All tai ahom student Union - Atasu doomdooma anchalick committee

All tai ahom student Union - Atasu doomdooma anchalick committee TAI AHOM ANCHALICK COMMITTEE

গুৱাহাটী,৩০ অক্টোবৰ :২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ভয়...
30/10/2024

গুৱাহাটী,৩০ অক্টোবৰ :২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা (Serial bomb blast in Assam)। সেই দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম । এই দিনটোতে একালৰ বড়াে উগ্রপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাইছিল (30 oct blasts)।সেই দিনটো আছিল অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায় (30 oct black day for Assam)। গুৱাহাটীৰ লগতে পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ । সেই বিস্ফোৰণে কঁপাই তুলিছিল গুৱাহাটী মহানগৰীৰ গনেশগুৰিকে ধৰি পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও (Serial blasts in Guwahati)। এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক ।আজি সেই অভিশপ্ত দিনটোৱে অতিক্ৰম কৰিলে ১৪ টাকৈ বছৰ (14 years of Assam serial blasts) । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আঁকোৱালি লৈছিল পংগুত্ব, বহুজনে হেৰুৱাইছিল আত্মীয়ক । এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী (NDFB leader Ranjan Daimary)। এই ঘটনাৰ বাবে এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল (Assam serial blasts accused)।
শেহতীয়াকৈ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী উগ্ৰপন্থী সংগঠন এনডিএফবিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Assam serial blasts accused Ranjan Daimary)।উল্লেখ্য যে, প্ৰতিবছৰে ৩০ অক্টোবৰৰ দিনটোত বিস্ফোৰণত নিহত হোৱা নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি অসমৰ শান্তিকামী জনসাধাৰণে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাই আহিছে । সেয়েহে আজি সদৌ তাই আহোম ছাত্র সন্থা ডুমডুমা আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনোৱা হয় |

যোৱাকালি ২৮/১০/২৪ তাৰিখ সোমবাৰে বিয়লি ০৩:৩০ বজাত সদৌ টাই আহোম  ছাত্ৰ সন্থা "আটাছু" ডুমডুমা আঞ্চলিক সমিতিৰ কাৰ্য্যালয়টি...
29/10/2024

যোৱাকালি ২৮/১০/২৪ তাৰিখ সোমবাৰে বিয়লি ০৩:৩০ বজাত সদৌ টাই আহোম ছাত্ৰ সন্থা "আটাছু" ডুমডুমা আঞ্চলিক সমিতিৰ কাৰ্য্যালয়টি কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও বসন্ত গগৈ ডাঙৰীয়াই আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত উদ্বোধন কৰা হয়।

সদৌ অসম ছাত্র সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহক সভাই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব ...
18/09/2024

সদৌ অসম ছাত্র সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহক সভাই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অর্পণ কৰা শ্ৰী চৰ্জুন হাঞ্চেলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।

সদৌ তাই আহোম ছাত্র সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে আজি নিশা ৯ বজাত ৰুপাই চাইডিংত চাও সময় গগৈয়ে তেওঁৰ ভতিজাকৰ জন্মদিনৰ ...
19/08/2024

সদৌ তাই আহোম ছাত্র সন্থাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে আজি নিশা ৯ বজাত
ৰুপাই চাইডিংত চাও সময় গগৈয়ে তেওঁৰ ভতিজাকৰ জন্মদিনৰ উপলক্ষে ৰাস্তাই ঘাটে ঘূৰি ফুৰা কুকুবোৰক খাদ্য লগতে চিকিৎসা কৰি থকা অৱস্থাত তেখেতক আমি দেখা পোৱাত তেওঁৰ তেনে পদক্ষেপত লগতে মানবীয়তাক আমি সন্মান সহকাৰে লৈ তাই আহোম গামোচা এখনিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে আগলৈকে তেওঁ জনসাধাৰণৰ বাবে তেনে পদক্ষেপ লৈ আগবাঢ়ি যাবলৈ উৎসাহ প্রদান কৰা কৰিলো।
ডুমডুমা আঞ্চলি সমিতিখনৰ মুখ্য উপদেষ্টা জগত বুঢ়াগোহাঁই আৰু উপ সভাপতি বসন্ত গগৈ আৰু সাধাৰণ সম্পাদক মনোজ গগৈ সহকাৰী সম্পাদক বিশাল গগৈ লগতে সাংস্কৃতিক সম্পাদক নিতুৰণ গগৈ আৰু কাৰ্যালয় সম্পাদক বিক্রম গগৈ ৰ লগতে সদস্য সকল উপস্থিত থাকে |

16/08/2024

ৰূপাই (শতদল) শাখা সাহিত্য সভাই আজি স্বাধীনতা দিৱস উদযাপন কৰে। পতাকা উত্তোলন কৰে শাখাৰ সভাপতি বেণু বৰা দেৱে। স্বাধীনতা দি...
15/08/2024

ৰূপাই (শতদল) শাখা সাহিত্য সভাই আজি স্বাধীনতা দিৱস উদযাপন কৰে। পতাকা উত্তোলন কৰে শাখাৰ সভাপতি বেণু বৰা দেৱে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰূপাই (শতদল) শাখা সাহিত্য সভাৰ কুঁহি উপ-সমিতি আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু) ৰ ডুমডুমা আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতা খনি উদ্ধোধন কৰি ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বীৰেন হাজৰিকা দেৱে স্বাধীনতা দিৱসৰ তাৎপৰ্য আৰু গুৰুত্বৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে তাই আহোম ছাত্ৰ সন্থাৰ, কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক কণক চেতিয়া, শাখা সাহিত্য সভাৰ উপ-সভাপতি প্ৰণীতা সন্দিকৈ, কুঁহিৰ আহ্বায়িকা সুৰঞ্জনা দুৱৰা, ৰাজু বৰুৱা, আটাছুৰ ডুমডুমা আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে বক্তব্য আগবঢ়াই। সভাত ক্ষীৰোদ কোঁৱৰ, মনেশ্বৰ কৰ্মকাৰ, মৃদুপৱন বড়া, পদ্মন মহানন্দ, আটাছুৰ ডুমডুমা আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা জগত বৰগোহাঁই, সভাপতি ৰাহুল আৰন্ধৰা, কাৰ্যকৰী সভাপতি ভাস্কৰ চাংমাই, উপ-সভাপতি বসন্ত গগৈ, যুটীয়া সম্পাদক লক্ষ্যজিত বড়া, ৰঞ্জিত গগৈৰ লগতে আটাছুৰ বহু সংখ্যক সদস্য উপস্থিত থাকে।
চিত্ৰাংকন প্ৰতিযোগিতা খনিত 'ক' শাখাত ডুমডুমা ডনবস্ক স্কুলৰ সৰিস্মিতা মৰাণে প্ৰথম, ৰূপাই প্ৰাথমিক বিদ্যালয়ৰ অনামিকা ভূমিজে দ্বিতীয়, ৰূপাই ছেইণ্ট জেভিয়াৰ স্কুলৰ ড্ৰেবিয়ানা দেউৰীয়ে তৃতীয়, 'খ' শাখাত ডুমডুমা ডনবস্ক স্কুলৰ বিপাশা গোহাঁইয়ে প্ৰথম , ৰূপাই মৰ্ডাণ একাডেমী স্কুলৰ প্ৰিয়াশ্ৰী শইকীয়াই দ্বিতীয়, ৰূপাই এম ই স্কুলৰ ডিম্পল শৰ্মাই তৃতীয়, ৰূপাই এম ই স্কুলৰ মৌচুমী তাঁতীয়ে নিচুকনি পুৰস্কাৰ পাবলৈ সক্ষম হয়। জুৰিৰ বিশেষ বঁটা লাভ কৰে ডুমডুমা ডনবস্ক স্কুলৰ দেৱাশীষ কলিতাই। প্ৰতিযোগিতাৰ থলীতেই বিজয়ী সকলক এখনি মানপত্ৰ আৰু ট্ৰফীৰে পুৰস্কিত কৰা হয়। অনুষ্ঠানটো আঁত ধৰে শাখাৰ সম্পাদক ৰাতুল গগৈয়ে।

Address

Doom-Dooma
786151

Website

Alerts

Be the first to know and let us send you an email when All tai ahom student Union - Atasu doomdooma anchalick committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share