19/02/2026
শান্তি, সম্প্ৰীতি আৰু একতাৰ বাৰ্তাৰে ১৮ ফেব্ৰুৱাৰী,২০২৬ তাৰিখে গুৱাহাটী মহানগৰীৰ খাৰঘূলি স্থিত Donbosco institute ত কাইট ৰানাৰৰ উদ্যোগত অনুষ্ঠিত হয় যুৱ সমাৰোহ । ক্ষণ ভঙ্গুৰ সময়ত পুৰণিক ভাঙি নতুনকৈ সজাবলৈ, অৱক্ষয় হোৱা নৈতিকতা ঘূৰাই আনি মূল্যবোধ প্ৰতিষ্ঠা কৰিবলৈ কাইট ৰানাৰে সমাৰোহ আয়োজন কৰিবলৈ ওলাইছিল। সেই উদ্দেশ্যে যুৱ সমাজক সংগঠিত কৰিবলৈ যোৱা দিনকেইটাত ঘূৰি ফুৰিছিল গুৱাহাটীৰ অলিয়ে-গলিয়ে , পাঞ্জাবাৰীৰ পৰা মালিগাঁও হৈ উজানবজাৰৰ পৰা প্ৰৱেশ কৰিছিলে হাতীগাঁও অঞ্চলত । বাটৰ নাট'ক জনসংযোগৰ আহিলা হিচাপে লৈ অংশগ্ৰহণৰ বাবে আহ্বান জনাইছিল ডেকা চামক ।
অশান্ত আৰু বিষাক্ত সময়ৰ এই পৰিৱেশত সমাৰোহে গুৱাহাটীৰ উপেক্ষিত যুৱ চামক সংবিধানৰ মূল্যবোধৰ জৰিয়তে নিজৰ অধিকাৰৰ বিষয়ে সজাগ-সচেতন হৈ নেতৃত্ব ল'বলৈ আহ্বান জনায়। বস্তি অঞ্চলৰ শ্ৰমিক শ্ৰেণীৰ সন্তানৰ সপোনক সাকাৰ কৰিবলৈ, জাগি উঠা বহু প্ৰশ্নৰ বিষয়ে কথা পাতিবলৈ, বিভক্ত হৈ থকা মন আৰু চিন্তাক জোৰা লগাই বান্ধিবলৈ কাইট ৰানাৰে এক ক্ষুদ্ৰতম প্ৰয়াস কৰে।
সমাৰোহত কথা পতা হৈছিল পৰিৱেশ ন্যায় আৰু উন্নয়নৰ ওপৰত, ধৰ্মীয় আৰু লৈঙ্গিক বিভেদৰ ওপৰত, নেতৃত্ব আৰু দায়বদ্ধতাৰ ওপৰত লগতে বৰ্তমানৰ সমাজখনত জুই জ্বলাবলৈ সাজু থকা ৰাজনৈতিক ব্যৱস্থাটোৰ ভণ্ডামিৰ ওপৰত ।
উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা অহা সতীৰ্থ সকলৰ উপস্থিতি, গুৱাহাটীৰ বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থী সমাজ আৰু হাইস্কুলৰ শিক্ষাৰ্থীৰ সামূহিক অংশগ্ৰহণে কাইট ৰানাৰৰ সমাৰোহখন সাফল্যমণ্ডিত কৰি তোলে।