All Kalita Students' Union -AKSU সদৌ কলিতা ছাত্ৰ সন্থা

  • Home
  • India
  • Gauhati
  • All Kalita Students' Union -AKSU সদৌ কলিতা ছাত্ৰ সন্থা

All Kalita Students' Union -AKSU সদৌ কলিতা ছাত্ৰ সন্থা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Kalita Students' Union -AKSU সদৌ কলিতা ছাত্ৰ সন্থা, Community Organization, Gauhati.

 #খিলঞ্জীয়াৰ_মাজত_বিভাজন_আনিবলৈ_কৰা_আন_এক_অপচেষ্টাCulture n History of Chutia tribe - চুতীয়া জনগোষ্ঠীয় সংস্কৃতি আৰু ইতি...
16/06/2026

#খিলঞ্জীয়াৰ_মাজত_বিভাজন_আনিবলৈ_কৰা_আন_এক_অপচেষ্টা

Culture n History of Chutia tribe - চুতীয়া জনগোষ্ঠীয় সংস্কৃতি আৰু ইতিহাস
⬆️
চুতীয়া জনগোষ্ঠীৰ নামত এই পেজটো কোনে চলাই আছে?

(প্ৰফাইলৰ লিংকঃ https://www.facebook.com/share/1BKeoJffq3/?mibextid=wwXIfr )

এটা খিলঞ্জীয়া জনগোষ্ঠীৰ নামত পেজ খুলি আন খিলঞ্জীয়া জনগোষ্ঠীক অপমান কৰি আছে। বাৰ হাজাৰ followerও আছে।

শ শ বছৰে মিলা প্ৰীতিৰে বাস কৰা জনগোষ্ঠীসমূহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰা এনে পেজবোৰ চলোৱা লোকসকলৰ ওপৰত সেই জনগোষ্ঠীৰ লোকসকলেহে ব‍্যৱস্থা লোৱা উচিত যাৰ নামত এই ধৰণৰ পেজ চলি আছে।

[মূল পোষ্টৰ লিংকঃ https://www.facebook.com/share/1BMwH5B5fR/?mibextid=wwXIfr ]

(সকলোলৈ অনুৰোধঃ এটা পেজৰ দুষ্কৰ্মৰ বাবে এটা জনগোষ্ঠীৰ বিৰুদ্ধে কটূ মন্তব‍্য নকৰিব। খিলঞ্জীয়া দুই জনগোষ্ঠীৰ মাজত বিভাজন আনিবলৈ কোনো তৃতীয় পক্ষই এই কাম কৰিব পাৰে)

পংকজ দুৱাৰাৰ বিৰুদ্ধে গোচৰ দিয়াৰ সিদ্ধান্ত এদিনৰ নহয়। দীৰ্ঘদিন ধৰি একাংশ ভূৱা একাউন্ট আৰু প্ৰকৃত একাউন্টে কলিতাসকলৰ বিৰু...
15/06/2026

পংকজ দুৱাৰাৰ বিৰুদ্ধে গোচৰ দিয়াৰ সিদ্ধান্ত এদিনৰ নহয়। দীৰ্ঘদিন ধৰি একাংশ ভূৱা একাউন্ট আৰু প্ৰকৃত একাউন্টে কলিতাসকলৰ বিৰুদ্ধে অহৰহ বিহ সিঁচি আহিছিল। আমি বহু পূৰ্ৱেই সিদ্ধান্ত লোৱা হৈছিল যে এনে ধৰণৰ patternৰ বিৰুদ্ধে নীৰৱে থকা নহ’ব।

সেই patternৰ এক উদাহৰণঃ

https://x.com/Ahomlandnow/status/2049944623427313835/photo/1

কলিতাক বিহাৰী আখ‍্যা দিয়া একাউন্টটোঃ

https://x.com/Ahomlandnow

*************
কলিতা ৰাইজ, বিহাৰীৰ আগ্ৰাসনৰ বিৰুদ্ধে আমি আন্দোলন কৰিব লাগিব, দ্বিমত নাই। পিচে আমি এইটোও নিশ্চিত কৰিব লাগিব যে যিজন চুবুৰীয়াৰ লগ লাগি বিহাৰীৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ গৈছো সেইজনেই আকৌ যাতে কলিতাক বিহাৰীৰ সমপৰ্যায়ৰ বুলি নাভাৱে।

সদৌটিলৈ সম্ভাষণ জনাইছো। তিনি দিনৰ পূৰ্ৱে আমি জনৈক দুৱাৰা নামৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ পিচত ৰাইজৰ পৰা (কলিতা, অনা-কল...
13/06/2026

সদৌটিলৈ সম্ভাষণ জনাইছো। তিনি দিনৰ পূৰ্ৱে আমি জনৈক দুৱাৰা নামৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ তৰাৰ পিচত ৰাইজৰ পৰা (কলিতা, অনা-কলিতা উভয়ে) কিছু অভিযোগ আহিছে। যেনেঃ

১) আমি NDAৰসমৰ্থক
২) আমি বিহাৰীৰ সমৰ্থক

সকলোকে গাইগুটীয়াক উত্তৰ দিয়া সম্ভৱ নহয় বাবে ইয়াত আমাৰ স্থিতি পুনৰ স্পষ্ট কৰিব বিচাৰিছো।

ক) আমি কৈছিলো দুৱাৰাই সাংসদ দিলীপ শইকীয়াক সমালোচনা কৰিছে কৰক। তাত আমাৰ মাত মাতাৰ কথা আহি নপৰে। কিন্তু দুৱাৰাই সাংসদ দিলীপ শইকীয়াক তিনিবাৰ শইকীয়া বুলি পিচত কলিতা বুলিবলৈ লৈছে। ৰাজনৈতিক নেতাক যি সমালোচনা কৰে সেয়া নিজা কথা। কিন্তু শইকীয়াৰ ঠাইত হঠাৎ কলিতা লিখিবলৈ ললে কিয়?

খ) কলিতা শব্দটো উল্লেখ নকৰাকৈ শইকীয়াৰ চৈধ‍্য পুৰুষৰ অৱদান নাই বুলি ক’লেও আওপকীয়াকৈ সাংসদ শইকীয়াৰ জনগোষ্ঠীৰ অৱদান নাই বুলিয়েই বুজালেহেতেন। কাৰণ কাৰোবাৰ মতে কোনোৱে অবাঞ্ছিত কৰ্ম কৰিলে তাৰ বাবে পূৰ্ৱপুৰুষৰ অৱদান কিদৰে নোহোৱা হ’ব!

তথাপি আমি মনে মনে থাকিলোহেতেন। কিন্তু শইকীয়াৰ ঠাইত শ্ৰীকলিতা লিখি চৈধ‍্য পুৰুষৰ অৱদান নাই বুলি ক’লে তাত আমাৰ আপত্তি আছে।

গ) একাংশ লোকক কলিতা জনগোষ্ঠীৰ বিৰুদ্ধে অহৰহ বিহ সিঁচি থকা দেখা যায়। সেইসকল কোন এই লিংকটো খুলি চালে কিছু উমান পাব।

https://www.facebook.com/share/1B5nJFziKU/?mibextid=wwXIfr

এই লোকসকলক সম্ভৱতঃ এই বুলি শিক্ষা দিয়া হয় যে বৰ্ণহিন্দুসকলৰ বাবে ৰাজ‍্য ব্ৰিটিছৰ অধীনলৈ গ’ল, বৰ্ণহিন্দুসকল বিহাৰীৰ সমপৰ্যায়ৰ। কলিতা বৰ্ণহিন্দুৰ অন‍্যতম। কলিতাৰ অসমত কোনো অৱদান নাই। কলিতাৰ অসমত কোনো অধিকাৰ নাই, কলিতা ৰজা মণিৰাম দেৱানৰ বাবে ৰাজ‍্য বৃটিছৰ অধীনলৈ গ’ল ইত‍্যাদি।

এইটো এটা ধৰণ (pattern) যিটো আমি বহুদিনৰ পৰা লক্ষ‍্য কৰি আহিছো। তাৰে মাজৰে বহুতে ভূৱা একাউন্ট খুলি কলিতা জনগোষ্ঠীক অপমান কৰি ফুৰে।
যেনেঃ
https://www.facebook.com/share/p/18VL5C17fV/?mibextid=wwXIfr

Bishnu Khonchow বোলা ভূৱা এটাউন্টটোৰ মতে কলিতা কোনো জাতি নহয় আৰু পৰিচয় ভালদৰে বিচাৰিলে জাৰজহে ওলাব

(একাউন্টৰ লিংকঃ https://www.facebook.com/share/1CsJmUpdVF/?mibextid=wwXIfr )

আন এটা তেনে একাউন্ট হ’ল Ruwad Chao Tsāopháwngmérng (একাউন্টৰ লিংকঃ https://www.facebook.com/share/18nd7vE4KJ/?mibextid=wwXIfr )।

সেইজনৰ মতে https://www.facebook.com/share/1AMvRTXpFR/?mibextid=wwXIfr

আমি এনে ধৰণ ভূৱা একাউন্ট সাধাৰণতে আওকাণ কৰো। কিন্তু এই patternৰ মনোভাৱ কেৱল ভূৱা একাউন্টতেই সীমাবদ্ধ নহয়।

দুবছৰমান আগতে তদানীন্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে এটা জনগোষ্ঠীৰ কিছু সংগঠন কিবা কথাত সোচ্ছাৰ হৈছিল। বিধায়িকাগৰাকীৰ বিৰুদ্ধে মন্তব‍্য কৰিবলৈ গৈ এজন নেতাই বিধায়িকাগৰাকীৰ জনগোষ্ঠীক আক্ৰমণৰ লক্ষ‍্য কৰি নানান অপমানজনক কথা কৈছিল। কলিতা সংগঠনে উভতি ধৰাত বিষয়টো সাম কাটে। মন কৰিব যে বিধায়িকাক সমালোচনা কৰাৰ বাবে কলিতা সংগঠনে প্ৰত‍্যুত্তৰ দিয়া নাছিল, দিছিল কলিতা জনগোষ্ঠীক লক্ষ‍্য কৰি লোৱাতহে।

কাৰোবাৰ ব‍্যক্তিগত কৰ্মৰ বাবে গোটেই জনগোষ্ঠীক সাঙুৰি লোৱাৰ প্ৰশ্নই নুঠে। আমি তেল চোৰ পুতুল গগৈ বা নৰহত‍্যাকাৰী গাড়ীচোৰ বুবু কোঁৱৰৰ কথা উল্লেখ কৰিলে গগৈ বা কোঁৱৰ বুলিহে কৰিম। কাৰণ সেই দুজনৰ দুষ্কৰ্মৰ বাবে জনগোষ্ঠীৰ বাকী লোক জগৰীয়া নহয়। কিন্তু দুৱাৰাই দিলীপ শইকীয়াক জনগোষ্ঠীয় পৰিচয়েৰেহে (কলিতা বুলি) উল্লেখ কৰিছে।

ঘ) পুনৰ কৈছো আমি কোনো দলৰ সমৰ্থক বা বিৰোধী নহও। UPA চৰকাৰে নিজৰ শাসনৰ শেষৰ ফালে কলিতা উন্নয়ন পৰিষদ ঘোষণা কৰিছিল। আনহাতে NDA চৰকাৰে আমাৰ দাবী অনুযায়ী বিভিন্ন সেতু আদিৰ নামাকৰণ কৰিছে। আনহাতে কলিতাৰ জনজাতিকৰণৰ ববেও প্ৰতিটো দলৰ কিছু নেতাই মাত মাতিছে (সংখ‍্যাত অৱশ‍্যে কম)। প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, ৰমেন ডেকা, কিৰিপ চলিহা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, নৱ কুমাৰ শৰণীয়া, আব্দুল খালেক আদি।

কিন্তু চৰকাৰ যাৰেই নাথাকক কলিতাসকলে অসমীয়া বুলিলে আন্দোলন কৰিবলৈ যিমান আগুৱাই যায় জনগোষ্ঠীয় পৰিচয়ৰ বাবে সিমান আগ বাঢ়ি নাযায়। তাৰ কুফল অৱশ‍্যে কলিতাই বাৰুকৈয়ে পাইছে। অসম আন্দোলনত ১৭৮ জন কলিতা শ্বহীদ হ’ল (কেৱল কলিতা উপাধিৰে ২১ জন)। কিন্তু ১৭৮ জন শ্বহীদ হোৱা কলিতাৰ আজি অসমৰ বিস্তীৰ্ণ অঞ্চলত ভূমি অধিকাৰ নাই। শ্বহীদ পৰিয়ালৰ কোনোবা এজন অসম আন্দোলনৰ পিচত অসম চুক্তিমতে হোৱা নুমলীগড় তেল শোধনাগাৰ, গেছ ক্ৰেকাৰ, তেজপুৰ বিশ্ববিদ‍্যালয়, শংকৰদেৱ কলাক্ষেত্ৰ, আই আই টিত চাকৰি আদি বিচাৰি গ’লে unreserved category বুলি বঞ্চিত কৰা হ’ব।

সেইবোৰ দিশত ৰাইজক সজাগ কৰাতহে আমি নিয়োজিত হৈ আছো। যেতিয়ালৈকে আমাৰ মূল সমস‍্যাসমূহ সমাধানৰ ব‍্যৱস্থা নকৰে কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলক সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে।

ঙ) আমি বিহাৰীক সমৰ্থন কৰা নাই। বৰঞ্চ আৰ্যনগৰৰ ঘটনাৰ পিচত যিকেইটা সংগঠনে ঘটনাস্থলীলৈ গৈ প্ৰতিবাদ কৰিছিল সদৌ কলিতা ছাত্ৰ সন্থা তাৰ অন‍্যতম আছিলো ( https://www.facebook.com/share/v/18r8khCgCm/?mibextid=wwXIfr )। এনেয়েও বিহাৰীয়ে আক্ৰমণ কৰিলে কলিতা-কোঁচ-নাথ-শালৈ কাকোৱে বেলেগকৈ নাচায়, সকলোকে থলুৱা অসমীয়া বুলিয়েই আক্ৰমণ কৰিব।

সেইদৰে সাংসদ শইকীয়াই দিয়া মন্তব‍্যও গ্ৰহণযোগ‍্য নহয়। আমি সেই মন্তব‍্যক সমৰ্থন কৰা বুলি একাংশৰ ভুল ধাৰণা হৈছে আৰু আন একাংশই সত‍্যটো বুজিও তাৰ আঁৰত গোচৰৰ মূল বিষয়টো লঘূ কৰিবলৈ বিচাৰিছে। (গোচৰৰ মূল বিষয়- ৰাজনৈতিক নেতাক সমালোচনা কৰে কৰক। কিন্তু তাৰ লগতে জনগোষ্ঠীয় পৰিচয় সাঙুৰি কিয় লৈছে?)

চ) যিসকলে ওপৰত উল্লেখ কৰা patternটো follow কৰে সেইসকলো নিজৰ জনগোষ্ঠীৰ প্ৰতিনিধি নহয়। সেই মনোভাৱৰ লোকসকলৰ সংখ‍্যা নিজৰ জনগোষ্ঠীৰ ০.৫% মানহে হ’ব। বাকী ৯৯.৫% লোক উদাৰমনা আৰু প্ৰগতিবাদী।

আজি বিধানসভাত কলিতাৰ স্বগোষ্ঠীয় বিধায়কসকল মনে মনে থকা বিপৰীতে কলিতাৰ জনজাতিকৰণৰ বাবে মাত মাতিছে কোনে- বিধায়ক অখিল গগৈয়ে ( https://www.facebook.com/share/v/1DZCdjHf3v/?mibextid=wwXIfr )। কলিতাৰ জনজাতিকৰণৰ দাবীলৈ সমৰ্থন জনাইছে টাই-আহোম যুৱ পৰিষদে। কেইজনমান বিভেদকামীয়ে সাতামপুৰুষীয়া সম্প্ৰীতি ভংগ কৰিব নোৱাৰে। আমি বিচাৰো সম্প্ৰীতিৰ শত্ৰু উল্লেখিত সেই patternটো ধ্বংস হওক। (patternটো follow কৰাসকলে বৰ্ণহিন্দু বুলি কলিতাসকলক লক্ষ‍্য কৰি লয় যদিও ইতিহাসবিদসকলৰসমতে কলিতাসকলৰ বসতি প্ৰাক-বৈদিক যুগৰ পৰা। যি সময়ত চাৰি বৰ্ণৰ ধাৰণাটো নাছিলেই। বৰ্ণ হিন্দু বোলাটো সমীচিন নহয়। তদুপৰি কলিতাসকলক তথাকথিত উচ্চ জাতিৰ লোকসকলে নিম্ন শ্ৰেণীৰ বুলি গণ‍্য কৰি আহিছে)।

ছ) স্বগোষ্ঠীয় লোকসকললৈ দু-আষাৰঃ

বিহাৰীৰ আগ্ৰাসন ৰোধ কৰিব লাগিব। পিচে তাৰ লগে লগে কোনোবাই কলিতাক বিহাৰী বুলিলে তাৰো প্ৰতিবাদ কৰিব লাগিব।

এজনে (হব‍্য গব‍্য) বিহু অনাৰ্য সংস্কৃতি বুলি পোষ্ট দিলে। তাত আহি পেজ এটাই কলিতাক কুললুপ্ত বুলি কৈ বিহাৰী বুলি ক’লে

মূল পোষ্টৰ লিংকঃ https://www.facebook.com/share/1BQSJwXre2/?mibextid=wwXIfr

পেজ এটাই কলিতা সম্পৰ্কে কি কৈছিল তাৰ লিংকঃ https://www.facebook.com/share/p/1E2UK2Mb12/?mibextid=wwXIfr

পেজটোৰ লিংকঃ https://www.facebook.com/share/1Jmed86AQS/?mibextid=wwXIfr

আলোচনাৰ বিষয় আছিল বিহু। কিন্তু বিহুৰ আলোচনা কৰিবলৈ গৈ কলিতাক কুললুপ্ত আৰু বিহাৰী বুলি কৈ দিলে। অসমৰ বাবে প্ৰাণ দিয়া, অসমৰ বাহিৰত অস্তিত্ব নথকা কলিতাক কোনোৱে বিহাৰী বুলিব আৰু তাৰ পিচতো আপুনি আওকাণ কৰি থাকিব। কিমান দিনলৈ?

************
পুনৰ সোঁৱাৰাই দিব বিচাৰিছো আমাৰ মূল প্ৰসংগটো- #শইকীয়াৰ_পৰা_কলিতা_বুলি_উল্লেখ_কৰিবলৈ_ললে_কিয় ?

মূল প্ৰসংগৰ পৰা ফালৰি কাঁটি নাযাবলৈ আটাইলৈ অনুৰোধ জনালো। এই সম্পৰ্কত কোনোৱে বিচাৰিলে কথা পাতা হ’ব । অৱশ‍্যে Bishnu Khonchowৰ দৰে ভূৱা পৰিচয় লৈ আহিব নালাগিব।

নেতাক সমালোচনা কৰে কৰক কিন্তু এইজনে জনগোষ্ঠীকে লক্ষ্য কৰি লৈছে
10/06/2026

নেতাক সমালোচনা কৰে কৰক কিন্তু এইজনে জনগোষ্ঠীকে লক্ষ্য কৰি লৈছে

07/06/2026

চেৰাপভাটিত অসমীয়া লোকক প্ৰ*হাৰ বিহাৰীৰ

প্ৰ*হাৰত আ*হত এগৰাকী সাংবাদিক

নিয়মীয়া বাৰ্তা৫ জুন, ২০২৬পৃষ্ঠা ৯
05/06/2026

নিয়মীয়া বাৰ্তা
৫ জুন, ২০২৬
পৃষ্ঠা ৯

অসমীয়া প্ৰতিদিন৩ জুন, ২০২৬
04/06/2026

অসমীয়া প্ৰতিদিন
৩ জুন, ২০২৬

01/06/2026
আমাৰ অসম১ জুন, ২০২৬
01/06/2026

আমাৰ অসম
১ জুন, ২০২৬

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when All Kalita Students' Union -AKSU সদৌ কলিতা ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share