VSK ASSAM

Directions Website

VSK ASSAM Official page of Vishwa Samvad Kendra, Assam (VSK ASSAM)—Voice of the people, vision for the nation.
বিশ্ব সংবাদ কেন্দ্র, অসম

Official Page of Vishwa Samvad Kendra - RSS Media, Assam

RSS Sarsanghchalak visits Pujya Kanchi Acharyas at OrikkaiRSS Sarsanghchalak Mohan Bhagwat Ji visits Pujya Kanchi Achary...
24/09/2026

RSS Sarsanghchalak visits Pujya Kanchi Acharyas at Orikkai

RSS Sarsanghchalak Mohan Bhagwat Ji visits Pujya Kanchi Acharyas at Orikkai. He was honored with ceremonial headgear and presented with prasadam from Sri Kamakshi Ambal Devasthanam, accompanied by Vedic chanting led by senior scholars.

Sarsanghchalak Ji had darshan of the abhishekam performed for Sri Chandramouleeshwara Swamy by Jagadguru Sri Shankara Vijayendra Saraswathi Shankaracharya Swamigal of Sri Kanchi Kamakoti Peetham. He later participated in Vedic chanting, japa, and special prayers conducted by Vedic scholars for the welfare of society, the nation, and the world.

Special worship was offered to the divine padukas of Jagadguru Adi Shankaracharya, accompanied by the recitation of the Totakashtakam.

Highlighting the importance of family and dharmic values, a traditional Dampati Puja was performed in which 60 elderly couples were honored by an octogenarian couple who had completed 60 years of married life.

Mohan Bhagwat Ji also witnessed the purnahuti of the Shrauta ritual Sangrahaniyeshti, conducted with prayers for peace, prosperity, and happiness for people across the world.

Sarsanghchalak Ji witnessed Shri Kanchi Math’s initiatives in the fields of Vidya, Veda, and Vaidya, including schools, Veda Pathashalas, traditional crafts and sculpture training centers, and institutions providing cultural education for girls. He also attended the certificate distribution ceremony for the first batch of students who completed the Charity Management course conducted with the blessings of Pujya Shankaracharya Swami Ji.

He later visited the century-old house in Orikkai where Guruji M.S. Golwalkar had darshan of Pujya Kanchi Mahaswami in 1955. The family presented him with a memento commemorating the historic visit. The Kanchi Acharya Triveni had also performed Chaturmasyam at the same house in 1988.

সংঘৰ শতাব্দী বৰ্ষ উপলক্ষে ধুবুৰী জিলাত যুৱ সন্মিলন সম্পন্নৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ধুবুৰী জিলাৰ উদ্যোগত সংঘৰ শতাব্দী ব...
23/09/2026

সংঘৰ শতাব্দী বৰ্ষ উপলক্ষে ধুবুৰী জিলাত যুৱ সন্মিলন সম্পন্ন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ধুবুৰী জিলাৰ উদ্যোগত সংঘৰ শতাব্দী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি ২২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ধুবুৰী নগৰৰ নন্দলাল ভৱনত “যুৱ সন্মিলন” সফলতাৰে অনুষ্ঠিত হৈ যায়। সমবেত সংগীতেৰে কাৰ্যক্ৰম আৰম্ভ কৰা হয়। ভাৰত মাতা পূজনেৰে অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত সমবেত কণ্ঠেৰে “বন্দে মাতৰম” গীত পৰিৱেশন কৰা হয়। ধুবুৰী নগৰৰ কাৰ্যবাহ শ্ৰী প্ৰীতম পালৰ সঞ্চালনত ধুবুৰী বিভাগৰ মাননীয় সংঘচালক ড৹ দিপেন্দ্ৰ কুমাৰ অধিকাৰী, ধুবুৰী নগৰৰ মাননীয় সংঘচালক ড৹ ধ্ৰুৱ চক্ৰৱৰ্তী, ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কিশোৰ কুমাৰ সাহ আৰু অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শ্ৰী তীৰ্থাংকৰ দাস কলিতাদেৱে(শ‌ংকৰ দা) মঞ্চ অলংকৃত কৰে।
মুখ্য বক্তাৰ আসন শুৱনি কৰি শ্ৰী তীৰ্থাংকৰ দাস কলিতাদেৱে তেওঁৰ বক্তব্যত বৰ্তমানৰ যুৱশক্তিক ঐক্যবদ্ধ কৰি ইতিবাচক দিশত পৰিচালিত কৰাৰ জৰিয়তে আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণত ভক্তিভাৱ আৰু সমৰ্পণৰ মনোভাৱ গঢ়ি তোলাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত যুৱ প্ৰজন্মৰ মাজত দেখা দিয়া মূল্যবোধৰ অৱক্ষয় আৰু নিজৰ ঐতিহ্যৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতাৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনায়।
বৌদ্ধিক সত্ৰৰ অন্তত অনুষ্ঠিত আকৰ্ষণীয় “জিজ্ঞাসা পৰ্ব”ত উপস্থিত যুৱকসকলে ৰাষ্ট্ৰ, সমাজ, সংস্কৃতি আৰু শিক্ষা সম্পৰ্কে কেইবাটাও প্ৰশ্ন উত্থাপন কৰে। মুখ্য বক্তাগৰাকীয়ে প্ৰশ্নসমূহৰ বিশদ আৰু যুক্তিনিষ্ঠ ব্যাখ্যা আগবঢ়াই অংশগ্ৰহণকাৰীসকলৰ সংশয় দূৰ কৰে।
অঞ্চলটোৰ বহু সংখ্যক উৎসাহী যুৱকৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠিত এই সন্মিলনে যুৱ সমাজৰ মাজত ৰাষ্ট্ৰীয় চেতনা আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰতি এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। অনুস্থানৰ লগত সংগতি ৰাখি এক এক প্ৰদৰ্শনীৰো উন্মোচন কৰা হয়।

সংঘৰ শতাব্দী বৰ্ষ উপলক্ষে ধুবুৰী জিলাত যুৱ সন্মিলন সম্পন্নৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ধুবুৰী জিলাৰ উদ্যোগত সংঘৰ শতাব্দী ব...
23/09/2026

সংঘৰ শতাব্দী বৰ্ষ উপলক্ষে ধুবুৰী জিলাত যুৱ সন্মিলন সম্পন্ন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ধুবুৰী জিলাৰ উদ্যোগত সংঘৰ শতাব্দী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি ২২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে গোলকগঞ্জ খণ্ডৰ চিলাৰায় মহাবিদ্যালয়ত “যুৱ সন্মিলন” সফলতাৰে অনুষ্ঠিত হৈ যায়।
অনুষ্ঠানৰ আৰম্ভণিতে চিলাৰায় মহাবিদ্যালয়ৰ ছাত্রীসকলৰ দ্বাৰা গোৱালিনী নৃত্য প্ৰদৰ্শন কৰে। ভাৰত মাতা পূজনেৰে অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত সমবেত কণ্ঠেৰে “বন্দে মাতৰম” গীত পৰিৱেশন কৰা হয়। ধুবুৰী নগৰৰ মাননীয় সংঘচালক ড৹ ধ্ৰুৱ চক্ৰৱৰ্তীদেৱে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত ধুবুৰী জিলাৰ মাননীয় সংঘচালক শ্ৰী প্ৰবীৰ কুমাৰ বৰুৱা, জিলাৰ সহ-সংঘচালক শ্ৰী কুমুদ ৰায় প্ৰধানী, চিলাৰায় কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী কেৰামত আলী শেখ আৰু অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শ্ৰী তীৰ্থাংকৰ দাস কলিতাদেৱে(শ‌ংকৰ দা) মঞ্চ অলংকৃত কৰে।
মুখ্য বক্তাৰ আসন শুৱনি কৰি শ্ৰী তীৰ্থাংকৰ দাস কলিতাদেৱে তেওঁৰ বক্তব্যত বৰ্তমানৰ যুৱশক্তিক ঐক্যবদ্ধ কৰি ইতিবাচক দিশত পৰিচালিত কৰাৰ জৰিয়তে আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণত ভক্তিভাৱ আৰু সমৰ্পণৰ মনোভাৱ গঢ়ি তোলাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত যুৱ প্ৰজন্মৰ মাজত দেখা দিয়া মূল্যবোধৰ অৱক্ষয় আৰু নিজৰ ঐতিহ্যৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতাৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনায়।
বৌদ্ধিক সত্ৰৰ অন্তত অনুষ্ঠিত আকৰ্ষণীয় “জিজ্ঞাসা পৰ্ব”ত উপস্থিত যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ, সমাজ, সংস্কৃতি আৰু শিক্ষা সম্পৰ্কে কেইবাটাও প্ৰশ্ন উত্থাপন কৰে। মুখ্য বক্তাগৰাকীয়ে প্ৰশ্নসমূহৰ বিশদ আৰু যুক্তিনিষ্ঠ ব্যাখ্যা আগবঢ়াই অংশগ্ৰহণকাৰীসকলৰ সংশয় দূৰ কৰে।
অঞ্চলটোৰ বহু সংখ্যক উৎসাহী যুৱক-যুৱতীৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠিত এই সন্মিলনে যুৱ সমাজৰ মাজত ৰাষ্ট্ৰীয় চেতনা আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰতি এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে।

ধৰ্ম ৰক্ষাৰ বাবে গুৰু তেগ বাহাদুৰৰ বলিদান আছিল ঔৰংজেৱৰ অভিসন্ধিৰ বিৰুদ্ধে এক চৰম প্ৰতিবাদৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘৰ, সহ ...
23/09/2026

ধৰ্ম ৰক্ষাৰ বাবে গুৰু তেগ বাহাদুৰৰ বলিদান আছিল ঔৰংজেৱৰ অভিসন্ধিৰ বিৰুদ্ধে এক চৰম প্ৰতিবাদ
ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘৰ, সহ সৰকাৰ্যবাহ ড° কৃষ্ণ গোপালজীয়ে জয়পুৰস্থিত ৰাজস্থান বিশ্ববিদ্যালয়ত শ্ৰী গুৰু গোবিন্দ সিং চেয়াৰ ফৰ নেচনেল ইন্তিগ্ৰেচন এণ্ড শিখ ষ্টাডিছ আৰু ভাৰতীয় অভ্যুত্থান সমিতিৰ যুটীয়া তত্ত্বাৱধানত গুৰু তেগ বাহাদুৰজীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানত কয় যে, ভাৰতীয়সকলক হাৰাশাস্তি আৰু যন্ত্ৰণা দি তেওঁলোকৰ ধৈৰ্য্যচ্যুত কৰা আৰু ধৰ্মান্তৰিত কৰাটোৱেই আছিল ঔৰংজেৱৰ মুখ্য উদ্দেশ্য। কিন্তু, ধৰ্ম ৰক্ষাৰ্থে গুৰু তেগ বাহাদুৰৰ আত্মত্যাগে তেওঁৰ সেই সকলো অভিসন্ধি জলঞ্জলি দিলে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অতিৰিক্ত আৰক্ষী মহাপ্ৰধান ৰূপিন্দৰ সিঙে গুৰুসকলৰ শিক্ষা নিজৰ জীৱনত আচাৰ-আচৰণত প্ৰতিফলিত কৰিবলৈ আহ্বান জনায়। তেওঁ গুৰু তেগ বাহাদুৰৰ কৰুণা আৰু প্ৰেমৰ আদৰ্শৰে সামাজিক সমতা আৰু একতা সুদৃঢ় কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।
ৰাষ্ট্ৰীয় সংগীত ‘বন্দে মাতৰম’ৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত গুৰু তেগ বাহাদুৰৰ জীৱন আধাৰিত এখন চমু এনিমেটেড তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

"প্ৰশ্ন কৰা আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতাটো ভাৰতীয় যুৱসমাজৰ ৰক্তত আছে" — শ্ৰীনিপেন কোঁৱৰৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ...
22/09/2026

"প্ৰশ্ন কৰা আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতাটো ভাৰতীয় যুৱসমাজৰ ৰক্তত আছে" — শ্ৰীনিপেন কোঁৱৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ অংশস্বৰূপে গুৱাহাটী মহানগৰৰ উদ্যোগ নগৰত আজি 'যুৱ সন্মিলন'খনি অতি উলহ-মালহেৰে সফলভাৱে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত মূল বক্তা হিচাপে উপস্থিত থাকি সংঘৰ প্ৰচাৰক তথা 'ৰাষ্ট্ৰীয় উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰমুখ' শ্ৰী নিপেন কোঁৱৰে উপস্থিত উদীয়মান যুৱকক উদ্দেশ্যি এক প্ৰভাৱশালী বৌদ্ধিক ভাষণ প্ৰদান কৰে।
অতীতৰ স্বৰাজ আন্দোলনৰ পৰা আৰম্ভ কৰি আজাদীৰ অমৃত কাললৈকে দেশৰ যুৱসমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সোঁৱৰাই তেওঁ কয়— "১৯২৫ চনৰ বিজয়া দশমীত পৰম পূজনীয় ড° কেশৱ বলিৰাম হেডগেৱাৰ ডাঙৰীয়াই ৰোপণ কৰা বীজটো আজি এশ বছৰৰ পাছত এক বিশাল বটবৃক্ষত পৰিণত হৈছে। ১৮ বছৰীয়া খুদীৰাম বসু, ২৩ বছৰীয়া ভগৎ সিং কিংবা ১৭ বছৰীয়া কনকলতা বৰুৱা— প্ৰতিজন বিপ্লৱীয়েই আছিল তেওঁলোকৰ যুগৰ প্ৰকৃত 'Gen Z'। তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে সবল প্ৰশ্ন তুলিছিল বাবেই আজি আমি মুক্ত আকাশৰ তলত উশাহ ল’ব পাৰিছোঁ।"
বৰ্তমান সময়ত অসম তথা দেশৰ সন্মুখত থকা সাংস্কৃতিক আক্ৰমণ (Narrative War), ডিজিটেল আসক্তি (Screen Addiction), ড্ৰাগছৰ প্ৰকোপ আৰু বিশেষকৈ অসমৰ জনগাঁথনিগত সংকট (Demographic Crisis) সম্পৰ্কে যুৱপ্ৰজন্মক সজাগ হ’বলৈ তেওঁ তীব্ৰ আহ্বান জনায়। থলুৱা অস্তিত্ব ৰক্ষা আৰু এক শক্তিশালী ভাৰত নিৰ্মাণৰ বাবে সংঘই আগবঢ়োৱা 'পঞ্চ পৰিৱৰ্তন' অৰ্থাৎ—
সামাজিক সমৰসতা: জাতি-ভেদ দূৰীকৰণ। কুটুম্ব প্ৰবোধন: পৰিয়ালৰ মূল্যবোধ আৰু সংস্কাৰ ৰক্ষা। পৰিৱেশ সংৰক্ষণ: গছ ৰোপণ, প্লাষ্টিক বৰ্জন আৰু জল-বিদ্যুৎ সংৰক্ষণ। স্বদেশী আচৰণ: নিজা ভাষা আৰু পৰম্পৰা ৰক্ষা কৰাৰ লগতে থলুৱা উদ্যোগী আৰু খিলঞ্জীয়া ব্যৱসায়ক প্ৰাধান্য দিয়া। নাগৰিক কৰ্তব্য: নিয়ম-কানুন মানি চলা আৰু দেশপ্ৰেম জগাই তোলা।
—এই পাঁচোটা সংকল্প নিজৰ জীৱনত গ্ৰহণ কৰিবলৈ তেওঁ সমগ্ৰ যুৱসমাজলৈ উদাত্ত আহ্বান জনায়।
আজিৰ এই বিশেষ কাৰ্যসূচীত উদ্যোগ নগৰৰ মাননীয় সংঘচালক মহোদয়, নগৰ কাৰ্যবাহ গুৱাহাটী মহানগৰ প্ৰচাৰক শ্ৰী নিপন বৰা, জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগতে অঞ্চলটোৰ বহুসংখ্যক উৎসাহিত যুৱক উপস্থিত থাকি ৰাষ্ট্ৰপূজাৰ এই পবিত্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰে।

সংঘৰ শতবাৰ্ষিকী বৰ্ষ: তেজপুৰত লোকবাদ্যৰ ঝংকাৰেৰে সম্পন্ন আৰএছএছৰ বিশাল যুৱ সন্মিলন, ৬ শতাধিক যুৱক-যুৱতীৰ অংশ গ্ৰহণ৷ৰাষ্ট...
22/09/2026

সংঘৰ শতবাৰ্ষিকী বৰ্ষ: তেজপুৰত লোকবাদ্যৰ ঝংকাৰেৰে সম্পন্ন আৰএছএছৰ বিশাল যুৱ সন্মিলন, ৬ শতাধিক যুৱক-যুৱতীৰ অংশ গ্ৰহণ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) ঐতিহাসিক শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি সংঘৰ শোণিতপুৰ জিলাৰ উদ্যোগত তেজপুৰত এক বিশাল যুৱ সন্মিলন সফলতাৰে সম্পন্ন হয়। তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই বিশেষ কাৰ্যসূচীত সমগ্ৰ অঞ্চলটোৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ যুৱক-যুৱতীৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ পৰিলক্ষিত হয় কাৰ্য্যসূচীৰ আৰম্ভণিতে এক আকৰ্ষণীয় লোকবাদ্যৰ অনুষ্ঠান পৰিৱেশন কৰা হয়। তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনুজ কুমাৰ হাজৰিকাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আনুষ্ঠানিক শুভউদ্বোধন কৰাৰ পিছতেই অসমৰ জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰং মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা তথা সংঘৰ জিলা কাৰ্যবাহ ড° সঞ্জয় কুমাৰ ডেকাই। তেওঁ উপস্থিত সকলোকে আদৰণি জনোৱাৰ লগতে শতবাৰ্ষিকী বৰ্ষৰ তাৎপৰ্য বাখ্যা কৰে।এই যুৱ সন্মিলনৰ মূল আকৰ্ষণ আছিল মুখ্য বক্তা, আদৰণীয় ক্ষেত্ৰ প্ৰচাৰক শ্ৰী বষিষ্ঠ বুজৰবৰুৱাদেৱৰ যুৱক যুৱতী সকলক উদ্দেশ্যি দিয়া ভাষণ। তেওঁ নিজৰ ভাষণত দেশ গঠন আৰু সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোকপাত কৰে।নৱপ্ৰজন্মই ভাৰতৰ গৌৰৱোজ্বল ইতিহাস তথা সভ্যতা সংস্কৃতিকলৈ গৌৰৱ কৰিব লাগে তথা সেইসমূহৰ উপৰত অধ্যয়ন আৰু গবেষণাত কৰিব লাগে বুলি তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ তেজপুৰ নগৰ সহ কাৰ্যবাহ শ্ৰী অৰুপ ডেকাই অতি সুন্দৰভাৱে আঁত ধৰা এই অনুষ্ঠানটিত সংঘৰ বিভিন্ন স্তৰৰ স্বয়ংসেৱক কাৰ্যকৰ্তাসকল উপস্থিত থাকাৰ উপৰিও শোণিতপুৰ জিলাৰ প্ৰায় ছয়শতাধিক (৬০০) যুৱক-যুৱতীয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰে। অনুষ্ঠানৰ শেষৰ ফালে জিলা সহ শাৰীৰিক শিক্ষণ প্ৰমুখ শ্ৰী জিন্টু দাসে উপস্থিত শ্ৰোতা, অতিথি আৰু সংশ্লিষ্ট সকলোকে ধন্যবাদ তথা শলাগৰ শৰাই আগবঢ়ায়। অৱশেষত, দেশপ্ৰেমমূলক গীত ‘বন্দেমাতৰম’ৰে সমগ্ৰ অনুষ্ঠানৰ সফলতাৰে সামৰণি পৰে।

সমূহ অসমবাসীলৈ পৱিত্ৰ কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
22/09/2026

সমূহ অসমবাসীলৈ পৱিত্ৰ কৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

21/09/2026

- জাতি-ভিত্তিক বৈষম্য হৈছে 'হিন্দু সমাজৰ ওপৰত এক কলংক।
- হিন্দু সংস্কৃতিত জন্মভিত্তিক বৈষম্যৰ কোনো স্থান নাই আৰু এক শক্তিশালী তথা একত্ৰিত সমাজ গঢ়ি তুলিবলৈ জাতিগত বৈষম্য সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব।
: দাত্তাত্ৰেয় হোসবালে, সৰকাৰ্যবাহ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ অংশ হিচাপে গুৱাহাটী মহানগৰৰ পাঞ্চজন্য ভাগৰ সৌজন্যত দিছপুৰত অৱস্থিত নেডফি হাউচৰ...
21/09/2026

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ অংশ হিচাপে গুৱাহাটী মহানগৰৰ পাঞ্চজন্য ভাগৰ সৌজন্যত দিছপুৰত অৱস্থিত নেডফি হাউচৰ প্ৰেক্ষাগৃহত এখনি প্ৰমুখ নাগৰিক সন্মিলন অনুষ্ঠিত হয়।
এই অনুষ্ঠানত সংঘ স্থাপনৰ পৃষ্ঠভূমি, বৰ্তমান সময়ত সংঘৰ প্ৰয়োজনীয়তা আদি বিষয়ত এক সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শ্ৰী তীৰ্থাংকৰ দাস কলিতাই। ভাষণ প্ৰসংগত শ্ৰী কলিতাই কয় যে কোনো এটা বিশেষ ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে বা কাৰোবাৰ বিৰোধ কৰিবলৈ সংঘৰ প্ৰতিষ্ঠা হোৱা নাছিল। ভাৰতবৰ্ষক উন্নতিৰ উচ্চ শিখৰলৈ লৈ যাবলৈ প্ৰয়োজন হোৱা সংগঠনৰ তাগিদাতহে ১৯২৫ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা হয়।
ইংৰাজী ২০০০ চনলৈ আৰ. এছ. এছ.ৰ অস্তিত্ব আছিল বুলি অসমৰ জনগণে ভবা নাছিল। কিন্তু এতিয়া আৰ. এছ. এছ.ৰ নাম নুশুনা মানুহ বোধহয় অসমত নাই। লাহে লাহে সংঘৰ গ্ৰহণযোগ্যতা সমাজত বাঢ়িছে, আমাৰ কথা জনাৰ আগ্ৰহ মানুহৰ বাঢ়িছে। সেয়েহে আমাৰ সভালৈ আমন্ত্ৰণ কৰিলে মানুহ আহে, সংঘক জানিবলৈ, বুজিবলৈ চেষ্টা কৰে।
ভাষণত তেখেতে ভাৰতৰ অতীত বুৰঞ্জীৰ কথা স্মৰণ কৰে। কেনেকৈ চতুৰ ব্ৰিটিছে বক্সাৰ যুদ্ধৰ পাছত ভাৰতৰ শাসনভাৰ তেওঁলোকৰ হাতলৈ নিয়ে আৰু ভাৰতৰ ইতিহাস বিকৃত কৰি ভাৰতীয় সভ্যতা, সংস্কৃতিৰ নাশ কৰি এক বিজতৰীয়া সংস্কৃতিৰ জন্ম দিবলৈ চেষ্টা কৰিছিল সেই বিষয়ে এক সাৰুৱা বক্তব্য ডাঙি ধৰে। তেওঁ কয় যে চতুৰ ব্ৰিটিছে জানিছিল যে একোখন ডাঙৰ যুদ্ধত পৰাজিত হ'লে দেশখনৰ সভ্যতা লোপ পায়। তেনেক্ষেত্ৰত ভাৰতৰ নিচিনা দেশত ইমান বাৰ বহিঃশত্ৰুৰ আক্ৰমণ হোৱাৰ পিছতো ভাৰত ভাৰত হৈয়ে থাকিল, ভাৰতীয় সভ্যতা ধ্বংস নহ'ল—তাৰ অন্তৰালত কি গোপন ৰহস্য আছে তাকে জানিবলৈ "ৰয়াল এছিয়াটিক ছছাইটি অফ ব্ৰিটিছ" স্থাপন কৰিছিল। তেওঁলোকে সুচিন্তিতভাৱে ইতিহাস বিকৃত কৰি আমাক শিকাব ধৰিলে যে আৰ্যসকল বাহিৰৰ পৰা অহা লোক। তেওঁলোকে ক'লে ভাৰত কেতিয়াও এক ৰাষ্ট্ৰ নাছিল, ব্ৰিটিছেহে ভাৰতক এক ৰাষ্ট্ৰৰ ৰূপ দিছে, যিটো সম্পূৰ্ণ ভুল, মনেসজা।
আজিকালি বহুতো ডেকা ল'ৰা-ছোৱালীয়ে আত্মহত্যা কৰে। মানসিক অন্তৰ্দ্বন্দ্বত ভোগে। শ্ৰী কলিতাই কয় যে সংঘৰ শাখালৈ যোৱা সকলৰ ভিতৰত আত্মহত্যা কৰা লোক নাই। আজিৰ যুৱকসকলৰ অহেতুক পাশ্চাত্যক অনুসৰণ কৰিবলৈ লোৱাৰ ফলত এক বিকৃত যুৱ মানসিকতাৰ সৃষ্টি হৈছে আৰু তাৰ ফলস্বৰূপে আত্মহত্যাৰ নিচিনা চূড়ান্ত সিদ্ধান্ত ল'ব ধৰিছে। আমাৰ ল'ৰা-ছোৱালীক ভাৰতীয় জীৱনধাৰাৰে ডাঙৰ-দীঘল কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনাই।
ক'ভিড-১৯ৰ পিছত গোটেই বিশ্বতে আৰ্থিক অস্থিৰতাৰ সৃষ্টি হৈছে। কিন্তু ভাৰতবৰ্ষই আৰ্থিক উন্নতি ৭.৮ লৈ লৈ যাবলৈ সক্ষম হৈছে। যাক দেখি বিশ্ব স্তম্ভিত হৈছে, ঈৰ্ষান্বিত হৈছে।
সমগ্ৰ বিশ্বতে ৰাজনৈতিক অস্থিৰতা বিৰাজমান। বহুকেইখন দেশে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যুদ্ধত লিপ্ত হৈছে। কিন্তু ভাৰতবৰ্ষত যোৱা ১২ বছৰ ধৰি ৰাজনৈতিক সুস্থিৰতা বিৰাজমান। ভাৰতৰ অৰ্থনৈতিক উন্নতি বা ৰাজনৈতিক সুস্থিৰতা দেখি বহু দেশৰ ঈৰ্ষা জন্মিছে। সেয়েহে যুৱচামক সাধাৰণ কিছুমান বিষয়ক লৈ উত্তেজিত কৰি শ্ৰীলংকা, বাংলাদেশ, নেপালৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি কৰি ভাৰতক আৰ্থিকভাৱে দুৰ্বল কৰি, ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিবলৈ এক আন্তৰ্জাতিক ষড়যন্ত্ৰ ৰচিত হৈছে।
"আমিবোৰ সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। ভাৰতীয় সংস্কৃতিৰ প্ৰতি যুৱচামক আকৃষ্ট কৰি এক সংগঠিত ভাৰত, শক্তিশালী ভাৰত গঢ়িবলৈ উপস্থিত ৰাইজক আহ্বান জনাই।"
সভাগৃহত উপস্থিত প্ৰায় ১৭০ জন দৰ্শকে গভীৰ মনোযোগেৰে শ্ৰী কলিতাৰ ভাষণ শুনে আৰু তেখেতসকলেও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত অন্তৰ্ভুক্ত হ'বলৈ ইচ্ছা প্ৰকাশ কৰে। সভাখন আবেলি ৪:৩০ বজাৰ পৰা আৰম্ভ হৈ ৬:৩০ বজাত সমাপ্ত হয়। সদৌ শেষত পাঞ্চজন্য ভাগৰ ভাগ কাৰ্যবাহে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু বন্দে মাতৰম গীতেৰে সভাখন সমাপ্ত হয়।

সংঘৰ শতবৰ্ষ উপলক্ষে গোৱালপাৰা জিলাৰ গোৱালপাৰা নগৰ, বালিজানা আৰু মাটিয়া খণ্ডক সামৰি এক "প্ৰমুখ নাগৰিক সন্মিলন" সফলভাৱে অ...
21/09/2026

সংঘৰ শতবৰ্ষ উপলক্ষে গোৱালপাৰা জিলাৰ গোৱালপাৰা নগৰ, বালিজানা আৰু মাটিয়া খণ্ডক সামৰি এক "প্ৰমুখ নাগৰিক সন্মিলন" সফলভাৱে অনুষ্ঠিত হয়।
গোৱালপাৰা জিলাৰ মাননীয় জিলা সংঘচালক শ্ৰীযুত বিপুল চন্দ্ৰ নাথ দেৱ, বিদ্যা ভাৰতীৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী শ্ৰীযুত অজয় নাগ আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰদেশ অধ্যক্ষ অধ্যাপিকা ডঃ ৰীতা মণি বৈশ্যৰ উপস্থিতিৰে সন্মিলনখন অধিক গাম্ভীৰ্যপূৰ্ণ হৈ পৰে।

ভাৰত মাতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ প্ৰথম সত্ৰত "ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ: কি, কিয় আৰু কেনেকৈ" শীৰ্ষক বিষয়ৰ ওপৰত বিদ্যা ভাৰতীৰ প্ৰান্ত সংগঠন মন্ত্ৰী শ্ৰীযুত অজয় নাগে নিজৰ সাৰুৱা বক্তব্য প্ৰদান কৰে। আনহাতে দ্বিতীয় সত্ৰত "জিজ্ঞাসা সমাধান" নামৰ এই মুকলি সত্ৰত উপস্থিত বিশিষ্ট নাগৰিকসকলৰ বিভিন্ন প্ৰশ্ন আৰু সন্দিগ্ধ মনৰ অৱকাশ গুচাই প্ৰশ্নাৱলীৰ উপযুক্ত সমাধান আগবঢ়ায় শ্ৰীযুত অজয় নাগে।

তৃতীয় তথা অন্তিম সত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ ৰীতা মণি বৈশ্যই "পঞ্চ পৰিবৰ্তন আৰু আমাৰ কৰণীয়" বিষয়ক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।
পৰৱৰ্তী সময়ত সমূহীয়াভাৱে "বন্দে মাতৰম" ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে ইয়াৰ সুমধুৰ ধ্বনিৰে সন্মিলনখনৰ সফল সামৰণি মাৰা হয়। আজিৰ এই গুৰুত্বপূৰ্ণ প্ৰমুখ নাগৰিক সন্মিলনত জিলাখনৰ প্ৰায় ১৩০ গৰাকী গণ্যমান্য তথা প্ৰমুখ নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

Address

Gauhati
781009

Alerts

Be the first to know and let us send you an email when VSK ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share