19/08/2026
বিশাখাপট্টনম, ১৯ আগষ্ট ২০২৬
আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সমন্বয় বৈঠকত সৰসংঘচালক ডাঃ মোহন ভাগৱত জী, সৰকাৰ্যৱাহ দত্তাত্ৰেয় হোসৱালে জী, সকলো সহ-সৰকাৰ্যৱাহ আৰু অন্যান্য ‘অখিল ভাৰতীয় অধিকাৰীসকল উপস্থিত থাকে।
এই সমন্বয় বৈঠকত সংঘ-প্ৰেৰিত ৩২টা বিভিন্ন সংগঠন যেনে— ভাৰতীয় মজদুৰ সংঘ, বিশ্ব হিন্দু পৰিষদ, ভাৰতীয় জনতা পাৰ্টী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভাৰতীয় কিষাণ সংঘ, ৰাষ্ট্ৰ সেৱিকা সমিতি আদিৰ ৰাষ্ট্ৰীয় সভাপতি, সাধাৰণ সম্পাদক (মহামন্ত্ৰী), অখিল ভাৰতীয় সাংগঠনিক সম্পাদক তথা নিৰ্বাচিত একাংশ কাৰ্যকৰ্তা উপস্থিত থাকে।