ্ৰামী আদৰ্শই আজিও উদ্ধুদ্ধ কৰে লুইতপৰীয়া ডেকা-গাভৰুক। আজিৰ অনুষ্ঠানটোত উপস্হিত থাকে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত দাস ছাৰ।।

"শ্বহীদ প্ৰণামো তোমাক"

শিবাংগীলৈ শুভেচ্ছা ।  তোমাৰ এই সাফল্যত আমি গৌৰৱান্বিত আৰু আনন্দিত । আগলৈ সফলতাৰ জিলিকনিবোৰ  জিলিকি থাকক তাৰেই শুভাষা । প...
03/12/2021

শিবাংগীলৈ শুভেচ্ছা । তোমাৰ এই সাফল্যত আমি গৌৰৱান্বিত আৰু আনন্দিত । আগলৈ সফলতাৰ জিলিকনিবোৰ জিলিকি থাকক তাৰেই শুভাষা । পৰৱৰ্তী সময়ত অধিক উন্নত মানৰ খেল প্ৰদৰ্শনৰে বিশ্বৰ বুকুত ইতিহাস ৰচিবা বুলি আমি আশাবাদী।।

কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰুমা শৰ্মা বাইদেউৰ বিদায় উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ আছু...
01/12/2021

কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰুমা শৰ্মা বাইদেউৰ বিদায় উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ তৰফৰপৰা বিদায় সম্ভাষণ জনোৱা হয়। বাইদেউৱে ১৯৯১ চনৰ পৰা ২০১৯লৈকে সহযোগী অধ্যাপিকা আৰু ২০১৯ পৰা ২০২১ লৈকে মুৰব্বী অধ্যাপিকা হিচাপে সুদীৰ্ঘ ৩০ বছৰ কটন কলেজৰ পৰা বিশ্ববিদ্যালয়লৈ সেৱা আগবঢ়াই আজি তেখেতে কৰ্মক্ষেত্ৰৰ পৰা বিদায় লয়। বাইদেউৰ আমি সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।।

পুনৰাবৃত্তি আৰু কিমান‌ দিন ? অভি-নীলৰ পৰা অনিমেষ ভূঞা । ভুক্তভোগী আৰু কিমান ? ক'ৰবাত ৰৈ গৈছে নেকি মানৱীয় প্ৰমূল্যবোধ , ...
30/11/2021

পুনৰাবৃত্তি আৰু কিমান‌ দিন ?
অভি-নীলৰ পৰা অনিমেষ ভূঞা ।
ভুক্তভোগী আৰু কিমান ?
ক'ৰবাত ৰৈ গৈছে নেকি মানৱীয় প্ৰমূল্যবোধ , বিবেক , সহিষ্ণুতাৰ দৰে প্ৰসংগবোৰ । প্ৰতিজন বিবেকবান অসমীয়াক জোঁকাৰি যোৱা
নৃশংস হত্যাকাণ্ডটোৰ লগত জড়িত প্ৰতিজন দোষীয়ে কঠোৰ শাস্তি পাওক , উচিত বিচাৰ হওক তাৰেই দাবীৰে অনিমেষ ভূঞাৰ সোঁৱৰণত একাঁজলি শ্ৰদ্ধাঞ্জলি তৰ্পণ ।

Address

Panbazar
Gauhati
781001

Telephone

+918811933807

Website

Alerts

Be the first to know and let us send you an email when COTTON UNIVERSITY AASU UNIT posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to COTTON UNIVERSITY AASU UNIT:

Videos

Share

Nearby non profit organizations