08/01/2026
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হোমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলন সম্পন্ন
হাউলী - নামনি অসমৰ অন্যতম 'প্ৰিমিয়াৰ' শিক্ষানুষ্ঠান হজৰত ওমৰ (ৰ:) মডেল একাডেমী (বোমা)ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱা ২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। বেচৰকাৰী সংগঠন "অসম ফালাহ ছোছাইটি"ৰ দ্বাৰা ১৯৯১-ত প্ৰতিষ্ঠিত হোমাৰ এই "এলুমনি ৰিইউনিয়ন" আনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ পাচ শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, এতিয়ালৈকে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ২৫টা বেটচ হোমাৰ ওলাইছে।
"এলুমনি ৰিইউনিয়ন"ত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ কৰা হয় য'ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে গীত-কবিতা লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। তেওঁলোকে শিক্ষক সকলৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় কৰে । প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে হোমাৰ সৈতে থকা তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰি ভাবাৱেগত আপ্লুত হৈ পৰা দেখা যায়।
২৮ ডিচেম্বৰত দুপৰীয়া দুই বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত "এলুমনি ৰিইউনিয়ন" অভ্যৰ্থনা কমিটীয়ে সভাত উপস্থিত থকা বিশিষ্ট অতিথি আৰু স্থানীয় গণ্যমান্য ব্যক্তি সকলৰ লগতে হোমাৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিটিচিৰ কাৰ্যবাহী সদস্য আকতাৰা বেগম, অসম ফালাহ ছোছাইটি সভাপতি তথা জামাত-ই-ইছলামী হিন্দ, অসম উত্তৰৰ সভাপতি অধ্যাপক জহুৰুল ইছলাম মোল্লা, অসম ফালাহ ছোছাইটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান, হোম পৰিচালনা সমিতিৰ মুখ্য কাৰ্যবাহী ডা দেৱান নজৰুল কাদিৰ প্ৰমূখ্যে ব্যাক্তিসকলে প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বহুমুলীয়া ভাষন প্ৰদান কৰে। মুকলি সভাত অসম ফালাহ ছোছাইটিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ছৈয়দ আব্দুল হাফিজ আৰু বৰ্তমানৰ সহকাৰী সম্পাদক ওমৰ আলী আহমেদ, বিশিষ্ট চিকিৎসক ডাঃ চামচুল আলম, হোমাৰ প্ৰতিষ্ঠাপক সম্পাদক মৌলানা মাইনুল হক, জামাত-ই-ইছলামী হিন্দ, অসম উত্তৰৰ কাৰ্যালয় সম্পাদক তথা ফালাহ ছোছাইটিৰ সদস্য বজলুল বাছিদ চৌধুৰী প্ৰমুখ্যে বিশিষ্ট অতিথি সকলো উপস্থিত থাকে । প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে হোমাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ কথা দোহাৰি কয় যে শিক্ষানুষ্ঠানখনৰ উন্নয়ন আৰু তাৰ শৈক্ষিক উত্তৰণত তেওঁলোকে সদায়েই সহায়-সহযোগ আগবঢ়াই থাকিব
HOMA,Howly