20/08/2026
*ফকিৰাগ্ৰামবাসীৰ সহযোগিতাত পুনৰ এক জনকল্যাণমূলক পদক্ষেপ 🙏
২০২৪ চনত ফকিৰাগ্ৰাম মহাশ্মশানত শেষকৃত্য সম্পৰ্কীয় কাম-কাজৰ সময়ত দেখা দিয়া পানীৰ সমস্যাৰ সমাধানৰ উদ্দেশ্যে ফকিৰাগ্ৰামবাসী ৰাইজৰ আন্তৰিক সহযোগিতাত এটা ছাবমাৰ্চিবল পাম্প স্থাপন কৰা হৈছিল। এই পদক্ষেপে বহু পৰিয়ালক প্ৰয়োজনৰ সময়ত পানীৰ সুবিধা লাভ কৰাত সহায় কৰিছে।
কিন্তু বৰ্তমান আমি লক্ষ্য কৰিছোঁ যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থাকিলে ছাবমাৰ্চিবল পাম্পটো ব্যৱহাৰ কৰিব নোৱাৰি, যাৰ ফলত শেষকৃত্যৰ সময়ত পুনৰ পানীৰ সমস্যাৰ সৃষ্টি হয়।
সেইবাবেই এই সমস্যাৰ অধিক স্থায়ী সমাধানৰ উদ্দেশ্যে ১০০০ লিটাৰ ক্ষমতাসম্পন্ন পানীৰ টেংক আৰু GI Water Tank Tower স্থাপনৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিদ্যুৎ উপলব্ধ থকা সময়ত টেংকত পানী সংৰক্ষণ কৰি ৰাখিলে বিদ্যুৎ নথকা সময়তো প্ৰয়োজনীয় পানীৰ সুবিধা লাভ কৰিব পৰা যাব।
এই জনহিতকৰ কামটো সম্পূৰ্ণ কৰিবলৈ আমি আকৌ এবাৰ ফকিৰাগ্ৰামবাসী ৰাইজৰ মৰম, সহযোগিতা আৰু সহায় কামনা কৰিছোঁ। 🙏
আহক, সকলোৱে মিলি ফকিৰাগ্ৰাম মহাশ্মশানৰ এই অত্যাৱশ্যকীয় সুবিধাটো বাস্তৱায়িত কৰোঁ।
আপোনাৰ সৰু সহায়েও এক বৃহৎ জনকল্যাণমূলক কাম সফল কৰি তুলিব পাৰে।
— বন্দে ভাৰতী ফাউণ্ডেশ্যন
সেৱাই পৰম ধৰ্ম
DC Kokrajhar
Hagrama Mohilary
Himanta Biswa Sarma
CMO Assam