16/05/2026
শ্ৰদ্ধাৰ সুধী সমাজ ---
আপোনালোকৰ বহুতেই জানে যে, Swapnolok Society য়ে বিগত ১২ বছৰে আমাৰ সমাজৰ সুবিধা বঞ্চিত শিশুসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ লগতে বিভিন্ন সমাজকল্যাণমূলক কাম কৰি আহিছে। এই যাত্ৰাপথত আপোনালোকৰ সমৰ্থনে আমাক সদায় সাহস দিছে আৰু অনুপ্ৰাণিত কৰিছে ৷
শিক্ষাৰ লগতে, অসহায় আৰু আৰ্থিক ভাবে দুৰ্বল মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে আমি ২০২৩ চনৰ পৰা ডিফু চহৰৰ ধৰমনলাত এটা চিলাই প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰি আহিছোঁ।
ডিফু চহৰৰ বিশিষ্ট ব্যৱসায়ী আৰু সমাজসেৱক শ্ৰী সুভাষ ভাওৱেল দেৱে বিগত তিনি বছৰে তেওঁৰ এটা কোঠা আমাক সম্পূৰ্ণ বিনামূলীয়াকৈ ব্যৱহাৰ কৰাৰ সুবিধা কৰি দিছে, যাৰ বাবে আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ।
এই তিনি বছৰত প্ৰায় ৩০ গৰাকী মহিলাই আমাৰ ইয়াত প্ৰশিক্ষণ লৈ নিজৰ ভৰিত থিয় দিবলৈ সক্ষম হৈছে আৰু আত্মনিৰ্ভৰশীল হৈছে। আমাৰ ইয়াত যিয়ে প্ৰশিক্ষণ দিয়ে, তেওঁ নিজেও এই কামৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে। প্ৰশিক্ষণাৰ্থীসকলে দিয়া সামান্য মাহিলী মননীৰ দ্বাৰাই আমি প্ৰশিক্ষকক পাৰিশ্ৰমিক প্ৰদান কৰি কেন্দ্ৰটো সফলভাৱে চলাই আহিছোঁ। ইয়াৰ উপৰিও বিভিন্ন ব্যক্তি আৰু সংস্থাই দিয়া পাঁচটা চিলাই মেচিন আৰু কিছু আচবাবেই আমাৰ সম্বল।
কিন্তু শ্ৰী সুভাষ ভাওৱেল দেৱৰ ব্যক্তিগত প্ৰয়োজনত কোঠাটো এতিয়া তেওঁৰ নিজৰ প্ৰয়োজন হৈছে। সেয়ে অতি সোনকালেই আমাৰ এই কেন্দ্ৰটো আন কোনো ঠাইলৈ স্থানান্তৰ কৰিব লাগিব। আমাৰ Society-ৰ আৰ্থিক সামৰ্থ্য সীমিত হোৱাৰ বাবে নতুনকৈ কোঠা ভাড়ালৈ লোৱাটো আমাৰ পক্ষে সম্ভৱ নহয়। সেয়ে, আপোনালোকৰ মাজত কোনোবা বা আপোনালোকৰ চিনাকি কোনোৱা আছেনে, যিয়ে আমাৰ এই উদ্যোগটো চলাই নিয়াৰ বাবে এটা সৰু কোঠা বিনামূলীয়াকৈ অথবা কম মূল্যত ব্যৱহাৰ কৰাৰ সুবিধা দিব পাৰে ৷ আপোনালোকৰ এই সহায়তাই আমাৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰটো বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিব আৰু অসহায় মহিলাসকলক স্বাৱলম্বী কৰাৰ আমাৰ এই প্ৰচেষ্টা অক্ষুণ্ণ থাকিব।
যিসকলে আমাৰ এই মানৱীয় কামত সহায় কৰিব বিচাৰে, অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰক। আপোনালোকৰ সামান্য সহযোগিতাই বহু মহিলাৰ মুখত হাঁহি বিৰিঙাব পাৰে।
ধন্যবাদেৰে ------
সঞ্জু বড়া,
সভাপতি, Swapnolok Society
নিবেদিতা,
সম্পাদক, Swapnolok Society
Diphu, Karbi Anglong